Logo
image

ক’ভিডৰ সময়ত হিমন্তবিশ্বই চান্দা কিয় তুলিছিল? অখিল

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ  বিহুৰ চান্দাক লৈ চৰকাৰৰ ঘোষণাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷ মঙলবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত এক সংবাদ মেলত বিধায়কজনে মঞ্চ বিহুক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক উভতি ধৰে৷ তেওঁ সংবাদ মেলত কয় যে বলপূৰ্বক চান্দাৰ সকলো বিৰোধী৷ কিন্তু অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ ৰজাঘৰীয়া নিৰ্দেশনা কোনোপধ্যে মানি লোৱা নহ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চান্দাবীৰ যিজন লোক ছাত্ৰ সংগঠনত থকাৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰলৈকে চান্দা উঠাই অহিছে সেইজনে এতিয়া বিহুক লৈ চান্দাৰ বিৰোধিতা কৰিছে৷ ছাত্ৰ সন্থাত থকাৰ দিনত চান্দা তুলি, আলফাৰ দিনত চান্দা তোলি আইনৰ ৰোষত পৰা, কংগ্ৰেছৰ দিনত চান্দা সংস্কৃতিক মান্যতা দিয়া, বিজেপিলৈ আহি স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে চান্দা উঠোৱা এইজন হিমন্ত বিশ্ব শৰ্মাই বিহুক লৈ চান্দা বন্ধ কৰাৰ নিৰ্দেশনা কোনো কাৰণত গ্ৰহণযোগ্য নহয়৷ বলপূৰ্বক চান্দা সংগ্ৰহ মানি লোৱা নহ’ব, অসমৰ ৰাইজেও বলপূৰ্বক চান্দা উঠোৱাৰ বিৰোধী৷ কিন্তু ৰাইজে স্বইচ্ছাই আগবঢ়োৱা বৰঙণি সংগ্ৰহ কৰি বিহু আমি আগৰ দৰে উদ্‌যাপন কৰিম৷ বিহুক লৈ চৰকাৰৰ নিৰ্দেশনা কোনো কাৰণত মানি লোৱা নহ’ব ৷  চান্দা উঠোৱাৰ বিৰোধ কৰা এইখন চৰকাৰে ব্যৱসায়ীসকলৰ অৱস্থা শোচনীয় বুলি উল্লেখ কৰিছে কিন্তু তেওঁলোকৰ অৱস্থা কিয় উন্নত কৰিব পৰা নাই৷ জিএছটি, বিমুদ্ৰাকৰণ আৰু ক’ভিডৰ বাবে ব্যৱসায় বাণিজ্যৰ অৱস্থা শোচনীয় হৈ পৰিছে আৰু এইসমূহৰ প্ৰৱৰ্তন কৰিছে বিজেপি চৰকাৰে৷ বিহু উদযাপন কৰাৰ বাবে এতিয়া বিহু সমিতিসমূহে চৰকাৰে প্ৰদান কৰা ডেৰ লাখ টকাৰ বাবে দিছপুৰলৈ মাকো মাৰি থকাৰ ব্যৱস্থা কৰিছে৷ বিহু সমিতিসমূহক এতিয়া চৰকাৰ আৰু বিজেপিয়ে নিয়ন্ত্ৰণ কৰাৰ এক পৰিকল্পনা কৰিছে৷ এনে এক প্ৰক্ৰিয়াৰ মাজেৰে বিজেপি চৰকাৰে বিহুক নিশেষ কৰাৰ পৰিকল্পনা  কৰিছে৷ চৰকাৰী সাহায্যৰে বিহু পতা মানে বিহু ৰাজকীয় নিয়ন্ত্ৰণৰ অধীন হোৱা৷ গণ সংস্কৃতিক দাসত্ত্বৰ মালা পিন্ধাব খোজা৷ বিহু সমিতিসমূহক চৰকাৰৰ নিয়ন্ত্ৰণলৈ আনি স্বতন্ত্ৰ কৃষ্টি-সংস্কৃতিৰ চৰ্চা বন্ধ কৰাৰ কূটকৌশল বিজেপি চৰকাৰে ৰচনা কৰিছে৷ বিহু সমিতিক চৰকাৰী সাহায্য দি বিহু পতোৱাৰ পৰিকল্পনা কৰি সাংস্কৃতিক সমাজক চৰকাৰে নিয়ন্ত্ৰণ কৰাৰ ফন্দি কৰিছে বলপূৰ্বক চান্দা যিদৰে গ্ৰহণযোগ্য নহয়, সেইদৰে আৰ্থিক অনাটনৰ দিনত ৰাইজৰ কৰ-কাটলেৰে সমৃদ্ধ হোৱা ৰাজকোষৰ ধন এইদৰে ৰাইজৰ সন্মতি অবিহনে ব্যয় কৰাও গ্ৰহণযোগ্য নহয়৷ ক’ভিডৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী  তথা পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ পৰা কিয় চান্দা তুলিছিল৷ বিহু পাতিবলৈ বিহু সমিতিক ধন প্ৰদান কৰাৰ সলনি এই ধনেৰে গণশিল্পী অথবা দৰিদ্ৰ শিল্পসকলক সাহায্য প্ৰদান কৰিব লাগে৷ এইদৰে বিহুক চৰকাৰী নিয়ন্ত্ৰণলৈ অনাৰ ফলত জাতি গঠন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হ’ব৷ এনে সিদ্ধান্তৰ ফলত আন জাতিবোৰ অসমীয়া হোৱাত বাধা আহিব৷  বিধায়ক অখিল গগৈয়ে চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰি ৰাইজৰ বৰঙণিৰ দ্বাৰা বিহু অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ লগতে অসমীয়া ৰাইজক চৰকাৰে বিহুৰ ওপৰত লগোলা লেকাম মানি নলবলৈ আহবান জনায়৷

ইচ্ছাকৃত অনুদানত বাধা নাইঃ জয়ন্ত মল্ল

‘আমাৰ অসমঃ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই চান্দা আৰু অনুদান সন্দৰ্ভত মঙলবাৰে মত প্ৰকাশ কৰি কয়–কোনোবাই যদি ইচ্ছাকৃতভাৱে অনুদান আগবঢ়ায়, বিহুখন পাতিবলৈ সহায় আগবঢ়ায় তাত চৰকাৰে বাধা দিয়া নাই৷ বলপূৰ্বকভাৱে চান্দা লোৱা, দম দি চান্দা লোৱাৰ যিটো সংস্কৃতি অসমত আৰম্ভ হৈছে সেই সংস্কৃতি বন্ধ হ’ব লাগিব৷ বলপূৰ্বকভাৱে বিহুৰ নামত চান্দা যিয়ে উঠায় তাৰে সৰহসংখ্যক সেই মানুহজনে লৈ যায়৷ কমিটীলৈকে সেই টকা নাযায়৷ অসমীয়া জাতিৰ এটা চাম চান্দা সংস্কৃতিৰ মাজত গুচি গৈছে৷ নতুন প্ৰজন্মক এই কাৰ্যত আকৰ্ষিত কৰাৰ আশংকা আছে৷ বহু লোক চান্দা তুলিয়ে বছৰৰ পাছত বছৰ ধৰি চলি থকা দেখা যায়৷ বলপূৰ্বক চান্দা কোনো অসম হিতৈষী লোকে নিবিচাৰে৷ অসমৰ সংস্কৃতি ৰক্ষাৰ কাৰণে বলপূৰ্বক চান্দাৰ ব্যৱস্থা হ’ব নোৱাৰে৷ চান্দাৰ টকাৰে বছৰ বছৰ ধৰি চলা লোক চৰকাৰৰ সিদ্ধান্তক বেয়া পাইছে৷ ৰাস্তাত গাড়ী ৰখাই ড্ৰাইভাৰ হেন্দিমেনক মাৰি চান্দা লোৱাৰ পৰম্পৰা বন্ধ হ’ব লাগিব৷

ৰাজ্যত চান্দা সংস্কৃতি বন্ধ হব লাগেঃ ভবেশ কলিতা

আমাৰ অসমঃ ৰাজ্য চৰকাৰে চান্দা সংস্কৃতি বন্ধ কৰিবলৈ শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মতামত প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই৷ সভাপতি কলিতাই কয় যে চান্দা সংস্কৃতি বন্ধ হ’ব লাগে৷ বিজেপি দলে চান্দা সংস্কৃতিক কেতিয়াও অগ্ৰাধিকাৰ নিদিয়ে৷ যদি আমি স্বভিমানী জাতি হয়, স্বভিমানী অসমীয়া হয়, স্বভিমানী অসম চৰকাৰো আছে৷  চান্দা সংস্কৃতিয়ে অসমৰ উন্নয়নত ব্যাঘ্যাত জন্মাইছে কিছুমান সংগঠনে মাহেকীয়া ভাবে চান্দা সংগ্ৰহ কৰা পদ্ধতি বন্ধ হ’ব লাগে৷ দাতাসকলক অনাগত দিনত ধন নিদিবলৈ আহ্বান জনাই তাৰ বাবে হয়তো আইন প্ৰনয়ন কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে৷ বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা চান্দা সংস্কৃতি ৰোধৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মত ব্যক্ত কৰি কয় মুখ্য মন্ত্ৰীয়ে চান্দা দুস্কৃতিৰ পৰা অসমক ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে৷ একাংশ লোকে চান্দাতে নিজৰ জীৱন যাপনৰ পথ হিচাপে লৈছে৷ সেই পথটোৰ বিপক্ষে ৰাইজে আগৰে পৰা মাত মাতি আহিছে৷ মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাইজৰ আহ্বনৰ প্ৰতি সন্মান জনাই গ্ৰহণ কৰা পদক্ষেপক শদিয়াৰ পৰা ধুবুৰীলৈ এশ শতাংশ উদ্‌যাপন সমিতিয়ে আদৰণি জনাইছে৷ বলপূৰ্বক ভাবে ধন দাবী কৰা ব্যৱস্থাৰ পৰা আঁতৰি আহি নিজৰ জাতিটোৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগে৷