Logo
image

'মহাভাৰত'ৰ ভীম আৰু নাই

আমাৰ অসম, ৮ জানুৱাৰীঃ দূৰদৰ্শনত সম্প্ৰচাৰিত বহু জনপ্ৰিয় ধাৰাবাহিক 'মহাভাৰত'ত ভীমৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ কুমাৰ চবতিৰ মৃত্যু। ভীম ৰূপেই খ্যাত আছিল অভিনেতা প্ৰবীণ কুমাৰ। হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে নিশা দিল্লীৰ বাসগৃহত মৃত্যুক সাবটি লয় অভিনেতাগৰাকীয়ে।


এগৰাকী অলিম্পিয়ান আছিল প্ৰবীণ কুমাৰ। ১৯৬৮ চনৰ মেক্সিকো আৰু ১৯৭২ চনৰ মিউনিখ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল প্ৰবীণ কুমাৰে। এজন সুদক্ষ ডিছকাছ থ্ৰ'ৱাৰ আৰু হেমাৰ থ্ৰ'ৱাৰো আছিল প্ৰবীণ কুমাৰ। এছিয়ান গেমছত দুটা সোণসহ চাৰিটা আৰু কমনৱেলথ গেমছত এটা ৰূপৰ পদক লাভ কৰিছিল প্ৰবীণ কুমাৰে। ২০১৩ চনত দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমী প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰবীণ কুমাৰে।