Logo
image

পানী বিচাৰি যাওঁতেই ৰুছ মিছাইলে প্ৰাণ ল’লে নবীনৰ

আমাৰ অসম, ২ মাৰ্চঃ অৱশেষত যুদ্ধৰ জিংঘাসাৰ বলি হ’ল ভাৰতীয় ছাত্ৰ৷ নবীন শেখৰাপ্পা জ্ঞানগৌধৰ নামৰ কৰ্ণাটকৰ ২১ বছৰীয়া মেডিকেলৰ ছাত্ৰ এজনৰ মঙলবাৰে বোমাৰ আঘাতত মৃত্যু হোৱাৰ লগে লগে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ প্ৰত্যক্ষ আঘাত এইবাৰ ভাৰততো লাগিল৷ বিগত ৫ দিন ধৰি লুকাই থকা বাংকাৰত খাদ্য আৰু খোৱাপানী শেষ হৈ যোৱাত বাংকাৰৰ পৰা ওলাই আহি গ্ৰ’ছাৰি দোকানৰ বাহিৰত শাৰী পাতি থাকোঁতেই ৰাছিয়াৰ সেনাবাহিনীয়ে নিক্ষেপ কৰা ভয়ংকৰ বোমাৰ আঘাতত মঙলবাৰে নবীনে খাৰকিভ চহৰৰ মাজমজিয়াত কৰুণভাৱে মৃত্যুক সাৱতি লয়৷ দোকানত খোৱাপানী আৰু সামান্য খাদ্যবস্তুৰ বাবে দীঘলীয়া শাৰীত থিয় হোৱাৰ ঠিক আগমুহূৰ্তত নবীনে পিতৃ শেখৰ গৌড়াৰ সৈতে টেলিফোনত কথা পাতিছিল আৰু খাদ্য-পানী কিনিবলৈ বাংকাৰৰ পৰা ওলাই আহিব বুলি জনাইছিল৷ নবীনে যিখন দোকানৰ বাহিৰত দীঘলীয়া শাৰীত থিয় দিবলৈ বাধ্য হৈছিল, ঠিক তাৰ সমীপতে থকা ইউক্ৰেইনৰ দ্বিতীয় বৃহৎ চহৰ খাৰকিভৰ চৰকাৰী প্ৰশাসনীয় কাৰ্যালয়টো সেই মুহূৰ্তত ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণ অথবা গোলণ্ডাজ বাহিনীয়ে গোলা নিক্ষেপ কৰি উৰুৱাই দিয়ে৷ কাষতে হোৱা ভয়ংকৰ গোলাৰ বিস্ফোৰণত প্ৰশাসনীয় ভৱনটো অগ্নিবলয়ত পৰিণত হৈ চূৰ্ণীকৃত হয় আৰু দোকানৰ সন্মুখত শাৰীপাতি থকা বহুজনৰ লগতে ভাৰতীয় ছাত্ৰ নবীনো যুদ্ধৰ জিংঘাসাৰ বলি হয়৷ যোৱা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইনৰ ভয়ানক যুদ্ধত নবীনেই প্ৰথমগৰাকী ভাৰতীয় হিচাপে প্ৰাণ হেৰুৱাবলগীয়া হ’ল৷ ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে এটা টুইটত এই দুখজনক খবৰটো নিশ্চিত কৰিছে৷ টুইটত বৈদেশিক মন্ত্ৰণালয়ে কয়– ‘গভীৰ দুখেৰে সৈতে আমি জনাইছোঁ, আজি নবীন শেখৰাপ্পা নামৰ ইউক্ৰেইনত মেডিকেল পঢ়ি থকা এজন ছাত্ৰই ৰাছিয়াৰ গোলাবৰ্ষণত খাৰকিভ চহৰত প্ৰাণ হেৰুৱাইছে৷ বৈদেশিক মন্ত্ৰণালয়ে নিহত নবীনৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে৷’

নবীন শেখৰাপ্পা জ্ঞানগৌধ খাৰকিভ ৰাষ্ট্ৰীয় মেডিকেল বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল৷ তেওঁৰ ঘৰ কৰ্ণাটকৰ উত্তৰৰ হাভেৰি জিলাত৷ নবীনৰ ইউক্ৰেইনৰ বাসস্থানো আছিল ৰাছিয়াই গোলাবৰ্ষণেৰে উৰুৱাই দিয়া প্ৰশাসনীয় ভৱনটোৰ নিচেই সমীপত৷ সেয়ে তেওঁ পিঁয়াহৰ পানী আৰু ভোকৰ খাদ্য সংগ্ৰহ কৰিবলৈ বোমাত উৰি যোৱা প্ৰশাসনীয় ভৱনটোৰ ওচৰৰে দোকানত শাৰী পাতিবলগীয়া হৈছিল৷ ইউক্ৰেইনৰ খাৰকিভতে আবদ্ধ হৈ থকা ভাৰতীয় এজেণ্ট পূজা প্ৰহৰাজে কয়– ‘তেওঁ পানী আৰু খাদ্য কিনিবলৈ দোকানলৈ গৈছিল৷ হোষ্টেলত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আমি খাদ্য-পানী যোগান ধৰি আছোঁ৷ কিন্তু নবীন গৱৰ্নৰ হাউছৰ ঠিক পিছতে নিজাকৈ ফ্লেটত আছিল৷ সেয়ে তেওঁ খাদ্য-পানী সংগ্ৰহ কৰিবলৈ গৈছিল আৰু দোকানৰ সন্মুখত ডেৰ-দুঘণ্টা শাৰীপাতি থাকিবলগীয়া হৈছিল৷ কিন্তু আচম্বিতে সেই স্থানত এয়াৰ ষ্ট্ৰাইক হ’ল আৰু নবীনৰ মৃত্যু হ’ল৷’ নবীনৰ মৃত্যুৰ খবৰ তেওঁৰে ফোনটো লৈ এগৰাকী ইউক্ৰেইনৰ মহিলাই প্ৰথমে পূজাক দিয়ে৷ তেওঁ জনায় যে, সেই ফোনটোৰ গৰাকীৰ বিস্ফোৰণৰ আঘাতত মৃত্যু হৈছে আৰু তেওঁৰ মৃতদেহ মৰ্গলৈ লৈ যোৱা হৈছে৷ তেওঁ মৃতদেহৰ পৰাই ফোনটো লৈ সেই কৰুণ খবৰ দিবলগীয়া হৈছে৷ ইপিনে, নবীনৰ সতীৰ্থ শ্ৰীধৰণ গোপালকৃষ্ণই কৈছে যে, তেওঁ নবীনক পুৱা ৯.৩০ বজাত শেষবাৰৰ বাবে লগ পাইছিল৷ শ্ৰীধৰণৰ ভাষ্য অনুসৰি দোকানৰ সন্মুখত শাৰী পাতি থকা অৱস্থাত ৰাছিয়াৰ সেনাৰ নিৰ্বিচাৰ গুলীচালনাতহে নবীনৰ মৃত্যু হয়৷

নবীনৰ মৃত্যুত ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যুদ্ধ সমাগত বুলি বাতৰি প্ৰকাশ হৈ থকা অৱস্থাতো মোদী চৰকাৰে আগতীয়াকৈ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰাৰ কোনো ব্যৱস্থা নকৰিলে৷ মোদী চৰকাৰে যুদ্ধৰ পূৰ্বে সপ্তাহত তিনিখন এয়াৰ ইণ্ডিয়াৰ বিমান চলাবলৈ নিৰ্দেশ দিছিল যদিও দ্বিতীয়খন বিমান যোৱা বৃহস্পতিবাৰে যুদ্ধ আৰম্ভ হোৱাৰ বাবে আধাবাটৰ পৰা উভতি আহে৷ যুদ্ধ আৰম্ভ হোৱাৰ দুদিন পাছতহে ভাৰতে ‘অপাৰেশ্বন গংগা’ নামেৰে উদ্ধাৰ অভিযান চলাইছে যদিও সেয়া বিশৃংখলাৰে ভৰা৷ এই পৰ্যন্ত ভাৰতে ১,৩৯৬জন ভাৰতীয়কহে ঘূৰাই আনিবলৈ সক্ষম হৈছে৷ অথচ ইউক্ৰেইনত আছে ২০,০০০ৰো অধিক ভাৰতীয়, য’ৰ গৰিষ্ঠসংখ্যকেই মেডিকেলৰ শিক্ষাৰ্থী৷

নবীনৰ মৃত্যুৰ পাছতহে মোদী চৰকাৰৰ গা লৰিছে৷ আজি নতুন দিল্লীত বৈদেশিক মন্ত্ৰণালয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক চমন জনাই আনি ভাৰতীয়ক নিৰাপদ পথ দিবলৈ দাবী জনায়৷ আনহাতে, নতুন দিল্লীয়ে আজি ভাৰতীয়সকলক যিকোনো উপায়ে দিনটোৰ ভিতৰত কিয়েভ চহৰ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে৷ গাড়ী-বাছ-ৰে’ল, যি উপায়েৰে হওঁক, ইউক্ৰেইনৰ ৰাজধানী চহৰ এৰিবলৈ আজি নতুন দিল্লীয়ে নিৰ্দেশ দিলেও ৰাছিয়াৰ বিশাল সেনাবাহিনীয়ে কিয়েভ বেৰি ধৰাত চহৰ ত্যাগ কৰা এতিয়া আৰু সম্ভৱ হৈ থকা নাই৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি নিহত ছাত্ৰজনৰ পৰিয়ালৰ সৈতে টেলিফোনত কথা পাতে৷ তদুপৰি তেওঁ ভাৰতীয়ক উদ্ধাৰৰ বাবে চি-১৭ গ্লোৱমাষ্টাৰ বিমান প্ৰেৰণৰ নিৰ্দেশ দিছে৷ চাৰিজন কেন্দ্ৰীয় মন্ত্ৰীক প্ৰতিবেশী দেশলৈ ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে সোমবাৰে প্ৰেৰণ কৰিলেও তেওঁলোকে বিশেষ সুবিধা কৰি উঠিব পৰা নাই৷