Logo
image

পাক-ৰাষ্ট্ৰপতিৰ পৰা ১০ কোটি টকা ঐশ্বৰ্যই কিয় লৈছিল

আমাৰ অসম,৮ ফেব্ৰুৱাৰীঃ বচ্ছন পৰিয়ালৰ বোৱাৰী, অভিষেক বচ্ছনৰ পত্নী ঐশ্বৰ্য ৰাই শেহতীয়াকৈ সোমাই পৰিছে নতুন বিতৰ্কত৷ অভিনেত্ৰীগৰাকীক লৈ সৃষ্টি হোৱা এই বিতৰ্কত এইবাৰ সাঙোৰ খাই পৰিছে বৈৰী দেশ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ  আলী জাৰদাৰিৰ নাম৷ শেহতীয়া এই বিতৰ্ক অনুসৰি জাৰদাৰিয়ে পাকিস্তানৰ ৰাষ্ট্ৰপতি হৈ থাকোঁতে হেনো ঐশ্বৰ্যক ১০ কোটি টকা দিছিল৷ ইয়াৰ বিনিময়ত ভাৰতৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে পাক ৰাষ্ট্ৰপতিগৰাকীৰ বাসভৱনত ব্যক্তিগত অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবলগীয়া হৈছিল৷ পাকিস্তানৰ এগৰাকী ৰাজনৈতিক বিশ্লেষক শ্বাহিদ মাছুদে দেশখনৰ এটা টেলিভিশ্বন চেনেলত এই বিস্ফোৰক মন্তব্য কৰে৷ ইয়াৰ পাছতে নতুন বিতৰ্কৰ মাজত সোমাই পৰিছে ঐশ্বৰ্য ৰাই৷ ইপিনে, পাকিস্তানৰ টেলিভিশ্বন চেনেলটোৰ উদ্ধৃতি দি পাকিস্তানৰ সংবাদ মাধ্যমসমূহেও ঐশ্বৰ্য ৰাইক লৈ হোৱা নতুন বিতৰ্কৰ বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে৷ সংবাদ মাধ্যমসমূহত প্ৰকাশিত বাতৰিমতে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জাৰদাৰিৰ ঘনিষ্ঠ সূত্ৰৰ পৰা নৃত্য কৰাৰ নামত ঐশ্বৰ্য ৰাইয়ে ১০ কোটি টকা লোৱা বুলি জানিব পাৰে মাছুদে৷ মাছুদে কৰা এই মন্তব্যক লৈ স্বাভাৱিকতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কিন্তু বিস্ফোৰক অভিযোগটোক লৈ অমিতাভ বচ্ছনৰ বোৱাৰী ঐশ্বৰ্য ৰাইয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷উল্লেখ্য, মডেলিং জগতৰ পৰা বিশ্ব সুন্দৰীৰ খিতাপ, ইয়াৰ পাছত বলীউডৰ নায়িকা তথা পৰৱৰ্তী সময়ত হলীউডত পদাৰ্পণ আৰু আনকি কাঁ চলচ্ছিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিয়া ঐশ্বৰ্য ৰাইয়ে নিজৰ কেৰিয়াৰত বহু সোণালী মুহূৰ্ত পাৰ কৰিছে৷ ইয়াৰ লগে লগে অভিনেত্ৰীগৰাকী বিভিন্ন বিতৰ্কৰ মাজতো সোমাই পৰে৷ এইবাৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীক লৈ হোৱা নতুন বিতৰ্ক ঐশ্বৰ্যই কেনেদৰে চম্ভালে সেয়া সময়তহে জানিব পৰা যাব৷