Logo
image

যোৱা বছৰৰ জানুৱাৰীতকৈ এই জানুৱাৰীত অপৰাধ কমিল

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দুটাকৈ গুলীচালনাৰ ঘটনাই গুৱাহাটীবাসীক আতংকিত কৰি ৰাখিলেও  মহানগৰীত পূৰ্বৰ তুলনাত অপৰাধজনিত ঘটনা হ্ৰাস পোৱা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে৷ বিগত বৰ্ষৰ জানুৱাৰী মাহৰ তুলনাত চলিত বৰ্ষৰ জানুৱাৰী মাহত ৩০ শতাংশ অপৰাধজনিত ঘটনা হ্ৰাস পোৱাৰ তথ্য সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ব্যৱসায়ী অৱদেশ যাদৱৰ হত্যাকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়–অৱদেশ যাদৱৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে৷ শীঘ্ৰে হত্যাকাৰী গ্ৰেপ্তাৰ হ’ব৷ মহানগৰীত পূৰ্বৰ তুলনাত নাগৰিকে এতিয়া সুৰক্ষিত অনুভৱ কৰিবলৈ লৈছে৷ যেতিয়া অপৰাধ সংঘটিত হোৱাৰ  লগে লগে অপৰাধীক গ্ৰেপ্তাৰ কৰা হয়, তেতিয়াই ৰাইজে সুৰক্ষিত অনুভৱ কৰে৷ বিগত ৯ মাহত যিসমূহ অপৰাধজনিত ঘটনা সংঘটিত হৈছে, সকলো ঘটনাৰ অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হৈছে৷ এটা সময়ত বেয়া কাম কৰা মানুহ নোহোৱা হৈ যায়৷ বিগত বৰ্ষৰ জানুৱাৰী মাহত যিমান অপৰাধৰ ঘটনা সংঘটিত হৈছিল, এই বছৰত জানুৱাৰী মাহত ৩০ শতাংশ কমিছে৷ এটা সময়ত অপৰাধৰ ঘটনাও নোহোৱা হৈ পৰিব৷ অৱশ্যে ইয়াৰ বাবে এটা দুটা বছৰ লাগিব৷’ উল্লেখ্য, মুখ্যমন্ত্ৰী শৰ্মাই বিগত বৰ্ষৰ জানুৱাৰী মাহৰ তুলনাত অপৰাধজনিত ঘটনা হ্ৰাস পোৱাৰ ইংগিত দিয়াত সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ত যে অপৰাধজনিত ঘটনা বৃদ্ধি পাইছিল ইয়াকে সূচাইছে৷