Logo
image

ৰাজ্যত যান-বাহনৰ সৰ্বোচ্ছ গতিবেগ ১০০ কিলোমিটাৰ

পথ-উপপথত গতিবেগ বান্ধি দিলে কেবিনেটে

আমাৰ অসম, ১১ফেব্ৰুৱাৰীঃ পুনৰ গতিবেগ নিয়ন্ত্ৰণত নামি পৰিল চৰকাৰ৷ কেইমাহমান পূৰ্বে অধিক গতিবেগত যান-বাহন চলাই আইন ভংগ কৰাৰ অপৰাধত জৰিমনাৰ বোজা জাপি দিয়া হৈছিল চালকৰ ওপৰত৷ সেই লৈ তীব্ৰ প্ৰতিক্ৰিয়া হোৱাত সাময়িকভাৱে চৰকাৰে যান-বাহনৰ গতিৰ ক্ষেত্ৰত আৰোপ কৰা নিয়ম উলংঘা কৰিলেও জৰিমনা বিহা বন্ধ ৰাখিছিল৷ তদুপৰি পৰিবহণ বিভাগে বলৱৎ কৰা যান-বাহনৰ গতিবিধি মানি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যাবলৈ হ’লে একোজন চালকক তিনি-চাৰি দিন সময়ৰ প্ৰয়োজন হ’ব বুলি অভিযোগ উঠিছিল৷ লগে লগে   মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ যান-বাহনৰ গতিৰ ক্ষেত্ৰত জৰিমনা বিহা সাময়িকভাৱে বন্ধ কৰি থৈছিল৷ এইবাৰ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৃহস্পতিবাৰে অনুষ্ঠিত অসম কেবিনেটত বাহনৰ গতিবেগ নিৰ্ধাৰণ কৰা, এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ জনতা ভৱনত অনুষ্ঠিত কেবিনেটে ‘অসম যান-বাহন নিয়মাৱলী, ২০০৩’ৰ নিয়ম ৯৫ অনুসৰি অসমৰ বিভিন্ন পথত বাহনৰ গতিবেগ নিৰ্ধাৰণ অধিসূচনা অনুমোদন জনায়৷ নতুন গতিবেগ নিৰ্ধাৰণ সন্দৰ্ভত ১৫ দিনৰ বাবে জনসাধাৰণৰ মতামত গ্ৰহণ কৰা হ’ব৷ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ৪ লেন যুক্ত পথত ব্যক্তিগত বাহনৰ ঘণ্টাত ১০০ কিলোমিটাৰ, ব্যৱসায়িক বাহনৰ ঘণ্টাত ৮০ কি. মি. [সৰ্বাধিক ৮জন যাত্ৰী], ব্যৱসায়িক বাহনৰ [ ৯জন বা তাতকৈ অধিক যাত্ৰী] ঘণ্টাত ৭০ কি. মি., মালবাহী বাহনৰ ঘণ্টাত ৬০ কি. মি., মটৰ চাইকেলৰ ঘণ্টাত ৬০ কি. মি. আৰু তিনিচকীয়া বাহনৰ ঘণ্টাত ৪০ কি.মি.৷ অন্য পথত ব্যক্তিগত বাহনৰ ঘণ্টাত ৭০ কি. মি. ব্যৱসায়ীক বাহনৰ [সৰ্বাধিক ৮ জন যাত্ৰী] ঘণ্টাত ৬০ কি. মি. ব্যৱসায়িক বাহন [৮জন বা তাতকৈ অধিক যাত্ৰী] ঘণ্টাত ৬০ কি. মি., মালবাহী বাহনৰ ঘণ্টাত ৫০ কি. মি. আৰু তিনিচকীয়া বাহনৰ ঘণ্টাত সৰ্বাধিক গতিবেগ ৪০ কি. মি., পৌৰ সীমাৰ অন্তৱৰ্তী পথত ব্যক্তিগত বাহনৰ ঘণ্টাত ৬০ কি. মি., ব্যৱসায়ীক বাহনৰ [সৰ্বাধিক ৮ জন যাত্ৰী] ঘণ্টাত ৫০ কি. মি., ব্যৱসায়িক বাহনৰ [৯জন বা ওপৰৰ যাত্ৰী] ঘণ্টাত ৪০ কি. মি. মালবাহী বাহনৰ ঘণ্টাত ৪০ কি. মি., মটৰ চাইকেলৰ ঘণ্টাত ৫০ কি. মি. আৰু  তিনিচকীয়া বাহনৰ সৰ্বাধিক গতি ঘণ্টাত ৪০ কি. মি.৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ বাবে সামগ্ৰিক কাৰ্য পৰিকল্পনাত অনুমোদন জনায় কেবিনেটে৷ প্লাষ্টিক আৱৰ্জনা ৰোধ কৰাৰ বাবে বিকল্প বিজ্ঞানসন্মত প্ৰণালী উদ্ভাৱনত গুৰুত্ব প্ৰদান কৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, উদ্যোগ আৰু বাণিজ্য বিভাগ, বিজ্ঞান আৰু  প্ৰযুক্তি বিভাগ, নগৰ উন্নয়ন বিভাগ আৰু পৰিৱেশ আৰু বন বিভাগে মিলি এই সংক্ৰান্তীয় ৰূপৰেখা প্ৰস্তুত কৰাত অনুমোদন জনোৱা হয়৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এবাৰ ব্যৱহাৰ্য প্লাষ্টিক ৰোধ পৰিকল্পনাৰ অধীনত নিষিদ্ধ হ’ব৷ সেই অনুসৰি ৩০ ছেপ্টেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হোৱাকৈ  ৭৫ মাইক্ৰ’নতকৈ কম ডাঠযুক্ত প্লাষ্টিকৰ মোনা আৰু ৩১ ডিচেম্বৰ, ২০২২১ পৰা কাৰ্যকৰী হোৱাকৈ ১২০ মাইক্ৰ’নতকৈ কম ডাঠযুক্ত মোনা নিষিদ্ধ হ’ব৷ প্লাষ্টিকৰ কাঠীযুক্ত য়াৰ বাড, বেলুত ব্যৱহৃত প্লাষ্টিকৰ কাঠী, প্লাষ্টিকৰ পতাকা, কেণ্ডি ষ্টিক, আইচক্ৰীম ষ্টিক, শোভাবৰ্ধনত ব্যৱহৃত পলিষ্টাইন [থাৰ্মক’ল] নিষিদ্ধ হ’ব৷ প্লেট, কাপ, গ্লাছ, ফৰ্ক, চামুচ, ষ্ট্ৰ, ট্ৰে’কে ধৰি আহাৰ গ্ৰহণত ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰী মিঠাইৰ বাকচ, নিমন্ত্ৰণী পত্ৰ, চিগাৰেটৰ পেকেট বন্ধা প্লাষ্টিক, ১০০ মাইক্ৰ’ন বা তাতোকৈ কম ডাঠযুক্ত প্লাষ্টিক অথবা পি ভি চি বেনাৰ নিষিদ্ধ৷ পৰিৱেশ সংৰক্ষণৰ বাবে অ-বনাঞ্চল আন্তঃগাঁথনি প্ৰকল্পৰ বাবে পুনৰ গছপুলি ৰোপণ নীতিত সংশোধনত অনুমোদন জনোৱা হয়৷ এতিয়াৰে পৰা সকলো পথ প্ৰকল্পত প্ৰতিজোপা কটা গছৰ বিপৰীতে ১০টি গছপুলি ৰোপণ কৰিব লাগিব৷ মাণ্ডলিক বন বিষয়াই [টেৰিটৰিয়েল] চাহিদা অনুপাতে অ-বনাঞ্চলত ১.১০ অনুপতত গছপুলি ৰোপণ প্ৰক্ৰিয়া চূড়ান্ত কৰিব লাগিব৷ থলুৱাৰ যুৱপ্ৰজন্ম স্বাৱলম্বিতাৰ উদ্দেশ্য ভূমিৰ বেদখল প্ৰতিহত আৰু স্থানীয় যুৱক-যুৱতীৰ স্বাৱলম্বনৰ বাবে শোণিতপুৰ জিলাৰ ন-দুৱাৰ ৰাজহ চক্ৰৰ অধীনত জামুগুৰিহাট আৰু পাশ্বৱৰ্তী অঞ্চলৰ যুৱক-যুৱতীৰে গঠিত ৪৪টা আত্মসহায়ক গোটলৈ ভূমি আৱণ্টন দিয়ে কেবিনেটে৷