Logo
image

মাজুলীক লৈ শীতল যুদ্ধ

এতিয়ালৈকে চূড়ান্ত নহ’ল প্ৰাৰ্থী

আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ শীতল যুদ্ধৰ ফলত এই পৰ্যন্ত চূড়ান্ত নহ’ল মাজুলী উপ-নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম৷ সোণোৱাল আৰু ড॰ শৰ্মা  প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত সহমতত উপনীত হ’ব নোৱাৰাৰ ফলতে এতিয়া দিল্লীয়েই চূড়ান্ত কৰিব মাজুলীত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ নাম৷ নিজৰ উত্তৰসুৰী হিচাপে সৰ্বানন্দ সোণোৱালে মাজুলীত তেওঁৰ অতি ঘনিষ্ট ভূবন গামে প্ৰাৰ্থিত্ব পোৱাটো  বিচাৰিছে৷ কিন্তু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভূবন গামৰ নামত সন্মতি জনোৱা নাই৷ দুয়োজনৰ মাজত সৃষ্টি হোৱা মত পাৰ্থক্যৰ বাবে এতিয়া এজন প্ৰাৰ্থীৰ সন্ধান চলিছে যাৰ নামত দুয়োজনে সন্মতি জনাব৷ উল্লেখ্য মাজুলী উপ-নিৰ্বাচনৰ ভোটদান ৭ মাৰ্চত অনুষ্ঠিত হ’ব৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰী৷ ইয়াৰ পূৰ্বে ১২ ফেব্ৰুৱাৰীত বিজেপি দলৰ প্ৰাৰ্থী ঘোষণা কৰাৰ কথা আছিল৷ কিন্তু এতিয়া এই ঘোষণা কেতিয়া হ’ব সেয়া অনিশ্চিত হৈ পৰিছে৷ এই সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–মাজুলীত আমাৰ ৩ জন প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত হৈ গ’ল৷ পেনেল কালি দিল্লীলৈ প্ৰেৰণ কৰা হৈছে৷ ১৬ ফেব্ৰুৱাৰীত আমাৰ প্ৰাৰ্থীয়ে মাজুলীত মনোনয়ন দিব৷ প্ৰাৰ্থী কেনে হ’ব দিল্লীৰ পৰা ঘোষণা হ’ব৷ ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাৰ্থী ঘোষণা হৈ যাব৷ উল্লেখ্য যে শেহতীয়াভাৱে মাজুলীক লৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মা ৰাজনৈতিকভাৱে যথেষ্ট তৎপৰ হৈ পৰিছে৷ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ এই পৰ্যন্ত তিনি বাৰকৈ মাজুলী ভ্ৰমণ কৰিছে৷ মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে৷ মাজুলীক কেন্দ্ৰ কৰি বহু কেইটা অভিলাসী প্ৰকল্প আৰু আঁচনিও গ্ৰহণ কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে মাজুলীৰে যেন যোগাযোগ ক্ৰমাৎ হ্ৰাস পাইছে সমষ্টিটোক পূৰ্বতে প্ৰতিনিধিত্ব কৰা সৰ্বানন্দ সোণোৱাল৷ বিগত সময়ছোৱাত মাজুলীত সোণোৱালৰ উপস্থিতি প্ৰায় নাই বুলিয়ে ক’ব পাৰি৷ যাৰ ফলত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মাজুলীত নিজৰ পচন্দৰ প্ৰাৰ্থী এজন বিচাৰিছে৷ কিছুদিন পূৰ্বে নতুন দিল্লীত সৰ্বানন্দ সোণোৱাল আৰু ড॰ শৰ্মা এক বৈঠকতো মিলিত হৈছিল৷ ইয়াৰ পূৰ্বে মাজুলীৰ উপ-নিৰ্বাচনক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰেও বৈঠকত মিলিত হৈছিল ড॰ শৰ্মা৷ সৰ্বানন্দ সোণোৱাল আৰু ড হিমন্ত বিশ্ব শৰ্মাৰ নিমিলা অংকৰ  ফলতে কাৰ্যতঃ পলম হৈছে মাজুলীৰ প্ৰাৰ্থীৰ নাম ঘোষণাত৷