Logo
image

সলনি হ’ব প্ৰস্তাৱনা! বলৱৎ হ’ব অভিন্ন দেৱানী আইন

আমাৰ অসম,৬ ফেব্ৰুৱাৰীঃ অচিৰেই ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা সলনি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে৷ অৱশ্যে নৰেন্দ্ৰ মোদী চৰকাৰে নিজৰ কান্ধত সেই অপবাদ লোৱাৰ পৰিৱৰ্তে বেচৰকাৰী বিধেয়কৰ দ্বাৰা সংবিধান সংশোধন কৰিবলৈ পৰিকল্পনা কৰিছে৷ প্ৰকৃততে দ্বিতীয়বাৰ ক্ষমতালৈ উভতি অহাৰ পাছত নৰেন্দ্ৰ মোদী চৰকাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দীৰ্ঘদিন ধৰি ফলৱতী নোহোৱা একাংশ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পথত আগবাঢ়িছে৷ তাৰে অন্যতম অংশ হ’ব ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ সংশোধন, য’ৰ পৰা অৱলীলাক্ৰমে উৰি যাব পাৰে দেশক একতাৰ দোলেৰে বান্ধি ৰখা ‘সমাজতান্ত্ৰিক’ আৰু ‘ধৰ্মনিৰপেক্ষ’ বুলি থকা অসীম  গুৰুত্বপূৰ্ণ দুটা শব্দ৷ ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে আৰ এছ এছৰ পৰামৰ্শত তিনি তালাক আইন নিষিদ্ধ কৰিছে, জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰৰ ৩৭০ অনুচ্ছেদ আৰু ৩৫-এ অনুচ্ছেদ বাতিল কৰিছে, ৰাম মন্দিৰ নিৰ্মাণৰ কামত আগবাঢ়িছে আৰু নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ পথত আগবাঢ়িছে৷ একেৰাহে আৰ এছ এছৰ কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশজুৰি এখন দেৱানী আইন প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে৷ তদুপৰি আৰ এছ এছৰ নিৰ্দেশ অনুসৰি মোদী চৰকাৰে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা সংশোধন কৰাৰো পৰিকল্পনা কৰিছে৷ ইয়াৰ লগতে চৰকাৰে দেশত জনসংখ্যা নিয়ন্ত্ৰণ আইন বলৱৎ কৰাৰ দিশেও আগবাঢ়িছে৷ কোৱা বাহুল্য মাথোঁ এই আটাইকেইটা পৰিকল্পনাই হৈছে বিজেপিৰ তাত্ত্বিক সংগঠন আৰ এছ এছৰ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বহুবছৰ পূৰ্বে তেওঁলোকৰ এই কৰ্মসূচীৰ বিষয়ে প্ৰকাশ কৰিছিল৷ সময়ে সময়ে সংঘই এই পৰিকল্পনাৰ বিষয়ে উনুকিয়াই থাকে৷ পূৰ্ণ শক্তি লৈ বিজেপি দ্বিতীয়বাৰৰ বাবে দেশৰ শাসনত অধিষ্ঠিত হোৱাৰ পাছত এয়াই আৰ এছ এছৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত কৰাৰ সঠিক সময় বুলি চিন্তা কৰিছে মোদী চৰকাৰে৷ 

মোদী চৰকাৰৰ আইনমন্ত্ৰী কিৰেন ৰিজিজুৱে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেক এখন পত্ৰৰ জৰিয়তে জনাইছে যে নতুন আইন কমিচনে দেশজুৰি এখন অভিন্ন দেৱানী আইন বলৱৎ কৰাৰ বিষয়টো পৰ্যালোচনা কৰিব৷ ডুবেই শীতকালীন অধিৱেশনত দেশজুৰি অভিন্ন দেৱানী আইন বলৱৎ কৰাৰ দাবী উত্থাপন কৰিছিল৷ সেয়া বিজেপিৰ পৰিকল্পনাৰ অংশ আছিল বুলি ধাৰণা কৰা হৈছে৷ এতিয়া সেই পৰিকল্পনা মতেই চৰকাৰ আগবাঢ়ি আছে৷ দেশজুৰি এখন দেৱানী আইন হ’লে সকলো ধৰ্মৰ মানুহৰ বাবে একেই পাৰিবাৰিক, বিবাহ আইন আৰু সম্পত্তিৰ উত্তৰাধিকাৰ সংক্ৰান্ত আইন হ’ব৷ এতিয়া হিন্দু আৰু মুছলিম পাৰিবাৰিক আইন, বিবাহ আইন আৰু উত্তৰাধিকাৰ আইন পৃথক৷ এখন অভিন্ন দেৱানী আইন হ’লে হিন্দু-মুছলমান আৰু অন্যান্য ধৰ্মৰ সকলো ভাৰতীয় নাগৰিকে একেখন আইন বিবাহ, পৰিয়াল, উত্তৰাধিকাৰৰ ক্ষেত্ৰত মানি চলিব লাগিব৷ তেতিয়া মুছলিমৰ বাবে শ্বৰিয়ৎ অনুযায়ী চলি থকা আইন দেশত প্ৰয়োগ নহ’ব৷ বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচনী ইস্তাহাৰত অভিন্ন দেৱানী আইন বলৱৎ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ বিজেপিৰ এটা শীৰ্ষ সূত্ৰৰ মতে সংসদত দেৱানী আইন এখন কৰাৰ ক্ষেত্ৰত যিখন বিধেয়ক উত্থাপন কৰা হ’ব, সেই বিধেয়ক বেচৰকাৰী বিধেয়ক হ’ব৷

ইপিনে শুকুৰবাৰে বিজেপিৰ সাংসদ ৰাকেশ সিন্‌হাই প্ৰাইভেট বিল বা বেচৰকাৰী বিধেয়ক হিচাপে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক দাখিল কৰিছে৷ তাত দুটা সন্তানৰ নীতি উল্লেখ কৰি জনসংখ্যা নিয়ন্ত্ৰণৰ পৰিকল্পনাৰ কথা কোৱা হৈছে৷ আনহাতে কেৰালাৰ বিজেপি সাংসদ কে জে আলফন্সয়ে সংবিধানৰ প্ৰস্তাৱনা সংশোধনৰ বাবে চলিত অধিৱেশনতে এখন বিধেয়ক উত্থাপন কৰিবলৈ আগবাঢ়িছে৷ প্ৰস্তাৱনাৰ সংশোধন ঘটাই তেওঁ ভাৰতীয় সংবিধানৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ শব্দ আঁতৰোৱাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ উঠিছে৷ পূৰ্বে সংবিধানৰ প্ৰস্তাৱনা সংশোধন কৰি ‘সমাজতান্ত্ৰিক’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল৷ এতিয়া বিজেপিয়ে বেচৰকাৰী বিধেয়ক উত্থাপন কৰি সংবিধানৰ প্ৰস্তাৱনাত থকা ধৰ্মনিৰপেক্ষ শব্দটো আঁতৰোৱাৰ অভিসন্ধি কৰাৰ অভিযোগ উঠিছে৷ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰছন্ন সমৰ্থন আছে৷ সেয়ে চৰকাৰে বিজেপিৰ এজন বিধায়কৰ জৰিয়তে বেচৰকাৰীভাৱে এই বিধেয়ক উত্থাপন কৰিবলৈ আগবাঢ়িছে, যাতে চৰকাৰ পোনপটীয়াকৈ এই ক্ষেত্ৰত সমালোচিত নহয় আৰু ভৱিষ্যতে জগৰীয়া নহয়৷ বিজেপি সাংসদ কে জে আলফন্সয়ে এই বিধেয়কখন বেচৰকাৰীভাৱে উত্থাপন কৰিবলৈ ল’লেও কংগ্ৰেছ, তৃণমূলক কংগ্ৰেছ, আৰ জে ডি, বাওঁপন্থী দলৰ সাংসদে তীব্ৰ বিৰোধিতা কৰিছে৷  এই বিধেয়কৰ বিৰোধিতা কৰি আৰ জে ডি সাংসদ মনোজ ঝাই জাননী প্ৰেৰণ কৰিছে৷ কংগ্ৰেছৰ সাংসদ আনন্দ শৰ্মাই কৈছে, সংবিধান পূৰ্বেও সংশোধন কৰা হৈছে, কিন্তু এই বিধেয়কত প্ৰস্তাৱনা সংশোধনৰ প্ৰস্তাৱ অনা হৈছে৷ ইয়াৰ উদ্দেশ্য মুঠেই সৎ নহয়৷ দেশৰ ঐক্য বিনষ্ট কৰিব পৰা সমল সেই বিধেয়কত সোমাই থাকিব পাৰে বুলি বিৰোধী সাংসদে অভিযোগ উত্থাপন কৰিছে৷  এনে বিৰোধিতাৰ বাবে এই পৰ্যন্ত বিজেপি সাংসদজনে  সংবিধানৰ প্ৰস্তাৱনা সংশোধনৰ বিধেয়কখন সংসদত উত্থাপন কৰিবলৈ সক্ষম হোৱা নাই৷ আৰ এছ এছ ভাৰতৰ ধৰ্মনিৰপেক্ষ  বৈশিষ্ট্যত বিশ্বাসী নহয়, বৰং হিন্দু ৰাষ্ট্ৰ হিচাপে দেশখন নিৰ্মাণ কৰাৰ পৰিকল্পনা ভাৰতৰ স্বাধীনতা যুদ্ধৰ সময়ৰ পৰাই কৰি আহিছে৷ সেই সময়ত কংগ্ৰেছ শক্তিশালী হৈ থকাৰ বাবেই আৰ এছ এছৰ এই অভিসন্ধি ৰূপায়িত হোৱা নাছিল৷ এতিয়া ঘোৰ হিন্দুত্ববাদী বিজেপিৰ শাসনত আৰ এছ এছে তেওঁলোকৰ সেই দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি দেশখনক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে বুলি বিৰোধী দলসমূহে অভিযোগ কৰিছে৷