Logo
image

অসমীয়াৰ পেইন কিলাৰ বহু দেশলৈ ৰপ্তানি

আমাৰ অসম, ২২ফেব্ৰুৱাৰীঃ অসমৰ বিজ্ঞানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীয়ে সমাদৰ লাভ কৰিছে দেশে-বিদেশে৷ অসমীয়া বিজ্ঞানীৰ সামগ্ৰীয়ে বিশ্বৰ বজাৰ দখল কৰিবলৈ আগবাঢ়িছে৷ অসমবাসীক এই সুখৰ খবৰ দিছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই৷ উল্লেখ্য,  দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ঘৰুৱাভাৱে উৎপাদিত ৭৫ বিধ নতুন সামগ্ৰী বিদেশৰ বজাৰলৈ ৰপ্তানিৰ সিদ্ধান্ত লৈছিল নৰেন্দ্ৰ মোদী চৰকাৰে৷ দেশৰ বিভিন্ন প্ৰান্তত নিৰ্মিত যি ৭৫বিধ সামগ্ৰী মোদী চৰকাৰে বিদেশলৈ ৰপ্তানি সিদ্ধান্ত লয়, তাত স্থান লাভ কৰে অসমৰ এজন বিজ্ঞানীয়ে প্ৰস্তুত কৰা এবিধ ভেষজ বিষ উপশমকাৰী মলম৷ নাম ‘হাৰ্বজয়ণ্ট প্লাছ’৷ এইবিধ মলমৰ প্ৰস্তুতকৰ্তা বৰদলৈ বায়’টেক নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষৰ গুৰুদায়িত্ব বহন কৰিছে অসম সন্তান ড॰ বিনয় বৰদলৈয়ে৷ প্ৰকৃততে এইবিধ মলম প্ৰস্তুতকৰণৰ মূল আৰ্হি প্ৰস্তুত কৰিছে বিনয় বৰদলৈয়ে৷ উল্লেখ্য, বহিঃৰাষ্ট˜ৰ পৰা আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰিবলৈ হ’লে কোনো এবিধ সামগ্ৰী বিভিন্ন পৰ্যায়ৰ প্ৰায় ১১টা জটিল পৰীক্ষা-নিৰীক্ষাৰ অৱতীৰ্ণ হ’ব লাগে৷ এইসমূহ সুকলমে অতিক্ৰম কৰাৰ পাছতহে ভাৰত বা আন ঠাইৰ পৰা যোৱা সামগ্ৰী আমেৰিকাৰ বজাৰত বিক্ৰীৰ অনুমতি লাভ কৰে৷ বিনয় বৰদলৈৰ হাৰ্বজয়ণ্ট প্লাছে এই সকলো পৰীক্ষা-নিৰীক্ষা অতিক্ৰমি ইতিমধ্যে আমেৰিকাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ ২০০২ চনৰ পৰা ২০১০ চনলৈ জনছন এণ্ড জনছন কোম্পানীত মুখ্য বিজ্ঞানী হিচাপে কৰ্মৰত অসম সন্তান ড॰ বৰদলৈ ইয়াৰ পূৰ্বে বিশ্বৰ বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানত বিজ্ঞানী আছিল৷ বিষ উপশমকাৰী ফলপ্ৰদ ‘পেইন কিলাৰ’ হিচাপে ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰা ‘হাৰ্বজয়ণ্ট প্লাছ’ৰ সাফল্যক লৈ সোমবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ হেণ্ডেলত উচ্ছ প্ৰশংসা কৰে৷ ভেষজ বিষ উপশমকাৰী মলমৰ প্ৰস্তুতকৰ্তা অসম সন্তান তথা আমেৰিকাৰ বৈজ্ঞানিক বিনয় বৰদলৈক মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অভিনন্দনো জনায়৷