Logo
image

২৪ ঘণ্টাত তিনিটাকৈ এনকাউণ্টাৰ

একেই চিত্ৰনাট্য, একেই সংলাপ...

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ যেন একেই চিত্ৰনাট্য, একেই সংলাপ৷ হেণ্ডকাফসহ জিম্মাত থকা অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতেই অভিযানকাৰী আৰক্ষীয়ে প্ৰাণৰক্ষা আৰু কৰায়ত্ত কৰাৰ বাবে এনকাউণ্টাৰ কৰি অভিযুক্তক গুলীবিদ্ধ কৰিছে৷ এই চিত্ৰনাট্যৰ দৰেই ৰাজ্যত বিগত ২৪ ঘণ্টাত স্মাৰ্ট অসম আৰক্ষীয়ে তিনিটাকৈ এনকাউণ্টাৰ সংঘটিত কৰিছে৷ মৰাণ, হাইলাকান্দি আৰু গোগামুখত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ব লগা হৈছে তিনিটা চোৰ, ডকাইত আৰু ড্ৰাগ মাফিয়া৷ মঙলবাৰে নিশা মৰাণ আৰক্ষীয়ে চেপনৰ কচুমাৰিত অৰুণ কুৰ্মী ওৰফে পিটকু নামৰ এটা চোৰক এনকাউণ্টাৰত গুলীবিদ্ধ কৰে৷ ইয়াৰ পাছতেই হাইলাকান্দি আৰক্ষীয়ে ছেলিম উদ্দিন লস্কৰ ওৰফে মনাই নামৰ এটা ড্ৰাগ মাফিয়াক এনকাউণ্টাৰত ধৰাশায়ী কৰে৷ আনহাতে, বুধবাৰে বিয়লি ভাগত ধেমাজিৰ গোগামুখ থানাৰ আৰক্ষীয়ে সোণাপুৰত মইনুল হক নামৰ এটা দুৰ্ধৰ্ষ ডকাইতক এনকাউণ্টাৰত গুলীবিদ্ধ কৰি আহত কৰে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই অসম আৰক্ষীয়ে ১০০ৰো অধিক এনকাউণ্টাৰ সংঘটিত কৰি এক প্ৰকাৰ অবাঞ্ছিত অভিলেখ অৰ্জন কৰিছে৷ সকলো এনকাউণ্টাৰতে আৰক্ষীয়ে একেখন চিত্ৰনাট্যকে পাঠ কৰি ৰাইজক এনকাউণ্টাৰৰ খবৰ দিয়া বুলিও চৰ্চা চলিছে৷ কেৱল এনকাউণ্টাৰৰ চিত্ৰনাট্যৰ চৰিত্ৰটোহে সলনি হোৱা বুলিও সচেতন মহলে অভিযোগ কৰিছে৷ অৱশ্যে, শেহতীয়াকৈ আৰক্ষীৰ এনকাউণ্টাৰৰ পদাংক অনুসৰণ কৰি বনৰক্ষীৰ মূৰতো এনকাউণ্টাৰৰ ভূত লম্ভা দেখা গৈছে৷

হাইলাকান্দিত আৰক্ষীৰ গুলীত আহত ড্ৰাগ্‌ ব্যৱসায়ী

হাইলাকান্দিত আৰক্ষীৰ এনকাউণ্টাৰ৷ মঙলবাৰে নিশা হাইলাকান্দিত আৰক্ষীৰ গুলীত আহত হয় কুখ্যাত ড্ৰাগ্‌ মাফিয়া ছেলিম উদ্দিন লস্কৰ ওৰফে মনাই৷ মঙলবাৰৰ নিশা ড্ৰাগ্‌ছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগ্‌ মাফিয়াটোক৷ কিন্তু মাফিয়াটোক লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী৷ গুলীত ভৰিত আঘাতপ্ৰাপ্ত হৈছে কুখ্যাত ড্ৰাগ্‌ মাফিয়া ছেলিম উদ্দিন লষ্কৰ ওৰফে মনাই৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত যোৱা নিশা হাইলাকান্দি চহৰতলীৰ ভিচিংছা এলেকাৰ পৰা প্ৰায় ৪ গ্ৰাম ড্ৰাগ্‌সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছেলিম উদ্দিনক৷ পাছতে নিশা আৰু অধিক ড্ৰাগ্‌ উদ্ধাৰৰ বাবে তাক লগতলৈ স্থানীয় মাটিজুৰি এলেকা অভিমুখে অভিযানত গৈ আছিল আৰক্ষীৰ দল৷ কিন্তু যোৱাৰ পথত পাইকানত উপস্থিত হোৱাৰ পাছতে হঠাতে এজন উপ-পৰিদৰ্শকৰ বন্দুক কাঢ়ি পলাই যোৱাৰ চেষ্টা কৰে৷  তেতিয়া আৰক্ষীয়ে তাৰ ভৰিত গুলীয়ায়৷ বৰ্তমানে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আহত ছেলিম উদ্দিন৷ উল্লেখ্য, ইয়াৰ আগতে দুবাৰ ড্ৰাগ্‌ছসহ হাতে লোতে গ্ৰেপ্তাৰ হৈছিল ছেলিম উদ্দিন৷ দুয়োটা গোচৰতেই আৰক্ষীয়ে তাৰ বিৰুদ্ধে চাৰ্জছীট জমা দিছিল৷ আৰু দুয়োটা গোচৰেই বৰ্তমান ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷

গোগামুখত এনকাউণ্টাৰ, ডকাইত আহত

ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত সোণাপুৰত আজি ধেমাজি আৰক্ষীৰ এনকাউণ্টাৰত এটা দুৰ্ধৰ্ষ ডকাইত আহত হোৱাৰ বিপৰীতে দুটা ডকাইত পলাই যাবলৈ সক্ষম হয়৷ ঘটনাৰ বিৱৰণি মতে, আজি বিয়লি চ্ছ্ৰ-৩০ বজাত গোপন সূত্ৰৰ পম খেদি ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ নেতৃত্বত গোগামুখৰ অপৰাধীৰ ঘাটি হিচাপে চিহ্নিত সোণাপুৰত অভিযান চলায়৷ আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব পাৰি এটা ঘৰত লুকাই থকা ডকাইতৰ দলটোৱে পলাবলৈ ধৰে আৰু পলাই যাবলৈ বিচাৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে আৰু মইনুল হক নামৰ দুধৰ্ষ ডকাইতটো আৰক্ষীৰ গুলীত আহত হয়৷ বাকী দুটা ডকাইত পলাই যাবলৈ সক্ষম হোৱা বুলি জানিব পৰাৰ বিপৰীতে প্ৰকৃততে ডকাইতৰ দলটোত কিমান সদস্য আছে তাক ধেমাজি আৰক্ষীয়ে সদৰি নকৰাৰ লগতে এনকাউণ্টাৰটোৰ বিষয়েও বৰ্তমানলৈকে কোনো মুখ খোলা নাই৷ প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ গুলীত আহত মইনুল হকৰ লগতে পলাতক আটাইকেইটা ডকাইত লখিমপুৰ জিলাৰ বঙালমৰাৰ নিৱাসী৷ আটাইকেইটা ডকাইত জাল নোট, গাড়ী চোৰ, দিন ডকাইতি আদি বে-আইনী কাৰ্যকলাপত দীৰ্ঘদিন ধৰি জড়িত আছে৷ বাকী অপৰাধীকেইটাক ধৰিবলৈ ধেমাজি আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে৷