Logo
image

অসমৰ ‘বাহুবলী’য়ে পাইছে দ্ৰুত জনপ্ৰিয়তা

কণী আৰু কুকুৰা বিশ্বৰ পৰম্পৰাগত খাদ্য তালিকাত সন্নিৱিষ্ট এক সৰ্বজনবিদিত খাদ্য উপাদান৷ কণী আৰু কুকুৰা কোনটো প্ৰথমে ভূমিষ্ঠ হ’ল এই লৈ এক ৰগৰ

প্ৰায়ে শুনা যায়, যাক কয়– অন্‌দা কা ফান্‌দা৷

ফাৰ্মৰ কণীৰ আকাৰ আৰু আয়তনক লৈ বিভিন্ন নামকৰণ কৰা হয়, যেনে দহ নম্বৰৰ পৰা ওঠৰ নম্বৰলৈ থাকে৷ ওঠৰ নম্বৰ মানে আটাইতকৈ ডাঙৰ আকাৰৰ আয়তন আৰু ভিতৰত দুটা কুহুম থাকে৷

বাহুবলী– সম্পূৰ্ণ স্থানীয়ভাৱে যোৰহাটত উৎপাদন কৰা ফাৰ্মৰ কণী৷ যোৱা ৭ ফেব্ৰুৱাৰীতে এই ‘বাহুবলী’ প্ৰদৰ্শন কৰাৰ এটা সুযোগ পালে৷ এসময়ত অ’এনজিচিৰ অন্ধ্ৰ প্ৰদেশত অধ্যক্ষ অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰফুল্ল কুমাৰ গগৈৰ নেতৃত্বত তেওঁৰ পুত্ৰ আকাশজ্যোতি গগৈ, বোৱাৰী মামপি গগৈ আৰু অংকুৰ বৰাৰ ব্যৱস্থাপনাত গঢ় লৈ উঠিছিল এই ‘বাহুবলী’ কণী উৎপাদন প্ৰকল্প৷ যোৰহাট নগৰৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ আঁতৰত কৰঙা গাঁৱত স্থাপন কৰিছিল এই কেন্দ্ৰটো ২০১৮ চনত৷ ২০১৯ চনৰ পৰা উৎপাদন আৰম্ভ হয় আৰু আজিৰ তাৰিখত দৈনিক প্ৰায় পঞ্চাশ হাজাৰ কণী উৎপাদন হয় এই ফাৰ্মত৷ ইতিমধ্যে দ্বিতীয়টো ফাৰ্মৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে তিতাবৰ জালুকণী গাঁৱত৷ মাৰ্চ মাহৰ পৰা উৎপাদন আৰম্ভ হ’ব এই দ্বিতীয়খন ফাৰ্মত আৰু তেতিয়া হ’বগৈ দৈনিক কণী উৎপাদন ৰ লাখ৷

স্বত্বাধিকাৰ গগৈয়ে জনোৱা মতে, সম্পূৰ্ণ অত্যাধুনিক বৈজ্ঞানিক শৈলীৰে নিৰ্মাণ আৰু পৰিচালনা কৰা এই ফাৰ্মৰ উৎপাদিত কণী ভাৰতৰ আন ৰাজ্যত উৎপাদন হোৱা কণীতকৈ গুণগত মান আৰু আকাৰ-আয়তন বেছি৷ কুকুৰাৰ আহাৰ প্ৰস্তুত কৰোঁতে সকলোধৰণৰ লাগতিয়াল ভিটামিন আৰু খনিজ দ্ৰব্যৰ লগত সঠিক মাত্ৰাত মাকৈ, চয়াবিন, তেলবিহীন চাউলৰ গুৰি সঠিক মাত্ৰাত প্ৰয়োগ কৰা বাবে কণীসমূহত ভিটামিন আৰু প্ৰটিনৰ পূৰ্ণতা থাকে লগতে ভিতৰৰ কুহুমটো হালধীয়া বৰণৰ হয়৷ ফাৰ্মৰ স্বত্বাধিকাৰ গগৈয়ে জনোৱা মতে, আমাৰ সচৰাচৰ বজাৰত পোৱা ফাৰ্মৰ কণীসমূহৰ কুহুমটো বগা হোৱাৰ কাৰণ হ’ল প্ৰয়োজনীয় খাদ্যত মাকৈ সংযোগ নকৰাৰ বাবে৷

এদিনীয়া কুকুৰাৰ পোৱালিবিলাক এক বিশেষ পৰিবহণ ব্যৱস্থাপনাৰ যোগেদি কলকাতাৰ পৰা অনা হয় আৰু পৰৱৰ্তী ২০ সপ্তাহৰ পৰা দৈনিক এটাকৈ কণী দিয়া আৰম্ভ কৰে আৰু মুঠ ৮০ সপ্তাহলৈ দৈনিক কণী পাৰে৷

কেতিয়াবা কোনো স্বাস্থ্যজনিত কাৰণত কোনো কুকুৰাই কণী নাপাৰিলে তাৰ পাছৰ দিনাৰ কণীটোত দুটা কুহুম গঠন হয় আৰু তাৰ আকাৰ ডাঙৰ হয়, যাক ১৮ নম্বৰ কণী বুলি নামকৰণ কৰা হয়৷

তদুপৰি, কুকুৰাই ত্যাগ কৰা মল সংৰক্ষণ কৰি তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে এক উন্নতমানৰ জৈৱিক সাৰ৷

প্ৰত্যেকটো কণীত তেওঁলোকে ‘বাহুবলী’ নামটো ছপা কৰি বজাৰত এক প্ৰত্যাহ্বান গ্ৰহণ কৰিছে৷ গ্ৰাহকৰ মাজত প্ৰভূত জনপ্ৰিয়তাও অৰ্জন কৰিছে ‘বাহুবলী’য়ে৷

এটা কণীত জৈৱিক পদাৰ্থ হিচাপে থাকে ৬৩ শতাংশ এলবুমিন, ২৭.৫ শতাংশ কুহুম আৰু ৯.৫ শতাংশ বাকলি আৰু মেমব্ৰেইন৷ উপাদান হিচাপে প্ৰটিন থাকে ১২ শতাংশ, লিপিড [ফেটি এচিড] ১২ শতাংশ, কাৰ্বহাইড্ৰেট আৰু খনিজ, ভিটামিন ৩ শতাংশ৷ গতিকে পুষ্টিবৰ্ধক হিচাপে এই কণী এবিধ উত্তম খাদ্য৷

আমি গৌৰৱান্বিত যে এইবাৰ ৰাজ্য চৰকাৰে এওঁলোকৰ কৰ্মৰাজিৰ স্বীকৃতি হিচাপে আকাশজ্যোতি গগৈক ‘অসম গৌৰৱ’ বঁটাৰে সন্মানিত কৰে  ২৪ জানুৱাৰীত৷