Logo
image

২০০০ নহয়, এশ টকা লওঁতেই বাঘৰ দৰে জঁপিয়াই পৰিল আৰক্ষী

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ মাথোঁ ১০০ টকাৰ ভেঁটী লৈছিল শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ নিম্নবৰ্গৰ সহায়ক ভূপেন বৰাই৷ সেই অভিযোগতে ভূপেন বৰাৰ ওপৰত জঁপিয়াই পৰিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ আৰক্ষী৷ তেওঁৰ ভাৰাঘৰতো চলিল আৰক্ষী বাহিনীৰ নিশ্চিদ্ৰ তালাচী৷ এই তালাচীত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ আৰক্ষী বাহিনীয়ে ভূপেন বৰাৰ ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰিলে নগদ ডেৰশ টকা আৰু ৩খন বেংকৰ পাছবুক৷ এই সম্পত্তিও তালাচী চলোৱা আৰক্ষী বাহিনীয়ে জব্দ কৰিলে৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ অভিযানকাৰী আৰক্ষী দলটোৱে অভিযুক্ত ভূপেন বৰাক লগত লৈ গুৱাহাটীলৈ আহিছে আৰু আহোঁতে নিজ বিহগুৰিত ভূপেন বৰাৰ বাসগৃহতো ব্যাপক তালাচী অভিযান চলায়৷ এই অভিযানৰ সমগ্ৰ ঘটনালানি মঙলবাৰৰ দিনটোত ৰাজ্যৰ সকলো টেলিভিশ্বন চেনেল তথা পৰ্টেলত সম্প্ৰচাৰ হয়৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এই বৃহৎ অভিযান আৰু তাৰ ফলাফলক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

১০০ টকাৰ উৎকোচ লোৱা এজন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বৃহৎ এটা বিভাগৰ অভিযান, তালাচী আৰু তালাচীত কৰ্মচাৰীজনৰ ঘৰত ওলোৱা ১৫০ টকাৰ বিষয়টোৱে স্বাভাৱিকতে বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ মাথোঁ কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ঘোষণা কৰি কৈছিল– ২০০০ টকা ঘোচ ল’লেই তেওঁ তেনে ঘটনাত জঁপিয়াই পৰিব৷ মুখ্যমন্ত্ৰীয়ে এখন দুৰ্নীতিমুক্ত অসম আৰু উৎকোচবিহীন প্ৰশাসন গঢ়িবলৈ চেষ্টা কৰিছে৷ আইনৰ দিশৰ পৰা ২০০০ টকা উৎকোচ লোৱাও অপৰাধ আৰু ১০০ টকাৰ উৎকোচো সমানেই অপৰাধ৷ কিন্তু মাহটোৰ আধা দিন যোৱাৰ সময়ত যাৰ ঘৰত ডেৰশ টকা থাকে, যিসময়ত দুই কিলোগ্ৰাম পিঁয়াজ কিনিলেই ভূপেন বৰাই উৎকোচ লোৱা পৰিমাণৰ ধনৰ আৱশ্যক হয়, তেনে ক্ষেত্ৰত এই ঘটনাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ দৰে এটা বিশাল আৰু গুৰুত্বপূৰ্ণ বিভাগ জঁপিয়াই পৰা কিমান সমিচীন, কিমান যুক্তিযুক্ত৷ সেই বিতৰ্কও সমানে আৰম্ভ হৈছে৷ যিসময়ত গুৱাহাটীৰ মাজ মজিয়াত থকা ৰে’ল বিভাগৰ মহামূল্যবান ভূমি ৰাজ্যৰ বাহিৰৰ বেপাৰীক পানীৰ দামত দিওঁতেও চৰকাৰখনৰ লৰচৰ নাই, কোনো প্ৰতিৰোধ বা আপত্তি নাই, সেই সময়ত ১০০ টকাৰ ভেঁটী লোৱা চৰকাৰী কৰ্মচাৰীক গুৱাহাটীৰ পৰা গৈ গ্ৰেপ্তাৰ কৰাৰ ঘটনাই বহুতকে হাঁহিৰ খোৰাকো যোগাইছে৷ ভূপেন বৰাক গুৱাহাটীৰ পৰা যোৱা দলটোৱে কটকটীয়া নিৰাপত্তাবেষ্টনীৰে গুৱাহাটীলৈ লৈ আনিছে৷ তেওঁক এই অপৰাধৰ বাবে বিভাগটোৱে জেৰা কৰিব৷ ভূপেন বৰাৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ খবৰ দিছিল একেটা বিভাগৰে এমপিডব্লিউ কৰ্মচাৰী দ্বীপেন দাসে৷ অভিযোগ উঠিছে, স্বয়ং দ্বীপেন দাসো কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত নাথাকে৷ তেনে এজন কৰ্মচাৰীয়ে দিয়া অভিযোগৰ পম খেদি গৈ চৰকাৰী বাহিনীটোৱে অভিযুক্তৰ ৰা উদ্ধাৰ কৰা ধনৰ পৰিমাণতকৈ পৰিশ্ৰম অধিক হোৱা বুলি চৰ্চা হৈছে৷ একেখন ৰাজ্যতে কোটি কোটি চৰকাৰী ধন সৰকাই যিসকলে অট্টালিকা সাজিছে, তেনে লোকৰ বিৰুদ্ধে অভিযান চলাবলৈ এনে বিভাগৰ সাহে নুকুলাই কিয় বুলিও অনেকে প্ৰশ্ন কৰিছে৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযান হাঁহৰ ওপৰত শিয়াল ৰজা হোৱাৰ দৰে কাৰবাৰ বুলিও বহুলোকে কটাক্ষ কৰিছে৷