যুদ্ধৰ আৱহত ইউক্ৰেইনত আবদ্ধ অসমৰ বহু শিক্ষাৰ্থী
কিয়েভ-দিল্লী বিমান ভাৰা ১ লাখলৈ বৃদ্ধি
আমাৰ অসম, ২২ ফেব্ৰুৱাৰীঃ যুদ্ধৰ কৰাল গ্ৰাসে ৰাছিয়া আৰু ইউক্ৰেইনক আৱৰি ধৰাত দুয়োখন দেশত পঢ়ি থকা ভাৰতীয় শিক্ষাৰ্থীসকল আৰু বিশেষকৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকল বিমোৰত পৰিছে৷ ঘাইকৈ ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিক আৰু শিক্ষাৰ্থীসকলক যথাসম্ভৱ সোনকালে দেশত্যাগ কৰিবলৈ কিয়েভত থকা ভাৰতীয় দূতাবাসে বিগত এপষেক¸ত দ্বিতীয়বাৰৰ বাবে পৰামৰ্শ দিয়াত দেশখনত পঢ়ি থকা শিক্ষাৰ্থী আৰু কৰ্মৰত লোকসকল বিবুধিত পৰিছে৷ ভাৰতীয় দূতাবাসৰ এই পৰামৰ্শৰ ফলত বিমোৰত পৰিছে দেশখনৰ বিভিন্ন চহৰত পঢ়ি থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকল৷ প্ৰসংগত, ইউক্ৰেইনৰ বিভিন্ন চহৰৰ শিক্ষানুষ্ঠানত অসমৰ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে৷ ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ হাজাৰোধিক ছাত্ৰ-ছাত্ৰী আছে দেশখনত৷ ৰাজধানী কিয়েভকে ধৰি ইউৰোপৰ দ্বিতীয় বৃহত্তম দেশখনত সৰু-বৰ চহৰৰ সংখ্যা ৪৫৯ খন, য’ৰ কেইবাখনো চহৰত আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আছে৷ শিক্ষাৰ ক্ষেত্ৰত থকা কেতবোৰ প্ৰয়োজনীয় সুবিধাজনক কাৰকৰ বাবে ইউক্ৰেইনত পঢ়িবলৈ যোৱা অসমৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিচেই নগন্য নহয়৷
শেহতীয়া যুদ্ধৰ আৱহত দেশখনত পঢ়ি থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকল বিমোৰত পৰাৰ কাৰণ মূলতঃ দুটা৷ প্ৰথমতে, ভাৰতীয় দূতাবাসে জৰুৰী কামত নথকা ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীক ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ আগবঢ়ালেও ভাৰত চৰকাৰে কাকো উদ্ধাৰ বা ‘ইভাকুৱেচন’ কৰাৰ সিদ্ধান্ত লোৱা নাই৷ ভাৰত চৰকাৰে কেৱল এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা ইউক্ৰেইন আৰু ভাৰতৰ মাজত বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ইপিনে, ভাৰত চৰকাৰে আৰু আমেৰিকা তথা পশ্চিম ইউৰোপৰ দেশৰ উপৰি মধ্যপ্ৰাচ্যৰ দেশসমূহেও তেওঁলোকৰ নাগৰিকৰ প্ৰতি অনুৰূপ পৰামৰ্শ আগবঢ়াইছে৷ ইয়াৰ ফলত বিমান পৰিবহন সংস্থাসমূহে ভাৰা সুযোগ বুজি অত্যধিকভাৱে বৃদ্ধি কৰিছে৷ এইমুহূৰ্তত ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা নতুন দিল্লীলৈ বিমানৰ ভাৰাই ৰ লাখ টকা স্পৰ্শ কৰিছে৷ এসপ্তাহমান পাছৰ টিকটৰ ‘ৱান-ৱেৰ মূল্যও এতিয়া ৬০ হাজাৰ টকাৰ অধিক৷ সেয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে ইমান ভাৰা খৰচ কৰি হঠাতে ঘৰলৈ উভতি অহাটো অসম্ভৱপ্ৰায় হৈ পৰিছে৷ফলত পৰোক্ষভাৱে হ’লেও ইউক্ৰেইনত আবদ্ধ হৈ পৰিছে শতাধিক অসমীয়া ছাত্ৰ-ছাত্ৰী৷ ইপিনে, ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে বাৰম্বাৰ ছাত্ৰ-ছাত্ৰী আৰু জৰুৰী কামত নথকা ভাৰতীয় নাগৰিকক ইউক্ৰেইন ত্যাগৰ পৰামৰ্শ দিছে আৰু আনহাতে মোদী চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে কৈছে, এতিয়াও ভাৰত চৰকাৰে ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকক ‘ইভাকুৱেচন’ অৰ্থাৎ উদ্ধাৰ কৰি অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকল বিমোৰত পৰাই স্বাভাৱিক৷
ভাৰতৰ, ঘাইকৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকল বিমোৰত পৰাৰ দ্বিতীয় কাৰণ হৈছে ভাৰতীয় সংবাদ মাধ্যমৰ যুদ্ধ সম্পৰ্কীয় ‘এডভাৰ্ছ’ বা প্ৰতিকূল বাতৰি পৰিৱেশন৷ ভাৰতীয় সংবাদ মাধ্যমে ঘাইকৈ উত্তৰ ভাৰতৰ হিন্দী বলয়ৰ দ্বাৰা প্ৰভাৱিত বৈদ্যুতিন সংবাদ মাধ্যমে যিদৰে ইউক্ৰেইন আৰু ৰাছিয়াৰ সম্ভাৱ্য যুদ্ধৰ বিষয়ে বাতৰি পৰিৱেশন কৰিছে সেই বাতৰিৰ সৈতে ‘গ্ৰাউণ্ড জিৰো’ অৰ্থাৎ ইউক্ৰেইনৰ পৰিস্থিতিৰ মুঠেই মিল নাই৷ আগশাৰীৰ ভাৰতীয় বৈদ্যুতিন সংবাদ মাধ্যমে যুদ্ধ-বিগ্ৰহৰ ভিডিঅ’, টেংক-যুদ্ধাস্ত্ৰ পৰিবহনৰ ভিন ভিন ভিডিঅ’ৰে সজাই এনেদৰে বাতৰি পৰিৱেশন কৰিছে যেন কাইলৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হ’ব৷ কোৱা বাহুল্য মাথোঁ এই সকলোবিলাক বাতৰিৰ ভিত্তি আমেৰিকা নেতৃত্বাধীন পশ্চিমীয়া সংবাদ মাধ্যম৷ অৱশ্যে ভাৰত আৰু এছিয়াৰ অধিকাংশ দেশত আমেৰিকা নেতৃত্বাধীন পশ্চিমীয়া সংবাদ মাধ্যমৰ বাতৰিয়ে অগ্ৰাধিকাৰ পায় আৰু প্ৰভাৱ বিস্তাৰ কৰে৷ এছিয়াত এইক্ষেত্ৰত ব্যতিক্ৰম কেৱল চীন৷ ভাৰতত সাম্প্ৰতিক কালত ৰাছিয়াৰ বক্তব্য থকা পোনপটীয়া বাতৰি প্ৰকাশ নহয়৷ ৰাছিয়াৰ বক্তব্যৰ বাতৰিও আহে আমেৰিকা নেতৃত্বাধীন সংবাদ মাধ্যমৰ পৰা৷ সম্প্ৰতি যুদ্ধৰ পৰিৱেশৰ বিষয়ে যিহেতু আমেৰিকাই সৰ্বাধিক প্ৰচাৰ চলাই আছে সেয়ে ভাৰতত সম্প্ৰচাৰিত আৰু প্ৰকাশিত বাতৰি সেইমতেই প্ৰস্তুত হৈছে৷ ৰাছিয়াৰ প্ৰত্যক্ষ বক্তব্য থকা আৰু ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি ভাৰতীয় সংবাদ মাধ্যমত এতিয়া শূন্য৷ এই যুদ্ধৰ বাতৰি দেখি ইউক্ৰেইনত পঢ়ি থকা সন্তানৰ পিতৃ-মাতৃ অসমত ভয়ংকৰভাৱে উদ্বিগ্ন হৈ পৰিছে৷ তেওঁলোকে নিজৰ সন্তানক যিকোনো উপায়ে উভতি আহিবলৈ প্ৰচণ্ড হেঁচা দিছে৷ তেনে পৰিস্থিতিত পৰি সোমবাৰে ইউক্ৰেইনত পঢ়ি থকা গোলাঘাটৰ যুৱক বিনায়ক শৰ্মা আহি ঘৰত উপস্থিত হৈছে৷ তেওঁ বুক’ভিনিয়ান ষ্টেট মেডিকেল ইউনিভাৰচিটীৰ এমবিবিএছ পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ৷ ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে আগবঢ়োৱা পৰামৰ্শৰ বাবেই তেওঁ ঘৰলৈ উভতি অহা বুলি উল্লেখ কৰে৷ আনহাতে দেশখনৰ আন আন চহৰত পঢ়ি থকা অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মতে ইউক্ৰেইনত মুঠেই যুদ্ধৰ পৰিৱেশ বিৰাজ কৰা নাই৷ প্ৰত্যেকখন চহৰতে সকলো শিক্ষানুষ্ঠানৰ শ্ৰেণীসমূহ নিয়মিতভাৱে চলি আছে৷ কেৱল ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা চহৰত নিৰ্দিষ্ট কিছুমান পাঠ্যক্ৰমৰ বাহিৰে বাকীবোৰ শ্ৰেণী অনলাইনত চলি আছে৷ অৰ্থাৎ অনলাইনত পাঠদানৰ কাৰণ সম্ভাৱ্য যুদ্ধ নহয়৷ মাথোঁ কেইদিনমান পূৰ্বে ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে উঝ’ৰড নেশ্বনেল ইউনিভাৰচিটীত পঢ়ি থকা অসমৰ তেজপুৰৰ এমবিবিএছ পাঠ্যক্ৰমৰ ছাত্ৰী প্ৰতীক্ষা গগৈয়ে ‘আমাৰ অসম’ত সবিশেষ লিখিছিল৷ তেওঁ জনাইছিল যে, তেওঁলোকৰ চহৰৰ প্ৰত্যেকখন শিক্ষানুষ্ঠান স্বাভাৱিকভাৱে চলি আছে৷ দোকান-পোহাৰো পূৰ্বৰ দৰেই খোলা৷ অস্বাভাৱিকতা একো নাই আৰু উত্তেজনাও নাই৷ ভাৰতীয় সংবাদ মাধ্যমে প্ৰকৃত পৰিস্থিতিৰ পৰিৱৰ্তে ইউক্ৰেইনত যুদ্ধৰ ভয়াৱহ পৰিৱেশ সৃষ্টি হোৱা বুলি কিয় বাতৰি সম্প্ৰচাৰ কৰিছে সেই লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল৷ উল্লেখ্য, সেই উঝ’ৰড চহৰত ৩৩ জনমান অসমীয়া ছাত্ৰ-ছাত্ৰী আছে৷ তেওঁলোকৰ কেইবাজনৰ সৈতে আজি এই সংবাদদাতাৰ টেলিফোনিক বাৰ্তালাপত প্ৰত্যেকেই দেশখনৰ পৰিস্থিতি অতি স্বাভাৱিক বুলি জনালে৷ তেওঁলোকে কোৱা মতে পৰিয়ালৰ অভিভাৱকৰ হেঁচাত পৰিহে তেওঁলোক ঘৰলৈ উভতি আহিবলগীয়া হ’ব পাৰে৷ শিক্ষানুষ্ঠানৰ শিক্ষক আৰু মেনেজমেণ্টে তেওঁলোকক উভতি আহিবলৈ পৰামৰ্শ দিয়া নাই, বৰং নিয়মিতভাৱে পাঠদান চলি থাকিব বুলিয়ে জনাইছে৷ অৱশ্যে প্ৰত্যেকেই কিয়েভস্থিত ভাৰতীয় দূতাবাসে কি নিৰ্দেশাৱলী প্ৰকাশ কৰে তাৰ প্ৰতি নিয়মিত চকু ৰাখি আছে৷ প্ৰকৃততে বিমানৰ ভাৰা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা বাবেই তেওঁলোকে এতিয়াই ইউক্ৰেইন এৰিব খোজা নাই৷ এগৰাকী ছাত্ৰীয়ে জনোৱা মতে পৰিয়ালৰ হেঁচাৰ বাবে হয়তো তেওঁলোক অহা মাৰ্চত ঘৰলৈ সাময়িকভাৱে উভতি আহিব৷ এতিয়া কেৱল ‘ৱান ৱে’ৰ ভাৰা কিয়েভৰ পৰা নতুন দিল্লীলৈ ৬০,০০০ পৰা ৰ লাখ টকালৈ বৃদ্ধি পাইছে৷ মাৰ্চৰ মাজভাগত ৩৫-৪৫ হাজাৰ টকাৰ ভিতৰত টিকট আছে৷ পৰিয়ালৰ আহ৩ান শুনি যদি আহিবই লগীয়া হয় তেন্তে মাৰ্চৰ মাজভাগতহে উঝ’ৰড চহৰৰ অসমীয়া একাংশ শিক্ষাৰ্থীয়ে সিদ্ধান্ত লৈছে৷ দেশখনৰ পৰিস্থিতি দেখি তেওঁলোকৰ যুদ্ধ হ’ব যেন নালাগে বুলি মত প্ৰকাশ কৰিলে টেলিফোনত বাৰ্তালাপ হোৱা প্ৰত্যেকজন অসমীয়া শিক্ষাৰ্থীয়ে৷ ভাৰতীয় সংবাদ মাধ্যমে ইউক্ৰেইনত ভাৰতীয় ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ পৰিছে বুলি বাতৰি পৰিৱেশন কৰিলেও তেওঁলোকে নিজকে দেশখনত যুদ্ধৰ আৱহত আবদ্ধ হৈ পৰা বুলি অনুভৱ কৰা নাই৷ অৱশ্যে যদিহে ভাৰত চৰকাৰে ‘ইভাকুৱেচন’ৰ ব্যৱস্থা কৰে আৰু ইউক্ৰেইনলৈ ভাৰতৰ পৰা বিমান প্ৰেৰণ কৰে তেন্তে তেওঁলোকে তেনে বিমানত উঠি ঘৰলৈ উভতি আহিবলৈ আপত্তি নকৰে৷
ইপিনে দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ফ্ৰান্সৰ ৰাষ্ট˜পতি ইমানুৱেল মেঁক্ৰৰ মাজত হোৱা প্ৰায় দুঘণ্টাজোৰা আলোচনাত পুটিন যুদ্ধবিৰতিত সন্মত হোৱা বুলি মেঁক্ৰৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে৷ সাম্প্ৰতিক পৰিস্থিতিৰ কূটনৈতিক সমাধানৰ বাবেও পুটিন আৰু মেঁক্ৰ সন্মত হৈছে৷ ইয়াৰ মাজতে পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত গুৰুত্বপূৰ্ণ সাক্ষাৎ অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু এনে আলোচনাৰ পৰিস্থিতি চলি থাকোতেই দেওবাৰে ৰাছিয়াই পুনৰ ইউক্ৰেইনৰ সীমান্তৰ কাষলৈ নিজৰ মিছাইল লান্সপেডসমূহ আগবঢ়াই নিয়া বুলি আমেৰিকাই দাবী কৰিছে৷ ইউক্ৰেইনৰ সীমান্তৰ বেলগোৰোড, ছোলটী, ভালয়ুকি ইত্যাদি চহৰত পুনৰ ৰাছিয়াই সেনাৰ সমাৱেশ ঘটাইছে বুলি মাক্সাৰ টেকন’লজিছৰ উপগ্ৰহ চিত্ৰ বিশে¡ষণ কৰি আমেৰিকাই এই দাবী কৰিছে৷ আমেৰিকাৰ মতে জো বাইডেনৰ সৈতে পুটিনৰ আলোচনা কেৱল আনুষ্ঠানিকতাহে, তাৰ আগে পিছে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰি অধিকাৰ কৰিবই৷