Logo
image

৭ মাৰ্চত মাজুলীত ভোট গুৱাহাটী পালেহি সৰ্বানন্দও

আমাৰ অসম,৬ ফেব্ৰুৱাৰীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী বাছনিৰ বাবে ৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ বিগত বৰ্ষত অনুষ্ঠিত বিধানসভাৰ নিৰ্বাচনত মাজুলী পৰা সৰ্বানন্দ সোণোৱাল দ্বিতীয় বাৰে জয়ী হৈ অহাৰ পাছতো তেওঁ ৰাজ্যসভালৈ যাবলগীয়া হোৱাৰ বাবে খালী হয় মাজুলীৰ আসনখন৷ ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ ১০ মাৰ্চত অনুষ্ঠিত হ’ব ভোট গণনা৷ দেশৰ নিৰ্বাচন আয়োগে শনিবাৰে এই উপ-নিৰ্বাচনৰ সময়সূচী জাৰি কৰে৷ সেই অনুসৰি ১০ ফেব্ৰুৱাৰীত জাৰি হ’ব নিৰ্বাচনী অধিসূচনা৷ ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ শেষ সময়সীমা৷ ১৭ ফেব্ৰুৱাৰীত মনোনয়নপত্ৰসমূহ পৰীক্ষা হ’ব৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমদিন ২১ ফেব্ৰুৱাৰী৷ জ্জ মাৰ্চ, সোমবাৰে ভোটদান অনুষ্ঠিত হ’ব৷ মাজুলী উপ-নিৰ্বাচনতো ইভিএম আৰু ভিভিপেট ব্যৱহাৰ হ’ব৷ অনুসুচীত জনজাতিৰ আৰু   সংৰক্ষিত মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসনাধিষ্ঠ বিজেপি দলে অতি কৌশলৰ নিজৰ তৎপৰতা আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণৰ পৰা আৰম্ভ কৰি যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য আদিৰ জৰিয়তে ইতিমধ্যে মাজুলী দখলৰ অভিযান আৰম্ভ কৰিছে বিজেপি দলে৷ অৱশ্যে, ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ বিশেষ তৎপৰতা বৰ্তমান পৰ্যন্ত পৰিলক্ষিত হোৱা নাই সমষ্টিটোত৷ মাজুলী সমষ্টিৰ কংগ্ৰেছৰ পূৰ্বৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু একপ্ৰকাৰে বিজেপি মুখী হৈ পৰিছে৷ বিজেপিৰ পৰা টিকট নাটৰ আশাত কংগ্ৰেছৰে সকলো সম্পৰ্ক চেদ কৰিছে পেগুৱে৷ ইতিমধ্যে জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰাও পদত্যাগ কৰিছে ৰাজীৱ লোচন পেগুৱে৷ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে ভূবন গাম, মাধৱ দেউৰী আৰু হেমচন্দ্ৰ দলেৰ নাম চৰ্চালৈ আহিছে৷ মাজুলী উপ-নিৰ্বাচনৰ দিনবাৰ ঘোষণা হোৱাৰ পাছতে আজি গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ উল্লেখ্য যে মাজুলীত দলীয় প্ৰাৰ্থীক নিৰ্বাচনৰ ক্ষেত্ৰত সোণোৱালে বিশেষ ভূমিকা গ্ৰহণ কৰিব৷ সেই সূত্ৰে সোণোৱালৰ পচন্দৰ প্ৰাৰ্থীয়ে দলীয় টিকট পোৱাটো এক প্ৰকাৰ নিশ্চিত৷ গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে আজি নিশা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰে সোণোৱালৰ এখন বৈঠক হোৱাৰ কথা৷ কাইলৈ তেওঁ দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰা যাব৷ ত্ৰিপুৰাৰ পৰা পুনৰ উভতি তেওঁ অসমলৈ অহাৰ কথা৷ লক্ষণীয়ভাৱে বিধান সভাৰ বিগত উপ-নিৰ্বাচনৰ সময়ত বিৰোধী ঐক্যৰ চিন স্বৰূপে কংগ্ৰেছ দলে মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ আনহাতে, ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰি দি কংগ্ৰেছ দলে থাওৰা আৰু মৰিয়নীত নিৰ্বাচন খেলাৰ চৰ্ত দিছিল৷ ৰাইজৰ দলে কংগ্ৰেছৰ এই চৰ্ত মানি নল’লে৷ পূৰ্বৰ চৰ্ত অনুসৰি উপ-নিৰ্বাচনত মাজুলী সমষ্টি কংগ্ৰেছ দলে অসম জাতীয় পৰিষদক এৰি দিব লাগে৷ কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ সূত্ৰৰ মতে দুয়োটা দলে এই পৰ্যন্ত পূৰ্বৰ চৰ্ত অটল আছে৷ প্ৰাৰ্থী চূড়ান্তৰ বাবে ৰাইজৰ দৰে সোমবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা৷