Logo
image

ইথানল গাড়ীৰ বাবে ক্ষতিকাৰক নহয়! দাবী ‘অইল’ৰ

আমাৰ অসম, ১ মাৰ্চঃ ইথানল গাড়ীৰ বাবে ক্ষতিকাৰক নহয়৷– এই দাবী ‘অইল’ৰ৷ সোমবাৰে গুৱাহাটীৰ নাৰেংগীত থকা অইলৰ পাইপ লাইন শাখাৰ মুখ্য কাৰ্যলয়ত অনুষ্ঠিত এখন সংবাদ মেলত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই কয় ‘ইথানলে গাড়ীৰ কোনো ক্ষয় ক্ষতি নকৰে৷ ব্ৰাজিলত পূৰ্বৰে পৰা চলি আছে ইথালনযুক্ত পেট্ৰ’লৰ বাহন৷ অসমতো পৰ্যায় ক্ৰমে চলিব ইথালনযুক্ত পেট্ৰ’লৰ বাহন৷  শীঘ্ৰে গুৱাহাটীবাসীয়ে পাইপযোগে লাভ কৰিব গেছৰ যোগান৷ অইল ইণ্ডিয়া, গেইল ইণ্ডিয়া আৰু অসম গেছ কোম্পানীৰ যৌথ প্ৰচেষ্টাত গুৱাহাটীত পাইপযোগে বিতৰণ কৰা হ’ব গেছ৷ পৰ্যায়ক্ৰমে গুৱাহাটীত গেছ বিতৰণৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিব অইলে৷  জুনত গুৱাহাটীত স্থাপন হ’ব চি এন জি ষ্টেচন৷ অইল ইণ্ডিয়াৰ ইতিহাসত সৰ্বাধিক গভীৰ তৈলকুপ হ’ব শদিয়াত৷ তেলৰ দাম বৃদ্ধি আৰু অধিক উৎপাদনৰ বাবেই বিগত বৰ্ষতকৈ অধিক লাভান্বিত হৈছে অইল ইণ্ডিয়া৷ বাঘজানৰ সকলোকে সাহায্য দিয়া হৈছে৷ বাঘজানত এতিয়া উৎপাদন চলি আছে৷ পোন প্ৰথম বাৰৰ বাবে দেশৰ ভিতৰতে হাইড্ৰ’জেন উৎপাদন প্ৰকল্প অসমত আৰম্ভ কৰাৰ পৰিকল্পনা অইল ইণ্ডিয়াই কৰিছে৷ হাইড্ৰ’জেন প্ৰকল্প আৰম্ভ হ’লে অসমত বহু সংস্থাপনৰ বাট ওলাব৷ তদুপৰি লাভৰ পৰিমাণ বৃদ্ধি পাইছে অইল ইণ্ডিয়া লিমিটেডৰ৷ ২০২১ চনৰ ৩১ ডিচেম্বৰত কৰ পৰিশোধৰ অন্তত অইলৰ লাভৰ পৰিমাণ বৃদ্ধি পাইছে ১৫২ শতাংশলৈ৷ অৰ্থাৎ বিগত বৰ্ষত প্ৰথম নমাহৰ ৮৯৪.০৩ কোটি টকাৰ তুলনাত চলিত বৰ্ষত অইলৰ লাভৰ পৰিমাণ বৃদ্ধি পাই ২, ২৫৭.৩০ কোটি টকালৈ৷  তেওঁ লগতে কয়– কোম্পানীটোৰ মুঠ আয় বিগত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে থকা ৬০২৮.৭২ কোটি টকাৰ তুলনাত বৰ্তমান ১০০৫১.৫৭ কোটি টকালৈ বৃদ্ধি পাইছে৷ একেদৰে বৃদ্ধি পাইছে প্ৰাকৃতিক গেছৰো উৎপাদন৷ ২০২০-২১ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত অইলৰ প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধি পাইছে ১৭.৮৩ শতাংশলৈ৷ ২০২০-২১ বৰ্ষৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত ২৭৭.৪২ কোটি হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত ইবিআইটিডিএ হয় ২, ২৩৫.৭২ কোটি টকা৷ মুঠ ৯, ৬৭৫.৯৬ কোটি টকা ব্যয়েৰে ২০২১ চনৰ ৪ মাৰ্চত অইলে এন আৰ এলত ৩৯, ৮৪, ৩৬, ৯২৯ ইকুইটি শ্বেয়াৰ লাভ কৰে, য’ত অসম চৰকাৰৰ হৈ ক্ৰয় কৰা ৭, ৭৪, ৮০, ৭৪৬ শ্বেয়াৰো হৈ আছে৷ অসম চৰকাৰৰ হৈ বিপিচিএলৰ পৰা অইলে ক্ৰয় কৰা সমগ্ৰ ৭, ৭৪, ৮০, ৭৪৬ ইকুইটি শ্বেয়াৰ হস্তান্তৰ প্ৰক্ৰিয়া চলিত বছৰৰ ৩ জানুৱাৰীত শেষ হয়৷ অসম চৰকাৰৰ শ্বেয়াৰ হস্তান্তৰৰ পাছত বৰ্তমান এন আৰ এল ইকুইটিত অইলৰ ৬৯.৬৩ শতাংশ ষ্টেক আছে৷ অইল ইণ্ডিয়া লিমিটেডে এইএম প্ৰযুক্তিৰ সহায়ত গ্ৰীন হাউড্ৰ’জেন উৎপন্ন কৰিবলৈ অসমৰ যোৰহাটস্থিত ইয়াৰ পাম্প ষ্টেচনতত এক ১০০ কিলোৱাটৰ ‘গ্ৰীন হাইড্ৰ’জেন’ প্ৰযুক্তি প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে৷ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ দ্বাৰা ৰূপায়ণ কৰা ই হৈছে দেশৰ ভিতৰত প্ৰথমটো এনে ধৰণৰ প্ৰকল্প৷ বাঢ়ি অহা শক্তিৰ প্ৰয়োজন পূৰ কৰিবলৈ শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি শক্তি আটাইতকৈ স্বচ্ছ ৰূপ হিচাপে হাইড্ৰ’জেনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ ২০২১ বৰ্ষত আৰম্ভ কৰা অইলৰ ভালেমান গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ভিতৰত বাঘজানত ফিল্ড গেছ গেদাৰিং ষ্টেচনৰ নিৰ্মাণ আৰু নুমলিগড়-শিলিগুড়ি প্ৰডাক্ত পাইপালাইন সুবিধাৰ উন্নীতকৰণ হৈছে দুই প্ৰধান প্ৰকল্প৷ অন্বেষণ আৰু বিকাশৰ ক্ষেত্ৰত ২৫টা অ’এলপি ব্লকৰ প্ৰায় সংখ্যকতে ভূ-কম্পীয় তথ্য অধিগ্ৰহণ সম্পূৰ্ণ হয় আৰু এই মাহৰ আৰম্ভণিতে ইয়াৰে ৰাজস্থানস্থিত এটা ব্লকতো কাৰ্যও আৰম্ভ কৰি দিয়া হয়৷ এই মাহতে অইলে শদিয়াত ৬৪৫০ মিটাৰৰ গভীৰ কুপৰ খননৰে কাম আৰম্ভ কৰিছে৷’ সংবাদমেলত অইল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক [অপাৰেচন] পংকজ কুমাৰ গোস্বামীৰ লগতে কেইবাগৰাকী উচ্ছপদস্থ বিষয়া উপস্থিত থাকে৷ উল্লেখ্য, পেট্ৰ’লত ইথানল মিহলি হ’লে যদি গাড়ীৰ ইঞ্জিনৰ বিজুতি ঘটে তেতিয়া তেল ডিপোৰ মালিকক গাড়ীৰ মালিকে জগৰীয়া কৰাৰ শংকাত বিগত বছৰৰ জুন মাহৰ পৰাই ৰাজ্যজুৰি তে’ল বিতাৰক সংস্থাসমূহৰ উমৈহতীয়া সংস্থা নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্বনে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ৷ তাৰ পৰৱৰ্তী পৰ্যায়তো বিভিন্ন তৈল বিতাৰক সংস্থাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷