Logo
image

যুদ্ধৰ বাবে তেলৰ মূল্য বাঢ়িব নেকি? কেন্দ্ৰীয় মন্ত্ৰী নিৰুত্তৰ

আমাৰ অসম, ১ মাৰ্চঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অজুহাতত দেশত বাঢ়িব নেকি তেলৰ দাম? সাংবাদিকক উদ্দেশ্যি এই প্ৰশ্ন কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিংপুৰীৰ৷ সোমবাৰে এখন সংবাদ মেলত ইন্ধনৰ মূল্যবৃদ্ধি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে আৰু কয়– ‘ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধৰ পৰিৱেশ নওঁহতেই তেলৰ দাম বৃদ্ধি পাইছিল৷ এতিয়া ইউক্ৰেইনৰ সংকট হোৱা বাবে নাবাঢ়ে তেলৰ দাম৷ দীপাৱলীৰ পাছত তেলৰ দাম কমাই দিয়া হৈছিল৷ আমি সমগ্ৰ পৰিৱেশ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছোঁ৷ তেল উৎপাদনকাৰী দেশসমূহৰ সৈতে আমি যোগাযোগত আছোঁ৷ উত্তৰ পূৰ্বাঞ্চলৰ বাবে আমি যি কৰিব পাৰো কৰি দিছোঁ৷ ইয়াৰ আগতে আমি অসমলৈ অহাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল শোধানাগাৰসমূহৰ পৰিশোধন ক্ষমতা বঢ়াই দিয়ক৷ তেওঁৰ আহ্বান অনুসৰি আমি বঢ়াই দিছোঁ পৰিশোধন ক্ষমতা৷’ ইয়াৰ পূৰ্বে উত্তৰ-পূব ভাৰতত আন্তঃগাঁথনিৰ বিকাশ ত্বৰাণ্বিত কৰিবলৈ ভাৰত চৰকাৰে জোৰ দিয়াৰ লগতে অঞ্চলটো নেচনেল গেছ গ্ৰিডত সংযুক্ত হ’বলৈ ওলোৱাৰ সময়তে, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে গুৱাহাটীত পিএম গতিশক্তি [পিএমজিএছ]ৰ বাবে উত্তৰ-পূব মাণ্ডলিক সন্মিলনৰ আয়োজন কৰে৷ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, পৰিবহণ, দক্ষতা, নিয়োগ আৰু উদ্যমিতা, এক্ট ইষ্ট পলিচী, সংখ্যালঘু কল্যাণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ত্ৰিপুৰা চৰকাৰৰ এফচিএছ আৰু চিএ, উদ্যোগ আৰু বাণিজ্য, মন্ত্ৰী মনোজ কান্তি দেৱ, নাগালেণ্ড চৰকাৰৰ ভূমি আৰু জল সংৰক্ষণ মন্ত্ৰী ভি কাশ্বিহো ছাংটাম, ছিক্কিম চৰকাৰৰ শিক্ষা, আইন, বিধায়িনী আৰু সংসদীয় পৰিক্ৰমা, ভূমি ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী কুংগা নিমা লেপচাই সভাত ভাগ লয়৷ কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ আন্তঃগাঁথনি মন্ত্ৰালয়ৰ প্ৰতিনিধিৰ লগতে আন ষ্টেকহ’ল্ডাৰসকলো সন্মিলনত উপস্থিত থাকে৷ সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে, গণ্যমান্য লোকসকলে গতিশক্তিৰ ভিজন আৰু কেন্দ্ৰীয় বাজেট ২০২২ৰ সৈতে থকা ইয়াৰ সংগতি সম্পৰ্কীয় এখন ৱেবিনাৰত ভাগ লয়, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ বাজেটে ২১শ শতিকাৰ ভাৰতৰ বিকাশৰ সুচলতা [গতিশক্তি] নিৰ্ধাৰণ কৰিছে৷ ‘আন্তঃগাঁথনি-ভিত্তিক বিকাশ’ৰ এই দিশে আমাৰ অৰ্থনীতৰ শক্তিৰ অসাধাৰণ বৃদ্ধি সম্ভৱ কৰি তুলিব, নিয়োগৰ বহুতো সম্ভাৱনা সৃষ্টি কৰিব বুলি তেওঁ কয়৷ তাৰ পাছতে উত্তৰ-পূব মাণ্ডলিক সন্মিলনত বক্তব্য ৰাখি, হৰদীপ সিং পুৰীয়ে কয়– পিএম গতিশক্তি হৈছে এক উল্লেখনীয় পদক্ষেপ, যি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ বিভিন্ন আন্তঃগাঁথনিৰ প্ৰকল্পৰ মাজত সমণ্বয় সাধন কৰি, ত্বৰাণ্বিত কৰি ভাৰতত লজিষ্টিক ব্যয় হ্ৰাস কৰিব৷ এই মূল কাৰ্যক্ৰমৰ জৰিয়তে পেট্ৰলিয়াম, ৰে’লৱে, ঘাইপথ, উপযোগিতা আদিৰ দৰে সকলো খণ্ডৰ প্ৰধান প্ৰকল্পসমূহৰ কাম দ্ৰুত আৰু দক্ষতাপূৰ্ণ হ’ব৷ এই পদক্ষেপৰ জৰিয়তে জীৱনৰ মান উন্নত কৰাৰ সমান্তৰালকৈ কাম কৰাৰ ক্ষেত্ৰতো সুচলতা আহৰণ কৰিব পাৰিম৷ পিএম গতিশক্তিয়ে বহুতৰপীয়া সংযোগ সম্ভৱ কৰি তুলিব৷ উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশত পেট্ৰলিয়াম খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ উত্তৰ-পূৰ্বাঞ্চলত তেলৰ উৎপাদন অহা চাৰি বছৰত ৬৭শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ উদ্ভাৱনৰ অধীনত থকা উত্তৰ-পূৰ্বাঞ্চলত অচিৰেই অশোধিত উৎপাদন ৪৫ শতাংশ আৰু গেছৰ উৎপাদন ৯০ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ তেওঁ সকলো ৰাজ্য চৰকাৰকে প্ৰয়োজনীয় সমৰ্থন আৰু সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰি কয় যে এই সপোন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উমৈহতীয়া প্ৰচেষ্টাত ‘ক’-অপাৰেটিভ ফেডাৰেলিজম’ৰ জৰিয়তেহে সাকাৰ হ’ব৷ ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশৰ বিকাশ সাধনত প্ৰধানমন্ত্ৰীয়ে এক ত্বৰিৎ উত্থান সাধন কৰিছে, আৰু পিএমজিএছে জনসাধাৰণক যথেষ্ট লাভবান কৰিব৷  এই আঁচনিৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে লগত আছে৷ ইয়াৰ বাবে ৰাজ্যখনে ইতিমধ্যে এটা প্ৰতিষ্ঠানিক গাঁথনি প্ৰস্তুত কৰি ৰাখিছে আৰু সক্ষমতা নিৰ্মাণৰ কামো আৰম্ভ কৰিছে৷ অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে স্থলপথ, ৰে’ল পথ, পাইপলাইন আৰু জলপথেৰে সংযোগ হৈছে বিকাশৰ এক গুৰুত্বপূৰ্ণ আৱশ্যকতা৷ পিএম গতিশক্তিয়ে যোগান শৃংখলাৰ সৈতে জড়িত সকলো সংস্থাক একত্ৰিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে পিএম গতিশক্তি -নেচনেল মাষ্টাৰ প্লেন [এনএমপি] ১৩ অক্টোবৰ, ২০২১ত নতুন দিল্লীত আৰম্ভ কৰিছিল৷ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটীয়ে ইয়াক অনুমোদন জনায়৷