Logo
image

বিজেপিৰ মুখত তলা

ৰাজ্যসভা, মাজুলীৰ প্ৰাৰ্থীক লৈ

আমাৰ অসম,৯ ফেব্ৰুৱাৰীঃ দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে৷ ৰাজ্যসভাৰ দুখন আসনক লৈ এপ্ৰিল মাহতে অনুষ্ঠিত হ’ব নিবাচন৷ দুয়োটা নিৰ্বাচনৰ বাবে বিৰোধীপক্ষৰ মাজত আৰম্ভ হৈছে টনা আজোৰা, কন্দল কিন্তু এই পৰ্যন্ত প্ৰাৰ্থীক লৈ  মুখত তলা মাৰিছে শাসকীয় দল বিজেপিয়ে৷ মাজুলীৰ উপ-নিৰ্বাচন আৰু ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী কোন হ’ব পাৰে সেই সন্দৰ্ভত মুখ খোলা নাই বিজেপি নেতৃত্বই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে  দিল্লীত সংবাদ মাধ্যমৰ আগত ১২ ফেব্ৰুৱাৰীত মাজুলী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কোৱা মতে গুৱাহাটীতে চূড়ান্ত কৰা হ’ব বিজেপিৰ প্ৰাৰ্থীৰ নাম৷ কিন্তু মাজুলীৰ প্ৰাৰ্থী কোন হ’ব পাৰে সেই সন্দৰ্ভত মুখ খোলা নাই মুখ্যমন্ত্ৰী শৰ্মাই৷ এটা সূত্ৰমতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মাজুলীৰ প্ৰাৰ্থীক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে বৈঠকত মিলিত হৈছে৷ কিন্তু দুয়ো প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হোৱা নাই৷ সূত্ৰটোৰ মতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত ভূবন গামক প্ৰাৰ্থিত্ব দিয়াৰ পোষকতাক কৰিছে৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভূবন গামক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ ইচ্ছুক নহয়৷ কাজেই ঠিৰাং হোৱা নাই মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীৰ নাম৷ ইফালে, বিৰোধী দলৰ ফালৰ পৰা উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছে কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে৷ এআইইউডিএফে এই সন্দৰ্ভত মুখ খোলা নাই৷ অৱশ্যে মাজুলীত এআইইউডিএফৰ কোনো গণভিত্তিও নাই৷ ইফালে, ৰাজ্যসভাৰ দুখন আসন খালী হ’ব মে’ মাহত৷ উক্ত আসন দুখনৰ বিপৰীতে এপ্ৰিল মাহত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ উক্ত আসন দুখনৰ প্ৰাৰ্থীৰ নামৰ ক্ষেত্ৰতো কৌশলপূৰ্ণভাৱে নিৰৱে আছে বিজেপিৰ নেতৃত্ব৷ এখন আসন বিজেপি মিত্ৰজোঁটৰ হাতত থকাটো নিশ্চিত৷ আনখন আসনৰ বাবে বিৰোধীৰ মাজত কন্দল৷ পূৰ্বে কংগ্ৰেছক সমৰ্থন কৰি অহাৰ বিনিময়ত এইবাৰ এ আই ইউ ডি এফক সমৰ্থন দিয়াৰ দাবী কৰিছে৷ ইয়াক লৈ বিজেপি নেতৃত্বয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ কিন্তু দুয়োখন শাসনৰ বাবে নিজৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত চুপ বিজেপি নেতৃত্ব৷ অৱশ্যে ৰাজ্য সভাৰ এখন আসনৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰক্ষেপ কৰা হ’ব বুলি ব্যাপক চৰ্চা হৈছে৷

১২ ফেব্ৰুৱাৰীত বিজেপি প্ৰাৰ্থীৰ নাম 

আমাৰ অসমঃ ১২ ফেব্ৰুৱাৰীত মাজুলীৰ উপ-নিৰ্বাচনৰ সম্ভাব্য প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব ৰাজ্যিক বিজেপিয়ে৷ উক্ত দিনা কইনাধাৰত অনুষ্ঠিত হ’বলগীয়া এখন বৈঠকৰ পাছত মাজুলীৰ প্ৰাৰ্থীৰ নাম কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হ’ব৷ কালি নিশা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা এখন ‘সৌজন্যমূলক বৈঠক’ৰ পাছত নতুন দিল্লীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত এই কথা জানিবলৈ দিছে৷ ইপিনে কালি আবেলি নতুন দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীজনে যোৱা ২৪ ঘণ্টাত বিভিন্ন মন্ত্ৰী তথা কেন্দ্ৰীয় বিভাগৰ মুৰব্বীসকলৰ সৈতে কেইবালানি বৈঠকত মিলিত হয়৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ বক্তব্য— অসমত ৰাষ্ট্ৰীয় ঘাঁইপথ নিৰ্মাণৰ কাম বৰ লেহেমীয়া গতিত আগবাঢ়িছে৷ কেনেকৈ ৰাজ্যৰ ঘাইপথসমূহৰ কাম ত্বৰাি°«ত কৰিব পাৰি তাৰ বাবে তেওঁ আজি নেচনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্টাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্বনৰ [এন এইচ আই ডি চি এল] সঞ্চালকপ্ৰধান চঞ্চল কুমাৰৰ লগত এখন বৈঠকত মিলিত হয়৷ লক্ষণীয়ভাৱে নতুন দিল্লীৰ আছাম হাউছত অনুষ্ঠিত এই বৈঠকত বৰ্ডাৰ ৰোড অৰ্গানাইজেশ্বনৰ সঞ্চালকপ্ৰধান ৰাজীৱ চৌধুৰীও উপস্থিত থাকে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলত ৰাস্তা নিৰ্মাণকলৈ বৈঠকত আলোচনা হোৱা বুলি চৌধুৰীয়ে পাছত সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ আনহাতে, উক্ত বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সাংবাদিকৰ আগত কয় যে এয়া সঁচা কথা যে অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম অত্যন্ত মন্থৰগতিত চলি আছে৷ এন এইচ আই ডি চি এলৰ মেনেজিং ডিৰেক্টৰৰ লগত এই বিষয়ত আলোচনা কৰা হৈছে আৰু কেনেদৰে ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ নিৰ্মাণকাৰ্য ত্বৰাি°«ত কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হৈছে বুলি ড॰ শৰ্মাই সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ উল্লেখ্য যে, কালি আবেলিৰ ভাগত নতুন দিল্লীলৈ অহা মুখ্যমন্ত্ৰীজনে কালি নিশাৰ ভাগত কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে৷ বৈঠকখন সম্পূৰ্ণ সৌজন্যমূলক আছিল বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে শেহতীয়াকৈ তেওঁ বহুবাৰ দিল্লীলৈ আহিছে যদিও বিভিন্ন কাৰণত সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিব পৰা নাছিল৷ সেয়েহে তেওঁ এইবাৰ প্ৰথমতে তেওঁক সাক্ষাৎ কৰে৷ আনহাতে, মাজুলীৰ প্ৰাক্তন বিধায়ক হিচাপে সোণোৱালে পদত্যাগ কৰি কেন্দ্ৰীয় মন্ত্ৰী হোৱা হেতু মাজুলীৰ বাবে প্ৰয়োজন হৈ পৰা উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বকলৈ সোণোৱালৰ সৈতে কিবা আলোচনা হৈছে নেকি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ তেওঁ এৰাই চলাহে পৰিলক্ষিত হয়৷ তেওঁ কেৱল কয় যে ১২ ফেব্ৰুৱাৰীত কইনাধাৰত মাজুলীৰ প্ৰাৰ্থিত্বকলৈ ৰাজ্যিক পৰ্যায়ত এখন বৈঠক অনুষ্ঠিত হ’ব৷ উক্ত বৈঠকতেই ৰাজ্যিক বিজেপিৰ তৰফত মাজুলীৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে৷ সোণোৱালৰ উপৰি কালি নিশা মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় স্বাস্থ্য আৰু ৰসায়নমন্ত্ৰী মনছুখ মাণ্ডাভিয়াকো সাক্ষাত কৰে৷ মাণ্ডাভিয়াৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত ড॰ শৰ্মাই সাংবাদিকৰ আগত কয় যে, ক’ভিড সংক্ৰান্ত কিছু টকা অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া আছে৷ সেই সন্দৰ্ভত তেওঁ বিভাগীয় মন্ত্ৰীজনক অৱগত কৰে৷ লগতে ৰসায়নমন্ত্ৰী হিচাপে নামৰূপ সাৰ কাৰখানাৰ পুনৰুজ্জীৱীতকৰণ বিষয়তো মাণ্ডাভিয়াৰ সৈতে আলোচনা হোৱা বুলি মুখ্যমন্ত্ৰীজনে সাংবাদিকক জানিবলৈ দিয়ে৷ ইপিনে আজি তেওঁ কেন্দ্ৰীয় কয়লামন্ত্ৰী প্ৰ!াদ যোশীকো সাক্ষাৎ কৰিছে৷ মাৰ্ঘাৰিটাত ক’ল ইণ্ডিয়াকলৈ তেওঁ যোশীৰ সৈতে আলোচনা কৰা বুলি প্ৰকাশ কৰে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীজনে আজি পুৱাৰ ভাগত আছাম হাউছত ভাৰতীয় খাদ্য নিগমৰ অধ্যক্ষ সঞ্জীৱ কুমাৰৰ সৈতেও আন এখন বৈঠকত মিলিত হয়৷ খাদ্য নিগমৰ পৰা চাউল ক্ৰয় কৰাকলৈ বৈঠকত আলোচনা কৰা হৈছে বুলি ড॰ শৰ্মাই সাংবাদিকক জানিবলৈ দি কয় যে বৈঠকত কেন্দ্ৰীয় বাণিজ্য বিভাগৰ সচিব সুধাংশ পাণ্ডেও উপস্থিত আছিল৷ তদুপৰি, দিল্লী ভ্ৰমণৰ কালছোৱাত মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ বিজেপি সাংসদসকলৰ সৈতেও মত বিনিময় কৰা বুলি জানিবলৈ দিছে৷ ইপিনে চিৰাঙত সাংবাদিকক আৰক্ষীৰ আক্ৰমণ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড॰ শৰ্মাই কয় যে বিষয়টোৰ কথা তেওঁ শুনিছে৷ অসমলৈ গৈ তেওঁ সমগ্ৰ বিষয়টোৰ বুজ ল’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মণিপুৰ ভ্ৰমণলৈ যাব৷ আনহাতে, ত্ৰিপুৰাত শাসকীয় বিজেপি দলৰ দুই বিধায়কৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি  মুখ্যমন্ত্ৰীজনে কয় যে দুইজন বিধায়কৰ দল ত্যাগৰ ঘটনাই ৰাজ্যখনত বিজেপিৰ কোনো ক্ষতি নকৰে৷ ত্ৰিপুৰাত বিজেপি যথেষ্ট শক্তিশালী ৰূপত থকা বুলিও তেওঁ মন্তব্য কৰে৷

নিৰ্বাচনে আমূৱাইছে মাজুলীবাসীক/

আমাৰ অসমঃ প্ৰাৰ্থিত্বকলৈ অযথা ধন খৰচ নকৰি যিজন প্ৰাৰ্থীৰ পৰা কোনোধৰণৰ উপ-নিৰ্বাচনৰ সম্ভাৱনীয়তা নাথাকে তেনে এজন প্ৰাৰ্থীক দলীয় টিকত দিব লাগে বুলি মাজুলীৰ সচেতন ৰাইজে আহ৩ান জনাইছে৷ ২০১৪ লোকসভাৰ নিৰ্বাচনৰ পাছত ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বানন্দ সোণোৱালক অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব দি কেন্দ্ৰীয় মন্ত্ৰী সভাৰ পৰা আঁতৰাই আনে৷ উক্ত খালী আসনখনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰি প্ৰদান বৰুৱাক জয়যুক্ত কৰাকে ধৰি নিৰ্বাচনসমূহত অতিৰিক্ত ধন ব্যয় কৰাটো নিতান্তই অপব্যয় বুলি গণ্য কৰিব পাৰি৷ বৰ্তমান মাজুলী সমষ্টিত হ’ব লগা উপ-নিৰ্বাচনৰ সম্ভাব্য তালিকাত এজন সাংসদৰ নাম অন্তৰ্ভুক্ত হোৱাটো চৰ্চালৈ অহাত মাজুলীৰ ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে৷ যাৰ বাবে আৰn ¸এটা নিৰ্বাচনৰ বাবে সাজু হ’ব লাগিব নিৰ্বাচনী আয়োগ আৰু সৰ্বসাধাৰণ ৰাইজ৷ ২০১৬বিধানসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাইজে বিপুল আদৰণি জনায় জয়যুক্ত কৰাৰ পাছত মুখ্যমন্ত্ৰী হিচাপে মাজুলীৰ আমূল পৰিৱৰ্তন সধাৰ সোপান আৰম্ভণি ঘটিল যদিও দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰীৰ পদ এৰিবলগা হোৱাটো মাজুলীৰ বাবে চৰম দুুৰ্ভাগ্য বুলি বিবেচিত হ’ল৷ যি কাৰণতে নহওক সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পাছত উপ-নিৰ্বাচনৰ প্ৰস্তুতি চলিছে৷ যদিহে এই নিৰ্বাচনতো চৰ্চালৈ অহা সাংসদজনক প্ৰাৰ্থিত্ব প্ৰদান কৰে অহা ছমাহৰ ভিতৰত লখিমপুৰ সাংসদীয় সমষ্টিত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব৷ ক’ভিড মহামাৰীয়ে সমগ্ৰ দিশতে জুৰুলা কৰা ৰাজ্যখনত অতিৰিক্ত নিৰ্বাচনৰ বাবে ৰাজকোষৰ ধন খৰচ কৰাটো সচেতন ৰাইজে নিবিচাৰে৷ সেয়েহে প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টো কেৱল ৰাজনীতিৰ স্বাৰ্থতে আবদ্ধ নাৰাখি সামগ্ৰিক স্বাৰ্থৰ কথা ভবাৰ প্ৰয়োজন৷ আনহাতে, বিজেপি দলত একনিষ্ঠভাৱে কাম কৰি অহা থলুৱা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি শাসকীয় দলৰ কৰ্মী আৰু সচেতন ৰাইজৰ সৰহসংখ্যকে মতপোষণ কৰিছে৷ বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ মাজুলীবাসীয়ে আহ্বান জনাইছে৷