Logo
image

শ্বাহৰুখৰ দোৱাক থুওৱা বুলি সন্দেহ বিজেপিৰ

আমাৰ অসম,৮ ফেব্ৰুৱাৰীঃ সুৰ সম্ৰাজ্ঞী, ভাৰতীয় সংগীতৰ সৰস্বতী লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানৰ এখন বিশেষ আলোকচিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ এই আলোক চিত্ৰখনৰ ফ্ৰেমত দেখা পোৱা গৈছে দুটা দৃশ্য৷ চিত্ৰখনত বলীউডৰ অভিনেতা  শ্বাহৰুখ খানে কিংবদন্তি গায়িকাগৰাকীক  বিদায় জনাবলৈ দোৱা মাগি থকা দেখা গৈছে৷ আনহাতে একেখন আলোক চিত্ৰত দেখা গৈছে– অভিনেতাজনৰ কাষত থিয় হৈ কৰযোৰে ‘লতা দিদি’ক শেষ শ্ৰদ্ধা আগবঢ়াইছে শ্বাহৰুখ খানৰ মেনেজাৰ পূজা দাদলানিয়ে৷  স্বাভাৱিকতে লতা মংগেশকাৰৰ শেষকৃত্যত  দুই ভিন্নধৰ্মীয়ে শিল্পীগৰাকীক বিদায় জনোৱা এই আলোক চিত্ৰখনক সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলায়৷ কিন্তু ইয়াৰ বিপৰীতে আচৰিতভাৱে এজন বিজেপি নেতাই ছবিখনক লৈ অনাহকতে  বিতৰ্কৰ সূত্ৰপাত ঘটোৱা দেখা গৈছে৷ হাৰিয়ানাৰ বিজেপি নেতা অৰুণ যাদৱে দাবী কৰা মতে সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ নশ্বৰদেহত থুৱাই অপমান কৰা নাইতো? উল্লেখ্য যে লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্ত বিভিন্ন সংবাদ মাধ্যমসমূহে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিছিল৷ টেলিভিছন চেনেলসমূহে সম্প্ৰচাৰ কৰা দৃশ্যসমূহতো শ্বাহৰুখ আৰু পূজাই কোকিলকণ্ঠী গায়িকাগৰাকীক বিদায় জনোৱাৰ মুহূৰ্ত দেখিবলৈ পোৱা গৈছিল৷ দেখা গৈছিল– শেষকৃত্যৰ মুহূৰ্তত সন্মুখত শায়িত অৱস্থাত থকা ‘লতা দিদি’ক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি মহাৰাষ্ট্ৰৰ মন্ত্ৰী মণ্ডল, শচীন তেণ্ডুলকাৰ, এ আৰ ৰহমান আদি এজন এজনকৈ সকলোৱে সুৰ সম্ৰাজ্ঞীৰ নশ্বৰ দেহত ফুলেৰে শ্ৰদ্ধাঞ্জলি জনায়৷ এটা সময়ত শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়ি আহে শ্বাহৰুখ খান আৰু পূজা দাদলানিয়ে৷ দুয়ো প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহত ফুলেৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত এসময়ত  শ্বাহৰুখ খানে মুছলিম ৰীতি অনুসৰি ‘লতা দিদি’ক বিদায় জনাবলৈ আল্লাহৰ ওচৰত দোৱা মাগে৷ ইয়াৰ বাবে তেওঁ মাস্কখন সামান্য তললৈ নমাই মুছলিম ৰীতি অনুসৰি ফুৱাই দিয়ে৷ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা এই ভিডিঅ’ আৰু সামাজিক মাধ্যমৰ এই আলোকচিত্ৰ খনক লৈয়ে হাৰিয়ানাৰ অৰুণ যাদৱ নামৰ বিজেপি নেতাজনে সাম্প্ৰদায়িক মন্তব্যৰে অযথা হৈ-চৈ আৰম্ভ কৰে৷ ইপিনে অতি হিন্দুত্ববাদী বিজেপি নেতাজনৰ এই কাণ্ডত স্বাভাৱিকতে দেশজুৰি  আজি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিভিন্নজনে  বিজেপি নেতাজনৰ এই কাণ্ডক মূৰ্খতাৰ পৰিচয় বুলি উল্লেখ কৰি  ধিক্কাৰ দিয়ে৷ আলোকচিত্ৰখনক লৈ বিজেপিৰ নেতাজনে কৰা বিতৰ্ক সন্দৰ্ভত শ্বাহৰুখ খানে এই বাতৰি যুগুত কৰাৰ সময়লৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও তেওঁৰ সপক্ষে থিয় দিছে অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে৷ উৰ্মিলাই আজি নিজৰ টুইটাৰ হেণ্ডলত উল্লেখ কৰে– আমাৰ সমাজখনৰ ইমানেই অৱক্ষয় হৈছে যে  আজিকালি প্ৰাৰ্থনা কৰাটোকো আমি থু পেলোৱা বুলি ভাবিবলৈ ধৰিছো৷ উৰ্মিলাই স্পষ্ট কৰি দিয়ে মুছলিম ৰীতি অনুসৰি কোনো এজন মৃতকৰ প্ৰতি দোৱা মাগিলে  নশ্বৰদেহলৈ উদ্দেশ্যি ফুৱাই দিয়া হয়৷ মুছলিম ধৰ্ম বিশ্বাসমতে, মৃতকৰ পৰা যাতে অশুভ শক্তি আঁতৰ হয় তাৰ বাবেই দোৱা মগাৰ পাছত এনেদৰে ফুওৱা হয়৷  শ্বাহৰুখ খানেও সেই ৰীতি অনুসৰিয়েই প্ৰিয় শিল্পীগৰাকীৰ বাবে দোৱা মগাৰ পাছত ফুৱাই দিছিল৷ কিন্তু ইয়াকে একাংশই সাম্প্ৰদায়িক প্ৰলেপ দিয়াৰ অপচেষ্টা চলালে৷ উৰ্মিলাৰ লগতে বাংলাদেশৰ প্ৰখ্যাত লেখিকা তছলিমা নাছৰিনেও শ্বাহ ৰুখক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ লেখিকাগৰাকীয়ে এই সন্দৰ্ভত  নিজৰ টুইটত কয়–শ্বাহৰুখ খানে থুওৱা নাছিল, তেওঁ ৰীতি অনুসৰি দোৱাৰ পাছত মৃতকৰ উদ্দেশ্যে ফু-মাৰি দিছিল৷ মুছলমানসকলে এয়া শুভকাৰ্যত কৰে৷ মুছলমানে হিন্দুৰ  বাবে যিদৰে শুভকামনা কৰে, তেনেদৰে হিন্দুসকলেও মুছলমানসকলৰ বাবে প্ৰাৰ্থনা জনায়৷ ভিন্নধৰ্মী সমাজত বাস কৰাসকলৰ বাবে এয়াই মানৱীয়তা৷ ইপিনে ৮ দশকজুৰি সংগীতৰ  সাধনাৰে ভাৰতীয় সংগীতৰ দেৱীৰ আসনত অধিষ্ঠিত হৈ  দেওবাৰে পুৱা কোটি কোটি ভাৰতীয়ক ‘সুৰ শূন্য’ কৰি বিদায় লোৱা লতা মংগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি ৰাজ্যসভা এক মিনিট সময়ৰ বাবে স্তব্ধ হৈ পৰে৷ কিংবদন্তি গায়িকাগৰাকীৰ প্ৰতি ৰাজ্যসভাৰ সদস্যসকলে সন্মান জনাই এক মিনিট সময় মৌনতা পালন কৰাৰ পাছত অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে কয়– লতাজীৰ মৃত্যুৰ লগে লগে ভাৰতীয় সংগীত জগতৰ এটা যুগৰ অৱসান ঘটিল৷ এই শূন্যতা কাহানিও পূৰণ নহ’ব৷’