Logo
image

মেডিকেল পঢ়িবলৈ ভাৰতীয় শিক্ষাৰ্থী ইউক্ৰেইনলৈ যায় কিয়

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়া চলিছে তুমুল যুদ্ধ৷ ইপিনে যুদ্ধ কবলিত ইউক্ৰেইনত আৱদ্ধ হৈ পৰিছে উচ্ছ শিক্ষাৰ বাবে যোৱা ১৮ হাজাৰতকৈও অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰী৷ ইয়াৰে অধিকসংখ্যকেই হৈছে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা৷ প্ৰশ্ন হয় ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে কিয় ইউক্ৰেইনৰ দৰে দেশখনক নিৰ্বাচন কৰি লয়? জলন্ধৰৰ এটা এডুকেশ্বন কনছালটেণ্ট প্ৰতিষ্ঠানৰ মতে ভাৰতৰ দৰে ইউক্ৰেইনত শিক্ষাৰ বাবে প্ৰতিযোগিতা নাই৷ ফলত দেশখনত চিকিৎসা বিজ্ঞানৰ আসন সহজতে পাব পৰা যায়৷ তদুপৰি বাহিৰা দেশৰ ডিগ্ৰী থাকিলে অধিক গুৰুত্ব পোৱা যায় বাবে পৰৱৰ্তী অধ্যয়নৰ ক্ষেত্ৰত লাভ হয়৷ ইণ্ডিয়ান মেডিকেল কাউন্সিল আৰু ৱল্ডৰ্ হেলথ কাউন্সিলৰ দৰে সংস্থাসমূহেও ইউক্ৰেইনৰ এম বি বি এছ ডিগ্ৰীক মান্যতা প্ৰদান কৰে৷ আন এক অন্যতম কাৰণ হৈছে ইউক্ৰেইনত শিক্ষা ব্যয় কম৷ উল্লেখ্য যে ভাৰতৰ কোনো এখন অৰ্দ্ধ চৰকাৰী প্ৰতিষ্ঠানত চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণ কৰিবলৈ হ’লে পাঁচ বছৰত ১০-১২ লাখ টকালৈকে খৰচ হয়৷ বেচৰকাৰী প্ৰতিষ্ঠান হ’লেতো কথাই নাই৷ ভাৰতত বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিবলৈ হ’লে প্ৰায় ৫০ লাখ টকা খৰচ হয়৷ অৱশ্যে চৰকাৰী প্ৰতিষ্ঠানত বছৰি ২ লাখমান টকা খৰচ হয়৷ কিন্তু চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত আসন লাভ কৰাটো সহজ নহয়৷ ইয়াৰ বাবে অতি কঠিন প্ৰতিযোগিতা হয়৷ ইয়াৰ বিপৰীতে ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ শিক্ষা লাভ কৰিবলৈ মাত্ৰ চ্ছ্ৰ-প্ত লাখ টকাহে খৰচ হয়৷ যিটো ভাৰতৰ তুলনাত যথেষ্ট কম৷ আনহাতে ফৰিদাবাদৰ চিকিৎসা বিজ্ঞান বিভাগৰ এজন বিষয়াৰ মতে, ভাৰতত সুযোগ নোপোৱা সকলেহে ইউক্ৰেইনলৈ মেডিকেল পঢ়িবলৈ যায়৷ ভাৰতত নীট পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰিলে চিকিৎসা বিজ্ঞানৰ আসন লাভ কৰাটো সম্ভৱ নহয়৷ ইয়াৰ বিপৰীতে আকৌ ছাত্ৰ-ছাত্ৰীসকলৰ মতে ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ আন্তঃগাঁথনি যথেষ্ট উন্নত৷ তদুপৰি বিশ্বজুৰি ইউক্ৰেইনৰ এম বি বি এছ ডিগ্ৰীক মান্যতা প্ৰদান কৰা হয়৷