Logo
image

দিছপুৰত আদানি কামাখ্যাতো সেৱা

 বিমানবন্দৰত বৈঠক

আমাৰ অসম,২৫ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ লীজত লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় আদানি গ্ৰুপৰ   অধ্যক্ষ, এছিয়াৰ ভিতৰতে ধনী ব্যক্তি গৌতম আদানি৷ ছমাহ পূৰ্বে বিমানবন্দৰটো ৫০ বছৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা লীজত লৈছিল গৌতম আদানিয়ে৷ উল্লেখ্য, অন্যান্য কাৰ্যসূচীৰ উপৰি আদানি বৃহস্পতিবাৰে বিয়লি চ্ছ্ৰ বজাত দিছপুৰত অসম সচিবালয়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি দীঘলীয়া বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় কক্ষত এই বৈঠক প্ৰায় ৫০ মিনিট সময় ধৰি চলে৷ উল্লেখ্য, দুপৰীয়া ১২.১০ বজাত প্ৰীতি আম্বানিৰ সৈতে গুজৰাটৰ আহমেদাবাদৰ পৰা বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি৷ বিমানবন্দৰত মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাই গৌতম আদানিক জাঁপি, গামোছা আৰু শৰাইৰে আদৰণি জনোৱাৰ পাছত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় আদানি৷ ১২.৪৫মান বজাৰ পৰা বিয়লি ১.১৫মান বজালৈ কামাখ্যা মন্দিৰত তেওঁ পূজা-অৰ্চনা কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক অসম সচিবালয়ত গৌতম আদানি বৰঝাৰ বিমান বন্দৰলৈ আহে বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাকে ধৰি আদানি গ্ৰুপৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয় গৌতম আদানি৷ বৈঠকত তেওঁ বৰঝাৰ বন্দৰৰ শেহতীয়া স্থিতিৰ বিষয়ে বুজ লোৱাৰ লগতে দায়িত্ববাহী সকলোকে নিজ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়৷ বৈঠকৰ অন্তত সন্ধিয়া ৬.৪০ বজাত বিশেষ বিমানেৰে সপত্নীক গৌতম আদানি পুনৰ আহমেদাবাদলৈ উভতি যায়৷

কামাখ্যাত বাংলাদেশৰ অভিনেত্ৰী অপু বিশ্বাস

আমাৰ অসমঃ শক্তিপীঠ কামাখ্যা মন্দিৰত পূজা দিলে বাংলাদেশৰ মোহময়ী অভিনেত্ৰী অপু বিশ্বাসে৷ বৃহস্পতিবাৰে কামাখ্যা দেৱালয়ত ডেৰ ঘণ্টা ধৰি পূজা সেৱা আগবঢ়াই জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে৷ চৰকাৰী কাৰ্যাসূচীৰে এদিনৰ বাবে গুৱাহাটীলৈ অহা অভিনেত্ৰী অপু বিশ্বাসে কামাখ্যা দৰ্শনৰ লগতে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশো উপভোগ কৰে৷ কামাখ্যাত এজোৰ পাৰ চৰাই উৰুৱাই মাৰ আশিস লয় অভিনেত্ৰী অপুৱে৷ কামাখ্যা দৰ্শনৰ সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়– সৰুৰে পৰাই কামাখ্যা মন্দিৰৰ কথা শুনি আহিছো৷ আমাৰ মা- দেউতাৰো এই মন্দিৰ দৰ্শনৰ ইচ্ছা আছিল৷ কিন্তু সেয়া সম্ভৱ নহ’ল৷ মা- দেউতাৰ আমাৰ সদগতিৰ বাবে কামাখ্যা মাৰ সেৱা ল’লো৷ উল্লেখ্য ২০০৫ চনত অভিনয় জগতত কেৰিয়াৰ আৰম্ভ কৰা অপু বিশ্বাসে বাংলাদেশৰ বহু চিনেমাত অভিনয় কৰি দৰ্শকৰ নয়নৰ মণি হৈ পৰিছে৷ গুৱাহাটীৰ পৰা কলকাতলৈ যোৱা অপু বিশ্বাসে কাইলৈ বাংলাদেশলৈ উভতি যাব৷ অপু বিশ্বাসে বিখ্যাত ছবি পৰিচালক নজৰুল ইছলামৰ পৰিচালিত ‘দেৱদাস’ত দুৰ্দান্ত অভিনয়ে সকলোকে মুগ্ধ কৰিছিল৷ শেহতীয়াকৈ অপুৰ অভিনীত শহুৰবাৰীৰ জিন্দাবাদ-২ নামৰ এখন ছবিও মুক্তি  লাভ কৰিছে বাংলাদেশৰ ছবিগৃহত৷