Logo
image

যাদৱ বংশৰ ধবংসৰ আঁৰত কোন?

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ সৰ্বসাধাৰণ নাগৰিকৰ বাবে চৰম নিৰাপত্তাহীন যেন হৈ পৰিছে গুৱাহাটী মহানগৰী৷ ফুট গধূলিতে মহানগৰীৰ মাজমজিয়াত আততায়ীয়ে গুলীয়াই হত্যা কৰিছে ব্যৱসায়ীক৷ ফাঁচী বজাৰৰ ব্যৱসায়ী অৱদেশ যাদৱক মহানগৰীৰ ছাত্ৰীবাৰীস্থিত নিজৰ ফ্লেটৰ সন্মুখতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাৰ ২৪ ঘণ্টাৰ পাছতো হত্যাকাৰীক কৰায়ত্ত কৰাটো দূৰৰেই কথা, হত্যাকাৰীক চিনাক্ত কৰিবলৈও সক্ষম হোৱা নাই স্মাৰ্ট আৰক্ষীয়ে৷ অথচ সোমবাৰে নিশা ৮.৩০ বজাত ছাত্ৰীবাৰীৰ ফ্ৰায়াৰ বিগ্ৰেডৰ কাৰ্যালয় সমীপৰ গোপাল মেনছন এপাৰ্টমেণ্টৰ সন্মুখতে ব্যৱসায়ী অৱদেশ যাদৱক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই৷ পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তই ‘ক্লু’ হিচাপে যেন ঘটনাস্থলীত বাইকখনৰ লগতে এটা মোবাইল ফোনো এৰি থৈ গৈছিল৷ হত্যাকাৰীক চিনাক্তকৰণৰ সকলো ‘ক্লু’ এৰি থৈ যোৱাৰ পাছতো দুৰ্বৃত্তদ্বয়ক ২৪ ঘণ্টায়েও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ সোমবাৰে নিশা এই গুলীচালনা ঘটনা সংঘটিত হোৱাৰ পাছতেই বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমীত সিঙো ঘটনাস্থলীত উপস্থিত হৈ সকলো দিশ নিৰীক্ষণ কৰি তদন্ত আগবঢ়াইছে৷ লক্ষণীয়ভাৱে আৰক্ষীৰ তদন্ত অব্যাহত থাকিলেও যাদৱ পৰিয়ালৰ তিনিজন ভাই-ককাই দুৰ্বৃত্তই হত্যা কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ বিহাৰৰ সমষ্টিপুৰ জিলাৰ বিথান থানাৰ অন্তৰ্গত চিহিমা মৌৰকাই গাঁৱৰ নিবাসী অৱদেশ যাদৱৰ চাৰিজনীয়া ভ্ৰাতৃৰ তিনিজনেই হত্যাৰ বলি হৈছে৷ পাঁচ বছৰ পূৰ্বে অৱদেশৰ প্ৰথমজন ভ্ৰাতৃ নৰেশ যাদৱক বিহাৰৰ পাটনাত চোকা অস্ত্ৰৰে কাটি হত্যা কৰিচিল দুৰ্বৃত্তই৷ দ্বিতীয়জন ভ্ৰাতৃ ৰাম পৰভেজ  যাদৱ অপহৰণ কৰি নি হত্যা কৰিছিল দুৰ্বৃত্তই৷ বৰ্তমান এজন ভ্ৰাতৃ টিংকু যাদৱ জীৱিত অৱস্থা আছে যদিও অৱদেশ যাদৱকো সোমবাৰে ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ আহি থকা সময়তে নিজৰ এপাৰ্টমেণ্টৰ গেটৰ সন্মুখতে দুৰ্বৃত্তই গুলীয়াই আহত কৰে৷ মটৰ চাইকেলত অহা দুৰ্বৃত্তৰ দুই জাঁই গুলীত ঢলি পৰা অৱদেশক আঠগাঁৱৰ মাৰোৱাৰী মেটাৰনিটী হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও নিশা ১০ বজাত চিকিৎসকে মৃত ঘোষণা কৰিছিল৷ লক্ষণীয়ভাৱে, বিহাৰৰ ডব্লিউ যাদৱ নামৰ এজন ব্যক্তিয়ে ছুপাৰী কিলাৰৰ দ্বাৰা এই হত্যাকাণ্ড সংঘটিত কৰাত অভিযোগ কৰিছে অৱদেশ যাদৱৰ পৰিয়ালে৷ অৱদেশৰ সম্পৰ্কীয় এজন ভতিজাকে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে বিহাৰৰ গাঁৱৰ ভূমি-সম্পত্তি আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ডব্লিউ যাদৱৰ সৈতে অৱদেশ যাদৱৰ পৰিয়ালৰ সংঘাত আছিল৷ গাঁও পঞ্চায়তৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় হোৱা ডব্লিউ যাদৱে এই সংঘাতৰ পৰিণতিতে কেন্দ্ৰ কৰি ছুপাৰী কিলাৰৰ জৰিয়তে অৱদেশৰ দুই ভ্ৰাতৃক হত্যা কৰা বুলি অভিযোগ কৰি এজাহাৰ দিয়াৰ পাছতো বিহাৰ আৰক্ষীয়ে ৰাজনৈতিক ক্ষমতাৰ বাবেই ডব্লিউ যাদৱৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ অৱদেশ যাদৱক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পাছত অৱদেশৰ ভ্ৰাতৃ টিংকু যাদৱে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিছে৷ এই এজাহাৰৰ ভিত্তিতে পল্টন বজাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২/৩৪ আৰু আৰ্মছ এক্টৰ ২৫[১-এ]/২৭ ধাৰা অধীনত ১০৫/২০২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ অৱদেশৰ পৰিয়ালে হত্যাকাণ্ডক লৈ বিহাৰৰ ডব্লিউ যাদৱ জড়িত থকাৰ সন্দেহৰ কথাও ব্যক্ত কৰিছে৷ অৱশ্যে এই হত্যাকাণ্ডৰ ঘটনাত বিহাৰৰ ডব্লিউ যাদৱ জড়িত নে, আন কোনো ব্যৱসায়ীক নাইবা পাৰিবাৰিক কাৰণ থাকিব পাৰে, সকলো দিশ অনুসন্ধানৰ পাছতহে পৰিস্কাৰ হ’ব বুলি তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে৷