Logo
image

ক’ভিড শেষ ভোটৰ দিন আৰম্ভ

আমাৰ অসম, ৮ ফেব্ৰুৱাৰীঃ বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনৰ আগমনৰ লগে লগে ৰাজ্যত ক’ভিডৰ সকলো বাধা-নিষেধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷ ক’ভিড শেষ বুলি কৰা ঘোষণাৰ লগে লগে ৰাজ্যত একাধিক নিৰ্বাচনৰ প্ৰস্তুতি চলিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে নিৰ্বাচনৰ বাবেই ক’ভিড শেষ বুলি ঘোষণা কৰিব  বিচাৰিছে নেকি তাক লৈ ব্যাপক চৰ্চা হৈছে৷ ইতিমধ্যে ৰাজ্যত ১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিড প্ৰট’কল সম্পূৰ্ণ উঠি যাব বুলি ঘোষণা কৰিছে স্বয়ং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শীঘ্ৰেই পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ ১০ মাৰ্চৰ পূৰ্বে প্ৰায় ৮১খন পৌৰ সভা-নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এপ্ৰিল মাহতে অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন৷ এপ্ৰিল মাহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীজনে৷ যদিওবা নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত নিৰ্বাচন আয়োগেহে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰে৷ দেশৰ নিৰ্বাচন আয়োগে শনিবাৰে মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ জ্জ মাৰ্চত ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছো৷ আয়োগৰ এই ঘোষণাৰ পাছতেই মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিততে ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো শিক্ষানুষ্ঠান খোলাৰ লগতে ক’ভিড সান্ধ্য আইন শিথিল কৰাৰ কথা ব্যক্ত কৰিছে৷ শীঘ্ৰেই ৰাজ্যত পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথাও মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে৷ আনকি মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যত পৌৰ নিৰ্বাচন দলীয় প্ৰতীক নোহোৱাকৈ অনুষ্ঠিত কৰিবলৈ ইচ্ছুক বুলি কয়৷ অৱশ্যে সময় কম থকা বাবে এইবেলি তেনে পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নহয় বুলি প্ৰকাশ কৰিছে৷ ক’ভিডৰ সংক্ৰমণৰ হাৰ হ্ৰাসৰ দিশটো পৰ্যবেক্ষণ কৰিলে এইটো প্ৰায় স্পষ্ট হৈ পৰে যে একাধিক নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবেই ৰাজ্যত ক’ভিড শেষ বুলি ক’ব বিচৰা হৈছে৷ উল্লেখ্য, পূৰ্বৰ বিধানসভা নিৰ্বাচনৰ সময়তো একপ্ৰকাৰ বলপূৰ্বকভাৱে ৰাজ্যত ক’ভিড শেষ বুলি ঘোষণা কৰা হৈছিল৷ আনকি খোদ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ক’ভিড নাই বুলি ঘোষণা কৰাই নহয়, মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল৷ যদিওবা সেই সময়তো ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল বহুজন৷ ইফালে, মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচক লৈ যুদ্ধং দেহি শাসক-বিৰোধী৷ বিৰোধী শিবিৰে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লক্ষ্যৰে বিভিন্ন বিৰোধী ৰাজনৈতিক দল-সমূহৰে পৃথকে পৃথকে বৈঠকত মিলিত হৈছে৷ কিন্তু এই কথা নিশ্চিত যে এইবাৰ মাজুলীৰ উপ-নিৰ্বাচনত সাংঘাটিক ধৰণে প্ৰচাৰ চলাব শাসকীয় পক্ষই৷ নিজৰ হাতত থকা সমষ্টিটো যাতে কোনো কাৰণতে হেৰুৱালগীয়া নহয় তাৰ বাবে সৰ্বস্ব উজাৰি দিব শাসকীয় পক্ষই৷ তদুপৰি দেশৰ আন ৰাজ্যতে অনুষ্ঠিত নিৰ্বাচনত বিজেপিৰ পাৰদৰ্শিতা ভাল নহয়৷ গতিকে বিজেপিৰ প্ৰধান লক্ষ্য অসম৷ অসমত যাতে বিজেপিৰ ফলাফল বেয়া নহয় তাৰ বাবে দলটোৱে সৰ্বস্ব উজাৰি দিব৷ গতিকে সমষ্টিটো নিজৰ হাতত ৰখাৰ বাবে সাংঘাতিকভাৱে নামি পৰিব শাসকীয় দলটো৷