Logo
image

ভূপেন বৰাক লৈ হাঁহি-খিকিন্দালিত ব্যস্ত বিজেপি

আমাৰ অসম, ১২ ফেব্ৰুৱাৰীঃ সন্মুখত ৰাজ্যসভাৰ নিৰ্বাচন৷ পৌৰ নিকায়-নিগমকে নিৰ্বাচন সমাগত৷ দলৰ সাংগঠনিক স্থিতিও তথৈবচ৷ কিন্তু ইয়াৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ব্যস্ত কবিতা, গান আদিক লৈ৷ তাৰ ফলত মূল প্ৰতিদ্বন্দ্বী দলৰ নেতাজন ভয়-সমীহৰ কাৰণ হোৱাৰ বিপৰীতে হাঁহি-ইতিকিঙৰহে পাত্ৰ হৈ পৰিছে শাসনাধিস্থ দলৰ কাৰণে৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব আৰু নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই আজি পুনৰ ভূপেন বৰাক কটাক্ষ কৰি কয়–  ভূপেন বৰাক কমেডি অনুষ্ঠানৰ ঘোষক হিচাপে টিভিবিলাকে মাতিব পাৰে৷ তেতিয়া তেওঁ অসমৰ মানুহক হহুৱাই থাকিব পাৰিব৷ ৰাজনীতিত তেওঁৰ আৰু নহ’ব৷ ইতিমধ্যে কথাটো বুজি পোৱা গৈছে৷ তেওঁ চেষ্টাও কৰা নাই৷ ৰাজনীতি কৰা মানুহ  এতিয়া পৌৰ নিৰ্বাচনক লৈ ব্যস্ত৷ তেওঁ সেইবিলাক বাদ দি গান কবিতাক লৈহে ব্যস্ত৷ অসমৰ টিভি চেনেল এটাই তেওংক শীঘ্ৰে মাতক কমেডিত শ্বোৰ ঘোষক হিচাপে৷ উল্লেখ্য যে  প্ৰদেশ কংগ্ৰেছবþ সভাপতি ভূপেন  বৰাই ৰচনা কৰা বিহুসুৰীয়া গীত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ  দ্বাৰা গোৱাৰ আশা ব্যস্ত কৰিছিল৷ কিন্তু জুবিন গাৰ্গ আজি ভূপেন বৰাৰ আশাত চেচা পানী ঢালি কয়– ৰাজনৈতিক দলৰ গান মই নাগাওঁ৷ ব্যক্তিগতভাৱে কোনোবাই গান গাব দিলে বেলেগ কথাþ৷ প্ৰেমৰ গান কোনোবা লিখিছে৷ গাম৷ আনহাতে, কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলে ভূপেন বৰাক অম্বিকাগীৰি ৰয়চৌধুৰী, বিষ্ণুৰাভাৰ লগত ৰিজাইলে কয় যে এইসকল লোকে কৰা কাম ভূপেন বৰাই কৰি আছে৷ ভূপেন বৰাৰ কবিতাই অসমীয়া জাতিক জগাই তুলিছে৷ আনহাতে,  মন্ত্ৰী পীয়ূষ হাজৰিকাই কটাক্ষ কৰি কয়– ভূপেন বৰাৰ মানসিক দৈন্যতা আছে৷ ভাল কাম কৰি বাতৰিৰ শিৰোনাম দখল কৰিব নোৱাৰ৷ কমেডি কৰি কপিল শৰ্মাৰ শ্বো কৰি আছে তেওঁ৷ জলী লিভাৰৰ দৰে হৈছে তেওঁ৷ এনেদৰে মুখ চুপতি চলি কৰে মাজতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয়– কবিৰ কবিতাক কেতিয়াও বাধা দি ৰাখিব নোৱাৰে৷