Logo
image

হাতীত উঠিব ৰাষ্ট্ৰপতি, কাজিৰঙা বন্ধ

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ  ফাইভ বিগ অৰ্থাৎ গঁড়, হাতী, এছীয় ম’হ, ঢেঁকীয়াপতীয়া বাঘ আৰু দুষ্প্ৰাপ্য দল হৰিণ একেলগে থকা একমাত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত দুদিনীয়া বিভিন্ন ভ্ৰমণসূচীৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দ উপস্থিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ভাৰতৰ ৰাষ্ট্ৰপতি পি ভি নৰসিনহা ৰাও আৰু প্ৰতিভা দেবিসিং পাতিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছিল সেই অনুযায়ী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষ আৰু প্ৰশাসনে যাৱতীয় ব্যৱস্থা কৰিছিল যদিও অৱশেষত নিৰাপত্তাজনিত কাৰণত দুজন ৰাষ্ট্ৰপতিৰ ভ্ৰমণ বাতিল কৰিবলগা হৈছিল৷ অৱশ্যে ১০৮১চনৰ জানুৱাৰী মাহত ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল৷ সুদীৰ্ঘ ৪১ বছৰৰ মূৰত দেশৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি কাজিৰঙালৈ আগমন ঘটাক লৈ বৰ্তমান সাংঘাতিক ব্যস্ত হৈ পৰিছে উদ্যান কত্তৃৰ্পক্ষ৷ ৰাষ্ট্ৰপ্ৰধানজনে  ২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি উক্ত দিনাই হেলিকপ্টাৰে কাজিৰঙাত উপস্থিত হ’ব৷ কিন্তু ৰাষ্ট্ৰপতিজনৰ হেলিকপ্টাৰ ক’ত অৱতৰণ কৰিব এতিয়ালৈকে থিৰাং হোৱা নাই৷ জানিব পৰা মতে, উক্তদিনা ৰাষ্ট্ৰপতিজনে পৰিয়ালৰ সৈতে কাজিৰঙাত উপস্থিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিব৷ ৰাষ্ট্ৰপতিয়ে এখন খোলা জীপছী গাড়ীত উঠি গৈ ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অতি আকৰ্ষণীয় স্থান ডুঙা দৰ্শন চূড়াৰ পৰা অৰ্থাৎ য’ত প্ৰকাণ্ড প্ৰকাণ্ড চিতল মাছে দিনে-নিশাই লুটি-বাগৰ মাৰি থকা দৃশ্য উপভোগ কৰিব৷ ইয়াৰ পাছত বাগৰি বনাঞ্চলৰ আন এলেকাত জীপ ছাফাৰী কৰিব৷ ৰাষ্ট্ৰপতিয়ে উঠি চাবলগা বাগৰি বনাঞ্চলৰ ডুঙা দৰ্শন চূড়া ইতিমধ্যে নতুনকৈ নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ বাট-পথবোৰ মেৰামতি কৰি থকা হৈছে৷ উল্লেখ্য যে, কাজিৰঙালৈ ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সকলো কাম কোনো খুঁত নৰখাকৈ ৰখাৰ বাবে ইতিমধ্যে ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদবৰ নিৰ্দেশনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত কাজিৰঙা আৰু বোকাখাতৰ দুজন জ্যেষ্ঠ সাংবাদিকৰ লগতে নিৰ্বাচিত বন বিষয়াকলৈ ১০জনীয়া সমিতি গঠন কৰা হৈছে৷ ইফালে বাগৰি আৰু কহঁৰাৰ মিহিমুখৰ কাৰ্য তদাৰক কৰিবলৈ উপ-বন সংৰক্ষক খৰ্গ মোহন ডেকাৰজা আৰু প্ৰদীপ কুমাৰ বাৰ্মাৰ নেতৃত্বত পৃথকে ৯জনীয়া দুখন সমিতি গঠন কৰা হৈছে৷ অন্যহাতে, সূত্ৰ এটাই জানিবলৈ দিয়া মতে, ২৬ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল ভ্ৰমণ কৰাৰ পাছত সন্ধিয়া কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত এক প্ৰদৰ্শনী দৰ্শন কৰিব ৰাষ্ট্ৰপ্ৰধানজনে৷ সংৰক্ষণৰ দিশত সফলতাৰে শতবৰ্ষ গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ইতিহাস তথ্য, চিত্ৰ আদিৰ দ্বাৰা প্ৰদৰ্শনীৰ যোগেদি দৰ্শন কৰাৰ চেষ্টা কৰা হ’ব৷ ইয়াৰ উপৰিও কাজিৰঙাত মৃত্যু হোৱা গঁড়ৰ খৰ্গ, প্ৰকাণ্ড হাতী দাঁত আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব৷  প্ৰদৰ্শনীৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিড’ৰৰ ওপৰেদি নিৰ্মাণ কৰিবলগা উৰণীয়া সেতুৰ প্ৰাক্‌কলনৰ সচিত্ৰ উপস্থাপন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে কিছু কথাও ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰা হব৷ পিছদিনা অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৰাষ্ট্ৰপ্ৰধানজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত হাতীৰ পিঠিত উঠি অৰ্থাৎ এলিফেণ্ট ছাফাৰী কৰিব বুলিও জানিব পৰা গৈছে৷

২৬-২৭ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে উদ্যান বন্ধ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে দেশৰ ৰাষ্ট্ৰপ্ৰধান ৰাম নাথ কবিন্দ পৰিয়ালৰ সৈতে কাজিৰঙাত উপস্থিত হ’ব৷ কাজিৰঙাত ৰাত্ৰিযাপন কৰি বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু এলিফেণ্ট ছাফাৰী কৰিব৷ যাৰ কাৰণে ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত আন পৰ্যটকৰ কাৰণে উদ্যান কত্তৃৰ্পক্ষই বন্ধ ঘোষণা কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই এক নিৰ্দেশযোগে জানিবলৈ দিয়া মতে, ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দে ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী আৰু পিছদিনা অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীত কহঁৰা বনাঞ্চলৰ মিহিমুখত এলিফেণ্ট ছাফাৰী কৰিব৷ ৰাষ্ট্ৰপ্ৰধানজনৰ নিৰাপত্তা তথা উদ্যান ভ্ৰমণত যাতে বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ২৬ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা পিছদিনা অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীৰ আগবেলাপৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত আন পৰ্যটকৰ কাৰণে জীপ আৰু এলিফেণ্ট ছাফাৰী দুয়োটাই বন্ধ থাকিব৷ অন্যহাতে, বন সংমণ্ডল বিষয়াজনে আৰু জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চল পূৰ্বৰ দৰেই পৰ্যটকৰ বাবে খোলা থাকিব৷ পৰ্যটকে কহঁৰা আৰু বাগৰি বনাঞ্চলৰ বাদে বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চল দৰ্শন কৰিব পাৰিব৷  পৰ্যটকৰ সৈতে জড়িত সকলো প্ৰতিষ্ঠান, ব্যৱসায়ী, ব্যক্তি আদিক এইক্ষেত্ৰত সহায়- সহযোগ আগবঢ়াবলৈ উদ্যান কতৃৰ্পক্ষই আহ্বান জনাইছে৷

বোকাখাতৰ পৰা স্থলপথেৰে যাব কাজিৰঙালৈ

২৬, ২৭ ফেব্ৰুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাজিৰঙা আগমনক লৈ ব্যস্ত হৈ পৰিছে বোকাখাত গোলাঘাট জিলা প্ৰশাসন৷ তেজপুৰৰ পৰা হেলিকপ্টাৰত আহি ৰাষ্ট্ৰপতিয়ে অৱতৰণ কৰিব বোকাখাত ৰাজহুৱা খেলপথাৰত৷ যাৰ বাবে খেলপথাৰত ৩খন হেলিপেড নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে৷ বুধবাৰৰ ভিতৰত প্ৰশাসনক হেলিপেড ৩খন হস্তান্তৰিত কৰিব৷ বোকাখাতৰ পৰা কঁহৰালৈ ৰাষ্ট্ৰপতিজন গাড়ীৰে যাব বাবে পথ মেৰামতিৰ কাম পূৰ্ণগতিত চলি আছে৷ হেলিপেড ৩খনৰ নিৰাপত্তাৰ দিশটো গোলাঘাটৰ আৰক্ষী অধীক্ষকে নিজাকৈ চোৱাচিটা কৰিব৷ ইতিমধ্যে গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেড নিৰ্মাণৰ কাম নিৰীক্ষণ কৰে৷ সম্পূৰ্ণ চৰকাৰী ভ্ৰমণ যদিও ব্যক্তিগতভাৱেহে কাজিৰঙা ভ্ৰমণলৈ আহিছে দেশৰ মুৰব্বীজন৷ ২৬ ফেব্ৰুৱাৰীত হেলিকপ্টাৰেৰে বোকাখাত ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰি গাড়ীৰে কহঁৰাৰ আইঅৰা ৰিজৰ্টত জিৰণি লৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বিয়লি কাজিৰঙাৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিব ৰাষ্ট্ৰপতিয়ে৷ তাৰ পাছতেই শতবৰ্ষ ভৱনত বন বিভাগে প্ৰস্তুত কৰা কাজিৰঙাৰ ডকুমেণ্টৰি উপভোগ কৰি নিশা আইঅৰা ৰিজৰ্টত যাপন কৰি পুৱা কহঁৰাৰ মিহিমুখত হাতী ছাফাৰী কৰিব৷ পুনৰ আইঅৰা ৰিজৰ্টত পুৱাৰ আহাৰ গ্ৰহণ কৰি পুনৰ গাড়ীৰে বোকাখাতলৈ আহি পুনৰ গুৱাহাটীলৈ উৰা মাৰিব৷ ৰাষ্ট্ৰপতিৰ লগত সংগ দিব ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে৷ ইফালে আজিৰ পৰা ৰাজ্য চৰকাৰৰ হৈ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ তদাৰক কৰিব মন্ত্ৰী অতুল বৰাই৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কহঁৰা আৰু বাগৰি বনাঞ্চল টুৰিষ্টৰ বাবে বন্ধ ঘোষণা কৰিছে৷ আজি এ ডি জি পি, জি পি সিং আৰু গোলাঘাটৰ উপায়ুক্তই হেলিপেড নিৰ্মাণস্থলী পৰিদৰ্শন কৰে৷