Logo
image

বিজেপিয়ে পিঠা ভগাওঁতে আমবাৰীলৈ একো নাথাকিল

আমাৰ অসম, ১৫ফেব্ৰুৱাৰীঃ দিছপুৰত এতিয়াও অগপই বিজেপিৰ সৈতে আছে যদিও দলৰ তৃণমূল কৰ্মীসকল সন্তুষ্ট নহয় মিত্ৰতাক লৈ৷ পৌৰসভাৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাত ফাঁট মেলিছে দুই মিত্ৰদল অগপ-বিজেপিৰ৷ ৰাজ্যৰ ৮০খন পৌৰসভাৰ অধিক সংখ্যকতে বিজেপিয়ে প্ৰাৰ্থিত্ব বিচৰাক লৈ দুই দলৰ তৃণমূল নেতা-কৰ্মীৰ মাজত দুটা ফৈদৰ সৃষ্টি হৈছে৷ হয়তো ডাঙৰ মাছে সৰু মাছক খোৱাৰ দৰে ৰাষ্ট্ৰীয় দল বিজেপিৰ আগ্ৰাসনত অপমৃত্যু ঘটাৰ উপক্ৰম হৈছে আঞ্চলিক দল অগপৰ৷ তাক লৈ শংকা হৈছে অগপৰ ধবজা বহন কৰি অহা তৃণমূল নেতা-কৰ্মী৷ তেওঁলোকৰ অনুভৱ– বিজেপিয়ে পিঠা ভগাওঁতে আমবাৰীলৈ একো নাথাকিলে৷ বান্দৰে পিঠা ভগোৱাৰ দৰে বিজেপিয়ে অগপলৈ আসনত সামান্য অংশ এৰি দিয়াক লৈয়ে তীব্ৰ অসন্তুষ্টি দেখা গৈছে ৰাজ্যৰ বহুকেইখন জিলাৰ অগপ কৰ্মীৰ৷ পূৰ্বে অগপৰ দখলত থকা আৰু অগপৰ ভেটি সৱল ঠায়ো বিজেপিয়ে অগপক এৰি দিব নিবচৰা বাবে কেইবাখনো জিলাত পৌৰসভা নিৰ্বাচনৰ বিজেপি-অগপৰ মাজত নহ’ল মিত্ৰতা৷ বঙাইগাঁও, বোখাখাট, বৰপেটা, ডিব্ৰুগড়ত অগপৰে নহ’ল মিত্ৰতা৷ উক্ত চাৰিওখন জিলাত অগপৰ ভেটি আপেক্ষিকভাৱে বিজেপিতকৈ ভাল যদিও অগপৰ প্ৰস্তাৱক বিজেপিয়ে গুৰুত্ব নিদিয়া বাবে পৌৰসভা নিৰ্বাচনৰ ক্ষেত্ৰত দল দুটাৰ মাজত মিত্ৰতাত যতি পৰিছে৷ ডিব্ৰুগড়ত অগপই তেওঁলোকৰ বিধায়ক নথকা সমষ্টিত ৭০-৩০ অনুপাতত প্ৰাৰ্থিত্ব দাবী কৰি থকাৰ সময়তে দেওবাৰে বিজেপিয়ে ২২টা ৱাৰ্ডৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতে ডিব্ৰুগড়ত অগপ-বিজেপিৰ মিত্ৰতা নোহোৱাটো নিশ্চিত হৈ পৰিছে৷

বৰপেটাত মিত্ৰতা নিসিজিল অগপ বিজেপিৰ 

‘আমাৰ অসম, বৰপেটাঃ অবশেষত বৰপেটাত মিত্ৰতাৰ চাউল নিসিজিল অগপ বিজেপিৰ৷ ৰাজ্যত বিজেপি অগপৰ মিত্ৰজোটৰ চৰকাৰ চলি থকা সত্ত্বেও পৌৰ সভা নিৰ্বাচনত মিত্ৰতাৰ বান্ধোন সুদৃঢ় নহল দুয়োটা দলৰ৷ পৌৰ সভা নিৰ্বাচনত স্থানীয় পৰ্যায়ত মিত্ৰতাৰে নিৰ্বাচনী যুঁজত অবতীৰ্ণ হব বুলি দুয়োটা দলৰ নেতৃবৃন্দই ঘোষণা কৰিছিল যদিও বৰপেটা জিলাৰ আটাইকেইখন পৌৰ সভাতে অগপ আৰু বিজেপিয়ে আজি প্ৰাৰ্থী প্ৰক্ষেপ কৰে৷ আসন ভাগ বটোৱাৰাক কেন্দ্ৰ কৰি দুয়োটা দলৰে জিলা সমিতিয়ে আকোৰগোজ মনোভাৱ লোৱাত শেষ মূহূৰ্তত দুয়োটা দলেই প্ৰতিটো ৱাৰ্ডতে নিজা নিজা প্ৰাৰ্থী আগবঢ়ায়৷ কালি সন্ধিয়া অসম গণ পৰিষদৰ বৰপেটা নগৰ সমিতিয়ে বৰপেটা পৌৰ সভাৰ মুঠ ২২ ৱাৰ্ডৰ ভিতৰত ১৪টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে৷ আজি পুনৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰে অগপই৷ দ্বিতীয়খন তালিকা অনুসৰি ৫ নং ৱাৰ্ডত অনুজিৎ দাস, ৮ নং ৱাৰ্ডত প্ৰণব বায়ন, ৯ নং ৱাৰ্ডত ৰূমী দাস, ১১ নং ৱাৰ্ডত প্ৰতিভা দাস, ১৪ নং ৱাৰ্ডত পম্পী দেউৰী, ১৬ নং ৱাৰ্ডত ৰণজিৎ দাস, ২১ নং ৱাৰ্ডত ধনজিতা দাস আৰু ২২ নং ৱাৰ্ডত শিখা ৰায়চৌধুৰীক দলীয় টিকট প্ৰদান কৰিছে৷ ইপিনে ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সমিতিয়েও আজি বৰপেটা পৌৰসভাৰ ২২টা ৱাৰ্ড আৰু হাউলী পৌৰ সভাৰ ১০টা ৱাৰ্ডৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে৷ দলটোৰ জিলা সভাপতি অনিল কুমাৰ দাস আৰু প্ৰভাৰী জয়ন্ত দাসে প্ৰকাশ কৰা অনুসৰি দলটোৱে বৰপেটা পৌৰ সভাৰ ৰনং ৱাৰ্ডত ৰাজেন তালুকদাৰ, ২ নং ৱাৰ্ডত হিমাংশু দাস,  ৩নং ৱাৰ্ডত যুগল কিশোৰ সূত্ৰধৰ, ৪ নং ৱাৰ্ডত প্ৰণামী হাজৰিকা, ৫ নং ৱাৰ্ডত গীতাঞ্জলি বায়ন, ৬ নং ৱাৰ্ডত পাপৰি বৈশ্য, ৭ নং ৱাৰ্ডত অমিত দাস, ৮ নং ৱাৰ্ডত মুকুট ৰঞ্জন দাস, ৯ নং ৱাৰ্ডত কৃষ্ণা কলিতা নাথ, ১০ নং ৱাৰ্ডত হেলেন দাস, ১১ নং ৱাৰ্ডত কৃষ্ণা দাস, ১২ নং ৱাৰ্ডত লক্ষণ পাঠক, ১৩ নং ৱাৰ্ডত ববিতা দাস, ১৪ নং ৱাৰ্ডত নয়নদীপ দাস, ১৫ নং ৱাৰ্ডত জীতেন্দ্ৰ নাথ দাস, ১৬ নং ৱাৰ্ডত সত্যবান দাস, ১৭ নং ৱাৰ্ডত জোনালী দাস, ১৮ নং ৱাৰ্ডত ৰূপক বায়ন, ১৯ নং ৱাৰ্ডত জয়া দাস বৰুৱা, ২০ নং ৱাৰ্ডত গৰিমা দাস, ২১ নং ৱাৰ্ডত গৰিমা দাস আৰু ২২ নং ৱাৰ্ডত ৰেবা পাঠকক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে৷ আনহাতে অগপই কালি প্ৰকাশ কৰা তালিকা অনুসৰি ৰনং ৱাৰ্ডত মানবেন্দ্ৰ দাস, ২ নং ৱাৰ্ডত অম্বৰীশ ওজা, ৩নং ৱাৰ্ডত খনিন্দ্ৰ নাথ দাস, চ্ছ্ৰনং ৱাৰ্ডত নিকুমনি পাঠক, ৬ নংৱাৰ্ডত নিৰুপমা দাস, জ্জ নং ৱাৰ্ডত ধনজিৎ পাঠক, ১০ নং ৱাৰ্ডত তনুজা দাস ওজা, ১২ নং ৱাৰ্ডত ছবিলাল দাস, ১৩ নং ৱাৰ্ডত ডলিপনা তালুকদাৰ দাস, ১৫ নং ৱাৰ্ডত কাদেৰ খুমণ্ডিত হাজৰিকা, ১৭ নং ৱাৰ্ডত কৃষ্ণা ওজা, ১৮ নং ৱাৰ্ড নীলিমা ওজা, ১৯ নং ৱাৰ্ডত জোনাকী তালুকদাৰ ২০ নং ৱাৰ্ডত কৰবী ওজাক দলীয় টিকট প্ৰদান কৰিছে৷ ইপিনে হাউলী পৌৰ সভাৰ ১০খন আসনৰ ভিতৰত জ্ঝখন আসনৰ বাবে আজি বিজেপি দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে৷ তালিকা অনুসৰি ৰ নং ৱাৰ্ডত খাইৰুল আলম শিকদাৰ, ২ নং ৱাৰ্ডত অঞ্জলি দাস চৌধুৰী, ৩ নং ৱাৰ্ডত ববিতা তালুকদাৰ, ৪ নং ৱাৰ্ডত নিদ্ৰা কৰ্মকাৰ, প্ত নং ৱাৰ্ডত সুশীল কুমাৰ পাঠক, ৬ নং ৱাৰ্ডত সঞ্জয় কুমাৰ ঘোষ, জ্জ নং ৱাৰ্ডত লুনা দাস, জ্ঝ নং ৱাৰ্ডত ৰঞ্জিত কুমাৰ সাহা আৰু ১০ নং ৱাৰ্ডত মাহেদুল ইছলামক দলীয় টিকট প্ৰদান কৰে৷ উল্লেখ্য, বৰপেটা পৌৰ সভাৰ লগতে সৰভোগ, হাউলী, বৰপেটাৰোড, আৰু সৰ্থেবাৰী পৌৰসভাৰ বাবেও অগপ আৰু বিজেপি দলে ঐক্যমতত উপনীত হব নোৱাৰাত দুয়োটা দলেই নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি জানিব পৰা গৈছে৷ 

পাঠশালা পৌৰসভাৰ নিৰ্বাচন অধিকাশংই গেৰুৱা বাহিনীৰ প্ৰাৰ্থী

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক ঃ  পৌৰসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে এক উখল মাখল পৰিবেশৰ সৃষ্ট হৈছে পৌৰসভা এলেকা সমূহত৷ শাসন বিৰোধী সকলোৱে যেন ব্যস্ত পৰিছে নিৰ্বাচনক লৈ৷ বহুতো জল্পনা কল্পনা অন্তত পৌৰসভাৰ নিৰ্বিকাৰ বাবেও একেলগে নিৰ্বাচন খেলাৰ বাবে সাজু হৈ উঠিছে অগপ বিজিপি মিত্ৰজোট৷ ৰাজ্যখনৰ অন্যতম শক্তিশালী আঞ্চলিক দল  অগপক দলক অতি কম আসন দিয়া বাবে ভিতৰি ভিতৰি তৃণমূল কৰ্মীসকল ক্ষুব্ধ হৈ পৰা দেখা গৈছে৷ যাৰ ফলত কেবাজনো তৃণমূল কৰ্মী অগপ দল ত্যাগ কৰি নিদ্দৰ্লীয় হিচাবে প্ৰতিদণ্ডিতা কৰিবলৈ সাজু হৈ উঠিছে৷ অগক দলৰ সদস্য তথা পাঠশালা নগৰ সমিটিৰ প্ৰাক্তন অধ্যক্ষ মিনি কলিতাই অগপ ত্যাগ কৰি নিদ্দৰ্লীয় হিচাপে প্ৰতিদণ্ডিতা কৰিব৷ আনহাতে পাঠশালা পৌৰসভাৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে বজালী জিলাত নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰ অনুসৰি ৰ নং ৱাৰ্ড-এজিপি পৰা ৰাতুল ৰয়, ২ নং ৱাৰ্ড-হিমা বৰ্মণ ৩ নং ৱাৰ্ড-জলী চৌধুৰী, ৪ নং ৱাৰ্ড-মায়াৰাণী চৌধুৰী, ৫ নং ৱাৰ্ড-দিগন্ত তালুকদাৰ, ৬ নং ৱাৰ্ড-ভূপেন তালুকদাৰ, ৭ নং ৱাৰ্ড-কালিচৰণ দাস, ৮ নং ৱাৰ্ড-এজিপিৰ ডিম্বেশ্বৰ দাস, ৯ নং ৱাৰ্ড-গায়ত্ৰী ঠাকুৰীয়া ১০ নং ৱাৰ্ড-বৰ্ণালী কলিতা৷ বিজেপিৰ বজালী জিলাৰ পাটাছাৰকুছি পৌৰসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা অনুসৰি ৰ নং ৱাৰ্ড-ফুলেন দাস, ২ নং ৱাৰ্ড-জয়ন্ত তহবিলদাৰ, ৩ নং ৱাৰ্ড-অংকুৰ দেৱ চৌধুৰী, ৪ নং ৱাৰ্ড-প্ৰণিতা দেৱী, ৫ নং অগপৰ ৱাৰ্ড-ৰাণা আহমেদ৷ ৬ নং ৱাৰ্ড-জিতুমণী দাস, ৭ নং ৱাৰ্ড-কুশল শৰ্মা, ৮ নং ৱাৰ্ড মিনতি দেৱী, ৯ নং ৱাৰ্ড-পূৰ্ণিমা শৰ্মা ১০ নং ৱাৰ্ড-অণিমা দাস৷ 

টিহুত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

‘আমাৰ অসমঃ ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ বাবে টিহুত শাসনাধিষ্ঠ বিজেপি আৰু অন্যতম মিত্ৰদল অগপৰ মাজত আসন বুজাবুজিক লৈ সৃষ্টি হোৱা মিত্ৰতাৰ অনি(য়তা অৱশেষত অজি অন্ত পৰে৷ বিজেপি দলে টিহু পৌৰসভাৰ দহখন আসনৰ দুখন আসন অগপলৈ আগবঢ়োৱাত অগপ দলে এইক্ষেত্ৰত ঐক্যমতত উপনীত হয়৷ আজি সন্ধিয়া টিহু নগৰ অগপৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত টিহু নগৰ অগপই এই বিষয়ে ঘোষনা কৰে৷ সংবাদ মেলত টিহু নগৰ অগপৰ সভাপতি চাণক্য চৰণ কলিতাই প্ৰকাশ কৰা মতে, টিহু নগৰৰ এক নম্বৰ ৱাৰ্ড আৰু ছয় নম্বৰ ৱাৰ্ডত অগপ দলে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিZGিতা আগবঢ়াৱ৷ এক নম্বৰ ৱাৰ্ডত ড॰ সুৰজিৎ বৰ্মন আৰু ছয় নম্বৰ ৱাৰ্ডত অগপ নেত্ৰী ইভা দাস হব অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী৷ ইপিনে, বিজেপিৰ টিহু মণ্ডল সমিতিৰ সভাপতি জ্যোতিষ শৰ্মাই আজি সন্ধিয়া বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষনা কৰে৷ বিজেপিৰ ঘোষিত প্ৰাৰ্থী তালিকা অনুসৰি ২ নং ৱাৰ্ডত হিমানী মজুমদাৰ, ৩ নং ৱাৰ্ডত বৰ্ণালী দাস, ৪ নং ৱাৰ্ডত দুলাল চন্দ্ৰ দাস, ৫ নং ৱাৰ্ডত জিণ্টী নাথ বেজবৰুৱা, জ্জ নং ৱাৰ্ডত বিজুলী বৈশ্য, ৮ নং ৱাৰ্ডত অপূৰ্ব দাস, ৯ নং ৱাৰ্ডত ভণিতা ডেকা পাঠক আৰু ১০ নং ৱাৰ্ডত হিমাংশু দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷

অভয়াপুৰী পৌৰ সভাত মিত্ৰতা নহয় অগপ-বিজেপিৰ

‘আমাৰ অসমঃ সমাগত পৌৰ নিৰ্বাচনত অভয়াপুৰী পৌৰ সভাত মিত্ৰতা নহয় শাসনাধিষ্ঠিত বিজেপিৰ৷ আজি দুই মিত্ৰ দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত নিৰ্বাচনত মিত্ৰ যে শত্ৰু হৈ পৰিব সেই কথা স্পষ্ট হৈ পৰে৷ চাৰিটা ৱাৰ্ডৰ অভয়াপুৰী নগৰ সমিতিৰ ৱাৰ্ডৰ সংখ্যা ১১টালৈ বৃদ্ধি কৰি প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হব লগা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিনৰ মাত্ৰ এটা দিন পূৰ্বে আজি বিজেপি অ গ প আৰু কংগ্ৰেছ তিনিওটাদলে প্ৰাৰ্থী তালিকা ঘোষণা কৰে৷ এইবাৰৰ নিৰ্বাচনত ৰাজ্যত একেলগে চৰকাৰ চলোৱা বি জে পি আৰু অ গ পই ঐক্যবদ্ধভাৱে অৱৰ্তীৰ্ন হ’ব বুলি ভবা হৈছিল যদিও আজি প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছত দলদুটাৰ মাজৰ মিত্ৰতাত ফাট মেলাটো স্পষ্ট হৈ পৰে৷ দুই মিত্ৰৰ এনে বিপৰীত স্থিতিয়ে পৌৰসভাখনৰ সৰ্বসাধাৰণ ভোটাৰক আ(ৰ্যাম্বিত কৰি তুলিলেও এনে স্থিতিয়ে উৎফুল্ল কৰি তুলিছে একাংশক৷ অ গ প আৰু বি জে পিৰ প্ৰাৰ্থী তালিকাই জয় পৰাজয়ৰ নতুন সমিকৰণৰ সৃষ্টি কৰাত উৎফুল্ল কৰি তুলিছে বিৰোধী পক্ষক৷ আজি ঘোষিত বি জে পি দলৰ তালিকাত ৰনং ৱাৰ্ডৰ বাবে দূৰ্গেশ্বৰী কলিতা, ২ নং ৱাৰ্ডত জোনমণি পাঠক ৰাভা, ৩ নংত চাকিলা ইয়াছমিন, ৪ নংৰ বাবে আৰবিন বেগম, ৫ নংত সৰযু দেৱী, ৬ নংত প্ৰবীণ দাস, ৭ নং ৱাৰ্ডত সুশান্ত পোদ্দাৰ, ৮ নংত ৰমেন্দ্ৰ নাৰায়ণ বণিক্য, ৯ নংত পায়েল মণ্ডল দাস ১০ নংত কুন্তল পাঠক আৰু ১১ নং ৱাৰ্ডত নাজমা খাতুনৰ নাম সন্নিবিষ্ট হৈছে৷  একেদৰে অ গ পৰ প্ৰাৰ্থী তালিকাত ৰ নং ৱাৰ্ডত প্ৰাৰ্থীৰ নাম উল্লেখ নথকাৰ বিপৰীতে আন ১০টা ৱাৰ্ডত ক্ৰমে বিকাশ কৰ্মকাৰ, মবিনা খাতুন, ইলিয়াছ আহমেদ, কৰবী দাস, জয়ন্ত প্ৰতীম দাস, সজল সৰকাৰ, দ্বীপ বণিক্য, মিনি দাস, প্ৰণৱ কলিতা আৰু মমতাজ বেগমৰ নাম সন্নিবিষ্ট হৈছে৷ কংগ্ৰেছ দলেও পৌৰ নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলেও ৬ আৰু ৭ নং ৱাৰ্ডত একক প্ৰাৰ্থী তালিকা প্ৰস্তত এতিয়ালৈ কৰিব পৰা নাই৷ দলটোৱে ৬ নং ৱাৰ্ডত মনোৰঞ্জন আৰ্য আৰু জয়শ্ৰী চৌধুৰী, জ্জ নং ৱাৰ্ডত উত্তম সৰকাৰ আৰু মনোৰঞ্জন ৰায়ৰ নাম তালিকাত ৰাখিছে৷ দলটোৰ প্ৰাৰ্থী তালিকাত ৰ নং ৱাৰ্ডত চন্দামিতা দাস, ২ নংত ৰুবী অধিকাৰী, ৩ নংত বিনুমা বেগম, ৪ নংত নূৰ ইছলাম, ৫ নংত নন্দিতা সাহা, ৮ নংত মামনি দাস, ৯ নংত অৰ্চণা ৰায় ১০ নংত দ্বীপাঞ্জল দত্ত আৰু ১১ নং ৱাৰ্ডৰ বাবে ছাৰা ছামিন পাটগিৰীয়ে স্থান পাইছে৷

শিৱসাগৰত টঙালি বান্ধিছে ৰাইজৰ দলেও

‘আমাৰ অসমঃ আগন্তুক শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ৷ পোন প্ৰথমবাৰৰ বাবে পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ ককালত টঙালি বান্ধিছে ৰাইজৰ দলে৷ আজি ৰাইজৰ দলৰ শিৱসাগৰ জিলা আৰু সমষ্টি কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আগন্তুক পৌৰ নিৰ্বাচনৰ শিৱসাগৰ পৌৰ সভাৰ ১৪ টা ৱাৰ্ডৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰে৷ উক্ত সংবাদ মেলত বিধায়কজনে ৰাইজৰ দলৰ পৌৰ নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ লক্ষ্য, উদ্দেশ্য আৰু ৰণকৌশল সদিৰ কৰে৷ তেওঁ কয় যে, শিৱসাগৰ পৌৰ ৰাইজে দেখা নোপোৱা এখন সুস্থ-সৱল আৰু কাৰ্যক্ষম পৌৰ নিকায় গঠন কৰা ৰাইজৰ দলৰ লক্ষ্য৷ শিৱসাগৰৰ ৰাইজে কংগ্ৰেছ, অগপ, বিজেপি আদি বিভিন্ন দলৰ পৌৰ নিকায় প্ৰত্যক্ষ কৰিছে৷ কিন্তু এইবাৰ যদি ৰাইজে ৰাইজৰ দলক পৌৰসভা গঠনৰ অধিকাৰ দিয়ে তেন্তে এখন ব্যতিক্ৰমী পৌৰসভা ৰাইজে লাভ কৰিব৷ তেওঁ আগন্তুক নিৰ্বাচনৰ ৰণকৌশল ঘোষণা কৰি কয় যে আমি ইতিবাচকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ম৷ কোনো ব্যক্তিৰ অপপ্ৰচাৰ কৰি আমি নিৰ্বাচনী প্ৰচাৰ নচলাও৷ বৰঞ্চ আমি শিৱসাগৰ নগৰৰ সমস্যাসমূহ সমাধানসূত্ৰ লৈ ৰাইজৰ মুখামুখি হ’ম৷ সেইদৰে তেওঁ কয় যে যদি শিৱসাগৰ নগৰৰ পৌৰ ভোটাৰে আমাক পৌৰসভা গঠন কৰাৰ জনাদেশ প্ৰদান কৰে তেন্তে পৌৰ নিকায় গঠন কৰাৰ দুমাহৰ ভিতৰত শিৱসাগৰ নগৰখনক অসমৰ ভিতৰত পৰিষ্কাৰ নগৰৰূপে গঢ় দিয়াৰ ওপৰিও পৌৰসভা গঠনৰ এবছৰৰ ভিতৰত বৰ্তমান মাত্ৰ ত্ৰিশ শতাংশ লোকে উপযুক্ত খোৱাপানী লাভ কৰি থকাৰ বিপৰীতে এশ শতাংশ লোকক খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইয়াৰ বাবে বৰ্তমানলৈ আধাৰুৱা হৈ থকা নগৰীয়া পানী যোগান আঁচনিখন ছয় কোটিৰো অধিক টকা ব্যয়সাপেক্ষে সম্পূৰ্ণ কৰিব বুলিও তেওঁ উল্লেখ কৰে৷ সেইদৰে কেন্দ্ৰীয় চৰকাৰে ২০২০ বৰ্ষত ঘোষণা কৰা শিৱসাগৰ জিলাৰ আইকনিক ছাইট প্ৰকল্পৰ পুঁজিৰ ধন আৰু এমাহৰ ভিতৰত লাভ কৰিব পৰাৰ ব্যৱস্থা বিধায়কৰ উদ্যোগত চলি থকা বুলি সদৰি কৰে৷ এই ধন মুকলি হৈ আহিলে বিধায়কজনে অনাগত দিনত নগৰখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বহু পৰিকল্পনা ব্যক্ত কৰিব বুলিও জানিবলৈ দিয়ে৷ আনহাতে, আজিৰ সংবাদ মেলত অখিল গগৈয়ে আৰু উল্লেখ কৰে যে ৰাইজৰ দলৰ বিধায়ক থকা শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ পৌৰসভা গঠন হ’লে সকলো দিশত কাৰ্যপৰিচালনাৰ বাবে সহজ হ’ব৷ কাৰাৰুদ্ধ অখিল গগৈক শিৱসাগৰ সমষ্টিৰ ৰাইজে ভোট যুদ্ধত জয়ী কৰাই কাৰাগাৰৰ পৰা ওলাই অহাৰ পথ মুকলি কৰিলে, যাৰ বাবে তেওঁ শিৱসাগৰৰ উন্নয়নৰ বাবে নিজক আগবঢ়াই দিছে৷ পৌৰ নিৰ্বাচনত ৰাইজে তেওঁৰ দলক জয়ী কৰালে সৰ্বতোপ্ৰকাৰে শিৱসাগৰৰ উন্নয়নৰ বাবে দলে কাম কৰিব বুলিও তেওঁ শিৱসাগৰ নগৰীয়া ৰাইজক মুকলি আহ৩ান জনায়৷

বিজেপিৰ ৯ জন ৱাৰ্ড কমিছনাৰৰ এজনেহে পালে প্ৰাৰ্থিত্ব

‘আমাৰ অসম, শিৱসাগৰঃ আগন্তুক ৬ মাৰ্চত ৰাজ্যখনৰ লগতে শিৱসাগৰ পৌৰসভাৰ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত সপ্তাহজোৰা প্ৰাথ¹ নিৰ্বাচনকেন্দ্ৰিক যি জল্পনা-কল্পনা চলি আহিছিল অৱশেষত এই জল্পনা-কল্পনাৰ অন্ত পেলাই আটাইকেইটা ৰাজনৈতিক দলে প্ৰাথ¹ চূড়ান্ত কৰাৰ লগতে দলীয়ভাৱে প্ৰাথ¹ৰ তালিকা ঘোষণা কৰিছে৷ দলসমূহে প্ৰাথ¹ৰ নাম ঘোষণা কৰাৰ ফলশ্ৰুতিত বহু টিকটপ্ৰত্যাশী প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ লগতে বহুকেইজনে প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে প্ৰাৰ্থিত্ব নাপায় আন দলত যোগদান কৰাৰ বিষয়ে জানিব পৰা গৈছে৷ বিশেষকৈ বিগত পাঁচ বছৰে বিজেপিয়ে শিৱসাগৰ পৌৰসভাৰ ১৪ খন আসনৰ ভিতৰত নিৰ্বাচনত মাত্ৰ ৬ খন আসনত জয়ী হৈ পৰৱত¹ সময়ত কংগ্ৰেছ আৰু নিৰ্দলীয়ৰ পৰা ৩ গৰাকী ৱাৰ্ড মেম্বাৰক বিজেপিত যোগদান কৰাই পৌৰসভাখন বিজেপিয়ে দখল কৰাৰ লগতে পৌৰসভাখনত বিজেপিয়ে ১৪ জন ৱাৰ্ড মেম্বাৰৰ ভিতৰত ৯ জনলৈ বিজেপিৰ সংখ্যা বৃদ্ধি কৰি পাঁচ বছৰীয়া কাৰ্যকাল অন্ত পেলালে৷ কিন্তু এইবাৰ নিৰ্বাচনত বিজেপিয়ে এই ৯ জন ৱাৰ্ড মেম্বাৰৰ ভিতৰত মাত্ৰ এজন ৱাৰ্ড মেম্বাৰকহে দ্বিতীয়বাৰৰ বাবে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিগত কাৰ্যকালৰ পৌৰনেত্ৰী, উপ-পৌৰপতিসহিতে মুঠ ৮ গৰাকী প্ৰাথ¹ক দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে৷ যাকলৈ এতিয়া বঞ্চিত বহুসংখ্যক প্ৰাথ¹ৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে৷ কালি নিশা বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত জিলা সভাপতি ময়ূৰ বৰগোহাঁই তথা জিলাৰ সহঃ প্ৰভাৰী সুভাষ দত্তই জিলাখনৰ চাৰি পৌৰ নিকায়ৰ দলীয় প্ৰাথ¹ ঘোষণা কৰে৷ বিজেপি দলৰ শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচনৰ প্ৰাথ¹ৰূপে - ৰ নং ৱাৰ্ডৰ পৰা নুৰজাহান বেগম, ২ নং ৱাৰ্ডৰ পৰা চৰিফুদ্দিন আহমেদ [অগপ] , ৩ নং ৱাৰ্ডৰ পৰা দীপু হাজৰিকা [অগপ], ৪ নং ৱাৰ্ডৰ পৰা সুৰভী শইকীয়া, ৫ নং ৱাৰ্ডৰ পৰা নৱল কিশোৰ খান্দেলীয়া, ৬ নং ৱাৰ্ডৰ পৰা সমীৰ দত্ত, ৭ নং ৱাৰ্ডৰ পৰা বন্তী হাজৰিকা, ৮ নং ৱাৰ্ডৰ পৰা স্মৃতিৰেখা দত্ত, ৯ নং ৱাৰ্ডৰ পৰা সঞ্জীৱ বৰা [অগপ] ১০ নং ৱাৰ্ডৰ পৰা উপমা বৰা, ১১ নং ৱাৰ্ডৰ পৰা মৃণালিনী কোঁৱৰ, ১২ নং ৱাৰ্ডৰ পৰা জ্যোতি দত্ত, ১৩ নং ৱাৰ্ডৰ পৰা প্ৰাক্তন পৌৰপতি ৰাণা খানৰ কন্যা ফৌজীয়া নাজনীন খান আৰু ১৪ নং ৱাৰ্ডৰ বাবে জুলি পাতৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ সেইদৰে নাজিৰা পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ বাবে ৰ ৱাৰ্ডত বনশ্ৰী দাস, ২ নং ৱাৰ্ডত গীতাঞ্জলী দত্ত, ৩ নং ৱাৰ্ডত মঞ্জু মেচ, ৪ নং ৱাৰ্ডত নাজিমুদ্দিন আহমেদ [অগপ] ,৫ নং ৱাৰ্ডত গুণ গোবিন্দ দত্ত [অগপ], ৬ নং ৱাৰ্ডত শুৱলা দাস, ৮ নং ৱাৰ্ডত ঊষাৰাণী দাস হাজৰিকা, ৮ নং ৱাৰ্ডত চিলমী বৰা [অগপ] , ৯ নং ৱাৰ্ডত লখিমী বৰ্মন আৰু ১০ নং ৱাৰ্ডত বৰ্ণালী চেতিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ শিমলুগুৰি পৌৰসভাৰ ৰ নং ৱাৰ্ডত প্ৰচিত নাগ,  ২ নং ৱাৰ্ডত অৱন্তি লাহন, ৩ নং ৱাৰ্ডত চৰ্বিন ৰহমান, ৪ নং ৱাৰ্ডত ৰিতুসাগৰ বৰগোহাঁই, ৫ নং ৱাৰ্ডত বাসন্তি চেতিয়া গগৈ, ৬ নং ৱাৰ্ডত লোহিত চন্দ্ৰ গগৈ [অগপ],৭ নং ৱাৰ্ডত পুনম দেৱী, ৮ নং ৱাৰ্ডত ক্ষিৰোদ শেনচোৱা, ৯ নং ৱাৰ্ডত কবিতা মেচ আৰু ১০ নং ৱাৰ্ডত জয়ন্ত বৰগোহাঁইক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ ডিমৌ পৌৰসভাৰ ৰ নং ৱাৰ্ডত গৌৰৱ গগৈ [অগপ] , ২ নং ৱাৰ্ডত নিজুমণি গগৈ, ৩ নং ৱাৰ্ডত অৰূপ ফুকন, ৪ নং ৱাৰ্ডত প্ৰণৱজ্যোতি কলিতা, ৫ নং ৱাৰ্ডত গুণদা ৰাজখোৱা দুৱৰী, ৬ নং ৱাৰ্ডত অজিত বৰগোহাঁই, ৭ নং ৱাৰ্ডত ৰাণু বৰগোহঁাই [অগপ], ৮ নং ৱাৰ্ডত অনামিকা বৰা চেতিয়া,৯ নং ৱাৰ্ডত আনন্দ মহন আৰু ১০ নং ৱাৰ্ডত প্লাৱিতা বৰুৱা গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ আনহাতে, আজি শিৱসাগৰ জিলা অসম গণ পৰিষদৰ দলৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকা তথা শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহঁায়ে আমগুৰি পৌৰসভাৰ নিৰ্বাচনত মিত্ৰদলৰ প্ৰাৰ্থিত্ব ঘোষণা কৰে৷ মুঠ ১০ টা ৱাৰ্ডৰ ভিতৰত পাঁচটা ৱাৰ্ড বিজেপি দলে আৰু পাঁচটা ৱাৰ্ড অগপ দলে ভগাই লৈছে৷ অগপৰ হাতলৈ যোৱা ৰ নং ৱাৰ্ডত মানসী বৰুৱা,৪ নং ৱাৰ্ডত ৰাতুল মহন্ত, প্ত নং ৱাৰ্ডত সংগীতা দাস, ৬ নং ৱাৰ্ডত ৰশ্মীৰেখা গগৈ আৰু ৯ নং ৱাৰ্ডত ৰঞ্জুমা ভৰালীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ বিজেপিৰ হাতলৈ যোৱা ২ নং ৱাৰ্ডত প্লাৱিতা হীৰা কলিতা, ৩ নং ৱাৰ্ডত দীজেন বৰুৱা, ৭ নং ৱাৰ্ডত ৰীণা দাস, ৮ নং ৱাৰ্ডত অমিত আগ্ৰৱালা আৰু ১০ নং ৱাৰ্ডত  অনামিকা নেওগক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷  ইফালে ৰাইজৰ দলৰ পৰা  ৰ নং ৱাডত আচফীয়া জামান আহমেদ, ২ নং ৱাডত জীয়াফ্ৰুল ইছলাম বড়া , ৩ নং ৱাৰ্ড তেহচিনা কৰীম, , ৪ নং ৱাৰ্ডত কৃষ্ণা দত্ত হুছেইন, ৫ নং ৱাৰ্ডটো মিত্ৰদলৰ প্ৰাথ¹ৰ বাবে এৰি দিয়া হৈছে যদিও বৰ্তমানলৈকে ৱাৰ্ডটোত কোন হ’ব মিত্ৰদলৰ প্ৰাথ¹ সেইয়া এতিয়াও নিশ্চিত হোৱা নাই৷ ৬ নং ৱাৰ্ডৰ বাবে প্ৰাক্তন পৌৰনেত্ৰী ৰূপা বড়া, ৭ নং ৱাডত মাণিক দাস, ৮ নং ৱাডত মমী বৰুৱা, ৯ নং ৱাডত বিশ্ব খনিকৰ, ১০ নং ৱাডত সংগীতা বৰুৱা, ১১ নং ৱাডত অজয় গগৈ, ১২ নং ৱাড নবাব জাহিদুল হক [দীপ], ১৩ নং ৱাৰ্ডত মাধুৰীমা সিংহ ভৰালী আৰু ১৪ নং ৱাৰ্ড গায়ত্ৰী ৰাজকোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ কংগ্ৰেছ দলৰ তৰফৰ পৰা ১৪ টা ৱাৰ্ডৰ ভিতৰত  ৮ টা ৱাৰ্ডত প্ৰাথ¹ প্ৰক্ষেপ কৰিছে যদিও বাকী ৬ টা ৱাৰ্ড মিত্ৰদলক এৰি দিছে৷ কংগ্ৰেছৰ হৈ  জিলা নিৰ্বাচনী অধ্যক্ষা ভাৰতী শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ৮ জনীয়া প্ৰাথ¹ৰ তালিকাখনত শিৱসাগৰ পৌৰসভাৰ ৰ  নং ৱাৰ্ডত আচফীয়া উল্লাহ, ৩ নং ৱাৰ্ডত মুস্তাক আহমেদ, ৬ নং ৱাৰ্ডত নিকুঞ্জ দত্ত, ৮ নং ৱাৰ্ডত জুৰী কলিতা,  ১১ নং ৱাৰ্ডত হীমামণি দাস, ১২ নং ৱাৰ্ডত ইমৰান উল্লাহ আৰু ১৪ নং ৱাৰ্ডত ৰঞ্জুমণি গগৈক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ কংগ্ৰেছে প্ৰকাশ কৰা প্ৰথমখন তালিকাত মিত্ৰদল অসম জাতীয় পৰিষদক প্ৰদান কৰা ৯ নং ৱাৰ্ডটোত পৰিষদে অনুপ ভট্টক প্ৰাথ¹ হিচাপে প্ৰক্ষেপ কৰিছে বুলি দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

নগাঁৱত অগপক মাত্ৰ চাৰিটা ৱাৰ্ড এৰি দিলে বিজেপিয়ে

‘আমাৰ অসমঃ পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে নগাঁও জিলাতো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকল ব্যাপক তৎপৰ হৈ পৰিছে৷ জিলাখনৰ নগাঁও পৌৰসভাৰ লগতে ধিং, কামপুৰ আৰু ৰহা পৌৰসভা নিবাৰ্চন অনুষ্ঠিত হ’ব৷ কাইলৈ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন নগাঁও পৌৰসভাৰ চ্ছখন আসনত বিজেপি আৰু অগপৰ মাজত বুজাবুজি হৈছে৷ সেই অনুসৰি, বিজেপিয়ে মিত্ৰদল অগপক ৪ খন আসন এৰি দিছে৷ বিজেপিয়ে ২২আসনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ নগাৱত অগপৰ শক্তিশালী স্থিতি থকাৰ পাছতো অগপক মাত্ৰ নগাঁও পৌৰসভাত ৪খন আসন এৰি দিয়াত অগপৰ মজিয়াত অসন্তুষ্টি বিৰাজ কৰাৰ কথা জানিব পৰা গৈছে৷ অৱশ্যে এই সন্দৰ্ভত কোনো অগপ নেতাই মুকলিকৈ একো কোৱা নাই৷ আজি বিজেপিয়ে ২২খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে৷ সেই অনুসৰি, অনুসূচিত জাতি মহিলাৰ বাবে সংৰক্ষিত ৰ নং মহলাত মল্লিকা সূত্ৰধৰ, মহিলাৰ বাবে সংৰক্ষিত ক্ৰমে ২ নং মহলাত বুলবুলি সাহা, ৩ নং মহলাত নৱস্মিতা মেধি বৰা, চ্ছ্ৰ নং মহলাত হেমা ঝাৱাৰ, ৬ নং মহলাত নিতুমণি বৰা, ১০ নং মহলাত বেদাশ্ৰী বৰঠাকুৰ, ১৯  নং মহলাত চিম্পি বৰা, ২৫ নং মহলাত  ছনিয়া দত্তক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ সকলোৰে বাবে মুকলি ক্ৰমে প্ত  নং মহলাত গজেন বৰা, জ্জ নং মহলাত অলক মণি ভট্টাচাৰ্য, জ্জ্ব নং মহলাত সীমান্ত বৰা,  জ্ঝ নং মহলাত অৰূপ বৰদলৈ ১১, ১২, ১৩, ১৪, ১৫, ১৬, ১৭, ১৮, ২২, ২৩, আৰু ২৪ নং মহলাৰ বাবে ক্ৰমে বিজয় গুপ্তা, জাকিৰ হুছেইন চৌধুৰী, মলয় বৰা, কিশোৰ দাস, স্ব›Ÿা লোধ, সুব্ৰত দত্ত, দ্বীপ লিগিৰা, গোপাল শইকীয়া আৰু অম্বিকা মজুমদাৰক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ২১ নং মহলাত শুভঙ্কৰ সূত্ৰধৰক বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে৷ বিজেপিয়ে অগপৰ বাবে ১৩, ১৫, ২০ আৰু ২৪ নম্বৰ মহলা এৰি দিছে৷ বাতৰি লিখা সময়লৈকে অগপৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱা নাই৷ ইপিনে জিলাখনৰ ১০খনকৈ আসনবিশিষ্ট কামপুৰ আৰু ৰহা পৌৰসভাত বিজেপিয়ে অগপক ৩খনকৈ আসন এৰি দিছে৷ এই দুখন পৌৰসভাৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিছে৷ আনহাতে, বাতৰি লিখা সময়লৈকে ধিং পৌৰসভাত অগপ-বিজেপি মাজত বুজাবুজি চূড়ান্ত হোৱা নাই৷ অৱশ্যে এই সন্দৰ্ভত আলোচনা চলি আছে৷

মৰিগাঁৱত অগপৰ ভাগত পৰিল মাত্ৰ দুখন আসন

‘আমাৰ অসমঃ মৰিগাঁও পৌৰসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে মৰিগাঁও পৌৰসভা দখলৰ বাবে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা৷ শাসকীয় বিজেপি দলে মিত্ৰদল অগপক ২খন আসন এৰি দিয়া পাছত বাকী জ্ঝখন আসনৰ বাবে শাসকীয় বিজেপি দলে প্ৰস্তুত কৰি তুলিছে ৰণকৌশল৷ ইতিমধ্যে শাসকীয় বিজেপি দলে জ্ঝখন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা ঘোষণা কৰিছে৷ আজি পুৱাই জিলা বিজেপিৰ সভাপতি প্ৰৱীণ মেধীয়ে জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা ঘোষণা কৰে৷ বিজেপি সভাপতি প্ৰৱীণ মেধীয়ে কয় আমি মিত্ৰদল অগপক বুজাবুজি মাজেৰে ২খন আসন এৰি দিছোঁ৷ বাকী জ্ঝখন আসনত আমাৰ দলে প্ৰাৰ্থিত্ব আগবঢ়াব আৰু আগন্তুক পৌৰসভাৰ নিৰ্বাচনত বিজেপি দলে মৰিগাঁও পৌৰসভা দখল কৰিব৷ বিজেপি দলৰ চৰকাৰৰ উন্নয়ন আৰু বিকাশৰ বাবে ৰাইজে পুনৰ বিজেপি দলকেই আঁকোৱালি ল’ব বুলি মন্তব্য কৰে৷ জিলা বিজেপিৰ সভাপতি মেধীয়ে প্ৰকাশ কৰা প্ৰাৰ্থিত্ব তালিকাখন হৈছে ৰনং ৱাৰ্ডত যোগেশ তামুলী, ৩ নং ৱাৰ্ডত হিমা দাস, ৪ নং ৱাৰ্ডত মমি কলিতা, ৫ নং ৱাৰ্ডত পিংকুমণি দাস, ৬ নং ৱাৰ্ডত মানসী দাস, ৭ নং ৱাৰ্ডত ৰিমি চুলতানা, ৮ নং ৱাৰ্ডত প্ৰৱীণ চন্দ্ৰ মেধী, ৯ নং ৱাৰ্ডত সুদক্ষীণা ডেকা আৰু ১০ নং ৱাৰ্ডত অৰ্চনা বৰদলৈ৷ বাকী ২ নং আৰু ১১ নং ৱাৰ্ড দুটা মিত্ৰদল অগপক এৰি দিয়া বুলি অৱগত কৰে৷ উল্লেখ্য যে, মৰিগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰাৰ পাছতেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত একাংশই বিজেপি দলৰ বিৰূদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয়৷