Logo
image

হাজাৰ হাজাৰ ভাৰতীয় আবদ্ধ

চাৰি সীমান্তলৈ চাৰি মন্ত্ৰী

আমাৰ অসম, ১ মাৰ্চঃ ৰাছিয়াই ইউক্ৰেনত চলোৱা আক্ৰমণৰ ফলত এতিয়া দেশখনত আৱদ্ধ হৈ থকা ভাৰতীয় সকল সন্মুখীন হ’ব লগা হৈছে ভয়ংকৰ পৰিস্থিতিৰ৷ এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীত জৰুৰী বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকত ভাগ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল৷ উক্ত বৈঠকত চাৰি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেন ৰিজিজু আৰু ভি কে সিঙক ইউক্ৰেইনৰ চাৰি সীমান্তত থকা চুবুৰীয়া চাৰিখন দেশলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ মন্ত্ৰী কেইজনে তালৈ গৈ ইউক্ৰেইনৰ পৰা ভাৰতীয় সকলক উভতাই অনাৰ প্ৰক্ৰিয়া তদাৰক কৰিব৷ উল্লেখ্য যে যুদ্ধকবলিত ইউক্ৰেইনৰ পৰা ভাৰতীয় সকলক উদ্ধাৰ কৰি অনাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে ‘অপাৰেছন গংগা’ নামেৰে অভিযান আৰম্ভ কৰিছে৷ সেই অনুসৰি সোমবাৰে পুৱা ১,১৫৬ জনক ভাৰতলৈ উভতাই অনা হয়৷ কিন্তু ইয়াৰ পাছতো যুদ্ধৰ পাছতো ইউক্ৰেইনত ১৬ হাজাৰৰো অধিক ভাৰতীয় লোক আৱদ্ধ হৈ আছে৷ ইয়াৰ বেছিভাগেই চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰী৷ ইপিনে নিজদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ইউক্ৰেইনৰ সীমান্তত উপস্থিত হোৱা শ শ ভাৰতীয় ছাত্ৰ-ছাত্ৰী সন্মুখীন হ’ব লগা হৈছে আন এক ভয়াৱহ পৰিস্থিতিৰ৷ ইউক্ৰেইনৰ সেনাই বাচি বাচি বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলক সেনাই পুনৰ সীমান্তৰ পৰা বলপূৰ্বক ইউক্ৰেইনলৈ উভতাই পঠাইছে৷ ছ’চিয়েল মিডিয়াত এনে ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ তথা অভিভাৱকসকল উদ্বিগ্নতাৰে সময় পাৰ কৰিবলগীয়া হৈছে৷ উল্লেখ্য যে ইউক্ৰেইনে আকাশ সীমা বন্ধ কৰি দিয়াত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সীমান্ত পাৰ কৰি ৰোমানিয়া, হাংগেৰী, পোলেণ্ড আৰু শ্লোভাকিয়াৰ মাজেৰে ভাৰতলৈ ওভতাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মোদী চৰকাৰে৷ আনহাতে যুদ্ধৰ দাবানলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ইউক্ৰেইনৰ হাজাৰ হাজাৰ শিশু-মহিলা শৰণাৰ্থী গোট খাইছে তাঞ্জানিয়াৰ সীমান্তত৷ বিগত ৩৬ ঘণ্টা ধৰি সীমান্তত -১২০ ছেলচিয়াছ তাপমাত্ৰাৰ মাজত ভোকে-লোঘনে থাকি এই লোকসকল হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ প্ৰচণ্ড তুষাৰপাতৰ মাজত আৱদ্ধ হৈ থকা বহু শিশু-মহিলা অসুস্থ হৈ পৰিছে৷ সকলোৱে আশ্ৰয় বিচাৰিছে চুবুৰীয়া দেশখনৰ৷ ইপিনে অসমৰো বহু ছাত্ৰ-ছাত্ৰী এতিয়াও ইউক্ৰেইনতে আৱদ্ধ হৈ থাকিব লগা হৈছে৷ ঘৰলৈ উভতি আহিবলৈ উদগ্ৰীব হৈ পৰা এই ছাত্ৰ-ছাত্ৰীসকল এতিয়া অসহায় পৰিস্থিতিৰ সন্মুখীন হৈছে৷ সহায় বিচাৰি চৰকাৰক তেওঁলোকৰ আহ্বান–‘আমাক উদ্ধাৰ কৰক৷’ ইয়াৰ মাজতে যোৱা তিনিটা দিনত অসমলৈ উভতি আহিবলৈ সক্ষম হৈছে কেইবাজনো ছাত্ৰ-ছাত্ৰী৷