Logo
image

ক’ভিড গ’ল, ‘কা’ আহিল!

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ ‘ক’ভিড গ’লেই ‘কা’ আহিব৷ ‘কা’ বলৱৎ কৰাৰ প্ৰসংগৰ পৰা কেন্দ্ৰীয় চৰকাৰ এক বিন্দুও পিছুৱাই নাহে, পিছ হহোকাৰ কথাই নাহে৷’– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যৰ পাছতে ৰাজ্যত পুনৰ উকমুকনি দিছে ‘কা’ বিদ্ৰোহে৷ জাঙুৰ খাই উঠিছে আছু, যুৱ-ছাত্ৰ পৰিষদ, অখিল গগৈ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত ‘কা’বিধি প্ৰস্তুতৰ সন্দৰ্ভত মন্তব্য কৰি এনেদৰে কৈছিল– ‘কা’ৰ বিধি প্ৰস্তুতৰ সন্দৰ্ভত এই আইন কাৰো নাগৰিকত্ব কাঢ়ি নিয়া আইন নহয়, নাগৰিকত্ব দিয়াৰহে আইন৷ ‘কা’ কাৰ্যকৰীকৰণৰ পৰা বিজেপি চৰকাৰ পিছুৱাই অহাৰ প্ৰশ্নই নুঠে৷ কৰ’নাৰ বাবে এই বিষয়টো কিছু থমকি ৰৈছে৷ কিন্তু কৰ’নাৰ প্ৰকোপ কমিলেই এই বিষয়ক লৈ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে৷ ক’ভিডৰ পৰা আমি এতিয়াও মুক্ত হোৱা নাই৷ ক’ভিডৰ তিনিটা ঢৌৰ সন্মুখীন হ’ল ভাৰত৷ অৱশ্যে ক’ভিডজনিত পৰিস্থিতি বহু উন্নত হৈছে৷ ক’ভিডৰ পৰা সম্পূৰ্ণ মুক্তি পাবলৈ চৰকাৰে অপেক্ষা কৰিছে৷ ক’ভিড শেষ হ’লেই নাগৰিকত্ব সংশোধনী আইন  কাৰ্যকৰী কৰা হ’ব৷ ‘কা’ৰ পৰা পিছুৱাই অহা কোনো প্ৰশ্নই উত্থাপন নহয়৷’ উল্লেখ্য, চলিত বৰ্ষৰ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ‘কা’ বিধি প্ৰস্তুতৰ বাবে সংসদীয় কমিটীৰ ওচৰত অতিৰিক্ত সময় বিচাৰি আৱেদন জনাইছিল৷ সংসদত আইন গৃহীত হৈ ৰাষ্ট˜পতিৰ স্বাক্ষৰৰ পাছত ছমাহৰ ভিতৰত বিধি প্ৰস্তুত কৰি আইন কাৰ্যকৰী কৰিব লাগে যদিও ২০২০ বৰ্ষৰ জুনৰ পৰা বৰ্তমানলৈ ‘কা’ৰ বিধি প্ৰস্তুতৰ বাবে চাৰিবাৰকৈ সময় বৃদ্ধি কৰিলে সংসদীয় কমিটীয়ে৷ কেন্দ্ৰীয় গৃহমুখী অমিত শ্বাহৰ ‘কা’ বলৱৎৰ মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে মণিপুৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ মণিপুৰৰ চুৰাচান্দপুৰত নিৰ্বাচনী প্ৰচাৰৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এজন দলীয় কৰ্মীৰ ঘৰত মধ্যাহ্ন ভোজন কৰে৷ এই ভোজনৰ সময়তে ‘কা’ বলৱৎ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ হয়৷ লক্ষণীয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘কা’ৰ সন্দৰ্ভত কৰা এই ৬০ ছেকেণ্ডৰ মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই এনেদৰে কয়– ‘অবৈধ বাংলাদেশীৰ ৰক্ষক, খিলঞ্জীয়াবিৰোধী ‘কা’ আমি মানি নলও৷ ‘কা’বিৰোধী সংগ্ৰাম অব্যাহত থাকিব৷’ একেই প্ৰসংগত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এনেদৰে কয়– ‘কৰণা থাকক বা নাথাকক ‘কা’ বাতিল কৰিবই লাগিব৷ ‘কা’ বাতিল নোহোৱালৈকে অসমৰ সংগ্ৰামী জনতা ক্ষান্ত নহয়৷’ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই এই প্ৰসংগত এনেদৰে কয়– ‘কা’ মানি লোৱা নহ’ব৷ মেঘালয়ৰ দৰে ‘কা’ আওতাৰ পৰা অসমক বাদ দিয়ক৷ অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰক৷’ ইফালে ‘কা’বিৰোধীসকলক আকৌ একাংশ ‘কা’ সমৰ্থকে উভটি ধৰিছে৷ বিশেষকৈ আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যক প্ৰত্যাহ্বান জনাইছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে৷ এই সন্দৰ্ভত শিলাদিত্য দেৱৰ ভাষ্য এনেধৰণৰ– ‘৮০ লাখ বাংলাদেশীৰ নাম এন আৰ চিত সোমাই গ’ল৷ তেতিয়া ‘ককাইদেউ’ মনে মনে থাকিল৷ এতিয়া ‘কা’ৰ বিনিময়ত যদি মাত্ৰ দুই লাখ হিন্দু মানুহৰ নাম অন্তৰ্ভুক্ত হয়, তাত তেওঁলোকৰ অসুবিধা ক’ত?’ বিদেশী ন্যায়াধীকৰণৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে বিতৰ্কিত বিজেপি নেতাজনে৷ কাজেই অনাগত দিনত কৰ’নাৰ পাছতে ‘কা’ জ্বৰৰ প্ৰভাৱ ৰাজ্যত পৰাটো নিশ্চিত হৈ পৰিছে৷