Logo
image

ৰাষ্ট্ৰপতি উভতিলেই মাজুলীত বাহৰ পাতিব মুখ্যমন্ত্ৰীয়ে

সৰ্বানন্দৰ স্থিতিক লৈ ৰহস্য

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দৰ অসম ভ্ৰমণৰ কাৰ্যসূচী অন্ত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ বাবে বাহৰ পাতিব মাজুলীত৷ প্ৰদেশ বিজেপিৰ এটা সূত্ৰই জনোৱা মতে ২৭ ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে মাজুলীত বিজেপিৰ প্ৰাৰ্থী ভুবন গামৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাব৷ কিন্তু এতিয়ালৈকে মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সন্দৰ্ভত নিৰৱ, কৌশলী স্থিতিত আছে কেন্দ্ৰীয় মন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল৷ লক্ষণীয় যে মাজুলীত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভুবন গামৰ মনোনয়ন-পত্ৰ দাখিলৰ সময়ত এৰাব নোৱৰা চৰকাৰী কাৰ্যসূচী অজুহাত দেখুৱাই উপস্থিত নাছিল কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ ইফালে, বিজেপি প্ৰাৰ্থী ভুবন গাম প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে প্ৰাৰ্থী বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনক লৈ উথপথপ হৈ পৰিছে সত্ৰনগৰী মাজুলী৷ শাসক-বিৰোধী উভয় পক্ষৰে নেতা-কৰ্মী নামি পৰিছে নিৰ্বাচনী ৰণক্ষেত্ৰত৷ কিন্তু ইয়াৰ পাছতো মাজুলীক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰীৰ আসনত বহা কেন্দ্ৰী মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভুমুকি মৰা নাই মাজুলীত৷ মণিপুৰ-ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল নলবাৰীত এজন বিজেপি নেতাৰ ঘৰত পতা ‘মা মনসা’ পূজাত উপস্থিত থাকে যদিও কৰ্মব্যস্ততাৰ বাবে মাজুলীলৈ নোযোৱাটোৱে খোৰাক যোগাইছে ৰাজনৈতিক মহলত৷