Logo
image

মুখ্যমন্ত্ৰী হিমন্তবিশ্বক চমন আদালতত হাজিৰৰ নিৰ্দেশ

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ নিৰ্বাচনী আচৰণ বিধি ভংগৰ গোচৰত কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ  আদালতে মুখ্যমন্ত্ৰী শৰ্মালৈ চমন জাৰি কৰিছে৷ ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী শৰ্মাই সো-শৰীৰে গুৱাহাটীৰ চি জে এম আদালতত হাজিৰ হ’ব লাগিব৷ ২০১৯ চনত লোকসভা নিৰ্বাচনত সময়ত প্ৰচাৰ অভিযান সমাপ্ত হোৱাৰ পাছতো তেতিয়াৰ কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান ‘নিউজ লাইভ’ত সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰিছিল৷ নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি ব্যক্তিগত টেলিভিচন চেনেলত সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তদানীন্তন সভাপতি-সম্পাদকে নিৰ্বাচন আয়োগক লিখিত অভিযোগ দাখিল কৰিছিল৷ এই অভিযোগৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ হৈ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ দলেই শেহতীয়াকৈ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত প্ৰতিবেদন দাখিল কৰিছিল৷ এই অভিযোগৰ ভিত্তিতে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু হোৱা চি আৰ ১৮৪৩/২০১৯ নম্বৰৰ গোচৰটোত শেহতীয়াকৈ আদালতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ চমন জাৰি কৰিছে৷  আদালতে মুখ্যমন্ত্ৰীৰ শৰ্মাৰ লগতে ‘নিউজ লাইভ’ৰ স্বত্বাধিকাৰ প্ৰতিষ্ঠান মেছাৰ্ছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালকক ২৫ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে৷ উল্লেখ্য, চলিত দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পূৰ্বে ২০১৯ চনৰ ১০ এপ্ৰিলত সন্ধিয়া ৭.৫৫ বজাত নিউজ লাইভত সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ এই সাক্ষাৎকাৰৰ পিছ দিনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি-সম্পাদকে অভিযোগ দাখিল কৰিছিল নিৰ্বাচন আয়োগক৷