Logo
image

মাজুলীলৈ এতিয়াও যোৱা নাই সৰ্বানন্দ

এলাগি নে ৰণকৌশল

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ উথপথপ সত্ৰনগৰী মাজুলী৷ শাসক-বিৰোধী উভয় পক্ষৰ সকলো পৰ্যায়ৰ নেতা-কৰ্মী নামিছে নিৰ্বাচনী ৰণক্ষেত্ৰত৷ কিন্তু এই পৰ্যন্ত মাজুলীলৈ যোৱা নাই বিগত কাৰ্যকালত মাজুলীক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰীৰ আসনত বহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ মণিপুৰ-ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নলবাৰীত এজন বিজেপি নেতাৰ ঘৰত মনসা পূজাতো উপস্থিত থাকে৷ বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ ঘৰত আয়োজন কৰা মনসা পূজাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সোণোৱালো উপস্থিত থাকে৷ কিন্তু এই পৰ্যন্ত মাজুলীলৈ যোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰীজন৷ আনকি নিজৰ অতি ঘনিষ্ঠ বুলি পৰিচিত বিজেপি প্ৰাৰ্থী ভুবন গামৰ মনোনয়ন পত্ৰ দাখিলৰ সময়তো উপস্থিত নাথাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল৷ উল্লেখ্য, গাম সোণোৱালৰ অতি ঘনিষ্ঠ বুলি সকলোৰে অৱগত৷ লক্ষণীয় যে বিজেপি প্ৰাৰ্থী ভুবন গামে বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকো কৃতজ্ঞতা জনায় যদিও তেওঁ সোণোৱালৰ নাম এবাৰো উল্লেখ নকৰিলে৷ যি মাজুলীৰ বাবে সৰ্বানন্দ সোণোৱাল মাজুলীবাসীৰ লগত সদায় আছে বুলি কোৱা সোণোৱাল নিৰ্বাচনৰ সময়ত মাজুলীলৈ নোযোৱাটো নিৰ্বাচনী ৰণকৌশলৰে অংশ নে কিবা অভিমানৰ বাবে তেওঁ আঁতৰি আছে মাজুলীৰ পৰা তাক লৈ ব্যাপক চৰ্চা হৈছে৷ উল্লেখ্য, জ্জ মাৰ্চত অনুষ্ঠিত হ’ব মাজুলীৰ উপ-নিৰ্বাচন৷ বিজেপিয়ে ব্যৱসায়ী ভুবন গামক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে  এজেপিয়ে প্ৰাৰ্থিত্ব দিছে চিত্তৰঞ্জন বসুমতাৰীক৷ এজেপি প্ৰাৰ্থী বসুমতাৰীক সমৰ্থন দিছে কংগ্ৰেছ, ৰাইজৰ দল আৰু বামপন্থী দলসমূহে৷

সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী হোৱাৰ যোগ্যতা নাই ভুৱন গামৰ! অজাপ

মাজুলীৰ দৰে সমষ্টি এটাৰ পৰা প্ৰতিনিধিত্ব কৰি সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হৈছিল৷ এতিয়া মাজুলীৰ উপ নিৰ্বাচনৰ বাবে বি জে পি দলে অশিক্ষিত, কথা ভালকৈ কব নোৱাৰা ভুৱন গামক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে৷ কিন্তু সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী হোৱাৰ যোগ্যতা নাই ভুৱন গামৰ৷ সৰ্বানন্দ সোণোৱালৰ লগত ভুৱন গামৰ আকাশ - পাতাল পাৰ্থক্য৷  এই মন্তব্য অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ৷ মঙলবাৰে পৰিষদৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে জিয়াউৰ ৰহমানে৷ সংবাদ মেলত ৰহমানে কয় ভাষণ দিব নজনা আৰু ভাষণ দিলে বাৰেপাচি ভুল শব্দ কৈ হাঁহিৰ খোৰাক দিয়া ভুৱন গাম বিধানসভালৈ নিৰ্বাচিত হলে সমষ্টিৰ হৈ কি কথা কব তাত আমাৰ সন্দেহ আছে৷ ভূমি কেলেংকাৰী, মাটিৰ দালালি, বিগত চৰকাৰৰ আমোলত মাজুলীত ঠিকা - ঠুকুলি কৰি বালিৰে মথাউৰী সাজি মাজুলীবাসীক বানপানীৰ কৱলত পেলোৱা গামৰ বিৰুদ্ধে ৰাজহুৱা ধন হৰলুকী কৰাৰো অভিযোগ আছে৷ আমাৰ দলৰ সবল প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী এজন নিকা ভাৱমূৰ্তিৰ জাতীয়তাবাদী ভাবসম্পন্ন লোক৷ ইতিমধ্যে আমাক পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কংগ্ৰেছ আৰু ৰাইজৰ দলে সমৰ্থন দিছে৷ আমাৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ নেতৃত্বত আটাইকেইটা দলৰে কেবা হাজাৰ কৰ্মী - সমৰ্থকে সমদল কৰি গৈছিল৷ ইয়ে প্ৰমাণ কৰিছে আমাৰ দলৰ বসুমতাৰীয়ে সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ বি জে পিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্য গঠন হোৱাৰো ইংগিত দিছে নিৰ্বাচনে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্লোগান দিয়া বি জে পি চৰকাৰৰ দিনত অসমত উত্তৰ প্ৰদেশ,  হাৰিয়ানা, বিহাৰৰ পৰা প্ৰাৰ্থী আনি আমাৰ প্ৰাৰ্থমিক বিদ্যালয়ত নিযুক্তি দিয়া হল৷ মাজুলীৰ পুলি চাপৰি প্ৰাথমিক বিদ্যালয়ত কিছুদিন পূৰ্বে বিহাৰৰ মহম্মদ চুনু আনচাৰী নামৰ এজনক শিক্ষক হিচাপে নিযুক্তি দিছে৷ তেনেদৰে কাকপথাৰ, শোণিতপুৰ আদিত কেবাখনো বিদ্যালয়ত বহিৰাগত প্ৰাৰ্থীক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ অথচ বিগত নিৰ্বাচনৰ পূৰ্বে বহিৰাগতক শিক্ষক পদত নিযুক্তি দিয়াৰ কথা বি জে পি দলে কেতিয়াও কোৱা নাছিল৷ ইফালে নাম সলনি কৰাৰ সুযোগ লৈ চৰকাৰে অসমীয়া ভাষাৰ ঠাইত কৌশলৰে হিন্দী ভাষা প্ৰয়োগ কৰিছে৷  কৰ্মকৰ্তাৰ ঠাইত কাৰ্যকৰ্তা,  গাঁওবুঢ়াৰ সলনি গাঁওপ্ৰধান, গড়কাপ্তানীৰ ঠাইত লোকনিৰ্মাণ বিভাগ আদি হিন্দী ভাষাৰ শব্দ ব্যৱহাৰ কৰিছে৷  আনহাতে ৩০০ কোটি টকাত নগাঁও কাগজ কল আৰু ১১৩ কোটি টকাত কাচাৰ কাগজ কলৰ মাটি বিক্ৰী কৰাৰ পৰিকল্পনা অসম চৰকাৰে কৰিছে বুলি জিয়াউৰ ৰহমানে সদৰি কৰে৷ সংবাদ মেলত পৰিষদৰ কৰ্মকৰ্তাদ্বয় অমিতাভ বৰঠাকুৰ আৰু অমৃত খাটনিয়াৰ উপস্থিত আছিল৷