Logo
image

গৃহমন্ত্ৰীৰে বৈঠক বয়কট কনৰাডৰ দিল্লীত হিমন্তবিশ্ব

সীমা বিবাদ শেষ হোৱা নাই

‘আমাৰ অসম,৮ ফেব্ৰুৱাৰীঃ অসম-মেঘালয় সীমা সমস্যাক লৈ কেইবালানিও বৈঠক অনুষ্ঠিত হৈ গৈছে৷ বিষয়া পৰ্যায়ত বা মন্ত্ৰী পৰ্যায়তে নহয়, মুখ্যমন্ত্ৰী পৰ্যায়তে অনুষ্ঠিত হৈ গৈছে কেইবাখনো বৈঠক৷ কিন্তু অসম-মেঘালয় সীমা বিবাদ শেষ হোৱাৰ বাট এতিয়াও মুকলি হোৱা নাই৷ সীমা বিবাদক লৈ সোমবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল৷ সেইমৰ্মে আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ কিন্তু কেন্দ্ৰীয়  গৃহমন্ত্ৰীৰে অনুষ্ঠিত হ’বলগীয়া বৈঠক বৰ্জন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই৷ ইয়াৰ পৰিৱৰ্তে তেওঁ সোমবাৰে শ্বিলঙতে উপস্থিত থাকে৷ সোমবাৰে শ্বিলঙত চাংমাই শ্বিলং স্মাৰ্ট চিটী সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠকত ভাগ লোৱাৰ লগতে আন দুখন বৈঠকত ভাগ লয়৷ এমাহ পূৰ্বে অসম-মেঘালয় সীমা বিবাদ প্ৰায় নিষ্পত্তি হোৱা বুলি দুই মুখ্যমন্ত্ৰীয়ে কইনাধৰাত সংবাদমেল পাতি ঘোষণা কৰিছিল যদিও কাৰ্যতঃ সেয়া যে ফুটুকাৰ ফেন আছিল সেই কথা প্ৰমাণ হ’ল৷ অসম-মেঘালয় সীমা সমস্যা নিষ্পত্তি কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সমানে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা যোৱাটো আছিল অতি প্ৰয়োজনীয়৷ কিন্তু এনে বৈঠকলৈ কনৰাড চাংমা নোযোৱাটো অতি তাৎপৰ্যপূৰ্ণ৷ স্মৰ্তব্য, অসম-মেঘালয় সীমান্তৰ ১২টা বিবদমান স্থানৰ ভিতৰত ৬টাৰ ক্ষেত্ৰত প্ৰায় ঐক্যমতত উপনীত হৈছিল দুয়োখন চৰকাৰ৷ তাৰাবাৰী, গিজাং, হাহিম, বকলাপাৰা, পিলিংকাতা আৰু ৰাতাচেৰাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে ঐক্যমতত উপনীত হোৱা বুলি প্ৰকাশ কৰিছিল৷ পৰৱৰ্তী সময়ত আন বিবদমান স্থানক লৈ আলোচনা কৰি সমাধান সূত্ৰ উলিওৱা হ’ব বুলি কোৱা হৈছিল৷ সোমবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে বৈঠক বৰ্জন কৰাৰ পাছত কাৰ্যতঃ সকলো বুমেৰাং হৈ পৰিল৷