Logo
image

আমেৰিকাৰ হুমকিৰ মাজতে ৰুছ পাৰমাণৱিক ছাবমেৰিনৰ অনুশীলন

খাৰকিভৰ হাস্পতাল, টিভি টাৱাৰত গোলাবৰ্ষণ

আমাৰ অসম, ৩ মাৰ্চঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ষষ্ঠ দিনটো অতিক্ৰম নৌকৰোতেই মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাদিমিৰ পুটিন তেওঁৰ হঠকাৰী সিদ্ধান্তৰ বাবে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব বুলি ঘোষণা কৰাৰ পাছতে বুধবাৰে ৰাছিয়াই আমেৰিকা আৰু নাটোগোষ্ঠী এই যুদ্ধত জড়িত হৈ পৰিলে পাৰমাণৱিক অস্ত্ৰৰ আক্ৰমণৰ সন্মুখীন হ’ব বুলি হুংকাৰ দিছে৷ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে বুধবাৰে আমেৰিকা আৰু পশ্চিমীয়া দেশৰ কঠোৰ মনোভাৱৰ  প্ৰত্যুত্তৰত তৃতীয় বিশ্বযুদ্ধ প্ৰায় অৱশ্যম্ভাৱী হৈ পৰা বুলি মন্তব্য কৰিছে আৰু এই যুদ্ধ পাৰমাণৱিক অস্ত্ৰৰ দ্বাৰা হ’ব বুলি ঘোষণা কৰিছে৷ তাৰ পূৰ্বেই ৰাছিয়াই মঙলবাৰে একেবাৰে উত্তৰৰ বাৰেণ্টছ সাগৰত ছাবমেৰিনৰ পৰা পৰমাণু অস্ত্ৰ নিক্ষেপ কৰাৰ অনুশীলন চলাইছে আৰু সমান্তৰালভাৱে ইৰকুটস্ক অঞ্চলত ছাইবেৰিয়াৰ জনশূন্য অঞ্চললৈ পৰমাণু অস্ত্ৰ নিক্ষেপৰ দীঘলীয়া অনুশীলন চলাইছে৷ তাৰে বাৰেণ্টছ সাগৰত ছাবমেৰিনৰ জৰিয়তে চলোৱা পাৰমাণৱিক অস্ত্ৰৰ অনুশীলনৰ ফটো আৰু ভিডিঅ’ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ে পশ্চিমৰ মিডিয়াৰ বাবে মুকলি কৰি দি তেওঁলোক যে এখন পাৰমাণৱিক যুদ্ধৰ বাবে প্ৰস্তুত হৈছে সেয়া বুজাই দিছে৷ ইপিনে ৰাছিয়াই ইউক্ৰেইনৰ দক্ষিণৰ খাৰছন চহৰখনৰ দখল সম্পূৰ্ণৰূপে নিজৰ হাতলৈ নিছে আৰু উত্তৰ-পূবৰ খাৰকিভ চহৰত বুধবাৰে পুৱাই যুদ্ধবিমানৰ পৰাই পেৰাট্ৰ³পাৰ নমাই চহৰখন সম্পূৰ্ণ দখললৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আনহাতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ তিনি দিশৰ পৰা পোনাই ৰাছিয়াৰ সেনাবাহিনী আহি আছে আৰু ৰাজধানী চহৰখন বেৰি ধৰি চৰকাৰ আৰু চহৰবাসীক আত্মসমৰ্পণৰ বিকল্প নোহোৱা কৰি মধ্যযুগৰ ৰণকৌশলৰ দৰে এই যুদ্ধত বিজয়ী হোৱাৰ অভিসন্ধি ৰচনা কৰিছে৷ হয় চহৰ এৰি পলাই যোৱা, নহ’লে মৃত্যুৰ বাবে সাজু হোৱা– মঙলবাৰে ৰাছিয়াই ইউক্ৰেইনৰ চৰকাৰ আৰু কিয়েভকে ধৰি দেশৰখনৰ আগশাৰীৰ সকলো চহৰৰ বাসিন্দাক এনেদৰে চূড়ান্ত সকীয়নি দিছিল৷ সেই সময়ত উত্তৰ দিশৰ পৰা ৰাজধানী কিয়েভলৈ পোনাই ৰাছিয়াৰ ৬৪ কিলোমিটাৰ দীঘল এটা সেনাৰ কনভয় আগুৱাই আহিছিল৷ বিগত ২৪ ঘণ্টা ধৰি সেই বিশাল কনভয়টোৱে  একে স্থানতে অৱস্থান গ্ৰহণ কৰি আছে৷ কি ৰণকৌশলৰ বাবে এই বিশাল কনভয়টো কিয়েভক উদ্দেশ্য কৰি আগবাঢ়ি অহা নাই সেই সন্দৰ্ভত যুদ্ধ বিশাৰদে নিশ্চিত সমাধান আগবঢ়াব পৰা নাই৷ ধাৰণা কৰা হৈছে চহৰবাসীক কিয়েভ খালী কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পাছত তেওঁলোকক পলাই যোৱাৰ বাবে যথোচিত সময় দিয়াৰ উদ্দেশ্যে কনভয়টো একে ঠাইতে ৰৈ আছে, যাতে অসামৰিক লোকৰ মৃত্যুৰ বাবে বিশ্ব সম্প্ৰদায়ে ৰাছিয়াক জগৰীয়া কৰিব নোৱাৰে৷ আন একাংশৰ মতে ইন্ধনৰ অভাৱ আৰু যোগাযোগৰ ক্ষেত্ৰত হোৱা আন আন জটিলতাৰ বাবে সেয়া পূৰণ কৰিবলৈ চেষ্টা কৰি বিশাল কনভয়টোৱে ৰাজধানী চহৰত মূল আক্ৰমণ কৰাৰ পূৰ্বে দৰক মাৰি ৰৈছে৷ মঙলবাৰে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আৰু বোমাৰ আক্ৰমণত খাৰকিভ চহৰৰ বিশাল টিভি টাৱাৰ আৰু হাস্পতাল তথা অন্যান্য চৰকাৰী কাৰ্যালয় চূৰ্ণ বিচূৰ্ণ হৈ পৰে৷ বুধবাৰৰ বিয়লি পৰ্যন্ত চহৰখনৰ ভিতৰত উভয় পক্ষৰ সেনাৰ মাজত তেনে উল্লেখযোগ্য মুখামুখি যুদ্ধ বা খণ্ডযুদ্ধ সংঘটিত হোৱা নাছিল৷ বুধবাৰে নিশাৰ ভাগত ইতিমধ্যে পেৰাছুটৰ জৰিয়তে চহৰত জপিয়াই পৰা সেনাৰ সৈতে ইউক্ৰেইনৰ সেনাবাহিনীৰ প্ৰবল যুদ্ধ হোৱাৰ আশংকা সৃষ্টি হৈছে৷ আনহাতে ৰাছিয়াৰ সেনাবাহিনীৰ ভয়ংকৰ আক্ৰমণত দক্ষিণৰ খাৰছন চহৰখন ইউক্ৰেইনে এৰি দিবলৈ বাধ্য হৈছে৷ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ে ঘোষণা কৰা অনুসৰি তেওঁলোকৰ সেনাই ইউক্ৰেইনক সৰ্বদিশৰ পৰা আক্ৰমণ কৰিবলৈ উদ্যত হৈছে৷

ইউক্ৰেইনে শান্তি আলোচনাত বহি ৰাছিয়াৰ সৈতে যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ নকৰাৰ বাবেই দেশখন গভীৰ বিপদৰ সন্মুখীন হোৱা বুলি ৰাছিয়াই অভিযোগ তুলিছে৷ ইয়াৰ ফলতে ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন চহৰত আক্ৰমণ কৰিবলৈ বাধ্য হৈছে বুলি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ে মন্তব্য কৰিছে৷ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে বুধবাৰে সমগ্ৰ বিশ্ব, বিশেষকৈ¸ আমেৰিকা নেতৃত্বাধীন পশ্চিমীয়া বিশ্বক ভয়ংকৰ ভাবুকি দি কৈছে যে এই যুদ্ধত তেওঁলোক জড়িত হৈ পৰিলে বিশ্বযুদ্ধ অনিবাৰ্য হৈ পৰিব৷ সেই বিশ্বযুদ্ধ যে পাৰমাণৱিক অস্ত্ৰৰে মোকাবিলা কৰা হ’ব তাকো তেওঁ মুকলিকৈ ৰাষ্ট˜ীয় টেলিভিছনত ঘোষণা কৰিছে৷ মঙলবাৰে আমেৰিকাৰ ৰাষ্ট˜পতি জো বাইডেনে ৰাছিয়াৰ ৰাষ্ট˜পতি পুটিন চৰম পৰিণতিৰ সন্মুখীন হ’ব বুলি সংসদত প্ৰদান কৰা এটা এঘণ্টাজোৰা ভাষণত ঘোষণা কৰিছিল৷ বাইডেনে কৈছিল, পুটিনে কি কৰি আছে সেয়া তেওঁ নিজেই বুজি পোৱা নাই৷ অচিৰেই পুটিন চৰম পৰিণতিৰ সন্মুখীন হ’ব৷ বাইডেনে ‘আমি আহি আছো’ বুলি অতি উল্লেখযোগ্য মন্তব্য কৰে৷ অৱশ্যে ইউক্ৰেইনৰ হৈ আমেৰিকাই যুদ্ধ নকৰে বুলি তেওঁ মঙলবাৰে পুনৰ দোহাৰে৷ বাইডেনৰ এই কঠোৰ বক্তব্যৰ পাছতে ৰাছিয়াই তাৰ যোগ্য প্ৰত্যুত্তৰ দিছে৷ বাইডেনৰ বক্তব্যৰ প্ৰত্যুত্তৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে মুকলিভাৱে কোনো মন্তব্য কৰা নাই৷ তেওঁৰ হৈ হুংকাৰ দিছে বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে৷ বৈদেশিক মন্ত্ৰীজনে ইউক্ৰেইনক শান্তি প্ৰক্ৰিয়াত বিলম্ব ঘটোৱা বুলি অভিযুক্ত কৰে৷ আমেৰিকাৰ উচটনিৰ বাবেই ইউক্ৰেইনে শান্তি প্ৰক্ৰিয়াত আগভাগ নলৈ ৰাছিয়াৰ সৈতে ফেপেৰি পাতি লোৱা বুলি তেওঁ অভিযোগ কৰে৷ ইয়াৰ ফলতে  ইউক্ৰেইন আৰু দেশখনৰ বাসিন্দা এনে পৰিণতিৰ সন্মুখীন হোৱা বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে, দ্বিতীয়লানি শান্তি আলোচনাৰ বাবে ৰাছিয়া সাজু হৈ আছে আৰু প্ৰতিনিধিবৰ্গ নিৰ্দিষ্ট স্থানলৈ ৰাওনা হৈছে৷ এইবাৰো যদি শান্তি আলোচনা ব্যৰ্থ হয় আৰু পশ্চিমীয়া দেশৰ সামৰিক সাহায্য ইউক্ৰেইনলৈ অব্যাহত থাকে কিম্বা পশ্চিমীয়া ৰাষ্ট্ৰ˜ এই যুদ্ধখনত জড়িত হৈ পৰে তেন্তে তৃতীয় বিশ্বযুদ্ধৰ বিকল্প নাথাকিব– আৰু তৃতীয় বিশ্বযুদ্ধ হ’ব পাৰমাণৱিক অস্ত্ৰৰ দ্বাৰা৷ ৰাছিয়াৰ ৰাষ্ট˜পতি পুটিনে দেওবাৰেই তেওঁৰ পৰমাণু অস্ত্ৰ বাহিনীক পাৰমাণৱিক অস্ত্ৰসমূহ সাজু কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে বিগত দুদিন ধৰি ৰাছিয়াই জল আৰু স্থল দুটা স্থানত পাৰমাণৱিক অস্ত্ৰ নিক্ষেপৰ আখৰা চলাই আছে৷ আৰ্কটিক মহাসাগৰৰ [উত্তৰ মহাসাগৰ] বাৰেণ্টছ সাগৰত ফিনলেণ্ড আৰু ৰাছিয়াৰ জলসীমাত ৰাছিয়াৰ ছাবমেৰিনে পাৰমাণৱিক অস্ত্ৰ টাইগা অঞ্চললৈ নিক্ষেপ কৰি জোৰদাৰ অনুশীলন চলাইছে৷ আনহাতে স্থলভাগত ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন চলাইছে পূব ছাইবেৰিয়াৰ ইৰকুটস্ক অঞ্চলত৷ তাত পাৰমাণৱিক অস্ত্ৰ ৰুছ যোদ্ধাই আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি পাৰমাণৱিক অস্ত্ৰৰ নিৰ্ভুল আৰু সঠিক আঘাত পৰীক্ষা কৰিছে৷ যদিহে চলিত সপ্তাহতে এই যুদ্ধৰ যৱনিকা নপৰে আৰু তাৰ মাজতে কোনো পশ্চিমীয়া ৰাষ্ট˜ বিশেষ কাৰণত যুদ্ধত জড়িত হৈ পৰে তেন্তে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে কোৱাৰ দৰে তৃতীয় বিশ্বযুদ্ধ আৰু পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ অৱধাৰিত হৈ পৰিব৷