Logo
image

কাজিৰঙা চাবলৈও যাব ৰাষ্ট্ৰপতি

আমাৰ অসম, ২১ ফেব্ৰুৱাৰীঃ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ৷ ২৫ ফেব্ৰুৱাৰীৰ বিয়লি গুৱাহাটীত আহি উপস্থিত হ’ব ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ৷ চৰকাৰী সূত্ৰই জনোৱা মতে ২৫ ফেব্ৰুৱাৰীৰ বিয়লি গুৱাহাটীত উপস্থিত হ’বলগীয়া ৰাষ্ট্ৰপতি কবিন্দে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিশাটো কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত কটাব৷ জানিব পৰা মতে পিছদিনা ৰাষ্ট্ৰপতি কবিন্দে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰিব৷ সেইদিনাই তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবেও যোৱাৰ সম্ভাৱনা আছে৷ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন কাজিৰঙালৈ অহাৰ সম্ভাৱনালৈ চাই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বাট- পথ, অতিথিশালা, আলোচনা গৃহ আদিৰ মেৰামতিৰ কাম তীব্ৰ গতিত চলাই থকা দেখা গৈছে৷ বন বিভাগৰ সূত্ৰে জানিব পৰা মতে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল দৰ্শন কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ ৰাখি ইতিমধ্যে কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ অতিথি গৃহ, শতবৰ্ষ আলোচনা গৃহ আদিৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে৷ অন্যহাতে উক্ত বনাঞ্চলৰ অধীনত থকা দৰ্শন চূড়া, উদ্যানৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰা বাট - পথ, উদ্যানৰ মিহিমুখত থকা প্ৰবেশদ্বাৰ, পথৰ কাষত থকা বন শিবিৰ আদিৰো মেৰামতি চলি আছে৷ ইফালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চললৈ যোৱা পকী পথচোৱা আজিৰ পৰা লোক নিৰ্মাণ বিভাগে মেৰামতি আৰম্ভ কৰিছে৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল দৰ্শন কৰিবলৈ অৰ্থাৎ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মিহিমুখলৈ যোৱা পথটো আজিৰ পৰা লোক নিৰ্মাণ বিভাগে এক জাননী যোগে সকলো যান - বাহনৰ চলাচল বন্ধ কৰিছে৷ ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্ভাব্য ভ্ৰমণৰ প্ৰতি লক্ষ ৰাখি মেৰামতিৰ কামত যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ ৰাখি এই পথচোৱা বন্ধ কৰিছে৷ আজিৰ পৰা কহঁৰা বনাঞ্চল দৰ্শন কৰিবলৈ যোৱা পৰ্যটকে কহঁৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শলমৰা পথ আৰু লোখোৰাখনীয়া পথেৰে অহা - যোৱা কৰিব পাৰিব বুলি লোক নিৰ্মাণ বিভাগে জনাইছে৷ এই পথ আজিৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব৷ ইফালে কাজিৰঙাৰ বন বিষয়াই জানিবলৈ দিয়া মতে অহা ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ সম্ভাৱনা আছে যদিও এতিয়ালৈকে খাটাং হোৱা নাই৷ অহা ২৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ এটা দল কাজিৰঙাত উপস্থিত হৈ সকলো পৰিবেশ- পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছতহে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ চূড়ান্ত কৰা হব৷ অন্যহাতে ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণ সম্পৰ্কে আজি গুৱাহাটীত ৰাজ্যখনৰ মন্ত্ৰী, বিষয়া তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈধ অনুষ্ঠিত হৈছে বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য যদি ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ এইবাৰ কাজিৰঙালৈ আহে তেন্তে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত দ্বিতীয়জন ৰাষ্ট্ৰীপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ হব৷ কাৰণ ইয়াৰ পূৰ্বে ১৯৮১ চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰি ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল৷  উল্লেখ্য ইয়াৰ পিছত অৰ্থাৎ ১৯৮৩ চনত ভাৰতৰ উপ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাও উক্ত পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল৷ ইয়াৰ উপৰিও এতিয়ালৈকে দেশৰ প্ৰধান মন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সেনা প্ৰধানকে আদি কৰি দেশ-বিদেশৰ বহু ভি ভি আই পি’য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাত বিশ্বৰ সৰ্বাধিক সংখ্যক এটা খৰ্গ থকা গড়ঁৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে৷