Logo
image

মধ্যবিত্তক মাথোঁ ধন্যবাদ

 কৰ্প’ৰেট কৰ হ্ৰাস 

বিপিএলক বিনামূলীয়া ৰেচন

কৃষক কৰমুক্ত

আমাৰ অসম, ২ফেব্ৰুৱাৰীঃ মহাভাৰতৰ শান্তিপৰ্বৰ এটা শ্লোকেৰে বাজেট ভাষণ আৰম্ভ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ মধ্যবিত্তক ধন্যবাদ দিলে আৰু তেওঁলোকে নিয়মিতভাৱে আদায় দি থকা আয়কৰ অপৰিৱৰ্তিত ৰাখি কৰ্প’ৰেটক অৱলীলাক্ৰমে বৃহৎ পৰিমাণত কৰ ৰেহাই দিলে৷ ৰজাই সদায় প্ৰজাৰ কল্যাণৰ বাবে কঠোৰতা ত্যাগ কৰিব লাগে আৰু ধৰ্মৰে দেশ শাসন কৰিব লাগে, তাৰ লগতে প্ৰজাৰ পৰা কৰ সংগ্ৰহো কৰিব লাগে, যিটো ব্যৱস্থা ৰাজধৰ্মৰ সৈতে সংগতি ৰাখি বলৱৎ কৰিব লাগে– কুৰুক্ষেত্ৰৰ যুদ্ধৰ অন্তত যুধিস্থিৰে হস্তিনাপুৰৰ শাসনভাৰ লোৱাৰ পাছত তেওঁক এনেদৰেই ৰাজ্য শাসন কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল৷ মহাভাৰতৰ শান্তিপৰ্বত উল্লেখ থকা এই শ্লোকেৰে উদ্ধৃত কৰি ডেৰঘণ্টা বাজেট ভাষণ প্ৰদান কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশবাসীক জনালে, তেওঁ তেনেদৰেই ২০২২-২৩ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট প্ৰস্তুত কৰিছে৷ নিজৰ বক্তব্য সত্যত পৰিণত কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ নাগৰিকৰ সৰ্বাধিক সংখ্যকক সামৰি থকা মধ্যবিত্ত শ্ৰেণীলৈ কোনো সকাহ নিদিলে৷ সৰ্বাধিক আয়কৰ আদায় দিয়া দেশৰ নাগৰিকৰ বৃহৎ অংশ মধ্যবিত্তই এইবাৰৰ বাজেটত আয়কৰ হ্ৰাস কৰাৰ আশা কৰিছিল৷ কিন্তু মধ্যবিত্তৰ আশাত চেঁচাপানী ঢালি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে, আয়কৰ পূৰ্বৰ দৰেই অপৰিৱৰ্তিত থাকিব৷ অৱশ্যে তেওঁ দেশৰ মধ্যবিত্ত নাগৰিকক বাজেটত ধন্যবাদ দিলে৷ ইয়াৰ পৰিৱৰ্তে বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেটত কৰ্প’ৰেট কৰ পূৰ্বৰ ১৮ শতাংশৰ পৰা ১৫ শতাংশলৈ হ্ৰাস কৰিলে৷ ফলত এনে বাজেটৰ পৰা প্ৰত্যক্ষভাৱে লাভান্বিত হ’ল কৰ্প’ৰেট গোষ্ঠী, অৰ্থাৎ ধনিক শ্ৰেণী৷ একেদৰে বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেটত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা নাগৰিকৰ বাবে বিনামূলীয়া ৰেচন ঘোষণা কৰি দৰিদ্ৰ শ্ৰেণীকো লাভান্বিত কৰিলে৷

একেৰাহে চাৰিখন সাধাৰণ বাজেট দাখিল কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এইবাৰ তেওঁৰ সৰ্বাধিক চমু বাজেট ভাষণেৰে অভিলেখ কৰে৷ পূৰ্বৰ দৰে নিৰ্মলা সীতাৰমণৰ এইবাৰৰ বাজেটো জনদৰদী বা জনপ্ৰিয় নহয়, বৰং বেছ সাবধানী আৰু কৰ সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ৷ বিত্তমন্ত্ৰীয়ে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰোঁতে এটা বিষয় স্পষ্ট কৰি দিছে, তেওঁ দীৰ্ঘকালীন উন্নয়নতহে বিশ্বাসী, জনপ্ৰিয় বাজেট দাখিলত নহয়৷ সেই উদ্দেশ্য সন্মুখত ৰখাৰ বাবে তেওঁ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দেশৰ প্তখন ৰাজ্যক বিশেষ কোনো সুবিধা প্ৰদান কৰা নাই, যিটো বিৰোধীৰ বাবে সম্পূৰ্ণ অপ্ৰত্যাশিত আছিল৷ ইয়াৰ বিপৰীতে তেওঁ মূলধনী ব্যয় বৃদ্ধিৰ বাবে বিশেষ চকু দিছে৷ ইয়াৰ লক্ষ্য হৈছে পৰৱৰ্তী ২৫ বছৰলৈ দেশৰ অৰ্থনৈতিক উন্নয়নৰ ‘ৰ’ডমেপ’ তৈয়াৰ কৰা৷ তেওঁ দীৰ্ঘকালীন কৰ্মসংস্থাপন সৃষ্টি, ডিজিটাইজেচন, গ্ৰীণ এনাৰ্জি, আন্তঃগাঁথনি উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰিছে৷

নিৰ্মলা সীতাৰমণে জনমোহিনী বাজেট দাখিল নকৰাৰ বিষয়টোৱে বহু বাজেট-পণ্ডিত আৰু অৰ্থনীতিবিদক আচৰিত কৰি তুলিছে৷ বিত্তমন্ত্ৰীয়ে ঘাইকৈ চাৰিটা বিষয়ক তেওঁৰ বাজেটত অগ্ৰাধিকাৰ দিছে– ১] পি এম গতিশক্তি, ২] সামগ্ৰিক উন্নয়ন, ৩] উৎপাদনশীলতা বৃদ্ধি, ৪] বিত্তযোগান আৰু বিনিয়োগ৷ পি এম গণশক্তিত জ্জবিধ বিষয় অন্তৰ্ভুক্ত হৈ আছে– পথ, ৰে’ল, বিমানবন্দৰ, বন্দৰ, গণ পৰিবহণ, জল পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা৷ এই জ্জটা ইঞ্জিনে দেশৰ অৰ্থনীতিক টানি আগুৱাই নিব বুলি আশা কৰিছে বিত্তমন্ত্ৰী সীতাৰমণে৷

২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মূলধনী ব্যয় ধাৰ্য কৰিছে ৭.৫ লাখ কোটি টকা৷ ইয়াৰ জৰিয়তে দেশৰ আৰ্থিক উন্নয়ন অভাৱনীয় হ’ব বুলি তেওঁ আশা কৰিছে৷ ইয়াৰ লগতে বেচৰকাৰী বিনিয়োগে দেশৰ অৰ্থনীতিৰ উত্থান ঘটাব৷ ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজহ ব্যয় ধাৰ্য কৰা হৈছে ৩৯.৪৫ লাখ কোটি টকা৷ এই ব্যয় কৰা হ’ব বিভিন্ন চৰকাৰী আঁচনি, আন্তঃগাঁথনি নিৰ্মান, বিভিন্ন প্ৰকল্পৰ সমৰ্থনত৷ প্ৰসংগতঃ বাজেটত আগন্তুক বিত্তীয় বৰ্ষত ৰাজহ আয় ধাৰ্য কৰা হৈছে ২২.০৪ লাখ কোটি টকা আৰু মূলধনী আয় ধাৰ্য কৰা হৈছে ৰ.৭০ লাখ কোটি টকা৷ বাজেটত মুঠ চৰকাৰী ব্যয় ধাৰ্য কৰা হৈছে ৩৯.৪৫ লাখ কোটি টকা৷ এই ব্যয় পূৰ্বৰ বাজেটৰ তুলনাত ৪.৮শতাংশ অধিক৷ বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে জনায় যে জি এছ টি বলৱৎকৰণৰ পাছত পৰোক্ষ কৰ সংগ্ৰহ বৃদ্ধি হৈছে৷ চলিত জানুৱাৰীত মুঠ ৰ,৪০,৯৮৬ কোটি টকা জি এছ টি সংগ্ৰহ হোৱা বুলি তেওঁ তথ্য দাঙি ধৰে৷

বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটত কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে৷ সেই অনুসৰি অহা ৫ বছৰত চৰকাৰে ৬০ লাখ পদ সৃষ্টি আৰু পূৰণ কৰিব৷ তাৰ বাবে মুঠ ১৪টা খণ্ডত ‘আত্মনিৰ্ভৰ ভাৰত’ আঁচনিৰ অধীনত কৰ্মসংস্থাপন সৃষ্টি কৰিব পৰাকৈ বৃহৎ পৰিষৰত উন্নয়ন সাধন কৰা হ’ব৷ চৰকাৰী অৰ্থাৎ কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্মচাৰীৰ বাবে ‘নেচনেল পেনচন ছিষ্টেম’ত কৰ ৰেহাই পূৰ্বৰ ১০ শতাংশৰ পৰা ১৪ শতাংশ কৰা হ’ব৷ কৃষিখণ্ডত চৰকাৰে কিষান ড্ৰোন, ৰাসায়নিক সাৰহীন প্ৰাকৃতিক কৃষিকৰ্ম, দেশজুৰি কৃষকৰ বাবে ‘পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ’ত সামগ্ৰী যোগান, ক্ৰয়-বিক্ৰয়ৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ বাজেটত ১৩৬ লাখ কৃষকৰ দ্বাৰা উৎপাদিত ১,২০৮ লাখ টন সামগ্ৰী নূ্যনতম সমৰ্থিত মূল্যত ক্ৰয়ৰ বাবে ২.৩৭ লাখ কোটি টকা ধাৰ্য কৰা হৈছে৷

বিত্তমন্ত্ৰীৰ বৃহৎ ঘোষণা হৈছে– দেশত ডিজিটেল মুদ্ৰা প্ৰৱৰ্তন৷ ২০২২-২৩ বিত্তীয় বৰ্ষতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিজিটেল মুদ্ৰা প্ৰৱৰ্তন কৰিব আৰু আন ক্ৰিপ্ট’কাৰেন্সিৰ দৰে এই মুদ্ৰা ব্লকচেইনৰ দৰে ব্যৱস্থাৰে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা হ’ব৷ একে সময়তে চৰকাৰে দেশ বহিৰ্ভূত ক্ৰিপ্ট’কাৰেন্সি, ডিজিটেল আয়, ডিজিটেল সম্পদক অধিগ্ৰহণৰ জৰিয়তে কৰা আয়ৰ ক্ষেত্ৰত ৩০ শতাংশ কৰ আৰোপ কৰিব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে৷ অহা বিত্তীয় বৰ্ষত দেশৰ ৭৫খন জিলাত ৭৫টা ডিজিটেল বেংক স্থাপন কৰিব, চিপ থকা ই-পাৰ্ছপ’ৰ্ট আৰম্ভ কৰিব৷ ২০২২-২৩ত ৮০ লাখ বাসগৃহ সম্পূৰ্ণ কৰা হ’ব আৰু ‘হৰ ঘৰ, নল ছে জল’ আঁচনিৰ জৰিয়তে ৬০,০০০ কোটিটকাৰে ৩.৮ কোটি ঘৰলৈ খোৱাপানী যোগান ধৰিব৷ আগন্তুক বিত্তীয় বৰ্ষত ২০০০ কিলোমিটাৰ ৰে’লপথ নিৰ্মাণ কৰা হ’ব আৰু অহা ৩ বছৰত ৪০০খন নতুন বন্দে ভাৰত ৰে’লগাড়ী নিৰ্মাণ কৰি চলোৱা হ’ব৷ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত থকা বাজেটৰ ৬৮ শতাংশ নিৰ্মাণ ঘৰুৱাভাৱে কৰা হ’ব৷ অহা বিত্তীয় বৰ্ষত ১৫,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ, পাৰ্বত্য অঞ্চলত ৬০ কিলোমিটাৰ দৈৰ্ঘৰ ৮ টা ৰ’প ৱে নিৰ্মাণ, ৫ টা নদী সংযোগ প্ৰকল্প নিৰ্মাণ, ডেৰ লাখ ডাকঘৰক ক’ৰ বেংকিঙৰ সৈতে সংযুক্ত, ৫ জি ম’বাইল নেটৱৰ্ক সেৱা, ৮ টা ভাষাত ভূমিলেখ্য নথিৰ ব্যৱস্থা, ১০ লাখ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীক ঋণ প্ৰদান, প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ সংস্কাৰ, আন্তঃগাঁথনি নিৰ্মাণত ২০,০০০ কোটি টকা বিনিয়োগ, শ্বেয়াৰ বজাৰত জীৱন বীমা নিগমৰ আই পি অ’ অন্তৰ্ভুক্ত কৰা হ’ব৷ উল্লেখ্য, বাজেটত ধাৰ্য কৰা ব্যয় কৰাৰ বাবে চৰকাৰে ১১.৬ লাখ কোটি টকা ঋণ ল’ব৷ এয়া বিগত বিত্তীয় বৰ্ষতকৈ ২ লাখ কোটি টকা অধিক৷