Logo
image

পৰাগ দাসৰ সপোন আছিল অসমৰ অৰ্থনৈতিক স্বাধীনতা

স্মাৰক বক্তৃতাত ড॰ তিলোত্তমা মিশ্ৰ

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ  প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাস কেৱল এজন সফল সাংবাদিকেই নাছিল৷ তেওঁ একে সময়তে গণতান্ত্ৰিক প্ৰমূল্যবোধ থকা মানবাধিকাৰ কৰ্মীয়ো আছিল৷ তেওঁ অসমীয়াক এটা সবল জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ  লগতে অসমৰ অৰ্থনৈতিক স্বাধীনতাৰ সপোন দেখিছিল৷ এই মন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ তিলোত্তমা মিশ্ৰৰ৷ বৃহস্পতিবাৰে বিয়লি পৰাগ দাস সোঁৱৰণী ন্যাসৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত আয়োজিত প্ৰথম পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতাত ‘স্বাধীনতাৰ প্ৰস্তাব যুগে যুগে’ বিষয়ত বক্তৃতা প্ৰদান কৰি এই মন্তব্য কৰে ড॰ তিলোত্তমা মিশ্ৰই৷ বক্তৃতাত ভাষণ প্ৰসংগত ড॰ তিলোত্তমাই মিশ্ৰই কয়– নগাসকলৰ আৰ্হিত পৰাগ কুমাৰ দাসে অসমীয়াক এটা সবল আৰু শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক স্বাধীনতা লাভত অধিক গুৰুত্ব দিছিল৷ এই লক্ষ্যৰে ১৯৮৩ চলতে পৰাগ কুমাৰ দাসে ‘স্বাধীনতাৰ প্ৰস্তাৱ’ নামৰ এখন পুস্তিকা প্ৰকাশ কৰিছিল৷ পুস্তিকাত অৰ্থনৈতিক স্বাধীনতা লাভ কৰিলেহে অসমীয়া জাতি শক্তিশালী হ’ব তাক উপস্থাপন কৰিছিল৷ নগালেণ্ড, মিজোৰামে সুকীয়া ৰাষ্ট˜ৰ দাবী কৰাৰ পাছত সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি লাভৰ পাছত তেওঁলোকৰ স্বাধীনতাৰ দাবী স্তিমিত হৈ পৰে৷ ৮০১ দশকত অসম আৰু অসমীয়াৰ মুক্তি সংগ্ৰামৰ বাবে গঠন হোৱা আলফাই ৯০ ৰ দশকত স্বাধীন অসমৰ দাবী উত্থাপন কৰিছিল৷ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত অসমকে ধৰি উত্তৰ পূৰ্বৰ কেবাখনো ৰাজ্যত নিৰাপত্তা বাহিনীয়ে নিৰীহ লোকক হত্যা কৰা কিম্বা অত্যাচাৰ চলোৱা বিষয়টোৱে সাধাৰণ ৰাইজক বিদ্ৰোহী কৰি তুলিব পাৰে বুলি সদৰি কৰি ড॰ তিলোত্তমা মিশ্ৰই পৰাগ কুমাৰ দাসে লেখনিৰ মাজেৰে ইয়াক প্ৰতিফলিত কৰিছিল বুলি কয়৷ আনহাতে পৰাগ কুমাৰ দাস সোঁৱৰণী ন্যাসৰ সম্পাদক ময়ুৰ বৰাই সঞ্চালনা কৰা বক্তৃতানুষ্ঠানত ন্যাসৰ সভাপতি ড॰ অপূৰ্ব বৰুৱা, বিশিষ্ট সাংবাদিক দ্বয় হাইদৰ হুছেইন আৰু নিতুমণি শইকীয়ায়ো পৰাগ কুমাৰ দাসৰ ব্যক্তিত্বৰ ওপৰত চমুকৈ আলোকপাত কৰে৷ শেষত শলাগৰ শৰাই আগবঢ়ায় পৰাগ দাস সতীৰ্থ মঞ্চৰ বেদব্ৰত বৰাই৷

‘সামাজিক মাধ্যম আৰু নিউজ পৰ্টেলৰ জনপ্ৰিয়তাই সাংবাদিকতাৰ দায়িত্ব বঢ়াইছে’

‘আমাৰ অসমঃ বৰ্তমান সময়ত সাংবাদিকতাৰ ক্ষেত্ৰখনলৈকে প্ৰবল প্ৰত্যাহ্বান আহি পৰিছে৷ সামাজিক মাধ্যম আৰু নিউজ পৰ্টেলৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত পূৰ্বতকৈ সাংবাদিকতাৰ দায়িত্ব অধিক বঢ়াই তুলিছে৷ এই মন্তব্য  জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াৰ৷ বিশিষ্ট সাংবাদিক, মানৱাধিকাৰকৰ্মী পৰাগ কুমাৰ দাসৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰ অসমৰ উদ্যোগত মৰিগাঁও চহৰস্থিত পৰাগ নিকেতনত ‘বিকল্প সাংবাদিকতা আৰু নিউজ পৰ্টেলৰ ভূমিকা’ শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ঠাকুৰীয়াই সাংবাদিকতাৰ ক্ষেত্ৰখনত নিউজ পৰ্টেলসমূহে কেনেদৰে বিকল্প ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে তাৰ ওপৰত যুক্তি আৰু তথ্যৰে এক বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ সাংবাদিক ঠাকুৰীয়াই নিউজ পৰ্টেলসমূহে সাংবাদিকতাৰ বিকল্প ভূমিকা গ্ৰহণ কৰিলেও পৰ্টেলসমূহৰ ওপৰত কিছু নীতি-নিৰ্দেশনাকে ধৰি সীমাবদ্ধতাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে৷ বৰ্তমানে সংবাদিকতাৰ ক্ষেত্ৰখন এক উদ্যোগলৈ পৰ্যৱেক্ষিত হৈছে৷ সাংবাদিকতাৰ ক্ষেত্ৰখনত তোষামোদকাৰী আৰু সুবিধাবাদীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত ইয়াৰ বিকল্প সাংবাদিকতা হিচাপে পৰ্টেলে ভূমিকা গ্ৰহণ কৰিব বিচাৰিলেও ইয়াৰ স্থায়িত্ব দীৰ্ঘম্যাদী নহয় বুলি মন্তব্য কৰে৷ এইক্ষেত্ৰত সাংবাদিকতাৰ ক্ষেত্ৰখনত কিছু পৰিৱৰ্তনতাৰো প্ৰয়োজন আহি পৰা বুলি মত ব্যক্ত কৰে৷ শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰৰ সহকাৰী সম্পাদক জিতুমণি নাথে আঁতধৰা বক্তৃতা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি সাধাৰণ সম্পাদক তথা মাছ’ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে শ্বহীদ পৰাগ কুমাৰ দাসৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে৷ শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সঞ্চালনা কৰা বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰি মৰিগাঁও জিলা সাহিত্যি সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই বৰ্তমান সংবাদিকতাৰ ক্ষেত্ৰখনলৈ অহা প্ৰত্যাহ্বানৰ বাবে সংবাদকৰ্মীসকল ঐক্যবদ্ধ হোৱাটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলি মন্তব্য কৰে৷ মাছ’ৰ প্ৰাক্তন সচিবপ্ৰধান প্ৰণৱ চেতিয়াই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা বক্তৃতা অনুষ্ঠানটোৰ আৰম্ভণিতে শ্বহীদ পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰৰ উপ-সভাপতি অজিত শৰ্মাই৷ জাতীয় শিক্ষা কেন্দ্ৰৰ উপ -সভাপতি ৰাজেন ডেকা আৰু মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকাই বন্তি প্ৰজ্বলন কৰা বক্তৃতা অনুষ্ঠানটোত মৰিগাঁৱৰ বহুকেইজন জ্যেষ্ঠ নাগৰিক, সাহিত্যক, লেখিকা, সাংবাদিককে ধৰি কেইবাটাও দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে৷