Logo
image

আগষ্টৰ পৰা সোৱণশিৰি প্ৰকল্পত প্ৰথম ইউনিট বিদ্যুৎ উৎপাদন

‘আমাৰ অসম,৭ফেব্ৰুৱাৰীঃ বিভিন্ন দল-সংগঠনৰ দীৰ্ঘদিনীয়া প্ৰতিবাদ আৰু বিৰোধিতাক সম্পূৰ্ণ ৰূপে আওকান কৰি পূৰ্ণ গতিত নিৰ্মাণ কাৰ্য অব্যাহত ৰখা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ হব৷ জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰথমটো ইউনিটৰ পৰা অসমবাসীয়ে আগষ্ট মাহত বিদ্যুৎ লাভ কৰিব৷ এই ঘোষণা কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজ কুমাৰ সিঙৰ৷ এদিনীয়া  কাৰ্যসূচীৰে দেওবাৰে অসমলৈ অহা কেন্দ্ৰীয় শক্তিমন্ত্ৰীজনে সংবাদমাধ্যমৰ  আগত এই সিদ্ধান্ত সদৰি কৰি কয়–চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো ইউনিটৰ বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব বুলি আমি আশা কৰিছো৷ প্ৰকল্পটোৰ পৰা উৎপাদিত হ’বলগীয়া বিদ্যুৎত অধিকাংশ অৰুণাচলে বিনামূলীয়া ভাৱে লাভ কৰিব কাৰণ প্ৰকল্পটো অৰুণাচলত অৱস্থিত৷ অসমে কিছু বিদ্যুৎ বিনামূলীয়াভাৱে লাভ কৰিব৷ প্ৰকল্পটোৰ নামনি অংশৰ উন্নয়নৰ বাবে ইতিমধ্যে ১৪৪ কোটি ব্যয় কৰা হৈছে৷ ইয়াৰ উপৰি অতিৰিক্তভাৱে ১৮৮ কোটি টকা ইয়াৰ বাবে মঞ্জুৰ কৰা হৈছে৷ ইয়াৰ ৫৬ কোটি টকা৷ চলিত বৰ্ষৰ ব্যয় কৰা হ’ব৷ এই প্ৰকল্পটোৰ পৰা বান নাইকীয়া হ’ব৷ বানৰ প্ৰভাব বহু হ্ৰাস পাব৷ স্থানীয় অঞ্চলৰ  উন্নতি হ’ব৷ বিশেষজ্ঞসকলে এই প্ৰকল্পটো সম্পূৰ্ণ নিৰাপদ বুলি মন্তব্য কৰিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উপৰিও অৰুণাচলত শীঘ্ৰে বহুকেইটা প্ৰকল্পৰ নিৰ্মাণ কাম আৰম্ভ হ’ব৷ ইয়াৰে ভিতৰত দিবাং প্ৰকল্পটো অন্যতম৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো বহুকেইটা জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব৷ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰক পৰা উৎপাদিত হ’বলগীয়া বিদ্যুতৰ অসম আৰু অৰুণাচলে কিমান কিমান অংশ বিনামুলীয়াভাৱে লাভ কৰিব সেইটো এতিয়াও চূড়ান্ত হোৱা নাই৷ লক্ষ্যণীয়ভাৱে শক্তিমন্ত্ৰী বিমল বৰা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিতে কেন্দ্ৰীয় শক্তিমন্ত্ৰীজনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথম ইউনিটৰ উৎপাদন চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰাই আৰম্ভ হ’ব বুলি ঘোষণা কৰে৷ এন এইচ পিচিৰ দ্বাৰা নিৰ্মাণৰত অৱস্থাত তথা জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি দল-সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছিল যদিও শেহতীয়াভাৱে ই প্ৰতিবাদ স্তিমিত হৈ পৰে৷ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ ফলতে এন এইচ পিচিয়ে বান্ধৰ নিৰ্মাণ নিদ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰিলে৷ কিন্তু দল সংগঠন সমূহৰ প্ৰতিবাদ প্ৰায় নাইকীয়া হৈ পৰাৰ পিছত এন এইচ পিচিয়ে পূৰ্ণ গতিত বান্ধৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰে আৰু বৰ্তমান ই প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে৷