Logo
image

ইটানগৰত হিমন্তবিশ্ব, এই বছৰতে নিষ্পত্তি সীমা বিবাদ!

আমাৰ অসম, ২১ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভকামনা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধান হোৱাৰ পথ প্ৰশস্ত হৈছে৷ দুয়ো পক্ষই সমস্যা সমাধানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে৷ আৰু আলোচনা চলিব৷ এপ্ৰিলৰ পৰা অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে আনুষ্ঠানিক আলোচনা আৰম্ভ হ’ব৷ আমি আশা কৰিছোঁ যে এই বছৰৰ ভিতৰতে এই সমস্যাৰ সমাধান হ’ব৷– এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে অৰুণাচল প্ৰদেশ গঠনৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তথা ৰাজ্যৰ মৰ্যাদাপ্ৰাপ্তিৰ ৩৬সংখ্যক দিৱস উপলক্ষে অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ ইউপিয়াস্থিত গ’ল্ডেন জুব্‌লী আউটড’ৰ ষ্টেডিয়ামত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি এই মন্তব্য কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশবাসীক আন্তৰিক  শুভেচ্ছা জ্ঞাপন কৰে৷ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত একতা আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰাৰ বাবে অসম চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এপ্ৰিলৰ পৰা সীমা বিবাদ সমাধান সন্দৰ্ভত অসম আৰু অৰুণাচল চৰকাৰৰ মাজত হ’বলগা আলোচনাৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত এই বিষয়টো নিষ্পত্তিৰ বাবে আন্তৰিক প্ৰয়াস চলোৱা হ’ব৷ আলোচনাৰ মাধ্যমেৰে চলিত বছৰতে বহু পৰিমাণে সীমা বিবাদ সমস্যা সমাধান কৰাটো সম্ভৱ হৈ উঠিব বুলি ড॰ শৰ্মাই আশা প্ৰকাশ কৰি লগতে কয় যে মেঘালয়ৰ সৈতে সীমা বিবাদ মীমাংসা কৰাৰ বাবে দুয়োখন চৰকাৰে সৌহাদ্যপূৰ্ণ আৰু আন্তৰিকতাৰে আলোচনাত অগ্ৰসৰ হোৱাৰ ফলত ৬টা বিবদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ দিশত অগ্ৰসৰ হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তৰিকতাৰে প্ৰয়াস চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ অঞ্চলটোৱে আজি উন্নয়নৰ এক নতুন দিশেৰে অগ্ৰসৰ হ’বলৈ সক্ষম হৈছে৷ অৰুণাচল প্ৰদেশৰ বৰ্ণাঢ্য সাংস্কৃতিক জীৱনধাৰাই ৰাজ্যখনৰ বৈভৱশীল সাংস্কৃতিক সত্তাৰ পৰিচয় দাঙি ধৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি ৰাজ্যখনে ক্ষিপ্ৰ উন্নয়নৰ দিশেৰে গতি কৰিবলৈ সক্ষম হৈছে৷ অৰুণাচল প্ৰদেশৰ ইতিহাস অতি সমৃদ্ধ আৰু ইয়াৰ পুৰাতাত্বিক সমলসমূহেও ৰাজ্যখনৰ  বৈভৱশীল দিশ প্ৰকাশি আহিছে৷ অসম আৰু অৰুণাচলৰ মাজত এক সুগভীৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাই অৰুণাচলৰ সমাজ, ঐতিহ্য আৰু বৰ্ণাঢ্য সাংস্কৃতিক জীৱন শৈলীক সংগীতৰ মাধ্যমেৰে তুলি ধৰি সাংস্কৃতিক একতা আৰু মিলনৰ ঐক্যতান বোঁৱাই গৈছে৷ ইন্দিৰা মিৰি, আনন্দ প্ৰসাদ বৰঠাকুৰৰ দৰে কেইবাজনো নমস্য ব্যক্তিয়ে অৰুণাচলৰ শৈক্ষিক আৰু সমাজ জীৱনলৈ অনবদ্য বৰঙণি যোগোৱাৰ লগতে লুম্বেৰ দাই আৰু য়েছে দৰজে ঠংচিয়ে অসমীয়া সাহিত্য জগতলৈ অনবদ্য বৰঙণি আগবঢ়াইছে বুলিও তেওঁ কয়৷ দেশৰ বিকাশৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলে আজি সমানে খোজ পেলাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক ‘টীম নৰ্থ-ইষ্ট’ৰ নেতৃত্ব লৈ অঞ্চলটোক অধিক বিকশাই তোলাৰ বাবে কাম কৰি যাবলৈ আহ৩ান জনায়৷ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ [ড॰] বি ডি মিশ্ৰ [অৱসৰপ্ৰাপ্ত],  অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চৌনা মে, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাচাং দৰজে চোনা, তিনিজন প্ৰাক্তন মুখ্যমন্ত্ৰী,  সাংসদ, বিধায়ক তথা অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ লগতে পৰম্পৰাগত খেল-ধেমালি প্ৰদৰ্শন কৰা হয়৷

‘আমাৰ অসমঃ আজি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ ইউপিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰে৷ ৰাজ্যপাল বি ডি মিশ্ৰ আৰু মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে আজি এই পবিত্ৰ দিনত ৰাজ্যবাসীলৈ ধন্যবাদ জ্ঞাপন কৰে৷  ১৯৮৭ চনত স্বাধীনতাৰ মৰ্যাদা পোৱা ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমুখী পদক্ষেপে জনসাধাৰণৰ সমস্যাসমৃহ সমাধান কৰিবলৈ সক্ষম হৈছে বুলি আদৰণি ভাষণত মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে উল্লেখ কৰে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁ অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী বৰ্ষৰ লগতে ৩৬ সংখ্যক ৰাজ্যিক দিৱসত অংশগ্ৰহণ কৰিবলৈ পাই গৌৰৱান্বিত৷ মুখ্য অতিথিৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে,  দুয়োখন ৰাজ্যৰ জনসাধাৰণে অতীজৰে পৰা ঘনিষ্ঠ সম্পৰ্কৰ লগতে ভ্ৰাতৃত্ববোধৰ শক্তিশালী বান্ধোন বৰ্তাই ৰাখিছে৷ অসম-অৰুণাচলৰ সীমা সমস্যা দুয়ো ৰাজ্যই উভয়ৰে এই বৰ্ষৰ এপ্ৰিলত সীমান্ত অঞ্চলৰ বিবাদ দূৰীকৰণৰ লক্ষ্যৰে আলোচনাত মিলিত হ’ব আৰু আশা কৰোঁ যে এই বৰ্ষৰ ভিতৰতে আমি সৰ্বাধিক সংখ্যক সীমা বিবাদ সমাধান কৰিবলৈ সক্ষম হম৷ ইফালে, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰণ ৰিজিজুক ‘টীম নৰ্থ ইষ্ট’ৰ দলপতি হিচাপে উদ্যোগ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়৷ যাতে সমগ্ৰ দেশৰ বিকাশৰ বাটত উত্তৰ-পূবৰ বাবে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গ দৰ্শনত উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ অবিৰত যাত্ৰা অব্যাহত থকাৰ লগতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ বলিষ্ঠ নেতৃত্বত বিগত সময়ছোৱাত সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্য আৰু নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যক মূলধন হিচাপে লৈ ৰাজ্যখনে উল্লেখনীয় সফলতা লাভ কৰিছে৷