Logo
image

জয় হ’ল ফুটবলৰ

আমাৰ অসম,২৫ ফেব্ৰুৱাৰীঃ ফুটবলৰ অনুশীলন আৰু প্ৰশিক্ষণৰ বাবে নেহৰু ষ্টেডিয়াম  ব্যৱহাৰ কৰা বিষয়টোত বিগত কিছুদিন ধৰি সৃষ্টি হোৱা বিৰ্তকৰ অৱসান ঘটিল৷ ১৫ দিনৰ বাবেহে ষ্টেডিয়ামখন অসম ক্ৰিকেট সন্থাক ব্যৱহাৰৰ অনুমতি দিয়া বুলি মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে স্পষ্ট কৰাৰ পাছত এতিয়া স্বস্তি অনুভৱ কৰিছে খেলপথাৰৰ দাবীত আন্দোলন কৰা ফুটবলাৰ আৰু সংগঠকসকলে৷ মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত আজি কয়–‘ভুল বুজাবুজিৰ বাবেহে এই বিতৰ্ক হৈছে৷ অসম ক্ৰিকেট সন্থাই ১৫ দিনৰ বাবেহে ষ্টেডিয়ামখনত ৰঞ্জি ট্ৰফীৰ মেচ অনুষ্ঠিত কৰিবলৈ ব’ৰ্ড অৱ স্প’ৰ্টছৰ পৰা অনুমতি লৈছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিবলৈ  এটা খেলে আন এটা খেলক সুবিধা দিবই লাগিব৷’ মুখ্যমন্ত্ৰী শৰ্মাই লগতে ৰঞ্জি ট্ৰফীৰ খেল শেষ হোৱাৰ পাছতে  নেহৰু ষ্টেডিয়ামত ফুটবলক অগ্ৰাধিকাৰ দিয়াৰ বাবে ক্ৰীড়া সঞ্চালকালয়ক ইতিমধ্যে কৈ দিছে বুলি লগতে জানিবলৈ দিয়ে৷ আনহাতে, বিগত কেইবাদিনো ধৰি নেহৰু ষ্টেডিয়াম ফুটবলৰ বাবে সংৰক্ষণ কৰিব লাগে বুলি দাবী কৰি অহা সদৌ অসম ফুটবল খেলুৱৈ কল্যাণ সন্থাই মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে স্বস্তিৰ নিশ্বাস পেলাইছে৷ সন্থাটোৰ সভাপতি হেম দাস আৰু সম্পাদক দূৰ্গা বড়োৱে মুখ্যমন্ত্ৰীৰ এই বক্তব্যই খেলুৱৈসকলক উৎসাহিত কৰিছে বুলি কয়৷ এখন খেলপথাৰৰ বাবে হাহাকাৰ কৰি থকা খেলুৱৈসকলে জ্জ মাৰ্চৰ পৰা নেহৰু ষ্টেডিয়ামত ফুটবলৰ অনুশীলন আৰম্ভ কৰিব৷ অন্যহাতে, নেহৰু ষ্টেডিয়ামত ক্ৰিকেটৰ বাবেই ফুটবলক বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰাৰ বিষয়টোৰ স্পষ্টিকৰণ দিছে অসম ক্ৰিকেট সন্থাই৷ এখন সংবাদমেল আয়োজন কৰি অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াই কয়– নেহৰু ষ্টেডিয়ামত ফুটবল অনুষ্ঠিত নোহোৱা বিষয়টোত অসম ক্ৰিকেট সন্থাৰ কোনো যোগসুত্ৰ নাই৷ ব’ৰ্ড অব স্প’ৰ্টছৰ পৰা অনুমতি লৈহে ক্ৰিকেট সন্থাই নেহৰু ষ্টেডিয়ামত ক্ৰিকেট অনুষ্ঠিত কৰিছে৷ যাৰ বিনিময়ত ব’ৰ্ডৰ্ অব স্প’ৰ্টছক খেলপথাৰৰ ভাড়াও দিয়ে ক্ৰিকেট সন্থাই৷ চৰকাৰৰ লগত হোৱা চুক্তি অনুসৰি নেহৰু ষ্টেডিয়ামখন অসম ক্ৰিকেট সন্থাই পুনৰনিৰ্মাণ কৰিলেও খেলপথাৰখন পৰিচালনা কৰাত সন্থাটোৰ কোনো হাত নাই৷ উল্লেখ্য, ফুটবল খেলুৱৈ কল্যাণ সন্থাই প্ৰাক্তন খেলুৱৈৰ সহযোগত নেহৰু ষ্টেডিয়ামলৈ পুনৰ ফুটবলৰ পৰিৱেশ ঘুৰাই অনাৰ দাবীৰে ২০ ফেব্ৰুৱাৰীত গুৱাহাটী ক্লাবস্থিত টি চি ছোৱালী হায়াৰ ছেৰেণ্ডাৰী স্কুলৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ য’ত খেলুৱৈসকলে ৰাস্তাত ফুটবল খেলি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ তাৰ পাছতে বিষয়টো বিৰ্তকত সোমাই পৰিছিল৷