ৰণবলিয়াৰ ৰণদামামা আকৌ বাজিছে
আকৌ এবাৰ পৃথিৱীত যুদ্ধৰ দামামা বাজি উঠিছে৷ মানুহৰ ইতিহাস যুদ্ধৰ, যুদ্ধ অপৰাধৰ ইতিহাস৷ মানুহৰ বুৰঞ্জী অলেখ অপৰাধেৰে কলংকিত, তেজেৰে ৰাঙলী৷ এইবাৰ ৰংগমঞ্চ হ’ল ইউক্ৰেইন৷ নায়ক-খলনায়কৰ চৰিত্ৰত এফালে ৰাছিয়াৰ একচ্ছত্ৰী শাসকত পৰিণত হোৱা পুটিন আৰু আনফালে আমেৰিকা, ইংলেণ্ডকে ধৰি ‘নাটো’-নৰ্থ আটলাণ্টিক ট্ৰিটী অৰ্গেনাইজেচনৰ দেশসমূহ৷ কোন কোনটো শিবিৰৰ লোক, বা কোন কাৰ সমৰ্থক বা কোনে কাক সমৰ্থন বা বিৰোধিতা কৰিলে নিজৰ স্বাৰ্থসিদ্ধি হয়, তাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰ মতে কোন নায়ক, কোন খলনায়ক৷ তাৰ লগতে আছে ভাৰতৰ দৰে কাৰো পক্ষ নল’বলৈ চেষ্টা কৰা দেশসমূহৰ বিড়ম্বনা৷ নিৰপেক্ষ হৈ থাকিব বিচৰা দেশসমূহৰ বাবে পৰিস্থিতিটো এফালে গভীৰ সাগৰ, আনফালে ভয়ংকৰ দৈত্যৰ দৰে, কেনি যাওঁ গোপাল কেনি যাওঁ কৃপাল৷
পৃথিৱীৰ সমূহ দেশে মিলি যিমান টকা প্ৰতিৰক্ষা আৰু যুদ্ধ প্ৰস্তুতিৰ নামত ব্যয় কৰে, সিমান টকাৰে পৃথিৱীৰ সমস্ত দুখীয়াৰ দুখ মোচন কৰিব পাৰি৷ পৃথিৱীক দাৰিদ্ৰ্যৰ পৰা উদ্ধাৰ কৰিব পাৰি৷ সকলোৰে বাবে শিক্ষা আৰু স্বাস্থ্যসেৱা উপলব্ধ কৰাব পাৰি৷ কিন্তু প্ৰতিখন দেশৰ বাবেই যুদ্ধৰ প্ৰস্তুতিয়ে আটাইতকৈ গুৰুত্ব আৰু প্ৰাথমিকতা লাভ কৰে৷ সেনা বাহিনী হৈ পৰে জাতি ৰাষ্ট˜ৰ অস্তিত্বৰ বাবে অপৰিহাৰ্য৷ প্ৰতিখন জাতি ৰাষ্ট্ৰ আন জাতি ৰাষ্ট্ৰৰ স’তে যুদ্ধৰ বাবে অনবৰত সাজু হৈ থাকে৷ নিজৰ সেনাবাহিনীক সষ্টম কৰি ৰখাটো জাতি ৰাষ্ট্ৰৰ প্ৰথম আৰু প্ৰধান কাম৷ ইয়াৰ বিপৰীতে আধুনিক পৃথিৱীখন আজি এনে এক সময়ত উপস্থিত হৈছে, য’ত সকলো দেশ পৰস্পৰ নিৰ্ভৰশীল৷ আন জাতি ৰাষ্ট্ৰ˜ক বাদ দি কোনো ৰাষ্ট্ৰ আজি আৰু বৰ্তি থাকিব নোৱাৰে৷ পৃথিৱীত আজি ইয়াতে টিপা মাৰিলে তাৰ শিপা গড়গাঁও ওলায়গৈ৷
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ প্ৰভাৱ কেৱল সেই দুখন দেশতেই সীমিত নাথাকে৷ সমগ্ৰ পৃথিৱীয়ে তাৰ ফল ভুগিব৷ গোলকীয় অৰ্থনীতিত পৃথিৱীৰ যিকোনো অঞ্চলত হোৱা যুদ্ধই বিৰূপ প্ৰভাৱ পেলায়৷ ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ স’তে আমেৰিকা আৰু ইউৰোপৰ উন্নত দেশসমূহ প্ৰত্যক্ষ বা পৰোক্ষ জড়িত হৈ পৰিব, গতিকে এই যুদ্ধৰ প্ৰভাৱ পৃথিৱীৰ প্ৰতিটো চুক-কোণলৈ সম্প্ৰসাৰিত হ’ব৷ পৃথিৱীৰ গোলকীয় অৰ্থনীতিৰ স’তে জাতি ৰাষ্ট˜ৰ সাৰ্বভৌমত্ব তথা প্ৰতিৰক্ষাৰ ধাৰণাটোৰ স’তে ক্ৰমান্বয়ে খাপচাৰা হৈ গৈ আছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল– গোলকীয় অৰ্থনীতিৰ প্ৰধান সিদ্ধান্তসমূহ নিৰ্ধাৰণ কৰে বজাৰে৷ আৰু এই বজাৰখন কোনো দেশৰ বা ৰাষ্ট˜নায়কৰ একচ্ছত্ৰী কতৃৰ্ত্বৰ অধীন নহয়৷ কিন্তু ৰাজনৈতিক সিদ্ধান্তসমূহ এতিয়াও ৰাষ্ট˜ বা ৰাষ্ট˜নায়কে গ্ৰহণ কৰে৷ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে সৃষ্টি হোৱা অনি(য়তাৰ ফলত বজাৰে নিজস্ব গতি হেৰুৱাই পেলায়, বজাৰৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটোত বিৰূপ প্ৰভাৱ পৰে৷ এই প্ৰভাৱ সমগ্ৰ পৃথিৱীজুৰি অনুভূত হয়৷
এজন পুটিনৰ বা এজন বাইডেনৰ ৰাজনৈতিক আকাংক্ষাই দুখন দেশক যুদ্ধত লিপ্ত কৰাব পাৰে৷ যুদ্ধত লিপ্ত দেশ দুখনৰ মানুহৰ মাত মতাৰো এইক্ষেত্ৰত কোনো ভূমিকা নাই৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মানুহে বা সেই দুখন দেশৰ সৈন্যসকলে যুদ্ধ বিচাৰে নে নিবিচাৰে সেই প্ৰশ্ন অৰ্থহীন৷ কেইজনমান মানুহে তেওঁলোকৰ ওপৰত এখন যুদ্ধ জাপি দিছে আৰু এই যুদ্ধই বহু মানুহৰ জীৱনলৈ কঢ়িয়াই আনিব ভয়ংকৰ বিপৰ্যয়৷ পৃথিৱীৰ আন বহু দেশৰ বহু মানুহে তেওঁলোকৰ পৰা দূৰৈত তেওঁলোকে বুজি নোপোৱা এখন যুদ্ধৰ বাবে দুখ-কষ্ট ভোগ কৰিব৷
যুদ্ধৰ ফলত লাভৱানো হয় কিছুমান৷ যুদ্ধ ব্যৱসায় এটা লাভজনক ব্যৱসায়৷ যুদ্ধ হ’লে অস্ত্ৰ নিৰ্মাণকাৰী বৃহৎ কৰ্প’ৰেটবোৰৰ ব্যৱসায় ভাল হয়৷ যুদ্ধৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীৰ চাহিদা বৃদ্ধি পায়৷ গতিকে সেইবোৰ সামগ্ৰীৰ উৎপাদন আৰু যোগানৰ স’তে জড়িতসকলৰ বাবে যুদ্ধই সোণালী সুযোগ কঢ়িয়াই আনে৷ যুদ্ধৰ স’তে জড়িত হৈ পৰা দেশবোৰত একধৰণৰ জাতীয়তাবাদী ঢৌ বৈ যায় আৰু সেই জাতীয়তাবাদী ঢৌক পুটিনৰ দৰে শাসকে নিজৰ ক্ষমতা আৰু অধিক গজগজীয়া কৰি ল’বৰ বাবে ব্যৱহাৰ কৰে৷ পুটিনৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে, ইউক্ৰেইনৰ সমৰ্থনত থিয় দিয়া আমেৰিকাৰো পাৰমাণৱিক অস্ত্ৰ আছে৷ যুদ্ধ হ’লেই পৃথিৱীৰ মানুহৰ হিৰ’চিমা, নগাচাকিৰ কথা মনত পৰে৷ ভূপেন হাজৰিকাই তাহানিতে নিজৰ যুদ্ধবিৰোধী গাণত লিখি গৈছে, ‘কোনোবা সমুদ্ৰত বোমা ফুটুৱালে, ক’ৰবাত পৰিলে ছাই, এগণ্ডা বোমাৰে পৃথিৱী পুৰিব ক’ৰবাৰ ৰণ বলিয়ায়৷ উদ্যান বোমাৰে গুণগান বখানি নক’বি ভনী তই মোক বোলো ৰণ হ’লে খাম কি ৰণ হ’লে গাম কি মৰিব দেশৰহে লোক৷’ তেওঁ আৰু লিখিছিল, ‘সমাজৰ পথাৰত কোন খেলুৱৈয়ে কাক বা সাজিছে ঢোপ-ৰাইজৰ এইগাল লোক...’ আৰু ‘শান্তিৰে নিজৰা নিজৰি নবলে আমি হ’ম বৰশীৰে টোপ৷’
পৃথিৱীৰ ইতিহাসত মুষ্টিমেয় শাসকৰ হাতত পৃথিৱীৰ ইতিহাসৰ গতি সলনি কৰি দিব পৰা সিদ্ধান্ত লোৱাৰ ক্ষমতা ন্যস্ত হৈ আহিছে৷ শাসকে যুগে যুগে নিজৰ দেশক আন দেশৰ স’তে যুদ্ধত লিপ্ত কৰোৱাৰ সিদ্ধান্ত লৈ আহিছে৷ আমি এতিয়া একবিংশ শতিকাৰ তৃতীয় দশকত৷ কিন্তু ৰণ বলিয়াৰ ৰণোন্মাদনাৰ পৰা আমি এতিয়াও নিস্তাৰ পোৱা নাই৷আকৌ এবাৰ পৃথিৱীত যুদ্ধৰ দামামা বাজি উঠিছে৷ মানুহৰ ইতিহাস যুদ্ধৰ, যুদ্ধ অপৰাধৰ ইতিহাস৷ মানুহৰ বুৰঞ্জী অলেখ অপৰাধেৰে কলংকিত, তেজেৰে ৰাঙলী৷ এইবাৰ ৰংগমঞ্চ হ’ল ইউক্ৰেইন৷ নায়ক-খলনায়কৰ চৰিত্ৰত এফালে ৰাছিয়াৰ একচ্ছত্ৰী শাসকত পৰিণত হোৱা পুটিন আৰু আনফালে আমেৰিকা, ইংলেণ্ডকে ধৰি ‘নাটো’-নৰ্থ আটলাণ্টিক ট্ৰিটী অৰ্গেনাইজেচনৰ দেশসমূহ৷ কোন কোনটো শিবিৰৰ লোক, বা কোন কাৰ সমৰ্থক বা কোনে কাক সমৰ্থন বা বিৰোধিতা কৰিলে নিজৰ স্বাৰ্থসিদ্ধি হয়, তাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰ মতে কোন নায়ক, কোন খলনায়ক৷ তাৰ লগতে আছে ভাৰতৰ দৰে কাৰো পক্ষ নল’বলৈ চেষ্টা কৰা দেশসমূহৰ বিড়ম্বনা৷ নিৰপেক্ষ হৈ থাকিব বিচৰা দেশসমূহৰ বাবে পৰিস্থিতিটো এফালে গভীৰ সাগৰ, আনফালে ভয়ংকৰ দৈত্যৰ দৰে, কেনি যাওঁ গোপাল কেনি যাওঁ কৃপাল৷
পৃথিৱীৰ সমূহ দেশে মিলি যিমান টকা প্ৰতিৰক্ষা আৰু যুদ্ধ প্ৰস্তুতিৰ নামত ব্যয় কৰে, সিমান টকাৰে পৃথিৱীৰ সমস্ত দুখীয়াৰ দুখ মোচন কৰিব পাৰি৷ পৃথিৱীক দাৰিদ্ৰ্যৰ পৰা উদ্ধাৰ কৰিব পাৰি৷ সকলোৰে বাবে শিক্ষা আৰু স্বাস্থ্যসেৱা উপলব্ধ কৰাব পাৰি৷ কিন্তু প্ৰতিখন দেশৰ বাবেই যুদ্ধৰ প্ৰস্তুতিয়ে আটাইতকৈ গুৰুত্ব আৰু প্ৰাথমিকতা লাভ কৰে৷ সেনা বাহিনী হৈ পৰে জাতি ৰাষ্ট্ৰৰ অস্তিত্বৰ বাবে অপৰিহাৰ্য৷ প্ৰতিখন জাতি ৰাষ্ট˜ আন জাতি ৰাষ্ট˜ৰ স’তে যুদ্ধৰ বাবে অনবৰত সাজু হৈ থাকে৷ নিজৰ সেনাবাহিনীক সষ্টম কৰি ৰখাটো জাতি ৰাষ্ট্ৰৰ প্ৰথম আৰু প্ৰধান কাম৷ ইয়াৰ বিপৰীতে আধুনিক পৃথিৱীখন আজি এনে এক সময়ত উপস্থিত হৈছে, য’ত সকলো দেশ পৰস্পৰ নিৰ্ভৰশীল৷ আন জাতি ৰাষ্ট˜ক বাদ দি কোনো ৰাষ্ট্ৰ আজি আৰু বৰ্তি থাকিব নোৱাৰে৷ পৃথিৱীত আজি ইয়াতে টিপা মাৰিলে তাৰ শিপা গড়গাঁও ওলায়গৈ৷
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ প্ৰভাৱ কেৱল সেই দুখন দেশতেই সীমিত নাথাকে৷ সমগ্ৰ পৃথিৱীয়ে তাৰ ফল ভুগিব৷ গোলকীয় অৰ্থনীতিত পৃথিৱীৰ যিকোনো অঞ্চলত হোৱা যুদ্ধই বিৰূপ প্ৰভাৱ পেলায়৷ ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ স’তে আমেৰিকা আৰু ইউৰোপৰ উন্নত দেশসমূহ প্ৰত্যক্ষ বা পৰোক্ষ জড়িত হৈ পৰিব, গতিকে এই যুদ্ধৰ প্ৰভাৱ পৃথিৱীৰ প্ৰতিটো চুক-কোণলৈ সম্প্ৰসাৰিত হ’ব৷ পৃথিৱীৰ গোলকীয় অৰ্থনীতিৰ স’তে জাতি ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব তথা প্ৰতিৰক্ষাৰ ধাৰণাটোৰ স’তে ক্ৰমান্বয়ে খাপচাৰা হৈ গৈ আছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল– গোলকীয় অৰ্থনীতিৰ প্ৰধান সিদ্ধান্তসমূহ নিৰ্ধাৰণ কৰে বজাৰে৷ আৰু এই বজাৰখন কোনো দেশৰ বা ৰাষ্ট্ৰ˜নায়কৰ একচ্ছত্ৰী কতৃৰ্ত্বৰ অধীন নহয়৷ কিন্তু ৰাজনৈতিক সিদ্ধান্তসমূহ এতিয়াও ৰাষ্ট˜ বা ৰাষ্ট˜নায়কে গ্ৰহণ কৰে৷ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে সৃষ্টি হোৱা অনি(য়তাৰ ফলত বজাৰে নিজস্ব গতি হেৰুৱাই পেলায়, বজাৰৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটোত বিৰূপ প্ৰভাৱ পৰে৷ এই প্ৰভাৱ সমগ্ৰ পৃথিৱীজুৰি অনুভূত হয়৷
এজন পুটিনৰ বা এজন বাইডেনৰ ৰাজনৈতিক আকাংক্ষাই দুখন দেশক যুদ্ধত লিপ্ত কৰাব পাৰে৷ যুদ্ধত লিপ্ত দেশ দুখনৰ মানুহৰ মাত মতাৰো এইক্ষেত্ৰত কোনো ভূমিকা নাই৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মানুহে বা সেই দুখন দেশৰ সৈন্যসকলে যুদ্ধ বিচাৰে নে নিবিচাৰে সেই প্ৰশ্ন অৰ্থহীন৷ কেইজনমান মানুহে তেওঁলোকৰ ওপৰত এখন যুদ্ধ জাপি দিছে আৰু এই যুদ্ধই বহু মানুহৰ জীৱনলৈ কঢ়িয়াই আনিব ভয়ংকৰ বিপৰ্যয়৷ পৃথিৱীৰ আন বহু দেশৰ বহু মানুহে তেওঁলোকৰ পৰা দূৰৈত তেওঁলোকে বুজি নোপোৱা এখন যুদ্ধৰ বাবে দুখ-কষ্ট ভোগ কৰিব৷
যুদ্ধৰ ফলত লাভৱানো হয় কিছুমান৷ যুদ্ধ ব্যৱসায় এটা লাভজনক ব্যৱসায়৷ যুদ্ধ হ’লে অস্ত্ৰ নিৰ্মাণকাৰী বৃহৎ কৰ্প’ৰেটবোৰৰ ব্যৱসায় ভাল হয়৷ যুদ্ধৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীৰ চাহিদা বৃদ্ধি পায়৷ গতিকে সেইবোৰ সামগ্ৰীৰ উৎপাদন আৰু যোগানৰ স’তে জড়িতসকলৰ বাবে যুদ্ধই সোণালী সুযোগ কঢ়িয়াই আনে৷ যুদ্ধৰ স’তে জড়িত হৈ পৰা দেশবোৰত একধৰণৰ জাতীয়তাবাদী ঢৌ বৈ যায় আৰু সেই জাতীয়তাবাদী ঢৌক পুটিনৰ দৰে শাসকে নিজৰ ক্ষমতা আৰু অধিক গজগজীয়া কৰি ল’বৰ বাবে ব্যৱহাৰ কৰে৷ পুটিনৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে, ইউক্ৰেইনৰ সমৰ্থনত থিয় দিয়া আমেৰিকাৰো পাৰমাণৱিক অস্ত্ৰ আছে৷ যুদ্ধ হ’লেই পৃথিৱীৰ মানুহৰ হিৰ’চিমা, নগাচাকিৰ কথা মনত পৰে৷ ভূপেন হাজৰিকাই তাহানিতে নিজৰ যুদ্ধবিৰোধী গাণত লিখি গৈছে, ‘কোনোবা সমুদ্ৰত বোমা ফুটুৱালে, ক’ৰবাত পৰিলে ছাই, এগণ্ডা বোমাৰে পৃথিৱী পুৰিব ক’ৰবাৰ ৰণ বলিয়ায়৷ উদ্যান বোমাৰে গুণগান বখানি নক’বি ভনী তই মোক বোলো ৰণ হ’লে খাম কি ৰণ হ’লে গাম কি মৰিব দেশৰহে লোক৷’ তেওঁ আৰু লিখিছিল, ‘সমাজৰ পথাৰত কোন খেলুৱৈয়ে কাক বা সাজিছে ঢোপ-ৰাইজৰ এইগাল লোক...’ আৰু ‘শান্তিৰে নিজৰা নিজৰি নবলে আমি হ’ম বৰশীৰে টোপ৷’
পৃথিৱীৰ ইতিহাসত মুষ্টিমেয় শাসকৰ হাতত পৃথিৱীৰ ইতিহাসৰ গতি সলনি কৰি দিব পৰা সিদ্ধান্ত লোৱাৰ ক্ষমতা ন্যস্ত হৈ আহিছে৷ শাসকে যুগে যুগে নিজৰ দেশক আন দেশৰ স’তে যুদ্ধত লিপ্ত কৰোৱাৰ সিদ্ধান্ত লৈ আহিছে৷ আমি এতিয়া একবিংশ শতিকাৰ তৃতীয় দশকত৷ কিন্তু ৰণ বলিয়াৰ ৰণোন্মাদনাৰ পৰা আমি এতিয়াও নিস্তাৰ পোৱা নাই৷






