Logo
image

শ্বেয়াৰ বজাৰত পতন, তেলৰ মূল্য বৃদ্ধি! দিল্লীৰ সতৰ্ক প্ৰতিক্ৰিয়া

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ ৰাছিয়াই সোমবাৰে নিশা ইউক্ৰেইনৰ দুটাকৈ অঞ্চলক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰি সাৰ্বভৌমত্ব প্ৰদান কৰাৰ পাছত বিশ্বজুৰি আলোড়নৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত সমগ্ৰ বিশ্বতে শ্বেয়াৰ বজাৰৰ অভূতপূৰ্ব পতন ঘটে৷ ঘাইকৈ ৰাছিয়াৰ শ্বেয়াৰ বজাৰত ভয়ংকৰ পতন ঘটে আৰু ইয়াৰ সমান্তৰালভাৱে আমেৰিকা তথা পশ্চিমীয়া বিশ্বৰ সকলো দেশতে শ্বেয়াৰ বজাৰত সংকটৰ সৃষ্টি হয়৷ এই সংকটে পুনৰবাৰ বিশ্বত মন্দাৱস্থাৰ উদ্ভৱ ঘটাব বুলিও অৰ্থনীতিবিদে আশংকা প্ৰকাশ কৰিছে৷ ভাৰতৰ শ্বেয়াৰ বজাৰত পুৱাই বৃহৎ পতন ঘটে৷ বিএছই ছেনছেক্সৰ ১০০০ৰ অধিক পইণ্টৰ পতন ঘটে যদিও দিনৰ শেষত বজাৰ কিছু পৰিমাণে সুস্থিৰ হয়৷ দিনান্তত বিএছই ছেনছেক্সৰ ৩৮২ পণ্টৰ পতন ঘটি সামগ্ৰিকভাৱে ৫৭,৩০০ ছেকছেক্স পইণ্টত বজাৰ স্থিৰ হৈ ৰয়৷ আনহাতে এনএছইৰ নিফটিৰ ২৮৫ পইণ্টৰ পতন ঘটে৷

ৰাছিয়াই সোমবাৰে নিশা গ্ৰহণ কৰা পদক্ষেপৰ ক্ষেত্ৰত ভাৰতে এই পৰ্যন্ত সতৰ্ক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সোমবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত ভাৰতৰ প্ৰতিনিধিয়ে কূটনৈতিক আলোচনাৰ জৰিয়তে এই সমস্যাৰ সমাধানত গুৰুত্ব আৰোপ কৰে৷ ভাৰতীয় প্ৰতিনিধিয়ে উভয় পক্ষকে সেনাৰ দ্বাৰা কোনো গুৰুতৰ পদক্ষেপ গ্ৰহণ নকৰিবলৈ আহ্বান জনায় আৰু সেনাবাহিনীক বেৰেকলৈ ওভতাই পঠোৱাই শ্ৰেয় বুলি মন্তব্য কৰে৷ উল্লেখ্য যে, বিগত সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়া আৰু ইউক্ৰেইনৰ সাম্প্ৰতিক সংঘাতৰ ক্ষেত্ৰত ভাৰতক আমেৰিকাৰ পক্ষ ল’বলৈ আহ্বান জনাইছিল৷ সাম্প্ৰতিক এই সংকটৰ সময়ত আমেৰিকাই ইউক্ৰেইনক সমৰ্থন যোগাই আছে৷ দীৰ্ঘদিনৰ পৰাই ইউক্ৰেইনে আমেৰিকা আৰু নাটোগোষ্ঠীৰ পশ্চিমীয়া ৰাষ্ট্ৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আছে৷ সেইবাবেই ৰাছিয়া পূৰ্বৰে পৰা ইউক্ৰেইনৰ ওপৰত ক্ষুব্ধ৷ আমেৰিকাই ইউক্ৰেইনৰ প্ৰতিবেশী লিথুৱানিয়াকে ধৰি পূব ইউৰোপৰ পোলেণ্ড, ৰোমানিয়া ইত্যাদি ৰাষ্ট্ৰত নিজৰ আৰু নাটোগোষ্ঠী দেশৰ সেনাৰ ঘাটি স্থাপন কৰি থৈছে, যাতে প্ৰয়োজনত ইউক্ৰেইনক সামৰিকভাৱে সহায় কৰিব পাৰি৷ ইপিনে ৰাছিয়াৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্বন্ধ আছে৷ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দিনৰে পৰা ৰাছিয়া ভাৰতৰ মৈত্ৰীৰ সম্পৰ্ক বিৰাজমান৷ শেহতীয়াকৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে আমেৰিকাৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক নিবিড় কৰাৰ ফলত ৰাছিয়াৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক বহু পৰিমাণে শিথিল হৈ পৰিছে৷ তথাপি পূৰ্বৰে পৰা অব্যাহত থকা ঐতিহাসিক সেই সম্পৰ্কৰ বাবে ভাৰতে কোনো পক্ষৰ হৈ এতিয়ালৈকে মাত মাতিব পৰা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে উত্তৰ প্ৰদেশৰ এখন নিৰ্বাচনী সভাত ভাষণ দি ৰাছিয়া-ইউক্ৰেইন সংকটৰ উল্লেখ কৰে৷ অৱশ্যে তেওঁ এই সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়ে বিশদ ব্যাখ্যা আগনবঢ়াই কয় যে, এনে পৰিস্থিতিত ভাৰতে নিজৰ শক্তি বৃদ্ধি কৰা যুগুত৷ যিকোনো সংকটৰ মোকাবিলা কৰিব পৰাকৈ ভাৰতে মেক-ইন-ইণ্ডিয়াৰ জৰিয়তে নিজৰ শক্তি বঢ়োৱাৰ বিকল্প নাই বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয় আৰু ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে দেশখনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক আৰু অন্যান্য কামত নিয়োজিত কিন্তু জৰুৰী কাম নোহোৱা সকলো ভাৰতীয় নাগৰিকক এইবাৰ জৰুৰীভাৱে ইউক্ৰেইন ত্যাগ কৰিবলৈ আহ্বান জনাইছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে এতিয়ালৈকে ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকক ‘ইভাকুৱেচন’ অৰ্থাৎ উদ্ধাৰ কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই৷ ইয়াৰ পৰিৱৰ্তে ভাৰতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ আজি এখন এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান প্ৰেৰণ কৰিছে৷ তদুপৰি অহা বৃহস্পতি আৰু শনিবাৰে আন দুখন এয়াৰ ইণ্ডিয়াৰ বিমান কিয়েভলৈ প্ৰেৰণ কৰিব বুলি জাননী জাৰি কৰিছে৷ সেই বিমানত নিজে টিকট কাটি ভাৰতীয় নাগৰিকসকলে ইউক্ৰেইন ত্যাগ কৰিব লাগিব৷ পিছে এয়াৰ ইণ্ডিয়াৰ বিমান প্ৰেৰণ কৰিলেও ইউক্ৰেইনৰ পৰা ভাৰতলৈ অহা বিমানৰ টিকটৰ মূল্য অত্যধিক হৈ পৰিছে৷ বৈদেশিক মন্ত্ৰণালয়ে জনোৱা অনুসৰি প্ৰত্যেকখন বিমানত ২৫৬ আসন আছে আৰু এয়াৰ ইণ্ডিয়াৰ ৱেবছাইট তথা অন্যান্য কতৃৰ্ত্বশীল স্থানৰ পৰা ভাৰতীয় নাগৰিকসকল সেই বিমানৰ টিকট সংগ্ৰহ কৰিব পাৰিব৷ টিকটৰ মূল্য অত্যধিক হোৱাৰ ফলত যুদ্ধৰ আৱহ থকা দেশখনত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে৷

ৰাছিয়া-ইউক্ৰেইনৰ এই সংকটৰ ফলত বিশ্বজুৰি খাৰুৱা তেলৰ দাম অতিপাত বৃদ্ধি হোৱাৰ আশংকাই দেখা দিছে৷ যুদ্ধ হোৱাৰ আশংকাতে তেল কোম্পানীসমূহে খাৰুৱা তেলৰ মূল্য বঢ়াই দিয়াৰ সিদ্ধান্ত লৈছে৷ খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে বিশ্বজুৰি গভীৰ সংকটৰ সৃষ্টি হ’ব৷ আনকি ইয়াৰ ফলত বিশ্বজুৰি অৰ্থনৈতিক মন্দাৱস্থা সৃষ্টি হোৱাৰো আশংকা আছে৷ মঙলবাৰৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য সৰ্বাধিক প্ৰতি বেৰেলত ৯৫ মাৰ্কিন ডলাৰ হৈ আছে৷ এয়া অত্যধিক মূল্য বুলিয়েই গণ্য কৰা হৈছে৷ ইয়াতকৈ খাৰুৱা তেলৰ মূল্য অধিক বৃদ্ধি পালে স্বাভাৱিকতে বিশ্বজোৰা সংকটৰ সৃষ্টি হ’ব৷