Logo
image

বেইজিঙৰ শীত-অলিম্পিকত গালৱানৰ ছাঁ, ভাৰতৰ বয়কট

আমাৰ অসম, ৪ ফেব্ৰুৱাৰীঃ চীনৰ ৰাজধানী বেইজিঙত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিকত গালৱান সংঘৰ্ষৰ ছাঁ পৰিছে৷ বিশ্বৰ অন্যতম সৰ্বোচ্ছ ক্ৰীড়াৰ অনুষ্ঠানটোত ভাৰতৰ বৈৰী প্ৰতিবেশী দেশ চীনে ৰাজনৈতিক ৰং সানি দিয়াৰফলত ভাৰতে কূটনৈতিকভাৱে প্ৰতিযোগিতাখনৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে৷ শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বেইজিং শীতকালীন অলিম্পিকত চীনে প্ৰতিযোগিতাৰ শিখা বহন কৰিবলৈ এনে এজন তৰুণক দায়িত্ব দিছে,    যি ২০২০ চনৰ ১৫ জুনত সংঘটিত ভয়ংকৰ গালৱান সংঘৰ্ষত ভাৰতীয় সেনাৰ সৈতে যুদ্ধত লিপ্ত হৈছিল৷ সেই পিপ’ল্‌ছ লিবাৰেছন আৰ্মীৰ সেনাৰ জোৱানজনক অলিম্পিক শিখা কঢ়িয়াবলৈ দায়িত্ব দিয়া বুলি চীনৰ চৰকাৰী ইংৰাজী দৈনিক ‘দ্য গ্ল’বেল টাইম্‌ছ’ত প্ৰকাশ হোৱাৰ পাছতে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে এই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয়৷ চীনে ক্ৰীড়া প্ৰতিযোগিতাত ৰাজনৈতিক ৰং আৰু গালৱানৰ ছাঁয়া সানি দিয়াৰ ফলতে ভাৰতে প্ৰতিযোগিতাখনৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব৷ বেইজিঙে গালৱানৰ সংঘৰ্ষত জড়িত সেনাবাহিনীৰ জোৱান এজনক শিখা কঢ়িয়াবলৈ দায়িত্ব দি গালৱানৰ ঘটনাক গৌৰৱময় বিষয় হিচাপে বিশ্ববাসী আৰু বিশেষকৈ ভাৰতৰ সমুখত তুলি ধৰিবলৈ চেষ্টা কৰা বুলি নতুন দিল্লীয়ে বিশ্বাস কৰিছে৷ বেইজিঙত থকা ভাৰতীয় যিজন কূটনীতিবিদে কাইলৈ চৰকাৰীভাৱে উদ্বোধনী অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল তেওঁক ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে তাত উপস্থিত নাথাকিবলৈ নিৰ্দেশ জাৰি কৰে৷ কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে বৃহস্পতিবাৰে নতুন দিল্লীত এখন সংবাদ সন্মিলন আয়োজন কৰি কয়– ‘চীনে যিদৰে অলিম্পিকত ৰাজনৈতিক ৰং সানি দিছে সেয়া নিন্দনীয়৷ চীনৰ এই পদক্ষেপৰ বাবেই ভাৰতে শীতকালীন অলিম্পিক প্ৰতিযোগিতাখনৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে৷’ উল্লেখ্য, নতুন দিল্লীয়ে এই কঠোৰ সিদ্ধান্ত লোৱাৰ ফলত ভাৰতৰ চৰকাৰী সম্প্ৰচাৰ সংস্থা দূৰদৰ্শনেও শীতকালীন অলিম্পিকৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠান সম্প্ৰচাৰ নকৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে৷

চীনৰ চৰকাৰী ইংৰাজী সংবাদ পত্ৰ গ্ল’বেল টাইমছে জনোৱা অনুসৰি ২০২০ চনৰ ১৫ জুনত গালৱানত ভাৰতীয় আৰু চীনা সেনাৰ মাজত সংঘটিত সংঘৰ্ষত মূৰত গুৰুতৰভাৱে আঘাত পোৱা এজন চীনৰ সেনাক বুধবাৰে শীতকালীন অলিম্পিকৰ শিখা বহন কৰিবলৈ দিয়া হয়৷ তেওঁ অলিম্পিক শিখা হাতত লৈ নিৰ্দিষ্ট স্থান দৌৰি সম্পূৰ্ণ কৰি সেই শিখা তুলি দিয়ে চীনৰ চাৰিবাৰৰ স্পীড স্কেটিং চেম্পিয়ন ৱাং মেংয়েৰ হাতত৷ এই সংবাদ প্ৰচাৰ হোৱাৰ পাছতে নতুন দিল্লীয়ে তাৎক্ষণিকভাৱে উদ্বোধনী-সামৰণি অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লয়৷ শীতকালীন অলিম্পিকত ভাৰতৰ এজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব৷ আৰিফ খান নামৰ এই খেলুৱৈজনে আইচ স্কিয়িঙত অংশগ্ৰহণ কৰিব৷ তেওঁৰ সৈতে বেইজিং শীতকালীন অলিম্পিকলৈ পাঁচজন ভাৰতীয় কৰ্মকৰ্তাও গৈছে৷ শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই শীতকালীন অলিম্পিকত ৯২ খন দেশৰ ২৮৩৩ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব৷ প্ৰতিযোগিতাখনত ইতিমধ্যে ক’ভিডে বিঘিনি ঘটাইছে৷ বিভিন্ন দেশৰ ১১ জন খেলুৱৈ আৰু কৰ্মকৰ্তা এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈছে৷ চীনৰ কতৃৰ্পক্ষই ক’ভিড আক্ৰান্তসকলক হোটেলত আইচ’লেছনত ৰাখিছে৷

চীনে দেশত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিকত গালৱানৰ সংঘৰ্ষক গৌৰৱময় মৰ্যাদা প্ৰদান কৰিবলৈ লোৱাৰ সময়তে অষ্ট্ৰেলিয়াৰ এখন সংবাদ পত্ৰই গালৱান সংঘৰ্ষত ৪২ জন চীনৰ সেনাৰ মৃত্যু হৈছিল বুলি চাঞ্চল্যকৰ বাতৰি প্ৰকাশ কৰিছে৷ স্বাভাৱিকতে এই সংবাদে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ‘দ্য ক্লাক্সন’ নামৰ অষ্ট্ৰেলিয়াৰ দৈনিক সংবাদ পত্ৰখনে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে ২০২০ চনৰ ১৫ জুনত গালৱান উপত্যকাত চীন আৰু ভাৰতৰ সেনাৰ মাজত সংঘটিত আগ্নেয়াস্ত্ৰবিহীন সংঘৰ্ষত ৪২ জন চীনা সেনাৰ মৃত্যু হৈছিল৷ এই পৰ্যন্ত চীনে উক্ত সংঘৰ্ষত মাথোঁ চাৰিজন সেনাৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে৷ তাৰ মাজত বিষয়া আছিল জুনিয়ৰ ছাৰ্জেণ্ট ৱাং জুৰান৷ অষ্ট্ৰেলিয়াৰ সংবাদ পত্ৰখনৰ মতে ভাৰতীয় সেনাৰ সৈতে নিশাৰ আন্ধাৰৰ সময়ত হোৱা সংঘৰ্ষত গালৱান উপত্যকাৰে বৈ যোৱা খৰস্ৰোতা গালৱান নদী পাৰ হ’বলৈ লওঁতেই ৩৮ জন চীনৰ সেনা নদীৰ সোঁতত উটি গৈছিল৷ উভয় পক্ষৰ সেনা ওখ পাহাৰৰ পৰা দৌৰাদৌৰিকৈ উপত্যকাৰ সংঘৰ্ষস্থলীলৈ নামি আহিছিল৷ কিয়নো গালৱান উপত্যকাত সেই সময়ত উপস্থিত থকা ভাৰত আৰু চীনৰ কেইজনমান সেনাৰ মাজত গতিয়াগতি আৰু মাৰপিট আৰম্ভ হৈছিল৷ সতীৰ্থক সহায় কৰিবলৈ গজাল লগোৱা লাঠী লৈ দৌৰাদৌৰিকৈ পাহাৰৰ পৰা নামি অহাৰ সময়ত বৰফত পিচলি ৩৮ জন চীনৰ সেনা নদীত পৰেগৈ আৰু বহু ওপৰৰ পৰা তলত পৰাৰ ফলত তথা প্ৰবল শীতত তেওঁলোকৰ নদীৰ পানীতে মৃত্যু ঘটে৷ পাছত চীনৰ সেনাবাহিনীয়ে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি স্থানীয়ভাৱে সৎকাৰ কৰে৷ এই সংঘৰ্ষত চীনৰ সেনাই গজাল লগোৱা লাঠীৰে মৰিয়াই এজন মেজৰসহ মুঠতে ২০ জন ভাৰতীয় সেনাক নিৰ্মমভাৱে হত্যা কৰিছিল আৰু ৪০ ৰো অধিক সেনাক গুৰুতৰভাৱে আহত কৰিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে চীনে ইমানদিনে তেওঁলোকৰ কেইজন সেনাৰ এই সংঘৰ্ষত মৃত্যু হৈছিল সেই বিষয়ে আনুষ্ঠানিকভাৱে নিজে কোনো তথ্য প্ৰকাশ কৰা নাছিল৷ এতিয়া অষ্ট্ৰেলিয়াৰ সংবাদ পত্ৰই কৰা এই দাবীৰ প্ৰত্যুত্তৰত বেইজিঙে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷