গ্ৰেট খলিক লৈ পঞ্জাবত শক্তিবৰ্ধনৰ চেষ্টা বিজেপিৰ
আমাৰ অসম, ১১ফেব্ৰুৱাৰীঃ জোৰ পুৰি বৰলাৰ হাত পোৱাৰ পাছত বিতৰ্কিত ৩খন কৃষি আইন প্ৰত্যাহাৰ কৰি পঞ্জাবত বিজেপিৰ তেনে কোনো ৰাজনৈতিক লাভালাভ নহ’ল৷ সেয়া ভালদৰে উপলব্ধি কৰিছে এতিয়াৰ দেশৰ সৰ্ববৃহৎ আৰু সবাটোকৈ চহকী ৰাজনৈতিক দলটোৱে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পথ অৱৰোধৰ ফলত অসমাপ্ত পঞ্জাব ভ্ৰমণক লৈ বিজেপিয়ে নৰেন্দ্ৰ মোদীক হত্যা কৰাৰ ষড়যন্ত্ৰৰ অভিযোগৰ যি তত্ত্ব দেশজুৰি থিয় কৰাইছিল, সেই তত্ত্বও নিৰ্বাচনমুখী পঞ্জাবত থিয় নহ’ল৷ দেশৰ ৫ খন ৰাজ্যৰ সৈতে বিধানসভাৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰা পঞ্জাবত বিজেপি এতিয়াও আক্ষৰিত অৰ্থতে ৰাজ্যখনৰ ৰাজনীতিত শক্তিহীন৷ সেই শক্তি পূৰণ কৰিবলৈ এতিয়া বিজেপিয়ে আশ্ৰয় লৈছে ৭ফুট ৰ ইন্সি উচ্ছতা আৰু ৩৪৭ পাউণ্ড ওজনৰ দ্য গ্ৰেট খলিৰ৷ খলি ওৰফে দলীপ সিং ৰানাৰ দৈত্যকায় শৰীৰটোৰ ওপৰত ভৰ কৰি পঞ্জাবৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ বিজেপিয়ে বৃহস্পতিবাৰে ডব্লিউ ডব্লিউ ই-ৰ প্ৰাক্তন চেম্পিয়নজনক দলত যোগদান কৰোৱাইছে৷ বিশালকায় শৰীৰটোৰ বাহিৰে কোনো ৰাজনৈতিক জ্ঞান বুদ্ধি নথকা আৰু এল পি স্কুলৰ খ-শ্ৰেণী ফেইল কৰা গ্ৰেট খলিক লৈ বিজেপিৰ পঞ্জাবৰ ৰাজনৈতিক উচ্ছাকাংক্ষা দেখি দেশৰ অনেকেই তবধ মানিছে৷ অৱশ্যে, স্কুলৰ ২ টকা ৫০ পইচা মাচুল দিব নোৱাৰি দ্বিতীয় শ্ৰেণীতে শিক্ষা সাং কৰা গ্ৰেট খলি এতিয়া কোটিপতি আৰু তেওঁৰ ‘ফেন ফলৱিঙো’ নিচেই কম নহয়৷ অন্ততঃ পঞ্জাবৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে খলিক যিটো সমষ্টিত অৱতীৰ্ণ কৰিব, কোনো ‘আপচেট’ নঘটিলে তেওঁ বিজেপিক সেই আসনখন আনি দিবলৈ সক্ষম হ’ব৷ শিক্ষা-দীক্ষা, ৰাজনৈতিক জ্ঞান বুদ্ধি নাথাকিলেও বিজেপিয়ে অন্ততঃ ৭ ফুট ৰ ইন্সি উচ্ছতা আৰু ৩৪৭ পাউণ্ডৰ এজন এম এল এ পাব৷ পানীত পৰিলে খেৰ কুটা সাৱটি লোৱাৰ দৰে বিজেপিয়ে উপায়হীন হৈ পেশীৰ শক্তিকে সাৱতি ধৰিছে আৰু বৃহস্পতিবাৰে দ্য গ্ৰেট খলিক দললৈ আদৰি আনিছে৷ দ্য গ্ৰেট খলিয়ে বিজেপিৰ দিল্লীৰ সদৰ কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিংঙৰ উপস্থিতিত বৃহস্পতিবাৰে গেৰুৱা দলটোত যোগদান কৰে৷ বিজেপিয়ে যে এই দৈত্যকায় শৰীৰৰ গৰাকীৰ পৰা বহু ৰাজনৈতিক অভিলাষ পূৰণৰ সপোন দেখিছে সেয়া কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ বক্তব্যতে প্ৰকাশ পাইছে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে খলিক দললৈ আদৰি কয়– ‘দ্য গ্ৰেট খলিয়ে আমাৰ দলত যোগদান কৰাত সেয়া দেশৰ যুৱ সমাজ আৰু অন্যান্যৰ বাবে প্ৰেৰণাৰ কাৰণ হৈ পৰিব৷’ অৱশ্যে ‘ৱল্ডৰ্ ৰেষ্টলিং এণ্টাৰটেইনমেণ্ট’ৰ [ডব্লিউ ডব্লিউ ই] প্ৰাক্তন চেম্পিয়নজনক পঞ্জাবৰ নিৰ্বাচনত ক’ত, কেনেকৈ অৱতীৰ্ণ কৰোৱাব সেই বিষয়ে বিজেপিয়ে কোনো মন্তব্য কৰা নাই৷ ডব্লিউ ডব্লিউ ইৰ পৰা অৱসৰ লোৱা খলিয়ে কিদৰে বিজেপিৰ পঞ্জাবৰ ৰাজনৈতিক অভিলাষ পূৰণ কৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব৷