এফালে মৃত্যুভয়, আনফালে সমালোচনাৰ মিছাইল...
আমাৰ অসম, ৩মাৰ্চঃ যুদ্ধ মণ্ডলত পৰিণত ইউক্ৰেইনত আবদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা অব্যাহত আছে৷ যুদ্ধবিধবস্ত ৰক্তৰঞ্জিত ইউক্ৰেইনত জীৱন মৃত্যুৰে এতিয়াও যুঁজি আছে প্ৰায় ডেৰ শতাধিক অসমীয়াই৷ ইউক্ৰেইনৰ পশ্চিম প্ৰান্তৰ ছামী ষ্টেট ইউনিভাৰ্চিটীত অধ্যয়নৰত ৮০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ৰাছিয়ান বেলিষ্টিক মিছাইল আৰু গুলী-বাৰুদৰ পৰা ৰক্ষা পাবলৈ সোমাই আছে বাংকাৰত৷ ইয়াৰ মাজত কেইবাজনো অসমৰ ছাত্ৰও আছে৷ মানৱীয় অনুভূতি থকাসকলে তেওঁলোক সকলো অক্ষত শৰীৰেৰে আহি দেশত উপস্থিত হোৱাটো কামনা কৰিছে৷ কিন্তু আন একাংশ নিম্নৰুচিৰ লোকে আকৌ ইউক্ৰেইনত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য কৰি ব্যাপক ট্ৰল, সমালোচনা আৰম্ভ কৰিছে৷ ইউক্ৰেইনত মেডিকেল পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মেধাৰ ওপৰতো প্ৰশ্ন তুলিছে৷ ভাৰতত ছীট নোপোৱাৰ বাবেহে তেওঁলোক ইউক্ৰেইনত পঢ়িবলৈ যোৱা বুলি কটাক্ষ কৰিছে৷ হয়তো এনে কৰি বহুতে পৈশাচিক তৃপ্তি বা ‘চেডেষ্টিক প্লেজাৰ’ লাভ কৰিছে৷ অৱশ্যে, সমালোচকৰ সমালোচনাৰ চোকা উত্তৰ দিছে ইউক্ৰেইনৰ পৰা আহি অসমত ভৰি থোৱা একাংশ মেডিকেল শিক্ষাৰ্থীয়ে, তেওঁলোকৰ একাংশ সমৰ্থক, গুণগ্ৰাহীয়ে৷ এই সন্দৰ্ভত ‘আমাৰ অসম’ৰ তৰফৰ পৰা ইউক্ৰেইনৰ পৰা সুকলমে ঘৰ আহি পোৱা একাংশ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ লগত বাৰ্তালাপ কৰা হৈছিল৷ সকলোৱে একেমুখে ছ’চিয়েল মিডিয়াৰ ট্ৰপৰ চোকা প্ৰত্যুত্তৰ দিলে৷ এই সন্দৰ্ভত ইউক্ৰেইনৰ পৰা ৰোমানিয়ালৈ পলাই আহি কোনোমতে নগাঁৱৰ ঘৰত উপস্থিত হোৱা সমন্বয় কুমাৰ শৰ্মা নামৰ এমবিবিএছ দ্বিতীয় বৰ্ষৰ ছাত্ৰজনৰ ভাষ্য এনেধৰণৰ– ‘যিসকলে আমাক ট্ৰল কৰিছে তেওঁলোকে আমাক নাজানি নুবুজি ট্ৰল কৰিছে৷ আমাৰ দেশৰ মেডিকেল এডুকেশ্বন আৰু ইউক্ৰেইনৰ মেডিকেল এডুকেশ্বনৰ মাজত কোনো পাৰ্থক্য নাই৷ ইউক্ৰেইনত মেডিকেল পঢ়া আমাৰ বহুতো অগ্ৰজ ছাত্ৰ-ছাত্ৰীয়ে জাৰ্মানী, ডুবাইত কোটি টকাৰ দৰমহাৰ চাকৰি লাভ কৰিছে৷ ইয়াৰ বাবে প্ৰয়োজনীয় পৰীক্ষা তেওঁলোকে পাছ কৰিছে৷ ভাৰতৰ এফএমজিই পৰীক্ষাও পাছ কৰিছে৷ সংৰক্ষণ ব্যৱস্থা বা আন বিভিন্ন কাৰণত নীটত ৩৭০ নম্বৰ পায়ো বহুতে চীট নাপায়৷ বিশেষকৈ সাধাৰণ বৰ্গৰ ছাত্ৰ-ছাত্ৰীসকল কোটাৰ বাবে বঞ্চিত হয়৷ সেয়েহে চিকিৎসক হ’ব খোজা ছাত্ৰ-ছাত্ৰী বাহিৰত পঢ়িবলৈ যোৱাটো অপৰাধ হ’ব নোৱাৰে৷ ইউক্ৰেইনত পঢ়িবলৈ গ’লেই এনেয়েই এমবিবিএছ ডিগ্ৰীটো নাপায়৷ ইয়াত যথেষ্ট কষ্ট কৰিব লগা হয়৷ দিনে নিশাই কঠোৰ অধ্যয়ন কৰিহে ইউক্ৰেইনত মেডিকেল পাছ কৰে ছাত্ৰ-ছাত্ৰীয়ে৷ একাংশই আমাক টেক্সৰ টকাৰে কিয় সুবিধা দিব, হোষ্টেলত কিয় ফ্ৰী থাকিব দিব বুলিও প্ৰশ্ন কৰিছে৷ এনে মন্তব্যত আমি যথেষ্ট দুখ পাইছোঁ৷ তেনে লোকক মই জনাব খোজো যে কোনোমতে প্ৰাণটো বচাই ঘৰ পাইছোহি৷ যথেষ্ট মানসিক চাপত আছোঁ৷ এনে সময়ত প্লীজ সংবেদনশীল হৈ আমাৰ সন্দৰ্ভত মন্তব্য কৰিব৷’ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিধবস্ত পৰিৱেশ আৰু ইয়াৰ পৰা কেনেকৈ বাচি আহিল এই সন্দৰ্ভত সোধাত ছাত্ৰজনে কয়– ‘যুদ্ধ হ’ব বুলি অনুমান কৰি আমি আমাৰ অধ্যাপকসকলক প্ৰশ্ন কৰিছিলোঁ৷ কিন্তু তেওঁলোকে যুদ্ধ নহয় বুলি আমাক বাৰম্বাৰ কৈছিল৷ কিন্তু ইয়াৰ পাছতো যুদ্ধ হ’ল৷ মাইনাছ-১৭ ডিগ্ৰী ছেলছিয়াছ উষ্ণতাত চাৰিদিন নাখাই-নবৈ মই ইউক্ৰেইনৰ ব’ৰ্ডাৰ পাৰ হৈ ৰোমানিয়ালৈ আহিছিলোঁ৷ ময়ে প্ৰথমজন ভাৰতীয় ছাত্ৰ যে সাম্ভাব্য বিপদ দেখি ৰোমানিয়াত প্ৰৱেশ কৰিছিলোঁ৷ মোৰ পাছতে আন ডেৰশ ভাৰতীয় ছাত্ৰ আহি ৰোমানিয়া পায়৷ যুদ্ধৰ মাজতো ১৩ মাৰ্চৰ পৰা আমাৰ অনলাইন ক্লাছ হ’ব বুলি কলেজ কতৃৰ্পক্ষই আমাক জনাইছে৷ আমাৰ এম বি ডি এছ ডিগ্ৰী আধাতে শেষ নহয় বুলি আশ্বস্ত কৰিছে৷’ লক্ষণীয় যে ইউক্ৰেইনত মেডিকেল পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীক একাংশই ট্ৰল কৰাৰ বিপৰীতে আন একাংশই আকৌ তেওঁলোকৰ সমৰ্থনত লিখা মেলা আৰম্ভ কৰিছে৷ এই সন্দৰ্ভত অজয় লাল দত্তই এনদেৰে লিখিছে– ‘আমি তেওঁলোকক ক্ষণিকৰ নিকৃষ্ট আনন্দৰ বাবে হাঁহিয়তাৰ পত্ৰ কৰিব পাৰোঁ, কিন্তু তেওঁলোকৰ উছাহক বাধা দিব নোৱাৰো৷ কাৰণ উন্নততৰ জীৱনৰ হাবিয়াসেই হৈছে মানৱ সভ্যতাৰ উত্তৰণৰো এক মৌলিক তাড়না, যাৰ অবিহনে সভ্যতাৰেই বিকাশ নহ’লহেঁতেন৷ বিদেশত পঢ়িবলৈ যোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত মেডিকেল পঢ়া সকলে ভাৰতলৈ ঘূৰি আহিলে ভাৰতীয় লাইচেন্সৰ বাবে এটা পৰীক্ষা দিব লাগে আৰু তাত সফলতাৰ হাৰ দহ শতাংশ মানহে বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে৷ কিন্তু ইউক্ৰেইনৰ দৰে দেশত মেডিকেল পঢ়িলে জাৰ্মানীৰ দৰে দেশত কৰ্ম সংস্থাপনৰ বাট মুকলি হয়৷ শেহতীয়াকৈ ইউৰোপিয়ান ইউনিয়নৰ সদস্য হোৱাৰ বাবে ইউক্ৰেইন কৰা আবেদন গৃহীত হ’লে ইউৰোপৰ বহু দেশতে তেনে শিক্ষাৰ্থী বৈধ হ’ব৷ ইউৰোপৰ যিকোনো দেশত থকাত তেওঁলোকৰ অসুবিধা নহ’ব৷ নিজৰ ভৱিষ্যৎ গঢ়াৰ অধিকাৰ সকলোৰে আছে৷ সেই সপোন খেদাৰ তাড়নাৰ বাবেই দেশৰ পৰা বিদেশলৈ, বিদেশৰ পৰা দেশলৈ অহৰহ মানুহ গৈছে, আহিছে৷ বাংলাদেশ, ভাৰত, পাকিস্তান তথা এছিয়াৰ বিভিন্ন দেশৰ পৰা মানুহ গৈ বিশেষকৈ ইউৰোপ, আমেৰিকা আৰু আৰবত সংস্থাপিত হৈছে৷ তেওঁলোকে বিদেশী মুদ্ৰা ভাৰতলৈ আমদানি কৰি অৰ্থনীতিলৈ অৰিহণাও যোগাইছে৷ ভাৰতৰ কেৰেলা, পঞ্জাৱ আদি ৰাজ্যৰ কথা পঢ়িলেই কথাবোৰ গম পোৱা যায় যে প্ৰতিখন গাঁৱৰ লোক কিদৰে বিশ্বৰ ভিন্ন প্ৰান্ত পঢ়া তথা কৰ্মৰ তাড়নাত প্ৰব্ৰজিত হৈছে৷ কোনোবাই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰি গ্ৰীণাৰ পেষ্টোৰৰ নাগৰিকত্ব লৈছে, কোনোৱে ভাৰতীয় হৈয়ে ৰৈছে৷ আনকি ৰাছিয়াত পঢ়িবলৈ যোৱা ডাক্তৰ অভয় সিং ৰাছিয়াত পুটিনৰ পাৰ্টিৰ বিধায়কো হৈছে৷ একেদৰেই বহু দেশতে নাগৰিকত্ব লৈ প্ৰথম অথবা দ্বিতীয় প্ৰজন্মৰ বহু ভাৰতীয় মূলৰ লোকেই আনকি ৰাজনৈতিক নেতৃত্বও ল’বলৈ সক্ষম হৈছে৷ সকলোৱে পঢ়ি ঘৰলৈ, গাঁৱলৈ বা দেশলৈ আহি ইয়াত ‘লাইচেঞ্চ’ লৈ কাম কৰাটোকেই একমাত্ৰ উপায় বুলি ভাবি ৰৈ থকা নাই৷’ ইফালে, ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সন্দৰ্ভত বিজেপিৰ আই টি চেলে ব্যপক অপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলিছে বিৰোধীয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে হোৱা ক্ষোভ লুকুৱাবৰ বাবে বিজেপি আইটি চেলে এনে কৰিছে বুলি তেওঁলোকে অভিযোগ কৰিছে৷ ইয়াৰ মাজতে ভাৰতীয় দূতাবাসে আজিয়ে খাৰকিভত থকা ভাৰতীয় ছাত্ৰসকলক তৎকালীনভাৱে খাৰকিভ এৰিবলৈ এক জাননী জাৰি কৰিছে৷ ৰাছিয়াৰ তৰফৰ পৰাও জনোৱা হৈছে যে তেওঁলোকে খাৰকিভত আৱদ্ধ ভাৰতীয়সকলক নিৰাপদে ওলাই অহাৰ সুবিধা কৰি দিব৷ ইয়াৰ বাবে তেওঁলোকে আজি ছয় ঘণ্টাৰ শিথিলতা দিছে৷ ইয়াৰ মাজতে ইউক্ৰেইনত অধ্যয়নৰত চাৰিজন অসম ছাত্ৰ আজি সুকলমে দিল্লী আহি পাইছেহি৷ তেওঁলোক হ’ল ক্ৰমে গুৰপ্ৰীত কৌৰ [শিলচৰ], ধৃতিমান ভিক্টৰ ভূঞা [কোক্ৰাঝাৰ], পঞ্চি মহন [গুৱাহাটী] আৰু অনিষা গগৈ [জাগুন]৷
উদ্ধাৰৰ বাবে শিলচৰৰ ছাত্ৰৰ কাতৰ আহ্বান
আমাৰ অসমঃ ইউক্ৰেইনত আবদ্ধ শিলচৰ আতালবস্তিৰ মেহেবুব আলম মজুমদাৰ নামৰ এজন শিক্ষাৰ্থী৷ যুদ্ধবিধস্ত ইউক্ৰেইনৰ পৰা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সাহায্যৰ কাতৰ অনুৰোধ জানাইছে ছাত্ৰজনে৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ ফলত দেশসহ ৰাজ্যৰ বহু শিক্ষাৰ্থী আবদ্ধ হৈ আছে৷ অন্যান্য শিক্ষাৰ্থীসকলৰ লগত ইউক্ৰেইনত আবদ্ধ হৈ আছে শিলচৰ আতালবস্তিৰ মেহেবুব আলম নামৰ এজন যুৱক৷ মেহেবুব আলম নামৰ যুৱকজন ২০১৮ চনৰ পৰা ইউক্ৰেইনৰ ছুমি ষ্টেট ইউনিভাৰ্চিটীত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত৷ দেশৰ আন আন শিক্ষাৰ্থীৰ লগত মেহেবুব আলম এতিয়া যুদ্ধৰ ফলত ইউক্ৰেইনত আবদ্ধ হৈ আছে৷ কেইবাদিন ধৰি তেওঁ বাংকাৰত দিন কটাই আছে৷ বাংকাৰৰ পৰা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি মেহেবুব আলমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ৩ান জনাই কয় যে, শীঘ্ৰে যাতে তেওঁলোকক উদ্ধাৰৰ ব্যৱস্থা কৰে৷
ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থী, গুৱাহাটীত ধৰ্ণা
‘আমাৰ অসমঃ ইউক্ৰেইনত আৱদ্ধ ছাত্ৰ-ছাত্ৰীক অতিশীঘ্ৰে নিজৰ দেশলৈ ওভতাই অনাৰ দাবীত বুধবাৰে ভাৰতৰ ছাত্ৰ ফেডাৰেচন কামৰূপ [ম] জিলা কমিটি আৰু ডি ৱাই এফ আই কামৰূপ [ম] জিলা কমিটিয়ে গুৱাহাটীৰ ৰ’টাৰী ক্লাবত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ ছাত্ৰ ফেডাৰচনৰ কামৰূপ [ম] কমিটিৰ সভাপতি হিমাংশু বৰাই কয় এই দুৰ্যোগপূৰ্ণ সময়ত তেওঁলোকৰ ওচৰত থিয় দি তেওঁলোকক সুকলমে ঘূৰাই অনা দ্বায়িত্ব চৰকাৰৰ৷ ইউক্ৰেইনত আবদ্ধ ছাত্ৰ-ছাত্ৰীখিনিক অতি কম সময়ৰ ভিতৰত উদ্ধাৰ কৰি নানিলে আগন্তুক সময়ছোৱাত দেশজুৰি এই মোদী চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা হ’ব৷ এই কাৰ্যসূচীত এছ এফ আইৰ হৈ সংগীতা দাস, ডি ৱাই এফ আইৰ ভাস্কৰ কলিতা, মেহজেবিন ৰহমান, ৰয়েল আহমেদৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে৷
ইউক্ৰেইনত আবদ্ধ ডিগবৈৰ ৰাজশ্ৰী
আমাৰ অসমঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধৰ পৰিস্থিতিৰ বাবে ইউক্ৰেইনত আবদ্ধ হৈ থকা ডিগবৈ মিলন নগৰৰ নিৱাসী, অইল ইণ্ডিয়াৰ কৰ্মচাৰী অনন্ত বড়ো আৰু তাৰা বড়োৰ জ্যেষ্ঠ কন্যা ৰাজশ্ৰী বড়োক স্বদেশলৈ উভতাই অনাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাইছে সংযুক্ত বড়ো গণমঞ্চই৷ সংযুক্ত গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সম্পাদক পীতাম্বৰ ব্ৰহ্মই কয় -ডিগবৈ দিল্লী পাব্লিক স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা ইউক্ৰেইনৰ টাৰ্ণপিল বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হিচাপে নামভৰ্তি কৰা ৰাজশ্ৰী বড়োৱে স্বদেশলৈ উভতি আহিবলৈ যোৱা ২৪ ফেব্ৰুৱাৰীত প্ৰস্ততি চলাইছিল যদিও দেশখনত যুদ্ধৰ পৰিৱেশ অৱনতি ঘটাৰ ফলত মাজবাটৰ পৰাই ঘূৰি যাব লগা হৈছিল৷ ফলত দেশখনৰ তাৰনাস্ক’জ্জ-ই নিৱাসী ৰাজশ্ৰীয়ে নিশা বোমাবৰ্ষণৰ আশংকাত আন পাঁচজন ভাৰতীয় ছাত্ৰ-ছাত্ৰীসহ বাংকাৰত থাকিব লগা হয়৷ সংযুক্ত বড়ো গণমঞ্চৰ শীৰ্ষনেতাদ্বয়ে ৰাজশ্ৰী বড়োৰ লগতে অসম তথা ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক সুকলমে স্বদেশলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ উভয় চৰকাৰক দাবী জনাইছে৷ ইপিনে নিজ কন্যাৰ চিন্তাত উদিগ্ন হৈ থকা ৰাজশ্ৰী বড়োৰ পিতৃ অনন্ত বড়োৱে আজি ‘আমাৰ অসম’ক জনায়-ৰাজশ্ৰী বড়ো[ডিগবৈ], প্ৰত্যাক্ষী ডেকা [ডিব্ৰুগড়], টাঙজিং [অৰুণাচল], আৰু চীয়াশ্ৰীক[ৱেষ্ট বেংগল] সম্প্ৰতি ৰোমানিয়া সীমালৈ লৈ যোৱা হৈছিল যদিও বিগত চাৰিদিনৰ পাছতো সীমা পাৰ হ’ব পৰা নাছিল৷ ইয়াৰ পাছত খোজকাঢ়ি প্ৰায় ১৭ কিলোমিটাৰ পিছুৱাই আহি এখন হোটেলত এনিশা কটাই উচগড় মহানগৰলৈ গৈ বৰ্তমান হোটেলতে ভয় আৰু শংকাত দিন অতিবাহিত কৰিছে৷ শেহতীয়াকৈ হাংগেৰী সীমালৈ তেওঁলোকক নিয়াৰ আশ্বাস দিছে বুলি ৰাজশ্ৰী বড়োৱে পিতৃ অনন্ত বড়োক ফোনযোগে জনাইছে৷ আনহাতে, খাদ্য সংকটত ভোগা বুলিও পৰিয়ালক জনাইছে ৰাজশ্ৰীয়ে৷
বাৰুদ, জুই আৰু ধোঁৱাৰ মাজত বৰপেটাৰ ৭ শিক্ষাৰ্থী
আমাৰ অসমঃ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত দিশহাৰা হৈ পৰিছে প্ৰায় ডেৰ শতাধিক অসমীয়া ছাত্ৰ৷ বিগত দিনকেইটাত অসমৰ কেইজনমান শিক্ষাৰ্থী অসমত আহি উপস্থিত হৈছে যদিও অধিকসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বাৰুদ-জুই-ধোঁৱাৰ মাজত শংকাৰে দিন পাৰ কৰিব লগা হৈছে৷ ইউক্ৰেইনত থকা ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত বৰপেটা জিলাৰ ছজন শিক্ষাৰ্থী আছে বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, বহৰিৰ তাৰাবাৰী থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ চাহিল আনোৱাৰ [২৫], কাছুমাৰা থানা এলেকাৰ পাঠিমাৰী গাঁৱৰ হাচানুল ইছলাম [২৯], বৰপেটা সদৰ থানা তথা কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত মহিলা গাঁৱৰ মাছুমা আখতাৰ [২১], সৰ্থেবাৰীৰ চতলাৰআবুল কালাম আজাদ [২৪], বৰপেটা ৰোড থানাৰ অধীনৰ সূৰ্য নগৰৰ ২নং ৱাৰ্ডৰ অনিমা আহমেদ [চ্ছ] আৰু বহৰিৰ সমীপৰে হৰিপুৰ গাঁৱৰ চুলতানা নীলিমা হুছেইন ইউক্ৰেইনৰ ছামী অঞ্চলত আবদ্ধ হৈ আছে৷ কলগাছিয়াৰ লাবিব চামিম [২৩] নামৰ শিক্ষাৰ্থীগৰাকী ৰোমানিয়া ব’ৰ্ডাৰত আছে৷
স্বগৃহত ৰঙিয়াৰ মাণিষা
আমাৰ অসমঃ তীব্ৰ উৎকণ্ঠাৰ মাজতে আপোন ঘৰখনলৈ উভতিল ইউক্ৰেইনত অধ্যয়নৰত ৰঙিয়াৰ মাণিষা ৱাহিদ৷ নিশা নিজ বাসগৃহত উপস্থিত হোৱাৰ পাছতে পৰিয়ালবৰ্গ তথা ুশুভাকাংক্ষীসকলে স্বস্তিৰ নিশ্বাস পেলায়৷ মঙলবাৰে নিশা ৰঙিয়াৰ নিজ বাসগৃহত উপস্থিত হোৱা ছাত্ৰীগৰাকী ইউক্ৰেইনৰ উজ হৰ্ট নেচনেল ইউনিভাৰ্চিটীত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল৷ ইউক্ৰেইনত বিগত চাৰি বছৰৰ পৰা অধ্যয়ন কৰি অহা মাণিষাই সুকলমে ঘৰ পোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ ইউক্ৰেইনত বৰ্তমানে আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰি আনিবলৈ ছাত্ৰীগৰাকীয়ে চৰকাৰক আহ্বান জনায়৷
ইউক্ৰেইনত আবদ্ধ কামৰূপৰ শিক্ষাৰ্থীৰ পৰিয়ালক সাক্ষাৎ প্ৰশাসনৰ
‘আমাৰ অসমঃ অসমৰ মুখ্য সচিবৰ নিৰ্দেশনা অনুসৰি, ইউক্ৰেইনত আবদ্ধ হৈ থকা কামৰূপ জিলাৰ ১০জনতকৈ অধিক শিক্ষাৰ্থীৰ অভিভাৱকসকলক মঙলবাৰে জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে তেওঁলোকৰ বাসগৃহলৈ গৈ লগ ধৰে আৰু তেওঁলোকক সাহস যোগায়৷ ইয়াৰ ভিতৰত কেইজনমান শিক্ষাৰ্থীৰ নাম হৈছে– ৰ৷ চাহিল আনোৱাৰ, পিতৃ-কাছৰ আলী আহমেদ, নগৰবেৰা ২৷ আৰিফ মহফুজ ছিদ্দিক, পিতৃ-আবু বক্কৰ ছিদ্দিক, নগৰবেৰা ৩৷ জাকাৰিয়া আতিকুৰ ৰহমান হুছেইন, পিতৃ-আমজাদ হুছেইন, নগৰবেৰা চ্ছ্ৰ৷ ফাৰুক আব্দুল্লা, পিতৃ-আস্কৰ আলী মণ্ডল প্ত৷ হাছানুল ইছলাম, পিতৃ-আব্দুৰ ৰছিদ, নগৰবেৰা ৬৷ আকিব মুস্তাব আহমেদ, পিতৃ-আমিৰুদ্দিন আহমেদ, দামপুৰ জ্জ৷ আখটাৰ আলী, পিতৃ-আমজেদ আলী, দামপুৰ জ্জ্ব৷ শ্বাহিদ ইকবাল শ্বৰীফ, পিতৃ-ছিদ্দিক আলী, দামপুৰ ৯ ৷ হিমজ্যোতি তালুকদাৰ, পিতৃ-হেমেন্দ্ৰ কুমাৰ তালুকদাৰ, শুৱালকুছি হাস্পতাল ৰোড ১০৷ অংকুৰ জ্যোতি ঠাকুৰীয়া৷ কামৰূপ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে কালি ছাত্ৰ-ছাত্ৰীসকলৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে৷ ইউক্ৰেইনত আবদ্ধ হৈ থকা তেওঁলোকৰ সন্তানসকলক সুৰক্ষিতভাৱে ওভতাই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰয়োজনীয় আৰু সম্ভৱপৰ সকলো পদক্ষেপৰ বিষয়ে প্ৰশাসনৰ প্ৰতিনিধিসকলে অভিভাৱকসকলক অৱগত কৰে৷