Logo
image

বিয়া, জন্মদিনত দেখা দিব মৃত পিতৃ-মাতৃয়েও

 জুকাৰবাৰ্গৰ মেটাভাৰ্ছে লৈ যাব এক অদ্ভুত কল্প-জগতলৈ

আমাৰ অসম, ১২ ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি অবিনশ্বৰ বুলি অভিহিত কৰো৷ কিন্তু বিগত অনেক প্ৰজন্মৰ কোনেও শংকৰদেৱৰ কায়িক ৰূপ দেখা নাই৷ মনৰ মাজত শংকৰদেৱৰ অৱয়ৱৰ এটা প্ৰতিচ্ছবি আছে আৰু তাকেই আমি জীৱন্ত বুলি কল্পনা কৰিব পাৰো৷ মূলতঃ তেওঁৰ সৃষ্টিসমূহৰবাবেই অবিনশ্বৰ বুলি ক’লেও কায়িক ৰূপ এটা কল্পনা কৰি আমি মহাপুৰুষজনৰ পাৰ্থিব ৰূপ এটা মনৰ মাজেৰে দেখি থাকো৷ ছ’চিয়েল মিডিয়াৰ চৰম উৎকৰ্ষৰ দিনত কাইলৈ যদি স্বয়ং মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰৰ  নাম-প্ৰসংগৰ মাজত বা অংকীয়া ভাওনা চলি থাকোতে আবিৰ্ভাৱ ঘটে, তেন্তে সেয়া আচৰিত ঘটনা যেন নহ’ব৷ সেয়া হ’ব ভাৰ্ছুৱেল ৰিয়েলিটী আৰু মহাপুৰুষজনৰ সম্পৰ্কত আমি অভিহিত কৰি অহা অবিনশ্বৰ ধাৰণাটো প্ৰকৃততে ‘ভাৰ্ছুৱেলী ৰিয়েল’ বুলি প্ৰতীয়মান হ’ব৷ সেইদৰে যিকোনো ব্যক্তিৰ বাবেই তেওঁৰ পৰিয়াল-পৰিজনৰ প্ৰয়াত সদস্যৰ ভাৱমূৰ্তি অবিনশ্বৰ হৈ পৰিব পাৰে৷ ভাৰ্ছুৱেল ৰিয়েলিটীত পাৰ্থিৱ আৰু অপাৰ্থিৱ বুলি থকা ধাৰণাটোৰ অৱলীলাক্ৰমে যিকোনো দিনাই অৱলুপ্তি ঘটিব পাৰে৷ প্ৰযুক্তিৰ অবিশ্বাস্য উন্নতিৰ দিনত এনে ঘটনা এতিয়া সম্ভৱ৷ অলপতে তামিলনাডুৰ এখন বিয়াত কেতিয়াবাই স্বৰ্গগত হোৱা পিতৃ-মাতৃয়ে নিজৰ কন্যা আৰু জোঁৱাইক আশীৰ্বাদ দি চাঞ্চল্যৰ লগতে ভাৰ্ছুৱেল পৃথিৱীৰ নৱতম, অবিশ্বাস্য ৰূপ প্ৰকাশ কৰিলে৷ সেই ঘটনা সম্ভৱ হ’ল মেটাভাৰ্ছৰ জৰিয়তে৷ মেটাভাৰ্ছ কি, সেয়া সম্ভৱতঃ এতিয়া ফেচবুক ব্যৱহাৰ কৰি থকা সকলক বেছিকৈ বুজাব নালাগে৷ কিয়নো মাৰ্ক জুকাৰবাৰ্গৰ ফেচবুকে কেইমাহমান পূৰ্বে মেটাভাৰ্ছ নাম লৈ নতুন ৰূপ গ্ৰহণ কৰাৰ বিষয়ে সকলোৱে জানে৷ অন্ততঃ ফেচবুক খোলাৰ লগে লগে এতিয়া মেটা বুলি এটা নতুন শব্দ আৰু প্ৰতীক চিহ্ন ওলাই পৰা  সকলোৱেই দেখিছে৷ এই মেটা বা মেটাভাৰ্ছৰ ব্যৱহাৰ কি আৰু তাৰ কাম কি সেয়া এতিয়াই সকলো ফেচবুক ব্যৱহাৰকাৰীয়ে বুজি উঠিব পৰা নাই৷ অহা ছমাহ-এবছৰৰ ভিতৰত ফেচবুক ব্যৱহাৰকাৰীয়ে মেটাভাৰ্ছ কি সেয়া পাতপাতকৈ বুজি পাব আৰু মেটাভাৰ্ছৰ জৰিয়তে অৱলীলাক্ৰমে ভাৰ্ছুৱেল ৰিয়েলিটীৰ জগতত প্ৰৱেশ কৰিব৷ য’ত মৃত পিতৃ-মাতৃয়ে বিবাহ-জন্মদিনত পুত্ৰ-কন্যাক আশীৰ্বাদ কৰা বা আন পৰলোকগত লোকে দেখা দিয়াটো সহজাত ঘটনাত পৰিণত হ’ব৷

এতিয়াৰ পৰা ৩০ বছৰ পূৰ্বে ১৯৯২ চনত নীল ষ্টিফেনছন নামে এজন লিখকে তেওঁৰ গ্ৰন্থ ‘স্ন’ ক্ৰাছ’ত প্ৰথমবাৰৰ বাবে মেটাভাৰ্ছৰ বিষয়ে উল্লেখ কৰিছিল৷ সেয়া আছিল কল্পকাহিনীৰ দৰে বা বহুতৰ বাবে আছিল ফেণ্টাচিসদৃশ, ঠিক জে কে ৰাউলিঙৰ ‘হেৰী পটাৰ’ৰ ফেণ্টাচিৰ দৰে৷ সেই গ্ৰন্থত নীল ষ্টিফেনছনে মেটাভাৰ্ছৰ জৰিয়তে এখন ত্ৰিমাত্ৰিক ভাৰ্ছুৱেল পৃথিৱীৰ বিষয়ে উল্লেখ কৰিছিল৷ তেওঁ এই পৃথিৱীক অভিহিত কৰিছিল ‘থ্ৰি ডাইমেনচনেল ৱল্ডৰ্’ বুলি৷ বিগত বছৰৰ ২৮ অক্টোবৰত ফেচবুকৰ স্বত্ত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে তেওঁৰ জনপ্ৰিয় ছ’চিয়েল মিডিয়া মঞ্চটোৰ নাম সলনি কৰি মেটা বা মেটাভাৰ্ছ হিচাপে ঘোষণা কৰে৷ এই মেটাভাৰ্ছ হৈছে এনে এখন ভাছুৰ্ৱেল পৃথিৱী, য’তৰিয়েলিটী, ভাৰ্ছুৱেল ৰিয়েলিটী, হল’গ্ৰামৰ থ্ৰি-ডি অৱতাৰ, ভিডিঅ’ আৰু জনসংযোগৰ মিলন ঘটোৱা হৈছে৷ এই দুনিয়াত যিকোনো লোকেই যোগদান কৰিব পাৰে৷ কোনোবাই ইচ্ছা কৰিলে ভাছুৰ্ৱেল পৃথিৱীৰ দেশ-বিদেশ ঘূৰি আহিব পাৰে৷ ভাৰ্ছুৱেল শিল্পকলা তৈয়াৰ কৰিব পাৰে, ভাৰ্ছুৱেল শ্ব’পিঙো কৰিব পাৰে৷ আনকি এই মেটাভাৰ্ছৰ জৰিয়তে মাটি কিনা-বেচাও কৰিব পাৰে৷ হাতত ধন থাকিলে  অনেকেই তাত বিনিয়োগো কৰিব পাৰে৷ এই মেটাভাৰ্ছ কিদৰে ব্যৱহাৰ কৰা হয়? মেটাভাৰ্ছত ব্যৱহাৰকাৰীৰ প্ৰত্যেকৰ বাবে একোটাকৈ ভাৰ্ছুৱেল থ্ৰি-ডি ৰূপ তৈয়াৰ কৰা হয়৷ সেই ভাৰ্ছুৱেল ৰূপটোৱে পৃথিৱীৰ বাস্তৱ মানুহজনক ভাৰ্ছুৱেল পৃথিৱীত প্ৰতিনিধিত্ব কৰে৷ এই থ্ৰি-ডি ৰূপটোৰ সৈতে মেটাভাৰ্ছৰ ভাৰ্ছুৱেল ক্ষেত্ৰৰ জৰিয়তে সংযোগ তৈয়াৰ কৰা হয় বাস্তৱৰ ব্যৱহাৰকাৰীৰ সৈতে৷ সেই দুনিয়াত তেওঁৰ উপৰি আৰু আন মানুহো থাকিব,কিন্তু সকলোৱেই ভাৰ্ছুৱেল৷ সেই ভাৰ্ছুৱেল দুনিয়াত ভাৰ্ছুৱেল ৰূপটোৰেই ইজনে সিজনৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব, কথা পাতিব, আড্ডা মাৰিব আৰু কত কি!

ক’ভিডৰ অতিমাৰীৰ পৰিস্থিতিৰ পাছত ঘোকোট গাঁৱৰ লোকেও এতিয়া ৱৰ্ক ফ্ৰম হ’ম, ভাৰ্ছুৱেল মিটিং ইত্যাদি ভালদৰে শিকি-বুজি লৈছে৷ দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ভাৰ্ছুৱেল বৈঠকত জকাইচুকৰ যদু মধুৱে আজিকালি ভাগ লয়৷ সেয়ে ভাৰ্ছুৱেল বৈঠক কি সেয়া কাকো এতিয়া আৰু চকুত আঙুলি থৈ বুজাব নালাগে৷ যিদৰে হাতত প্ৰযুক্তি থকা এজন ব্যক্তিয়ে এনেদৰে এঠাইৰ পৰা ভাৰ্ছুৱেল বৈঠক কৰে, ঠিক সেইদৰে ফেচবুক বা ফেচবুকৰ নতুন অৱতাৰ মেটাভাৰ্ছৰ জৰিয়তে এতিয়াৰ পৰা গাঁৱৰ যদু মধুৱেও ভাৰ্ছুৱেল ৰিয়েলিটীৰ দুনিয়াত অন্তৰ্ভুক্ত হ’ব পাৰিব, উটি-ভাঁহি ফুৰিব পাৰিব৷ ভাৰ্ছুৱেল ৰিয়েলিটীৰ সেই ৰূপ ইমানদিনে দেখিছিল ভিডিঅ’ গেমত অভ্যস্ত ব্যক্তিয়ে৷ ভিডিঅ’ গেমত যিদৰে খেলোতাই কম্পিউটাৰৰ পৰ্দাত ভাৰ্ছুৱেল দুনিয়াত অংশগ্ৰহণ কৰে সেই একে পৰিৱেশত এতিয়াৰ পৰা মেটাভাৰ্ছৰ জৰিয়তে সাধাৰণ লোকেও ভাৰ্ছুৱেল পৃথিৱীত প্ৰৱেশ কৰি ভাৰ্ছুৱেল মাধ্যমেৰে যিকোনো কাম সম্পন্ন কৰিব পাৰিব৷ এনে ব্যৱহাৰকাৰীৰ বাবে সেই ভাৰ্ছুৱেল পৃথিৱীখন হৈ পৰিব বাস্তৱ পৃথিৱীখনৰ সমান্তৰাল এখন জগত৷ যিখন জগতৰ জৰিয়তে তামিলনাডুৰ দীনেশ এছ পি আৰু জনগা নন্দিনীয়ে কেতিয়াবাই পৃথিৱী এৰি আঁতৰি গ’লেও নিজৰ কন্যাৰ বিয়াত কন্যা আৰু জোঁৱাইক আশীৰ্বাদ কৰিবলৈ সক্ষম হৈছিল৷  মেটাভাৰ্ছৰ জৰিয়তে মৃত এই দুই ব্যক্তি পৃথিৱীলৈ উভতি আহিছিল৷ সেয়া বাস্তৱ ঘটনা নাছিল, আছিল ভাৰ্ছুৱেল ঘটনাহে৷ 

অলপতে ফেচবুকে হৰাইজন ৱৰ্কৰুম নামে এটা ছফ্‌টৱেৰ মুকলি কৰিছে৷ ইয়াৰ জৰিয়তে যিকোনো সংস্থাই মেটাভাৰ্ছত ভাছুৰ্ৱেল বৈঠক অনুষ্ঠিত কৰিব পাৰে, ভাৰ্ছুৱেল মাধ্যমেৰে যিকোনো কাম-কাজ সম্পন্ন কৰিব পাৰে৷ ব্যৱহাৰকাৰীয়ে এই ছফ্‌টৱেৰৰ জৰিয়তে পৃথিৱীৰ অত্যাধুনিক প্ৰযুক্তি উপভোগ কৰিব পাৰে৷ ক’ভিড অতিমাৰীৰ ফলত বিশ্বজুৰি ম’বাইলৰ ব্যৱহাৰ বাঢ়ি গৈছে আৰু সকলোৱে কম-বেছি পৰিমাণে ম’বাইলৰ জৰিয়তে দৈনন্দিন জীৱনৰ কাম-কাজ সম্পন্ন কৰাত অভ্যস্ত হৈ পৰিছে৷ এনে পৰিস্থিতিত ফেচবুকে আৰম্ভ কৰা মেটাভাৰ্ছ ব্যৱহাৰকাৰীও কম দিনৰ ভিতৰতে ফেচবুক ব্যৱহাৰকাৰীৰ দৰে অবিশ্বাস্য গতিত বাঢ়িব বুলি ধাৰণা কৰা হৈছে৷ কোৱা হৈছে মেটাভাৰ্ছৰ সকলো সুবিধা সম্পূৰ্ণভাৱে লাভ কৰিবৰ বাবে পাঁচবছৰমান অপেক্ষা কৰিব লাগিব৷ কিন্তু মেটাভাৰ্ছৰ প্ৰাৰম্ভিক দুনিয়া আৰম্ভ হ’ব অচিৰেই৷ বিশেষজ্ঞৰ ধাৰণা, ইণ্টাৰনেটৰ দুনিয়াত মাৰ্ক জুকাৰবাৰ্গৰ মেটাভাৰ্ছে বিপ্লৱৰ জোৱাৰ তুলিব৷ মেটাভাৰ্ছৰ সূচনাৰ লগে লগে ফেচবুক বা তাৰ নতুন অৱতাৰ মেটাভাৰ্ছৰ বজাৰ মূল্য হৈ পৰিব ৫৯ হাজাৰ কোটি টকা৷ সেই ভাৰ্ছুৱেল দুনিয়াৰ সূচনা লৈ আৰু বেছি দিন বাকী নাই৷