Logo
image

নেহৰুক দায় দিয়েই চলিছে মোদী! মৌনব্ৰত ভাঙি মনমোহন সিং

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দল ভাৰতীয় জনতা পাৰ্টীয়ে অৰ্থনীতি আৰু বৈদেশিক নীতি একোৱেই বুজি নাপায়৷ তেওঁলোকে মাথোঁ নেহৰুক দোষ দিব জানে৷’ এই মন্তব্য ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা ড॰ মনমোহন সিঙৰ৷ উল্লেখ্য যে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ বাবে শেহতীয়াকৈ দলৰ প্ৰচাৰ অভিযানত নামি পৰিছে ৮৯ বছৰীয়া কংগ্ৰেছ নেতাজনে৷ অৱশ্যে শাৰীৰিকভাৱে দুৰ্বল হৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ সিঙে বৃহস্পতিবাৰে ভাৰ্ছুৱেল মাধ্যমেৰে দলৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰে৷ ড॰ সিঙে দলৰ বাবে চলোৱা প্ৰচাৰ অভিযানৰ ভিডিঅ’ বাৰ্তাত বিজেপি দল তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তদুপৰি তেওঁ মোদী চৰকাৰৰ দুৰ্বল নীতি আৰু অৰ্থনৈতিক ব্যৰ্থতাক কঠোৰভাৱে সমালোচনা কৰে৷ ড॰ সিঙে কয়– ‘তেওঁলোকৰ [বিজেপি নেতৃত্বাধীন চৰকাৰ] অৰ্থনৈতিক নীতি সম্পৰ্কে কোনো ধাৰণাই নাই৷ এই চৰকাৰৰ দিনত ধনীসকল অধিক ধনী হৈছে আৰু দৰিদ্ৰসকল অধিক দৰিদ্ৰ হ’বলৈ গৈ আছে৷’ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে লগতে কয়– আমাৰ সীমান্তত এতিয়া চীনৰ আগ্ৰাসন চলিছে৷ কিন্তু এই বিষয়টোক গাপ দি ৰখা হৈছে৷ তদুপৰি তেওঁ ‘ৰাজনীতিবিদসকলে আলিংগন কৰি অথবা আমন্ত্ৰণ অবিহনেই বিৰিয়ানী খাবলৈ গ’লে সম্পৰ্কৰ উন্নতি নহয়’ বুলি মোদী চৰকাৰখনৰ বৈদেশিক নীতিক তাচিছল্য কৰে৷ স্মৰ্তব্য যে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ বৈদেশিক নীতিক সমালোচনা কৰি শেহতীয়াকৈ সংসদত সৰৱ হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ভাৰতৰ ভুল বৈদেশিক নীতিৰ বাবেই চীন আৰু পাকিস্তানৰ সম্পৰ্ক গাঢ় হৈ উঠিছে বুলি সংসদৰ মজিয়াত মন্তব্য কৰিছিল৷ বিষয়টো ভাৰতৰ বাবে অতি উদ্বেগজনক বুলি উল্লেখ কৰিছিল ৰাহুল গান্ধীয়ে৷ কিন্তু ৰাহুলৰ এই অভিযোগক খণ্ডন কৰিবলৈ গৈ বিজেপি সাংসদসকলে পাকিস্তান আৰু চীন ইণ্ডিৰা গান্ধীৰ শাসন কালৰ পৰাই ঘনিষ্ঠ বন্ধু আছিল বুলি সংসদত দাবী কৰে৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে পঞ্জাৱ বিধান সভাৰ নিৰ্বাচনৰ বাবে দলৰ প্ৰচাৰ অভিযানত নামি বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড॰ মনমোহন সিঙে নৰেন্দ্ৰ মোদী তথা তেওঁৰ চৰকাৰৰ দুৰ্বল বৈদেশিক নীতি আৰু অৰ্থনীতি সম্পৰ্কে মন্তব্য আগবঢ়ায়৷