Logo
image

ট্ৰেজিক অভিলেখ! বিনা বেতনে কাগজ কলৰ ১০০ কৰ্মীৰ মৃত্যু

কত সহকৰ্মীৰ মৃত্যু হ’ল, কাৰ জীৱন...

আমাৰ অসম, ২২ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ ৬১ মাহ ধৰি দৰমহা বঞ্চিত এজনৰ পাছত এজনকৈ কাগজ কল কৰ্মচাৰীয়ে ধনৰ অভাৱত উন্নত চিকিৎসাৰ অবিহনে কৰুণ মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে৷ চৰকাৰৰ উদাসীন স্থিতিৰ বিপৰীতে অতি দুৰ্ভাগ্যজনকভাৱে কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰিলে৷ দেওবাৰে মনীন্দ্ৰ চন্দ্ৰ দাস নামৰ আন এজন কাগজ কল কৰ্মচাৰীৰ ৫৬ বছৰ   বয়সত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়৷ কাছাৰ কাগজ কলৰ মেকানিকেল বিভাগৰ কৰ্মচাৰীজনে দেওবাৰে সন্ধিয়া ৭.৩০ বজাত বৰাকৰ ভেলী হাস্পতালত মৃত্যুক সাৱটি লয়৷ বিগত ৬১ মাহে দৰমহা বন্ধ কৰি ৰাখি দৈনিক দীনতা, অমানৱিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি তথা চিকিৎসাৰ অভাৱত ইজনৰ পিছত সিজন কৰ্মচাৰীৰ মৃত্যুৰ পাছতো চৰকাৰে কোনোধৰণৰ দায়িত্ব প্ৰদৰ্শন কৰা নাই৷ বিশ্বৰ ইতিহাসত হিটলাৰৰ পাছত এনেধৰণৰ নজিৰবিহীন ঘটনা কোনো দেশতে সংঘটিত হোৱা নাই বুলিও আক্ষেপ প্ৰকাশ কৰিছে কাগজকলৰ কৰ্মচাৰী সমাজে৷ ভাৰতৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত মোদী চৰকাৰৰ শাসন কালত কাগজ কলৰ কৰ্মচাৰীক মানসিক নিৰ্যাতন চলাই কলংকিত অধ্যায়ৰ সূচনা কৰা বুলিও অভিযোগ কৰিছে৷ ২০১৪ পৰা ২০২২ লৈকে প্ৰায় জ্ঝ বছৰৰ ‘অমৃত কালত’ প্ৰাক্তন  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ৮৫জন আৰু বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতো ১৫জন কৰ্মীৰ অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছে৷ বিগত ২০২১ৰ ২৮ ছেপ্টেম্বৰত বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰে এক  চুক্তি সম্পাদিত কৰিছিল যদিও আজি পৰ্যন্ত ইয়াক কাৰ্যকৰী কৰা পৰিলক্ষিত হোৱা নাই৷ কাগজ কলত মৃত্যুৰ সংখ্যা শতক পুৰা কৰা হ’ল যদিও  জীয়াই থকা কৰ্মচাৰীসকলেও মৃত্যুৰ ক্ষণ গণি থকা বুলি উল্লেখ কৰি কাগজ কল কৰ্মী সন্থাৰ নেতা মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে৷

আমি মৃত্যুৰ ক্ষণ গণি আছোঁ, প্ৰধানমন্ত্ৰীক ধন্যবাদ

আমাৰ অসমঃ হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ নগাঁও কাগজ কলৰ আৰু এজন কৰ্মচাৰীয়ে বিনা চিকিৎসাই প্ৰাণ হেৰুৱালে৷ ২০ ফেব্ৰুৱাৰীত জাগীৰোডস্থিত নগাঁও কাগজ কলৰ ৫৬ বছৰীয়া কৰ্মচাৰী মনিন্দ্ৰ কুমাৰ দাসৰ মৃত্যু হয়৷ ইয়াকে লৈ কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যাই শতকৰ ঘৰ স্পৰ্শ কৰিলে৷ বিগত ৬১ মাহে দৰমহা বন্ধ হৈ থকাত কৰ্মচাৰীজনে তীব্ৰ আৰ্থিক দৈন্যত ভুগি আছিল৷ আৰ্থিক দীনতাত, অমাণবিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি অসুস্থতাত পৰিও চিকিৎসাৰ অভাৱত ইজনৰ পাছত সিজন কৰ্মচাৰীয়ে মৃত্যুমুখত পৰা কাৰ্যৰ বাবে চৰকাৰক ধিক্কাৰ দিছে কাগজ কল কৰ্মচাৰীৰ ঐক্যমঞ্চ জাক্ৰুয়ে৷ ইয়াৰ পাছতো চৰকাৰে কোনোধৰণৰ দায়িত্বশীল মনোভাৱ দেখুওৱা নাই বুলি অভিযোগ কৰে সংগঠনটোৱে৷ জাক্ৰুয়ে এই দুখ¸জনক ঘটনা বিশ্বৰ ইতিহাসতে বিৰল বুলি অভিহিত কৰি ইতিহাসত হিটলাৰৰ পাছত এনেকুৱা নজিৰবিহীন ঘটনা কোনো দেশতে সংঘটিত হোৱা নাই কয়৷ ভাৰতৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত চৰকাৰৰ দ্বাৰা পৰিচালিত, নিয়ন্ত্ৰিত সংস্থাত এনেধৰণৰ অমানুষিক নিৰ্যাতন ভাৰতবৰ্ষৰ সংবিধান দ্বাৰা অৰ্জিত সকলো মানৱাধিকাৰ উলংঘনৰ এক নতুন নজিৰবিহীন ইতিহাস সৃষ্টি হৈছে অৰ্থাৎ মোদী চৰকাৰৰ শাসন কালত এনেকুৱা কলংকিত অধ্যায় লিপিবদ্ধ হৈয়ে থাকিব৷ ২০১৪  পৰা ২০২২ লৈকে প্ৰায় ৯ বছৰৰ ‘অমৃত কালত’ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ডবল ইঞ্জিনৰ চৰকাৰ, এইতো সত্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যৰত অৱস্থাত ৮৫জন আৰু বৰ্তমান মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতো ১৫জন কৰ্মীৰ অকাল মৃত্যুক সাবটি ল’ব লগা হৈছে, আৰু এই মৃত্যু শতকৰ দায়িত্বভাৰ ডাবল ইঞ্জিন চৰকাৰৰ কৰ্ণধাৰ সকলে ল’ব লাগিব বুলি জাক্ৰুয়ে কয়৷ কোৱা বাহুল্য যে, বিগত ২৮ছেপ্টেম্বৰ ২০২১ত বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰে এক ত্ৰাণ চুক্তি সম্পাদিত কৰিছিল যদিও আজিপৰ্যন্ত ইয়াক কাৰ্যকৰী কৰা পৰিলক্ষিত হোৱা নাই গতিকে আৰু কিমানজনৰ মৃত্যু হ’ব তাক কোৱা কঠিন৷ কাগজ কলত মৃত্যুৰ সংখ্যা শতকৰ ঘৰ পোৱাৰ পাছত বাচি থকা খিনিও মৃত্যুৰ ক্ষণ গণি আছে, তাৰ বাবে আমি জাকৰুৱে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ৷ এই মৃত্যু যাত্ৰা শেষ নোহোৱালৈকে অধিকাৰ আদায়ৰ যুঁজ অব্যাহত থাকিব, ‘অত্যাচাৰী’ৰ পতন অনিবাৰ্য, সেই আন্দোলন চলিছে আৰু চলিব৷