Logo
image

বাৰে বাৰে পঞ্জিকাৰ ভুল হয়, মানুহে পাহৰি যায়

.. জ্যোতিষীৰ ভণ্ডামী যুগ যুগ ধৰি চলি আহিছে, তথাপি মানুহে এইসকলৰ  ফান্দত ভৰি দি সৰ্বস্বান্ত হোৱাৰ ঘটনা ঘটিয়েই আছে৷ এই জ্যোতিষীসকলৰ কথামতে দিন, সপ্তাহ, মাহ, বছৰপৰ্যন্ত অমূল্য সময় নষ্ট কৰি অসমীয়া মানুহে জীৱনৰ পথত পিছুৱাই থাকিব লগা হোৱা কথাটো আমি সকলোৱে জানো৷ এইসকলৰ পৰামৰ্শ মতে আঙঠি, পাত্থৰ পৰিধান কৰা, নাম-জপ-যজ্ঞ-পূজা-পাতাল কৰা, পশু-পক্ষী বলি দি একো কাম নকৰাকৈ উন্নতিৰ বাবে আশা পালি জীৱনৰ বহুমূলীয়া সময় নষ্ট কৰা মানুহৰ আমাৰ সমাজত অভাৱ নাই ...

ভাৰতৰ দৰিদ্ৰতাৰ মূল কাৰণ  কি বুলি ভাবে? আমাৰ মতে, জ্যোতিষ আৰু ধৰ্ম, এই দুটা হ’ল ভাৰতীয় মানুহৰ দৰিদ্ৰতাৰ মূল কাৰণ৷ অলপতে অসমীয়া পঞ্জিকা ‘কালপুৰুষ’ৰ উদ্যোক্তাসকলে অসম আৰু ভাৰতৰ আগন্তুক বৰ্ষৰ ভৱিষ্যৎ সম্পৰ্কে কৰা কেইটামান ভৱিষ্যদ্বাণীক লৈ সংবাদ মাধ্যমত কিছু চৰ্চা, আলোচনা-বিলোচনা হৈছে৷ এই পঞ্জিকাৰ উদ্যোক্তাসকলে নতুন বছৰৰ আৰম্ভণিতে প্ৰতিবছৰে তেনেদৰে কিছুমান ভৱিষ্যদ্বাণী কৰে৷ দৰাচলতে তাৰ জৰিয়তে তেওঁলোকে নিজৰ পঞ্জিকাৰ প্ৰচাৰ কৰে, যাতে তেওঁলোকৰ পঞ্জিকা অধিকসংখ্যাত বিক্ৰী কৰি ধন ঘটিব পাৰে নতুবা তেওঁলোকক মূধাফুটা জ্যোতিষী বুলি¸ জ্ঞান কৰি মানুহে নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ নামত তেওঁলোকৰ পৰা মোটা দামত শিল, পাত্থৰ কিনে৷ তেওঁলোকে যিবিলাক ভৱিষ্যদ্বাণী কৰে, তাৰ কেইটা সত্য হয় আৰু কেইটা মিছা হয়, তাৰ হিচাপ কোনেও নাৰাখে, কাজেই প্ৰতিবছৰে তেওঁলোকে সঁচা-মিছা ভৱিষ্যদ্বাণী কৰি নিজৰ ব্যৱসায় টনকিয়াল কৰাৰ সুবিধা লাভ কৰি আহিছে৷ প্ৰশ্ন হয়, এই জ্যোতিষীসকলে সমাজ আৰু ৰাষ্ট˜ৰ যিমান অন্যায় কৰি আছে, তাৰ হিচাপ কোনে ল’ব? 

মানৱ জাতিৰ আটাইতকৈ ডাঙৰ শSn হৈছে ভয় আৰু লোভ৷ এই দুটাকে সাৰথি কৰি যুগ যুগ এচাম লোকে  শোষণ-লুণ্ঠন কৰি আহিছে৷ তাৰে আটাইতকৈ লাভৱান হোৱা দুটা গোষ্ঠী হ’ল জ্যোতিষী আৰু ধৰ্মগুৰু৷ এওঁলোকে মানুহক ভাল ভৱিষ্যতৰ লোভ নতুবা বেয়া ভৱিষ্যতৰ ভয় দেখুৱাই নানাপ্ৰকাৰে শোষণ আৰু লুণ্ঠন কৰে৷ সাধাৰণ মানুহৰ কথাতো বাদেই, খোদ দেশৰ বৰমূৰীয়া নেতাসকলেও তেওঁলোকৰ শ্ৰীচৰণত নত হৈ নিজকে ধন্য মানে৷ কাজেই ৰাজনৈতিক সমৰ্থন লাভ কৰি ধৰ্মগুৰু আৰু জ্যোতিষীসকলে যুগ যুগ ধৰি সমাজত নিজৰ প্ৰতিপত্তি অটুট ৰখাৰ লগতে অজস্ৰ সম্পত্তি আহৰণ কৰিবলৈ সমৰ্থ হৈছে৷

কালপুৰুষ পঞ্জিকাৰ ভৱিষ্যদ্বাণীৰ কথাই উল্লেখ কৰিব খোজোঁ৷ ২০১৪ চনৰ ২৫ মাৰ্চত  অসমৰ প্ৰায়বোৰ কাকততে এই কালপুৰুষ পঞ্জিকাত নিচেই কম দিনত কংগ্ৰেছ নেতা ভুবনেশ্বৰ কলিতাৰ কপাল ফুলা আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২৩ আগষ্ট ২০১৪১ পূৰ্বে পদত্যাগ কৰিবলৈ বাধ্য হ’ব বুলি ভৱিষ্যদ্বাণী কৰাৰ বাতৰি প্ৰকাশ হৈছিল৷ লগতে কালপুৰুষে কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ দুৰ্ঘটনাৰ যোগ থকা বুলিও ভৱিষ্যদ্বাণী কৰিছিল৷ কিন্তু কালপুৰুষৰ দুৰ্ভাগ্যক্ৰমে তৰুণ গগৈয়ে নিজৰ তৃতীয় কাৰ্যকাল সম্পূৰ্ণ কৰি অসমৰ দীৰ্ঘদিন শাসন চলোৱা মুখ্যমন্ত্ৰীৰূপে কীতিৰ্হে স্থাপন কৰা দেখা গ’ল৷ কালপুৰুষে ঘোষণা কৰাৰ দৰে কংগ্ৰেছ নেতা ভুবনেশ্বৰ কলিতাৰো কপাল নুফুলিল আৰু তৰুণ গগৈৰ গাদী দখল কৰা তেওঁৰ সপোন আজিলৈ ফলৱতী নহ’ল৷ ৰাহুল গান্ধীৰ দুৰ্ঘটনাৰ যোগটোও নিমিলিল৷ ৰাজনৈতিক নেতা সম্পৰ্কে সঁচা-মিছা ভৱিষ্যদ্বাণী কৰি চাঞ্চল্য সৃষ্টিৰে নিজৰ টেঙা আম বজাৰত ভাল দামত বিক্ৰীৰ কায়দা জ্যোতিষীসকলৰ পৰা শিকিব পৰা যায়৷

আমাৰ যদু-মধুসকলৰ কথা বাদ দিয়ক, ভাৰতৰ মূধাফুটা জ্যোতিষীসকলেও  মানুহক বুৰ্বক বনাই আহিছে, তাৰ দুটামান উদাহৰণ দাঙি ধৰিব খুজিছোঁ৷

আমি সকলোৱে জানো যে অযোধ্যাত বিশ্বৰ সৰ্ববৃহৎ ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য চলি আছে৷ এই মন্দিৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভৰ বাবে ভাৰতৰ নামজ্বলা জ্যোতিষীসকলে মিলি এক সৰ্বশ্ৰেষ্ঠ মুহূতৰ্ উলিয়াইছিল৷ সেই মতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ প্ত আগষ্টত ভূমি পূজনেৰে মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল৷ মন্দিৰ নিৰ্মাণ কমিটীয়ে ইতিমধ্যে মন্দিৰৰ নক্সা প্ৰস্তুত কৰি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল৷ উক্ত নক্সা পৰ্যবেক্ষণ কৰি আমি নিশ্চিত হৈছিলোঁ যে উক্ত নক্সাত বাস্তুৰ নিয়মানুযায়ী ভীষণ দোষ আছে আৰু সেই আৰ্হিৰে মন্দিৰ নিৰ্মাণ কৰাৰ দিহা কৰিলে মন্দিৰ নিৰ্মাণত বহু বাধাৰ সৃষ্টি হ’ব৷ কথাটো নিশ্চিত হোৱাৰ পাছত আমি এই সম্পৰ্কে ৰাম মন্দিৰ নিৰ্মাণ কমিটী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখি বাস্তুদোষযুক্ত মন্দিৰ নিৰ্মাণৰ বিৰুদ্ধে সাৱধানবাণী শুনাইছিলোঁ৷ কিন্তু তেওঁলোকে আমাৰ কথাত গুৰুত্ব নিদিলে৷

ভাৰতৰ মূৰ্ধণ্য জ্যোতিষীসকলে নিৰ্ধাৰণ কৰি দিয়া সৰ্বশ্ৰেষ্ঠ মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ লগে লগে মন্দিৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈ গ’ল৷ মন্দিৰ নিৰ্মাণ হ’বলগীয়া সৰ্বমুঠ ১২০০ খুঁটাৰ প্ৰথমে ৩টা খুঁটা ঢালাই কৰা হ’ল৷ কিছুদিনৰ বিৰতিৰ পাছত পৰ্যবেক্ষণ কৰাত উক্ত তিনিওটা খুঁটা মাটিৰ তলত বহি যোৱা দেখা গ’ল৷ যি ভূমিয়ে ৩টা খুঁটাৰ বোজা সহ্য কৰিব পৰা নাই, সেই ভূখণ্ডত ১,২০০টা খুঁটাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিলে মন্দিৰ সুৰক্ষিত নহ’ব বুলি অভিযন্তাসকল নিশ্চিত হোৱাত ৰামমন্দিৰ নিৰ্মাণৰ আঁচনি ফ্লপ হৈ গ’ল আৰু নতুনকৈ আঁচনি প্ৰস্তুত কৰিব লগা হ’ল৷ দেশৰ আগশাৰীৰ অভিযন্তাসকলে প্ৰস্তুত কৰা এই আঁচনি অনুযায়ী সমগ্ৰ এলেকাটো ৫০ ফুট তললৈ খান্দি সম্পূৰ্ণ কংক্ৰিটৰ স্থাপনা নিৰ্মাণ কৰি তাৰ ওপৰত মন্দিৰ নিৰ্মাণৰ আঁচনি প্ৰস্তুত কৰা হ’ল৷ পূৰ্বে প্ৰস্তুত কৰা আঁচনি মতে মন্দিৰ নিৰ্মাণত সৰ্বমুঠ ৩০০ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু নতুন আঁচনি মতে সৰ্বমুঠ ১২০০ কোটি টকা ব্যয় পৰিব৷ দেশৰ মূধাফুটা জ্যোতিষীসকলে নিৰ্ধাৰণ কৰি দিয়া সৰ্বশ্ৰেষ্ঠ মুহূৰ্তত আধাৰশিলা স্থাপনৰ পাছত ৰাম মন্দিৰ নিৰ্মাণত খোকোজা লগাৰ কোনো কাৰণেই থাকিব নালাগিছিল৷ কিন্তু শুভ মুহূৰ্ত আৰ ভগৱান ৰামচন্দ্ৰৰ আশীৰ্বাদে একো কাম নিদিলে আৰু ৩০০ কোটি টকীয়া আঁচনি পৰিহাৰ কৰি ১২০০ কোটি টকীয়া আঁচনি কৰিব লগা হ’ল৷ তাৰপাছতে ওলাল ভূমি কেলেংকাৰী৷ ২ কোটি টকাত ক্ৰয় কৰা ভূমি একেদিনাই ১৮ কোটি টকাত ক্ৰয় কৰা বুলি দেখুওৱা কথাটো ৰাজহুৱা হৈ পৰাৰ পাছত ৰাম মন্দিৰ নিৰ্মাণ কমিটী শ’লঠেকত পৰিব লগা হয়৷ তাৰপাছত একাংশ সাধু-সন্যাসীয়েও মন্দিৰ নিৰ্মাণ কমিটীৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰাত বিবাদৰ সৃষ্টি হয়৷ এনেদৰে ৰাম মন্দিৰ নিৰ্মাণৰ কামত বিভিন্ন  সমস্যাই দেখা দিছে৷এয়া হ’ল দেশৰ মূৰ্ধণ্য জ্যোতিষীসকলে উলিওৱা সৰ্বশ্ৰেষ্ঠ মুহূৰ্তৰ ফলাফল৷ 

এইবাৰ আন এজন মূৰ্ধণ্য জ্যোতিষীৰ কথা অৱগত কৰিব খুজিছোঁ৷ সেইজন হ’ল দেশ-বিদেশত নাম থকা জ্যোতিষী প্ৰয়াত বেজান দাৰুৱালা৷ ২০১০ চনত ভাৰত চৰকাৰে ভাৰতীয় মুদ্ৰাৰ নতুন প্ৰতীক গৃহিত কৰাৰ পাছত আমি উক্ত প্ৰতীকটোত বাস্তু দোষ থকাৰ কথা জানিব পাৰি নিশ্চিত হৈছিলোঁ যে উক্ত টকাৰ প্ৰতীকটোৱে দেশৰ অৰ্থনীতিৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ লগতে টকাৰ মান অৱনমিত কৰিব৷ আমি তৎকালীন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিংলৈ চিঠি লিখি সমগ্ৰ বিষয়টো জনালোঁ আৰু দেশৰ অৰ্থনীতি সুস্থিৰ কৰাৰ বাবে টকাৰ প্ৰতীকটোৰ বাস্তু দোষ সংশোধনৰ বাবে অনুৰোধ জনালোঁ৷ আমাৰ ভৱিষ্যদ্বাণী সম্পক¹য় দেশৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হ’ল৷ এই সন্দৰ্ভত Banglore Mirrorৰ সাংবাদিেক টকাৰ প্ৰতীকটোত বাস্তু দোষ থকাৰ বাবে দেশৰ অৰ্থনীতি নিম্নগামী হ’ব বুলি ভৱিষ্যদ্বাণী কৰাৰ বিষয়ে উল্লেখ কৰি মন্তব্য বিচৰাত জ্যোতিষী বেজান দাৰুৱালাইএইবিলাক অবান্তৰ কথা বুলি কোৱাৰ লগতে দেশৰ গ্ৰহদশা বেয়া চলি থকাৰ বাবেহে দেশৰ অৰ্থনীতি নিম্নগামী হোৱা বুলি কয়৷ তেওঁ লগতে ৬ মাহ পাছত দেশৰ গ্ৰহ দশাৰ পৰিৱৰ্তন হ’ব বুলি দাবী কৰি তাৰপাছতে ভাৰত  বিশ্বৰ এক নম্বৰ অৰ্থনীতি হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল৷ এয়া ২০১১ চনৰ কথা৷ বিগত ১১ বছৰত দেশৰ অৰ্থনীতি ৰসাতলে যোৱাৰ লগতে আমেৰিকান ডলাৰৰ তুলনাত টকাৰ মূল্যও যথেষ্ট নিম্নগামী হোৱা কথাটো আমি সকলোৱে জানো৷ দাৰুৱালাই দাবী কৰা মতে ৬ মাহ নহয় ১১ বছৰ অতিক্ৰম কৰা সত্ত্বেও দেশৰ অৰ্থনৈতিক অৱস্থাৰ আজিলৈ কোনো উন্নতি হোৱা পৰিলক্ষিত হোৱা নাই৷ ইতিমধ্যে দাৰুৱালাই ইহ সংসাৰৰ পৰাও বিদায় ল’লে৷ দেশৰ মূধাফুটা জ্যোতিষীসকলে যদি এনেদৰে গোকাট মিছা কথাৰে সংবাদ মাধ্যমকো বিপথে পৰিচালিত কৰিব পাৰে, তেন্তে সাধাৰণ মানুহনো কোন কুটা?

২৪ ফেব্ৰুৱাৰী ২০১৪ত দেশৰ অধিকসংখ্যক কাকতত অল ইণ্ডিয়া এষ্ট˜’লজাৰ্ছ ফেডাৰেশ্বনৰ সভাপতি মোহন পেটেলৰ ভৱিষ্যদ্বাণী প্ৰকাশ হৈছিল; য’ত কোৱা হৈছিল যে গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন আধৰুৱা হৈ ৰ’ব, কিয়নো দেশৰ কুণ্ডলী অনুসৰি কোনো মহিলা বা বয়োজ্যেষ্ঠ ব্যক্তিয়ে দেশৰ পৰৱত¹ প্ৰধানমন্ত্ৰী হ’ব৷ পেটেলৰ ভৱিষ্যদ্বাণী নস্যাৎ কৰি নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাই নহয় প্ত বছৰীয়া কাৰ্যকাল পূৰ্ণ কৰি পুনৰ প্ৰধানমন্ত্ৰী হ’বলৈ সক্ষম হৈছে৷ অল ইণ্ডিয়া এষ্ট˜’লজাৰ্ছ ফেডাৰেশ্বনৰ সভাপতিৰ ভৱিষ্যদ্বাণী যদি গোকাট মিছা প্ৰমাণ হয়, তেন্তে আমাৰ গাঁৱে-ভূঞে থকাজ্যোতিষীসকলৰ ভৱিষ্যদ্বাণীৰ জানো বিশ্বাসযোগ্যতা আছে?

অসমক এই কালকূটসকলৰ অক্টোপাচৰ পৰা মুক্ত নকৰাপৰ্যন্ত অসমৰ কোনোকালেই উন্নতি নহয় বুলি আমি ন দি ক’ব পাৰোঁ৷ এই জ্যোতিষী, গণকসকলে মানুহক ঘৰে ঘৰে ডাঙৰ ডাঙৰ মন্দিৰ, নামঘৰ আদি ধৰ্মানুষ্ঠান নিৰ্মাণ কৰিবলৈ উপদেশ দিয়ে৷ এই ধৰ্মানুষ্ঠান নিৰ্মাণ কৰিলেও মানুহৰ জীৱনত কোনো পৰিৱৰ্তন অহাটো বাদেই দিয়ক, বৰঞ্চ মানুহৰ জীৱন অধিক বিপদাপন্ন হোৱাহে দেখা যায়৷ ৫-১০ লাখ টকা ব্যয় কৰি ঘৰে ঘৰে মন্দিৰ নিৰ্মাণ কৰাৰ ফলত এহাতে যেনেদৰে অসমীয়া মানুহ আৰ্থিকভাবে দুৰ্বল হৈছে, আনহাতে ৰাজহুৱা মন্দিৰসমূহত মানুহে কমকৈ যোৱাত পূৰ্বতে মন্দিৰ এটাক লৈ গঢ়ি উঠা সমাজ ব্যৱস্থা এতিয়া নিঃশেষ হোৱাৰ দৰে হৈছে আৰু কোনেও কাকো নমনাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ঘৰে ঘৰে নিৰ্মাণ কৰা মন্দিৰ, নামঘৰবোৰত ব্যয় হোৱা টকা যদিহে কৃষি নতুবা উদ্যোগত নিৱেশ কৰিব পৰা গ’লহেঁতেন, তেন্তে অসম আজি কেনে পৰ্যায়ত উপনীত হ’লহেঁতেন ভাবি চাওকচোন?  এই কালকূটসকলৰ উপদেশমৰ্মে মন্দিৰ, নামঘৰ স্থাপন কৰি মানুহে নিজেই বিপদ চপাই লোৱাৰ লেখীয়া হৈছে বুলি ক’লেও ভুল কৰা নহয়৷

জ্যোতিষীৰ ভণ্ডামী যুগ যুগ ধৰি চলি আহিছে, তথাপি মানুহে এইসকলৰ  ফান্দত ভৰি দি সৰ্বস্বান্ত হোৱাৰ ঘটনা ঘটিয়েই আছে৷ এই জ্যোতিষীসকলৰ কথামতে দিন, সপ্তাহ, মাহ, বছৰপৰ্যন্ত অমূল্য সময় নষ্ট কৰি অসমীয়া মানুহে জীৱনৰ পথত পিছুৱাই থাকিব লগা হোৱা কথাটো আমি সকলোৱে জানো৷ এইসকলৰ পৰামৰ্শ মতে আঙঠি, পাত্থৰ পৰিধান কৰা, নাম-জপ-যজ্ঞ-পূজা-পাতাল কৰা, পশু-পক্ষী বলি দি একো কাম নকৰাকৈ উন্নতিৰ বাবে আশা পালি জীৱনৰ বহুমূলীয়া সময় নষ্ট কৰা মানুহৰ আমাৰ সমাজত অভাৱ নাই৷