Logo
image

হাতত ৰ’ল মাথোঁ মাস্ক

১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিডমুক্তি

 প্ৰত্যাহাৰ হ’ব নৈশ কাৰ্ফিউসহ বিধি-নিষেধ

আমাৰ অসম,৮ ফেব্ৰুৱাৰীঃ ক’ভিডমুক্ত হোৱাৰ দিশে যেন আগবাঢ়িছে অসম/ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকিব কোনো ক’ভিড বাধা-নিষেধাজ্ঞা৷ নিৰ্বাচন আয়োগে মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত বলৱৎ থকা কাৰ্ফিউকে ধৰি সকলো বাধা-নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷ ৰাজ্যত ক’ভিড ৰোগীৰ মৃত্যুৰ গ্ৰাফডাল ঊধবৰ্মুখী হৈ থাকিলেও ক’ভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যত কোনো ধৰণৰ কাৰ্ফিউ নাথাকিলেও কেৱল মাস্ক-ছেনিটাইজাৰৰ ব্যৱহাৰহে বাহাল থাকিব৷ চৰকাৰী তথ্য মতে সম্প্ৰতি ৰাজ্যত ক’ভিডৰ  সংক্ৰমণ হ্ৰাস পালেও ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাই চিকিৎসক-বিশেষজ্ঞসকলে৷ বৰ্তমান প্ৰতিদিনেই ১৫-২০জনকৈ ক’ভিড ৰোগীৰ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে৷ স্বাস্থ্য বিভাগৰ সমীক্ষাতে প্ৰকাশ পোৱা মতে বিগত ১৫ দিনত অসমত ২৬৪জন ক’ভিড ৰোগীয়ে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ ক’ভিডত মৃত্যুৰ ভয়াৱহতাৰ মাজতে ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো বাধা-নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি চৰকাৰে নাগৰিকৰ হাতত ক’ভিড প্ৰতিৰোধৰ অস্ত্ৰ হিচাপে কেৱল মাস্ক আৰু ছেনিটাইজাৰহে ৰাখিছেগৈ৷ মুখ্যমন্ত্ৰীয়ে ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো ক’ভিড সম্পৰ্কীয় বাধা-নিষেধাজ্ঞা উঠাই দিয়া বুলি ঘোষণা কৰি ৰাইজে মাস্ক-ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব বুলিও স্পষ্ট কৰি দিছে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে মাস্কৰ ব্যৱহাৰ বাধ্যতামূলক কৰিলেও ৰাজনৈতিক সভা-সমিতি তথা নিৰ্বাচনী প্ৰচাৰত এই নিয়ম প্ৰকৃতাৰ্থত কাৰ্যকৰী হ’ব নে সেয়া নক’লেও সকলোৱে বোধগম্য৷ ক’ভিড বাধা-নিষেধাজ্ঞা প্ৰত্যাহাৰ সন্দৰ্ভত সোমবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিড সংক্ৰান্তীয় যিমানবোৰ বাধা নিষেধাজ্ঞা আছিল, সকলো প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লৈছোঁ৷ কেৱল মাস্ক আৰু ছেনিটাইজাৰক বাদ দি কাৰ্ফিউকে ধৰি সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব৷ মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকলে ভেক্‌চিনৰ দুয়োটা ড’জ ল’ব লাগিব৷ পৰীক্ষাকেন্দ্ৰলৈ যিসকল পৰীক্ষাৰ্থী যাব সকলোৱে ভেকচিনৰ দুয়োটা ড’জ ল’ব লাগিব৷ কোনো পৰীক্ষাৰ্থীয়ে ভেক্‌চিন নল’লে কি ব্যৱস্থা লোৱা হ’ব সেয়া পৰৱৰ্তী সময়ত বিবেচনা কৰা হ’ব৷ আনহাতে, কোনো লোক সভা-সমিতিলৈ আহিলে ভেক্‌চিনৰ দুয়োটা ড’জ ল’ব লাগিব৷ চিনেমা হলত ১০০ শতাংশ দুয়োটা ড’জ লোৱা দৰ্শককহে অনুমতি দিয়া হ’ব৷ কোনোবাই গোটেই ৰাতি বিয়া পাতিব পাৰিব৷ কিন্তু অতিথিসকল দুয়োটা ড’জ লোৱা হ’ব লাগিব৷ ভেক্‌চিনৰ দ্বিতীয় ড’জৰ সাপেক্ষে সকলো ক’ভিডৰ বাধা-নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ চৰকাৰে সিদ্ধান্ত লৈছে৷ ক’ভিডৰ পৰিৱেশ এতিয়া ভাল হৈছে৷ ১৫ ফেব্ৰুৱাৰীলৈ পৰিৱেশ আৰু উন্নত হোৱাৰ আশা কৰিছো৷ ১৫ ফেব্ৰুৱাৰীৰ পৰা স্কুল-কলেজ সকলো খুলি দিয়া হ’ব৷

শোণিতপুৰত ক’ভিডত শিশুসহ তিনিজনৰ মৃত্যু 

‘আমাৰ অসমঃ শোণিতপুৰ জিলাত ক’ভিড-১৯ত সংক্ৰমণৰ হাৰ কিছু পৰিমাণে কমিছে যদিও মৃত্যুৰ সংখ্যা কমা নাই৷  জিলাখনত যোৱা দুটা দিনত অথাৎ ৬আৰু জ্জফেব্ৰুৱাৰীৰ স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি, ৩৪জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিডত আক্ৰান্ত হৈ  শিশুসহ তিনিজন লোকৰ মৃত্যু ঘটিছে৷  উল্লেখ্য যে, ৬ আৰু জ্জ ফেব্ৰুৱাৰীত ক’ভিডত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল বাঁহবাৰী মৌজাৰ গৰখীয়া পুখুৰীৰ বেবী তাঁতী[ ৩০], জামুগুৰী হাটৰ বকোলাৰ নৌচাদ আলি [৫০]আৰু ঢেকীয়াজুিলৰ প্ৰকাশ মেছ [আঢ়ৈ বছৰ]ৰ মৃত্যু ঘটিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে৷