Logo
image

‘ছাৰখাৰ’ৰ পাছত এইবাৰ ‘অল ক্লীয়াৰ’

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ ‘অপাৰেশ্বন ছাৰখাৰ’ৰ পাছত ৰাজ্যত মিছন অল ক্লীয়াৰ৷ বছৰ বছৰ ধৰি পৰিবহণৰ বিভিন্ন কৰ আদায় নিদিয়া যান-বাহনৰ বিৰুদ্ধে চলিব এই অভিযান৷ পহিলা মাৰ্চৰ পৰা আৰম্ভ হ’ব মিছন অল ক্লিয়াৰ৷ এই মিছন আৰম্ভ হোৱাৰ পাছতে নথি-পত্ৰ অবিহনে ৰাজপথত চলাচল কৰা গাড়ী জব্দ কৰিব পৰিবহণ বিভাগে৷ গাড়ীৰ পঞ্জীয়ন মাছুল, পথ কৰ আদায় নিদিয়া, বীমা-প্ৰদূষণৰ নবীকৰণকৃত প্ৰমাণ-পত্ৰ নোহোৱা যান-বাহন জব্দ কৰিব পৰিবহণ বিভাগে৷ ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো নথি-পত্ৰ ঠিক-ঠাক কৰি ল’বলৈ জাননী জাৰি কৰা হৈছিল৷ ইতিমধ্যে পৰিবহণ বিষয়াসকলে ৰাজপথত তৎপৰ হৈ পৰিছে৷ ১০০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈ মিছন অল ক্লিয়াৰ কাৰ্যসূচী হাতত ল’ব পৰিবহণ বিভাগে৷ অপাৰেশ্বন ছাৰখাৰৰ জৰিয়তে বিভাগটোৱে ২০ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে৷ ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ ৰাজপথত তৎপৰ হৈ পৰিছে জিলা পৰিবহণ কতৃৰ্পক্ষ৷ কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰা মতে সুৰক্ষিত অসম আৰু দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্য লৈ মিছন ক্লিয়াৰ কাৰ্যসূচী হাতত লৈছে৷ এতিয়া প্ৰয়োজনীয় নথি-পত্ৰ নোহোৱা যান-বাহনৰ গৰাকীক ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত নথি-পত্ৰ যোগাৰ কৰি ল’বলৈ আহ৩ান জনোৱা হৈছে৷ উল্লেখ্য, পহিলা ফেব্ৰুৱাৰীৰ পৰা চলি আছে অপাৰেশ্বন চাৰখাৰ৷ মঙলবাৰে অপাৰেশ্বন ছাৰখাৰ চৰাইদেউৰ সোনাৰিত পৰিবহণ বিষয়াৰ খেদাত পিকআপ ভেনে মহটিয়াই নিয়ে পথচাৰীক৷