Logo
image

গুজৰাট, মুম্বাই, দিল্লীতো হ’ব লাচিত জয়ন্তী

 ২৫ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত শুভাৰম্ভ কৰিব ৰাষ্ট্ৰপতিয়ে

আমাৰ অসম, ২১ফেব্ৰুৱাৰীঃ দিল্লী, মুম্বাই, গুজৰাটতো অনুষ্ঠিত কৰা হ’ব লাচিত বৰফুকনৰ জয়ন্তী৷ ২৫ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট˜পতি ৰামনাথ ক’বিন্দে মুকলি কৰিব লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বছৰজোৰা অনুষ্ঠান৷ লাচিত জয়ন্তীৰ এটা অনুষ্ঠান দিল্লীত অনুষ্ঠিত কৰা হ’ব৷ তাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিবলৈ আহ্বান জনাম৷ আন এটা অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব মুম্বাইত৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আহ্বান জনাম৷ আনহাতে, আন এটা অনুষ্ঠান গুজৰাটত অনুষ্ঠিত কৰা হ’ব৷ তাত উপস্থিত থাকিবৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক আহ্বান     জনাম৷ লাচিত বৰফুকনৰ ওপৰত এখন বিশ্বমানৰ তথ্যচিত্ৰ নিৰ্মাণ কৰা হ’ব৷ দেওবাৰে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী পালন কৰিব ২৫ ফেব্ৰুৱাৰীত৷ তদুপৰি আলবৈ ৰণৰ ৱাৰ মেম’ৰিয়েল আৰু যোৰহাটৰ লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰো আধাৰশিলা স্থাপন কৰিব ৰাষ্ট˜পতি ক’বিন্দে৷ কামৰূপৰ দদৰাত আলাবৈ ৰণৰ ৱাৰ মেম’ৰিয়েল আৰু যোৰহাটৰ লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰত ২২ বিঘা ভূমিত সমাধিক্ষেত্ৰৰো আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতি ক’বিন্দে৷ ২৬ ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ ল’ব ৰাষ্ট্ৰপতিজনে৷ বিয়লি কাজিৰঙালৈ যাব ৰাষ্ট্ৰপতি ক’বিন্দ৷ ৪ ফেব্ৰুৱাৰীত তেওঁ কাজিৰঙাৰ ইতিহাস সন্দৰ্ভত পৰ্যালোচনা কৰিব৷ বুঢ়ীদিহিং আৰু বেকীৰ  বান নিয়ন্ত্ৰণৰ বাবে কেবিনেটে বিশ্ব বেংকৰ অৰ্থসাহায্যৰে ৮০০ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনায়৷ মঙলদৈৰ দক্ষতা বিকাশ বিশ্ববিদ্যালয়খন এডিবিৰ অৰ্থসাহায্যৰে নিৰ্মাণ কৰিবলৈ ১০১৬ কোটি টকাৰ বিনিয়োগত অনুমোদন জনায়৷ এগ্ৰো ফৰেষ্টি˜ৰ অধীনত এতিয়াৰ পৰা আম, জামু, চন্দন, অগৰু, পনিয়ল, কঁঠাল, মধুৰীআম, শিমলু, কদম, তামোল, তাল, দেবদাৰু, শিৰিশ আদি মানুহৰ বাৰীত ৰোপণ কৰা গছ কাটিবলৈ এতিয়াৰে পৰা বন বিভাগৰ পৰা কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাথাকিব৷ ৰাজ্য চৰকাৰৰ অধীনৰ গ্ৰুপ এ, গ্ৰুপ বি পৰ্যায়ৰ সকলো  ৰাজপত্ৰিত বিষয়াৰ পদৰ নিযুক্তিৰ বাবে এতিয়াৰে পৰা অসম লোকসেৱা আয়োগে যুটীয়া পৰীক্ষা পাতি বাছনি কৰিব৷ পূৰ্বে অসম লোকসেৱা আয়োগে ২৮টা পদত নিযুক্তিৰ  বাবে বাছনি কৰিছিল৷ এতিয়া পুনৰ ৪৮টা পদত আয়োগে যুটীয়া পৰীক্ষা পাতি বাছনি কৰিব৷ নিযুক্তি আয়োগৰ বিধিতো আজি কেবিনেটে অনুমোদন জনায়৷ সেই মতে বিজ্ঞাপন প্ৰকাশ কৰি যিকোনো দিনতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে নিযুক্তি দিব পাৰিব৷ খনিজ পদাৰ্থৰ ক্ষেত্ৰত ই-নিলামৰ সুবিধাৰ বাবে মনোনয়নৰ ভিত্তিত লেন-দেন উপদেষ্টা হিচাপে এছ বি আই কেপিটেল মাৰ্কেটছ লিমিটেডৰ নিযুক্তিত অনুমোদন জনায় কেবিনেটে৷ চাহ বাগিছা অঞ্চলৰ চিকিৎসালয়সমূহত অত্যাৱশ্যকীয় বিনামূলীয়া ঔষধৰ উপলব্ধতা নিশ্চিতকৰণৰ ক্ষেত্ৰত ২০২১-২২ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন, অসমলৈ ‘বিনামূলীয়া ঔষধ আৰু ব্যৱহাৰযোগ্য আঁচনি’ ৰূপায়ণৰ বাবে ১৫৪ কোটি টকাত অনুমোদন জনায় কেবিনেটে৷